আদিম মানৱে পৰ্বতৰ গুহা, গছৰ খোৰোং এৰি জীৱ জন্তুৰ কেঁচা মাংসৰ ঠাইত জুই আৱিষ্কাৰ কৰি পুৰি-ৰান্ধি খাবলৈ শিকিলে, ঘাঁহ-বন, কাঠ-বাঁহেৰে ঘৰ সাজি থূপ খাই সমাজ পাতি বসতি কৰিবলৈ শিকাৰ লগতে বন্য জীৱ-জন্তু ঘৰচীয়া কৰি বসুমতীৰ বুকু আঁচুৰি বনৰীয়া সঁচ আনি সিঁচি, পেটৰ আহাৰ মুঠি যোগাৰ কৰিবলৈ শিকিলে, তেতিয়াৰ পৰাই মানুহৰ মনতো কৃষ্টি কঠীয়া অংকুৰিত হয়। যুগ বাগৰাৰ লগে লগে কৃষ্টি কঠীয়াও লহপহীয়াকৈ বাঢ়ি আহি সংস্কৃতিৰ পথাৰখনো সোণসেৰীয়া হৈ জিলিকি পৰে। অৰ্থাৎ মানৱ সভ্যতাৰ বিৰ্ৱতনৰ বুকুতেই অন্তনিৰ্হিত হৈ আছে বিহুৰ বুৰঞ্জী।
বিহু শব্দৰ সৈতে ‘বিষুৱ’ৰ সম্বন্ধ বিচাৰি পোৱা যায় যদিও মানুহে মাহ, বছৰৰ হিচাপ আৰু জ্যোতিষৰ চৰ্চা কৰিব নজনা সময়ৰো বহু আগৰে পৰাই এই উৎসৱ পাতিছিল। গতিকে বিহু শব্দটো নতুন হ’লেও উৎসৱটো অতি প্ৰাচীন। বিহু শব্দৰ মূলগত অৰ্থ আনন্দ। আদিন মানুহৰ সমূহীয়া আনন্দ প্ৰকাশৰ উৎসৱটোৱেই বিহু উৎসৱ। যেতিয়াৰে পৰা মানুহ কৃষিজীৱী হ’ল, তেতিয়াৰ পৰা আনন্দ প্ৰকাশৰ সময় সীমাবদ্ধতাৰ মাজলৈ আহিল আৰু কালক্ৰমত ধৰ্মৰ প্ৰভাৱ তথা অৰ্থনৈতিক, সামাজিক ব্যৱস্থাই কিছুমান আনুষংগিক অনুষ্ঠানৰ সংযোগ ঘটায়।
অসমৰ আদিম বাসিন্দা কৃষিজীৱী অষ্ট্ৰিকসকলৰ আৰু পিছৰ কালৰ মংগোলীয়সকলৰ বাবে বিহু আছিল কৃষিৰ লগত জড়িত উৎসৱ। পৰৱৰ্তী কালত এই উৎসৱৰ লগত আৰ্য সংস্কৃতিৰ প্ৰভাৱো পৰে। উদাহৰণ স্বৰূপে হিন্দু শাস্ত্ৰমতে গৰু পৱিত্ৰ জন্তু। সেই বুলিয়েই হওক, পুৰণি অসমত বাস কৰিবলৈ অহা মংগোলীয়সকলে ব’হাগ বিহুৰ সময়ত গৰুক গা-ধুৱাই, নতুন পঘা দি পূজা কৰি গৰুক সন্মান কৰিবলৈ ধৰে।
অষ্ট্ৰিকসকলৰ পিছত বড়ো, চুতীয়া, বৰাহী, মৰাণ, মংগোলীয়সকলৰ পূৰ্বপুৰুষ কিৰাতসকলৰ এটা ঠাল সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৩০০০-২০০০ৰ ভিতৰত অসমত সোমাইছিলহি। যিসকলে আৰ্যসকলৰ প্ৰভাৱত গো-মাংস ভক্ষণ কৰিবলৈ এৰি বিহুত গৰুক পূজা কৰিবলৈ ধৰে। দক্ষিণ-পূব এছিয়াত বসতি কৰা আন মংগোলীয় গোষ্ঠীৰ লোকসকলেও বসন্ত কালত ‘পয়-চাম-নাম’ নামে একপ্ৰকাৰ বিহু উৎস পালন কৰাৰ নিয়ম আছে। ত্ৰয়োদশ শতিকাত পাটকাই পাৰ হৈ অহা উক্ত মংগোলীয়সকলৰ এটা বিশেষ ঠাল টাই আহোমসকলে লুইতৰ পাৰত ৰাজ্য পাতিবলৈ আহি দেখিলে যে ইয়াত এই উৎসৱৰ সময়ত গৰুক গা ধুৱায় বা পূজা কৰে। গতিকে তেঁওলোকে এই উৎসৱৰ নাম দিলে ‘বৈহু’। টাই ভাষাত ‘বৈ’ মানে পূজা বা উপাসনা আৰু ‘হু’ মানে গৰু। এই ‘বৈহু’ কালক্ৰমত বিহুলৈ ৰূপান্তৰিত হ’ল, কিয়নো গৰু বিহু এই উৎসৱৰ প্ৰধান অনুষ্ঠান।
বিষুৱ বা বিষুৱণ শব্দৰ পৰা অসমৰ বিহু শব্দ উৎপত্তি হোৱা হ’লে আমি আজি বিহুক সৰ্বভাৰতীয় ৰূপত অসমৰ আন ৰাজ্যতো দেখিবলৈ পালোহেঁতেন। কৃষিজীৱি অষ্ট্ৰিক আৰু মংগোলীয়সকলেহে বিহু উৎসৱৰ স্বাভাৱিক আনন্দখিনিৰ জন্মদাতা। বাকী ধৰ্মীয় আচাৰ-ব্যৱহাৰবোৰ পাছতহে আহিছে। বসন্ত কালৰ পূৰ্ণ পয়োভৰ মাজত স্বতঃস্ফুৰ্ত আনন্দৰ জোৱাৰত যি উৎসৱ হৈছিল আৰু যি উৎসৱৰ প্ৰধান অনুষ্ঠান আছিল ‘বৈহু’ অৰ্থাৎ গো-পূজা, তাকেহে পোনতে বিহু বোলা হৈছিল। পাছলৈ আহিন-পুহৰ শেষত যি উৎসৱ হয় (অৰ্থাৎ কাতি আৰু মাঘ বিহু) তাতো ৰং-আনন্দ সৃষ্টি হয় বাবে অসমৰ মানুহে তাকো বিহু বুলিবলৈ ধৰে। যেতিয়া জ্যোতিষৰ গণনাই গ্ৰহ-নক্ষত্ৰ আৰু সূৰ্যৰ সম্পৰ্ক বিচাৰি উলিয়াই বাৰ মাহৰ নাম দিলে, তেতিয়াৰ পৰাই নিৰ্ধাৰিত দিনত এই উৎসৱ পালিবলৈ ধৰা হয় আৰু মাহৰ নাম অনুসৰি বিহুৰো নাম হ’ল। তথাপি বৈদিক আৰ্য সংস্কৃতিৰ বৰঙণি বিহু সংস্কৃতিলৈ যে বৰ বেছি নহয় তাক অনুধাৱন কৰিব পাৰি ভাৰতৰ আন আন অঞ্চলত অসমৰ দৰে বিহু উৎসৱৰ অনুপস্থিতিৰ পৰাই।
আনফালে অষ্ট্ৰিক তিব্বত-বৰ্মী গোষ্ঠীৰ বড়ো-চুতীয়া আদি মংগোলীয়সকলে টাই আহোমসকলৰ সংমিশ্ৰণত আৰু একে কৃষিমূলক জীৱন যাত্ৰা পদ্ধতিৰ মিলনৰ মাজেদি এটি স্বকীয় ৰূপ লৈ বিহু উৎসৱে অসমত সুকীয়া বৈশিষ্ট্য ৰক্ষা কৰি জীয়াই থাকিল।
অসমত বিশেষকৈ উজনি অসমত প্ৰচলিত বসন্তকালৰ নৃত্য-গীত, নীতি-নিয়ম আৰু বিহুৰ আনুষংগিক অনুষ্ঠানবোৰৰ সৈতে দক্ষিণ-পূব এছিয়াৰ টাই জাতীয় আৰু মংগোলীয় লোকসকলে বাস কৰা অঞ্চলৰ লগত অতি সাদৃশ্য লক্ষণীয়। বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা-সৎকাৰ কৰা, বিহুৱান হিচাপে নতুন কাপোৰ-গামোচা দিয়া প্ৰথা থাইলেণ্ডত এতিয়াও প্ৰচলিত আছে। ৰঙালী বিহুৰ অন্য এক প্ৰধান বৈশিষ্ট্য হৈছে হুঁচৰি। অসমৰ দৰে উত্তৰ ম্যানমাৰৰ টাই বসতি প্ৰধান অঞ্চলত খেতিৰ দিনত বৰষুণ হ’বলৈ পূৰ্বপুৰুষসকলক আহ্বান জনাই চিঞৰি চিঞৰি হুঁচৰি গায়। ভাষাতাত্ত্বিক দৃষ্টিভংগীৰে চালে ই টাই চীন গোষ্ঠীসম্ভুত যেন লাগে। ড০ লীলা গগৈৰ মতে হুঁচৰি টাই আহোম শব্দ ‘হু-ছ-ৰি’ শব্দৰ অসমীয়া ৰূপ। ই তিনিটা শব্দৰ সমষ্টি যেনে- হু-চিঞৰি-চিঞৰি, ছা- আৰ্শীবাদ বা কুশল-মংগল, ৰি- উৰুলিকৃত, উত্তেজিত। এতেকে হু-ছা-ৰি শব্দৰ অৰ্থ হৈছে আনন্দত উত্তেজিত হৈ টিঞৰি চিঞৰি কুশল-মংগল কামনা। প্ৰকৃততে আমাৰ হুঁচৰিৰ মূল উদ্দেশ্যও সেয়ে।
আজিকালি সমগ্ৰ অসমতে একে দিনতে বিহু উৎসৱ পালন কৰা হয়। কিন্তু আগতে বিভিন্ন গোষ্ঠী বা সম্প্ৰদায়ে নিজ নিজ সুবিধা বা বতৰ অনুযায়ী বিহু উৎসৱ পালন কৰিছিল। অসমীয়া ব’হাগ বিহু, বড়ো-কছাৰীৰ বৈশাগু, মিচিংসকলৰ আলি আয়ে লৃগাং, মৰাণসকলৰ বিয়োগ আদি নামেৰে একেই বিহু পালন কৰা হয়। উল্লেখ্য যে এতিয়াও মাইবঙৰ ওচৰৰ ডিমাচাসকলে, ভৈয়ামৰ মিচিংসকলে আমাৰ দৰেই বিহু পাতিলেও তাৰিখটো একে নহয়। সম্ভৱ অসমত শকাব্দ প্ৰচলন হোৱাৰ পাছৰ পৰা এটা নিৰ্ধাৰিত দিনত বিহু পালন কৰাৰ নিয়ম চলন্তি হয়।
আজিৰ পৰা তিনিকুৰি বছৰৰ আগলৈকে অসমৰ গ্ৰামাঞ্চলত চ’তৰ বিহু বা ৰাতি বিহু চলি আছিল। ডেকা-গাভৰুসকল কোনো নিৰ্দিষ্ট ঠাইত গোট খাই ঢোল, তাল, টকা, পেঁপা, গগনা, সুতুলি আদি লৈ বিহু পাতিছিল। কোনো কোনো অঞ্চলত গাভৰুসকলে সুকীয়াকৈ চ’ত মাহ সোমোৱাৰ লগে লগেই আবেলি বা সন্ধ্যা বট, আঁহত, জামু, আজাৰ আদি গছৰ তলত টকা-গগনা লৈ বিহু মাৰিছিল। বিশ্বনাথ জিলাৰ গহপুৰ-ককিলাত, লক্ষীমপুৰ জিলাৰ ঘিলামৰা-মাছখোৱাত এনে বিহু আজি কিছু বছৰৰ আগলৈকে বৰ্তি আছিল।
টাই-আহোমৰ সঁটিপতীয়া লিত্‌ ফি বা দেও বুৰঞ্জী মতে কলীমতী বা কেঁচাইখাতীয়েই বিহুৰ প্ৰথম স্ৰষ্টা। ফি-ফ্যেঙঃ দয়াং দেও ঃ বৰ চেমান বা ধনকলীয়া (একেজন দেৱতাৰ নাম) বিহুৰ মুখ্য পৰিচালক। তদুপৰি বিহুৰ বাদ্যযন্ত্ৰ আম আৰু চাম-কঁঠালৰ দুটি ঢোল, ম’হৰ শিঙৰ পেঁপা এইজন ধনকলীয়াই সৃষ্টি কৰিছিল। শদিয়াৰ পৰা কলিয়াবৰেই বিহুৰ সীমা। অৰ্থাৎ ভৰলীৰ পৰা পূবে শদিয়াৰ কেঁচাইখাতী তাম্ৰেশ্বৰী মন্দিৰ পৰ্যন্ত বিস্তাৰি থকা সৌমাৰপীঠেই হ’ল ৰঙালী বিহুৰ কুণ্ডিস্থল।
আহোম ৰাজত্বকালতেই বিহুৱে নতুন ৰূপত দেখা দিয়ে। তেতিয়াই বিহু কেৱল জাতীয় উৎসৱতে সীমাবদ্ধ নাথাকি ৰাজকীয় উৎসৱলৈ পৰিণত হৈছিল আৰু সেই ক্ষেত্ৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নাম অসম বুৰঞ্জীত সদা স্মৰণীয় হৈ থাকিব। কাৰণ তেওঁ ৰঙালী বিহু কেৱল ডেকা-গাভৰুৱে উপভোগ কৰিবলৈ নহয়, ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ম’হ যুঁজ, বাঘ-ভালুক-ঘঁৰিয়াল ইত্যাদি জীৱ-জন্তুৰ যুঁজ, উপভোগ কৰিবলৈ ৰংঘৰ নিৰ্মাণ কৰিছিল যি ধৰণৰ ঘৰ ভাৰতৰ আন ঠাইত থকাৰ সম্ভেদ পোৱা নাযায়। আনকি এইজনা স্বৰ্গদেৱৰ দিনৰ পৰাই চাৰি ৰাজসত্ৰৰ অন্যতম মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰেও গায়ন-বায়ন, নটুৱাসকলক ৰংপুৰলৈ লৈ গৈ প্ৰতি বছৰ ৰজাৰ ঘৰত ব’হাগ বিহুত ৰজাঘৰীয়া নৃত্য-প্ৰদৰ্শন কৰাৰ নিয়ম আহোম ৰাজত্বৰ পৰিসমাপ্তিলৈকে চলন্তি আছিল।
মন কৰিব লগা কথা এই যে যদিও আহোম যুগতেই বিহুৱে অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি লভে, তথাপি সমসাময়িক বুৰঞ্জীবোৰত বিহু সম্পৰ্কীয় উল্লেখ অতি তাকৰ। বিহুৰ হুঁচৰি গোৱা একমাত্ৰ ঘটনাটোৰ উল্লেখ বুৰঞ্জীত লিপিবদ্ধ থকা পোৱা যায়, স্বৰ্গদেউ লক্ষীসিংহৰ ৰাজত্বকালত, মোৱামৰীয়াসকলে সাময়িকভাৱে ৰংপুৰ অধিকাৰ কৰি থকা সময়ত। সেয়ে প্ৰমাণ কৰে যে ৰজা বা ডাঙৰীয়াসকলৰ ঘৰৰ চোতালত ব’হাগ বিহুত হুঁচৰি গোৱা পৰম্পৰাটো ইতিপূৰ্বে অসমীয়া সমাজ জীৱনত প্ৰতিষ্ঠিত হৈছিল। আহোম ৰাজত্বৰ প্ৰথম অৱস্থাত সম্ভৱ মানুহৰ চোতালে চোতালে গৈ হুঁচৰি গোৱা নিয়ম কৰিছিল। হুঁচৰি দলে আলিবাটেদি ঢোল, পেঁপা বজাই গৈছিল ঘৰত গৃহস্থই পদূলিৰ মূৰত গৈ মাননি দি সেৱা কৰিছিল আৰু ৰাইজে আৰ্শীবাদ দিছিল। ঠিক যিদৰে গোসাঁই বিহুৰ দিনা বিশ্বনাথ গোসাঁয়ে ভিৰ গাঁৱলৈ আহি চহৰ ফুৰাৰ দৰে। বিশ্বনাথ চাৰিআলিকে ধৰি মধ্য অসমৰ বহুতো গাঁৱত ৰাইজে মানুহ বিহুৰ দিনা গাঁৱৰ আলিয়ে আলিয়ে ঘূৰি ঢোল-তাল লৈ বিহু কৰি যোৱাৰ লগেত খোল-তাল বজাই হৰি কীৰ্তন কৰি পদূলিত গৃহস্থক আৰ্শীবাদ দিয়া প্ৰথাটো এই ক্ষেত্ৰত মন কৰিব লগা। আহোম যুগত পাছলৈ সামন্তযুগীয়া মনোভাৱেৰে কোনো লোকে আগভাগ লৈ ৰজাৰ ৰাজকাৰেঙৰ চোতাললৈকে গৈ হুঁচৰি গাই শুভেচ্ছা জনোৱাৰ নিয়ম আৰম্ভ কৰাত পাছলৈ এই প্ৰথা ডা-ডাঙৰীয়া, বা বিষয়ালৈ নামি গ’ল আৰু পাছলৈ এসময়ত হুঁচৰি সকলো গৃহস্থৰ চোতালে চোতালে গোৱা ৰীতিত পৰিণত হয়। অৱশ্যে তেতিয়াৰ হুঁচৰিত মহিলা নাচনীৰ স্থান নাছিল।
আহোম ৰাজত্বতে বিহুৱে জাতীয় উৎসৱ হিচাপে স্বীকৃত হোৱাত ই বিভিন্ন ৰূপত দ’ল-দেৱালয় পৰ্যন্ত প্ৰসাৰিত হৈ ব’হাগৰ দ্বিতীয় দিনটোত তেতিয়াৰ পৰাই গোসাঁই বিহু হিচাপে নামাংকিত হোৱাটো অতি উল্লেখযোগ্য। স্বৰ্গদেউ শিৱসিংহই শুৱালকুছিৰ সিদ্ধেশ্বৰ মন্দিৰত, বিেল্বশ্বৰ মন্দিৰত অন্যান্য অনুষ্ঠানৰ লগত কাতি বিহু, মাঘ বিহু, বৈশাগী বিহুৰ বাবে ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱস্থা কৰা তামৰ ফলিবোৰত উল্লেখ আছে। বিশ্বনাথ শিৱক বিহুবলীয়া গোসাঁই বুলিয়েই অভিহিত কৰা হয়।
সংস্কৃতি সদায় গতিশীল। বিহু উৎসৱ যদিও পোনতে কৃষিজীৱী আৰু মংগোলীয়সকলৰ উৎসৱ হিচাপেই অসমলৈ আহিছিল, সময়ৰ সোঁতত তাত আৰ্য সংস্কৃতিৰ প্ৰভাৱো পৰিল। আনকি শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী সময়ৰ পৰা বিহুৰ অংশ হিচাপে নাম-কীৰ্তনো অপৰিহাৰ্য হৈ অসমীয়া সমাজত সোমাই পৰিল।
যি কি নহওক, এয়া সত্য এসময়ত আহোমৰ ৰাজধানী গড়গাঁও-ৰংপুৰ আছিল বিহুকে ধৰি বৃহৎ অসমীয়া জাতীয় কৃষ্টি-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰৰ। স্বৰ্গদেউ বাটচ’ৰাৰ মুখলৈ ওলোৱা জীৱন্ত মূহূৰ্ত, ৰংপুৰ নগৰত কাৰেংঘৰ সজাওঁতে হোৱা বিসংগতি, স্বৰ্গদেৱৰ চিকুন কেঁকোৰা দোলাখন, স্বৰ্গদেৱে নিযুক্তি দিয়া বুকু বহল চুতীয়া কাড়ী সৈন্যদল, স্বৰ্গদেৱ তামুলী খঙীয়া ফুকনৰ কথা সংপৃক্ত বিহু নামবোৰে সোণালী আহোম যুগৰ স্মৃতিবোৰ মানুহৰ মনৰ মণিকোঠাত যাউতি যুগীয়াকৈ যে থাকি গৈছিল, এই বিহুগীতবোৰে তাকেই প্ৰতিফলন কৰে।
বিদেশী মানৰ বাৰম্বাৰ আক্ৰমণত অসমীয়া জাতি জুৰুলা হোৱাৰ লগতে স্বাধীন অসমৰ বেলি অস্ত যায়। ভৰ-মেটমৰা সমৃদ্ধিশালী গাঁও গুচি জনশূন্য হৈ বহু অঞ্চল অৰণ্যত পৰিণত হ’ল। বিদেশী ব্ৰিটিছ শাসন আৰম্ভ হ’ল। তথাপি অৱশেষ অসমীয়াই নিজৰ হিয়াৰ আমঠু, বাপতি সাহোন, জাতীয় উৎসৱ বিহুক জীয়াই ৰাখিলে। অৱশ্যে পৰাধীন হোৱাৰ পাছত নানা কাৰণত আৰু পৰিস্থিতিত বিহু মোলান পৰিবলৈ ধৰা হৈছিল। তেনে সংকটৰ সময়ত কিছুসংখ্যক আৰ্য উচ্চ বৰ্ণৰ বিশিষ্ট ব্যক্তিয়ে বিহুক অৱহেলা অনাদৰ কৰি অশ্লীল নৃত্য-গীত বুলি ঘিণাইছিল আৰু এনে কু-ৰীতি দেশৰ পৰা গুচালে বৰ উপকাৰ আৰু সুনীতি স্থাপন কৰা হয় বুলি সকলোকে আহ্বান জনাইছিল আৰু কৈছিল গ্ৰামাঞ্চলতে এই পৰ্ব অধিক কিন্তু এই কু-ৰীতি কামৰূপত নাই, সৌমাৰত অধিক। ১৮৯৮ চনত তাৰে এজন বিশিষ্ট ব্যক্তিয়ে বিহুক নিষিদ্ধ কৰিবলৈ চৰকাৰক পৰামৰ্শও দিছিল। বৰ্ণগত উচ্চাত্মিকাবোধ আৰু অহমিকা থকা আমি নাম উল্লেখ কৰিবলৈ মন নকৰাসকলৰ তেনে দৃষ্টিভংগীৰ বিপৰীতে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা আদি মধ্যবিত্তই বিহুৰ এক ইতিবাচক চিত্ৰ দাঙি ধৰি গাঁৱলীয়া মানুহৰ মুকলি মনৰ ৰং-ধেমালি দেখিব নোৱৰা চহৰীয়াসকলক তীব্ৰ সমালোচনা কৰি লিখিছিল।
দেশ পুনৰ স্বাধীন হোৱাৰ পাছত অসমীয়া জাতীয় উৎসৱ হিচাপে বিহুক পুনৰ ঘুৰাই আনিলে। পৰাধীনতাৰ কালছোৱাত মংগোলীয় জনগোষ্ঠীৰসমূহৰ ভিতৰুৱা আওহতীয়া গাঁওবোৰত বিহুৰ ৰূপ স্বাভাৱিক অৱস্থাতেই বৰ্তি থাকিল। আহোম, চুতীয়া, মিছিং, দেউৰী, সোণোৱাল কছাৰীসকলে নিজস্ব গোষ্ঠী পৰম্পৰাৰে বিহুক সজীৱ কৰি ৰাখিলে। দেশ স্বাধীন হোৱাৰ পাছত অসমীয়াই বিহুক অনেক প্ৰকাৰে বিকশাই তুলি অসমৰ জনগোষ্ঠীৰেই প্ৰাণৰ সম্পদ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।
স্বাধীনতাৰ পাছতে উজনি অসমৰ অনেক গাঁৱে-ভূঞে পুৰণি পৰম্পৰাৰে স্বতঃস্ফূৰ্তভাৱে গছ তলৰ বিহু, চ’তৰ বিহু, ৰাতি বিহু, জেং বিহু, হুঁচৰি বিহু ইত্যাদি চলি থকাৰ সময়তে ঠায়ে ঠায়ে উদ্যোগী লোকৰ প্ৰচেষ্টাত বিহু কমিটি গঠন কৰি পথাৰবোৰত বিভিন্ন গাঁৱৰ ডেকা-গাভৰুসকলক কেতিয়াবা বেলেগে বেলেগে, কেতিয়াবা একেলগে, অনেক বিহু দলক নিমন্ত্ৰণ কৰি মুকলি বিহু প্ৰতিযোগিতা আৰম্ভণি কৰে। তদানীন্তন বিহু আয়োজকসকলৰ উদ্দেশ্য আছিল সাতামপুৰুষীয়া মৰহি মলঙি যাবলৈ ধৰা চেনেহৰ আদৰৰ ৰঙালী বিহুটিক যাতে তেনেকৈ হ’লেও জীয়াই ৰাখি ইয়াৰ উৎকৰ্ষ সাধন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰে আস্থা আৰু আকৰ্ষণ লাভ কৰিব পাৰি। এনেদৰে পথাৰত প্ৰতিযোগিতামূলক বিহু অনুষ্ঠিত কৰাৰ উপৰি ১৯৫২ চনত (কোনোৰ মতে ১৯৫৩ চনত গোলাঘাটৰ বেটিয়নীত সৰ্বপ্ৰথম বিহু আৰম্ভ হৈছিল) গুৱাহাটীৰ কেইজনমান উদ্যোগী পুৰুষৰ প্ৰচেষ্টাত লতাশিল খেলপথাৰত সৰ্বপ্ৰথম মঞ্চ পাতি ব’হাগ বিহুত বিহু প্ৰতিযোগিতা আৰম্ভ কৰা হয়। তৎপূৰ্বে গুৱাহাটীকে ধৰি কামৰূপ কিম্বা নামনি অসমৰ কোনো ঠাইত বিহু পতা পৰম্পৰা নাছিল। প্ৰতিনিয়ত পৰিৱৰ্তনৰ সোঁতত সোমাই তেতিয়াৰ পৰাই আধুনিক কালত বিহুৱে মনৰ মণিকূটত বিৱৰ্তনৰ সময়ৰ বা লাগি বিহু পৰিৱৰ্তন হৈ গাঁৱে-ভূঞে, নগৰে চহৰে আনকি ৰাজ্যৰ দেশৰ বাহিৰে ভিতৰে অনুষ্ঠিত হোৱা ৰভাথলীলৈকো বিয়পি পৰিছে। এয়া নিশ্চিতভাৱে শুভ লক্ষণ বুলিব লাগিব।
বৰ্তমান গাঁও, নগৰ অঞ্চল, ৰাজ্যিক ভিত্তিত বিহু মেলা, কেৱল পথাৰ আৰু ৰংগমঞ্চবোৰতে সীমাবদ্ধ হৈ থকা নাই। আনকি বিভিন্ন বৈদ্যুতিন মাধ্যমৰ চেনেলবোৰৰ যোগেদিও বিহু প্ৰদৰ্শন হোৱাত শ্ৰেষ্ঠ বিহু কুঁৱৰী, শ্ৰেষ্ঠ পাটমাকৈ, বিহুৰাণী, বিহু সম্ৰাজ্ঞী, শ্ৰেষ্ঠ ঢোলবাদক, শ্ৰেষ্ঠ পেঁপুৱা আদি প্ৰতিযোগিতাবোৰ অনুষ্ঠিত হ’বলৈ ধৰাত বয়োবৃদ্ধ সমাজকৰ্মীসকললৈ ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱাৰ দ্বাৰা অসমৰ সৰ্বত্ৰতে বিয়পি পৰাই নহয়, এতিয়া বিহুৰ প্ৰতি মানুহৰ আকৰ্ষণ পূৰ্বতকৈ অনেকগুণে বৃদ্ধি পাইছে। বৰ্তমান কেৱল অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰতে ই সীমাবদ্ধ নাথাকি ইয়াৰ জনপ্ৰিয়তা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উপৰি ভাৰতৰ চুবুৰীয়া ত্ৰিপুৰা চৰকাৰে অসমীয়াৰ বিহু শিকিবলৈ বিহু দল আৰু বিহু বিশেষজ্ঞ কেইজনমান নি কৰ্মশালাও অনুষ্ঠিত কৰিছে। বৰ্তমান পৃথিৱীৰ যি দেশতেই অসমীয়া মানুহ আছে তাতেই বিহু উদ্‌যাপিত হোৱা পৰিলক্ষিত হৈছে। এইবোৰৰ দ্বাৰা সংশ্লিষ্ট দেশবোৰৰ জনসাধাৰণে অসমীয়া বিহু কেনে বস্তু তাক উপভোগ কৰাৰ মাজেদি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে অসমীয়া ৰãালী বিহুৰ কপৌফুলৰ সুগন্ধ আৰু মাদকতা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিস্তাৰিত হৈছে। একেটা অনুষ্ঠানতে মাক-জীয়েক, বাই-ভনী, বাপেক-পুতেক, ককাই-ভাই একেলগে গীত গাই নাচি-বাগি আনন্দ কৰিব পৰা জাতি, বৰ্ণ, ভাষা, নিৰ্বিশেষে সকলোৱে একেখন বিহুতলীত নৃত্য-গীত গাই আনন্দ কৰিব পৰা এনে সাৰ্বজনীন অনুষ্ঠান অসমততো নায়েই ভাৰত আৰু ভাৰতৰ বাহিৰৰ কোনো দেশত আছে নে নাই তাক আমি নাজানোঁ।
অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ মহত্ত্বও এইখিনিতে লুকাই আছে। সেয়েহে আমি ইয়াক ভৱিষ্যতলৈকে নতুন সাজ-পাৰ, অলংকাৰ পাতিৰে সজাই-পৰাই তুলি বৃহৎ অসমীয়া জাতিৰ প্ৰকৃত সত্তা আৰু বৈশিষ্ট্যৰ কথা বিশ্বত সৰ্বদায় জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰখা উচিত।

সহায়ক গ্ৰন্থ ঃ
১। ড০ লীলা গগৈ, বিহুঃ এটি সমীক্ষা, ১৯৮৭
২। ড০ লীলা গগৈ ৰচনাৱলী, ২০০১
৩। হেম বুঢ়াগোহাঞি, বিহু আকৌ যাবগৈ, ২০০০
৪। ইছমাইল হুছেইন, ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ, ২০১০
৫। Ahom Buranji, Transcriptionঞ্ঝ edited by G. C. Barua
৬। অসমৰ পুৰণি বুৰঞ্জীখনচেৰেক আৰু লেখকৰ নিজা অনুসন্ধান।

(লেখক ঃ বিশিষ্ট শিক্ষাবিদ, এগৰাকী আগশাৰীৰ বুৰঞ্জীবিদ)