ব’হাগ অসমীয়াৰ কাৰণে কেৱল এটা মাহ নহয়, অসমীয়াৰ অসমীয়াত্ববোধ জগাই তুলিব পৰা এটা অপ্ৰতিৰোধ্য শক্তি। অসমীয়া জাতিসত্তাক আত্মসমালোচনাৰ এটি নতুন বাট কাটি দিয়ে ব’হাগে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাষাত সেয়ে-“এই ব’হাগ জ্বলন্ত অৰুণ/এই ব’হাগ দুৰন্ত তৰুণ..”। অসমীয়া জাতিৰ আয়ুস ৰেখা নিৰ্দ্ধাৰণ কৰি যোৱা এই ব’হাগ বিহুৰ বৰ্তমান স্থিতি কি? তাহানিৰ গছতলৰ বিহু আহি আজি মঞ্চ পালেহি। বিহু সন্মিলনবিলাকৰ পৃষ্ঠপোষকতাত বিহু হৈ পৰিল প্ৰতিযোগিতামুখী। প্ৰণালীবদ্ধ ব্যাকৰণেৰে বিহুক বিচাৰ কৰিবলৈ লোৱা হ’ল। লোককৃষ্টি একোটাৰ এই পৰিৱৰ্তন সময় বা যুগসাপেক্ষ বুলি মানি ল’লেও ই যেন বহু সময়ত আমাৰ জাতিটোৰ থৰক-বৰক শিপাডাললৈহে আঙুলিয়াই দেখুৱায়। ই অসমীয়াৰ অনিশ্চিত ভৱিষ্যতৰ এক অশনি সংকেত নে যুগোপযোগী আহ্বান সেয়া প্ৰখৰ অৰ্ন্তদৃষ্টিৰে বিশ্লেষণ কৰাৰ সময় সমাগত।
বিহু সন্মিলনবিলাকৰ পৃষ্ঠপোষকতাতে মূলতঃ বিহু প্ৰতিযোগিতামুখী হৈ পৰিলেও এখন ঠাইৰ সংস্কৃতি আৰু পৰম্পৰাক নিখুঁতভাৱে ধৰি ৰখাৰ সুপৰিকল্পিত প্ৰয়াস এটা কিন্তু বিহুসন্মিলনবিলাকে কৰি আহিছে। বিহুমেলাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা মুখপত্ৰ (স্মৃতিগ্ৰন্থ)খনৰ কথা এই প্ৰসংগত বিশেষভাৱে উল্লেখ কৰিব পাৰি। ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনেও বিগত চৈধ্যটা বছৰে “বহনা” নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে। ২০২৪ বৰ্ষৰ “বহনা”খনিৰ সম্পাদনাৰ দায়িত্ব আমাক অৰ্পণ কৰা হৈছিল। দায়িত্বভাৰ লৈ উঠিয়েই উপলব্ধি কৰিছিলোঁ – ভিন্ন স্তৰৰ লেখকৰ লেখাৰ মাজৰ পৰা মানসম্পন্ন লেখা একোটা নিৰ্বাচন কৰি সুপৰিকল্পিতভাৱে সজাই এখন গ্ৰন্থ সম্পাদন কৰা কাৰ্য ইমান সহজ নহয়। অভিজ্ঞ পেছাদাৰী মানসিকতা, পৰ্য্যাপ্ত সময় আৰু শ্ৰম বিনিয়োগ অবিহনে এখন উচ্চমানসম্পন্ন স্মৃতিগ্ৰন্থ সম্পাদনা কৰি উলিওৱা এটা কঠিন কাম। লেখকক পৰ্য্যাপ্ত সময় দিব নোৱাৰিলে ভাল লেখা এটা আশা কৰিব নোৱাৰি। তদুপৰি স্মৃতিগ্ৰন্থ বুলিলে আমি কোনবোৰ লেখাক অগ্ৰাধিকাৰ দিম সেয়াও এক বিচাৰ্য বিষয়। কাৰণ স্মৃতিগ্ৰন্থ এখন বিশুদ্ধ কাহিনীযুক্ত বা কাহিনীবিযুক্ত গ্ৰন্থ নহয়। সাহিত্য সমালোচনাৰ নিৰ্গঠনবাদী (Deconstruction) চিন্তা অনুসৰি সাহিত্যত কাৰ্য-কাৰণ আধাৰিত কাহিনী এটা থাকিবই লাগিব বুলি যিদৰে কোনো কথা নাই, সেইদৰে স্মৃতিগ্ৰন্থ একোখনতো কাহিনীযুক্ত সাহিত্যৰ বিধা (Genre) যেনে- গল্প, উপন্যাস, নাটক আদি থাকিবই লাগিব বুলি কোনো কথা নাই। এই সাহিত্যৰ প্ৰকাৰবোৰ প্ৰকাশৰ বাবে অন্যান্য বহুতো মাধ্যম আছে। কলা বা সাহিত্যৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত নিয়ম ভংগ কৰাটো এটা গ্ৰহণযোগ্য প্ৰক্ৰিয়া বুলিও নিৰ্গঠনবাদী ধাৰণাই মানি লয়। সেয়ে বিভিন্ন দৃষ্টিকোণেৰে চালি-জাৰি চাই কাহিনীযুক্ত সাহিত্যক এইবাৰৰ “বহনা’ত অন্তৰ্ভূক্ত কৰা হোৱা নাই।
স্মৃতিগ্ৰন্থ এখন এটা অঞ্চলৰ একোটা অনুষ্ঠানৰ দলিলস্বৰূপ। ভৱিষ্যত প্ৰজন্মই অঞ্চলটোৰ ইতিহাস বিচাৰিবৰ বাবে স্মৃতিগ্ৰন্থ এখনৰ পৰাও তথ্য আহৰণ কৰিব পাৰে। “বহনা”ৰ জৰিয়তেও এনে এটা উদ্দেশ্যকে সাকাৰ ৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততা তথা সীমিত সময়ৰ পৰিপ্ৰেক্ষিতত সেয়া সম্ভৱপৰ হৈ নুঠিল। তথাপিও এইবাৰৰ “বহনা”ত নতুন চিন্তাৰ লেখা কেতবোৰক প্ৰাধান্য দিয়া হৈছে। কাৰণ সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিহুৰ পৰিভাষাৰো পৰিৱৰ্তন হৈছে। বিহু বৰ্তমান এক গোলকীয় পৰিমণ্ডললৈ বিস্ত´ত হৈছে। এনে পৰিপ্ৰেক্ষিতত বিহুৰ পৰম্পৰা, মান বা স্থিতিয়ে চিন্তাৰ নতুন বাট মুকলি কৰিছে। “বহনা”ৰ জৰিয়তে নতুন প্ৰজন্মৰ নতুন চিন্তাক এটা বাট কাটি দিয়াৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে “বহনা” যাতে সময়ৰ স্বাক্ষৰ হৈ থাকে তাৰো এটা সুচিন্তিত প্ৰয়াস কৰা হৈছে।
নিৰ্দ্ধাৰিত বাজেট আৰু সীমিত কলেৱৰৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ “বহনা”ত বহুকেইটা লেখা অন্তৰ্ভূক্ত কৰিব পৰা নগ’ল। তাৰবাবে লেখকসকলৰ ওচৰত সম্পাদনা সমিতি ক্ষমাপ্ৰাৰ্থী। তদুপৰি প্ৰকাশিত লেখাসমূহৰ গোট আৰু ক্ৰম নিৰ্দ্ধাৰণ লেখাৰ মান সূচাংককেন্দ্ৰিক নহয়, বিষয়কেন্দ্ৰিকহে।
শেষত কেন্দ্ৰীয় ৰঙালী বিহু স্মৃতিগ্ৰন্থখনিৰ সম্পাদনাৰ দৰে গুৰুদায়িত্বভাৰ ল’বৰ বাবে আমাক উপযুক্ত বুলি বিবেচনা কৰাৰ বাবে সন্মিলনৰ বিষয়ববীয়া তথা শুভাকাংক্ষীসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অনুৰোধ উপেক্ষা নকৰি যি সকল লেখকে নিজৰ বহুমূলীয়া সময় খৰচ কৰি “বহনা”লৈ লেখা আগবঢ়ালে তেখেতলোকলৈও এই চেগতে আন্তৰিক ধন্যবাদ যাচিলোঁ। ভাইটি বিতুপ্ৰতিভ বৰুৱাই শেষ সময়ত আহি কৰা সহায়কণৰ কথা নক’লে অকৃতজ্ঞতাৰ দোষে চুব। মা প্ৰিণ্টিং প্ৰেছ, ঘিলামৰাৰ স্বত্বাধিকাৰী ভাইটি তপোব্ৰতকে ধৰি সমূহ কৰ্মকৰ্তাৰ সাহচৰ্যৰো বিশেষভাৱে শলাগ ললোঁ।

স্বপ্নালী বৰগোহাঁই
সম্পাদক, “বহনা”

Categorized in: