সৰ্বপ্ৰথমে ঘিলমৰাবাসীলৈ বিহুববীয়া ওলগ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখনি পুৰণি আৰু উল্লেখযোগ্য মঞ্চবিহু হ’ল ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। এই বৰ্ষত ৬৫ সংখ্যক সন্মিলন হিচাপে উদ্যাপন কৰিবলৈ লোৱা আমাৰ বিহুখনৰ কিছু একক আৰু অনন্য বৈশিষ্ট্য আছে। অসমীয়া জাতিৰ হিয়াৰ আমঠু আৰু স্বাভিমান বিহুটিক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰে পালন কৰি আহিছে। এই বিহুখনি ঘিলামৰীয়া আৰু প্ৰবাসী ঘিলামৰীয়াৰ অন্যতম সমন্বয় আৰু মিলনস্থলী।
যোৱা ইংৰাজী ১৬ জানুৱাৰী, ২০২৪ ত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই আমাৰ দৰে অকিঞ্চন এজনক এই বৰ্ষৰ উদ্যাপন সমিতিৰ সম্পাদকৰ গুৰু দায়িত্বভাৰ অৰ্পণ কৰিলে। পূৰ্বতে এই সন্মিলনখনিৰ বিভিন্ন দায়িত্বৰ সৈতে তথা উপ-সমিতিৰ কৰ্মকতা হিচাপে ওতপ্ৰোতভাৱে জড়িত হৈ থাকোঁ আৰু মূল সমিতিৰ কাম-কাজত পূৰ্ণ সহযোগিতা কৰি আহিছোঁ। কিন্তু সম্পাদকৰ দায়িত্ব পালন কৰাটো ইমান সহজ কথা নহয়। তথাপিও ৰাইজৰ আহ্বানক নেওচা দিব নোৱাৰি দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ। কৰ্ণধাৰ সমিতিকে ধৰি মুঠ ১২ খন উপ-সমিতি গঠন কৰি ৬৫ সংখ্যক সন্মিলনখনি উদ্যাপনৰ পৰিকল্পনা প্ৰস্তুতৰ কামত আগবাঢ়িলোঁ। উদ্যাপন সমিতিৰ সভাপতি দেৱজিত বৰগোহাঁই, স্থায়ী সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা, সম্পাদক উত্তম হাজৰিকা, বিভিন্ন উপ-সমিতিৰ সভাপতি, সম্পাদকসকলৰ লগতে এই সন্মিলনৰ শুভাকাংক্ষী আৰু উপদেষ্টামণ্ডলীয়ে আমাক পূৰ্ণ সহযোগিতা আগবঢ়ালে।
শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ,
আপোনাসৱে জানে যে, ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি ঘিলামৰাবাসীৰ কাৰণে এক সুকীয়া অনুভৱ। সেয়েহে বিহুখনি উদ্যাপনৰ সময়ত বহু দিশ পৰ্যালোচনা কৰিব লগা হয়। ইয়াত ঘিলামৰাবাসীৰ মান-সন্মান, অতিথি-পৰায়ণতা, সাংস্কৃতিক মনৰ পৰিচয় ইত্যাদি অলেখ কথা জড়িত হৈ থাকে। আপোনালোকৰ পৰামৰ্শ অনুসৰি আমি মাথোঁ প্ৰয়াস কৰিছোঁ। ২০১৮ বৰ্ষত আৰম্ভ কৰা ৱেবচাইটটি কেইবছৰমান বিকল হৈ আছিল। এই বৰ্ষৰ পৰা পুনৰ সক্ৰিয় কৰাৰ ব্যৱস্থা কৰা হ’ল। ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বহু গুৰুত্বপূৰ্ণ তথ্য ৱেবচাইটত অন্তৰ্ভূক্ত কৰা হৈছে। সন্মিলনৰ সাংস্কৃতিক বিভাগৰ প্ৰতিযোগিতাসমূহৰ যোগদান যিহেতু বিহু উদ্যাপনৰ পূৰ্বেই হয়, সেয়েহে দূৰ-দূৰণিৰ প্ৰতিযোগীসকলে bihu.glmruc.in জৰিয়তে বৰ্তমানযোগদান কৰিব পৰা হ’ল। ৰাজহুৱা সভাৰ সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ পৰা আমাৰ বিহু সন্মিলনখনিয়ে “হুঁচৰি প্ৰতিযোগিতা”ক বিশেষ মান্যতাৰে উজ্জ্বলাই তোলাৰ পদক্ষেপ গ্ৰহণ কৰে। এই বৰ্ষত হুঁচৰি প্ৰতিযোগিতাত পুৰস্কাৰৰ নগদ ধনৰ মাননি ১,০০,০০০.০০ (এক লাখ) টকালৈ বৃদ্ধি কৰা হয়। লগতে ৰাইজ তথা যুৱ-প্ৰজন্মৰ আহ্বানক সঁহাৰি জনাই সাংস্কৃতিক অনুষ্ঠানৰ বাবে তিনি লাখৰো অধিক ধনৰ মাননিৰে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক আমন্ত্ৰণ জনোৱা হয়। ইয়াৰোপৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, পতাকা উত্তোলন, অতিথি আপ্যায়ন তথা ওলগ জনোৱা, বহনা প্ৰকাশ, শোভাবৰ্দ্ধন ইত্যাদি আনুসঙ্গিঁক ব্যয়ৰ পৰিকল্পনাৰে আগবাঢ়িব লগা হোৱাৰ বাজেট কিছু বৃদ্ধি হৈছে।
৬৫ সংখ্যক সন্মিলনখনিৰ বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰৰ নগদ ধনৰ মাননি আৰ যাৱতীয় যথেষ্ট বয়-বস্তুৰ দাতা হিচাপে ৰাইজে আমাক সহযোগিতা কৰিছে। এই সুযোগতে সন্মানীয় সকলো দাতালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰ্থিক বৰঙণি সংগ্ৰহৰ বেলিকা প্ৰথমে কিছু হতাশ হৈছিলোঁ যদিও পৰৱৰ্তী সময়ত আমাৰ বিষয়ববীয়াসকলে পূৰ্ণসহযোগিতা আগবঢ়োৱাত মনলৈ সাহস আহিল। আমাৰ এই বিহু সন্মিলনখনি প্ৰতি ব’হাগৰ ৫, ৬ আৰু ৭ তাৰিখে উদ্যাপন কৰাটো পৰম্পৰা হিচাপে গ্ৰহণ কৰা হৈছে। অৰ্থাৎ সাত বিহুৰ ভিতৰতে সন্মিলনখনি উদ্যাপন কৰা হয়। এই বৰ্ষত দেশৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাত ব’হাগ মাহৰ ১০, ১১ আৰু ১২ তাৰিখলৈ পিছুৱাব লগা হ’ল। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে বিহু সমিতিসমূহলৈ আগবঢ়োৱা ডেৰ লাখ টকা নগদ ধনৰ সাহায্য পোৱাত শঙ্কা সৃষ্টি হৈছিল যদিও ইয়াৰ পৰৱৰ্তী সময়ত চৰকাৰৰ তৎপৰতাত সেই ধনৰাশিও আমি পাবলৈ সক্ষম হ’লোঁ। এই আপাহতে অসম চৰকাৰলৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
বিভিন্ন সামাজিক কাম-কাজৰ লগতে ব্যক্তিগত ব্যস্ততাৰ মাজতো অতি তৎপৰতাৰে বিভিন্ন উপ সমিতিয়ে নিজা-নিজা দায়িত্ব গ্ৰহণ কৰি ৬৫ সংখ্যক সন্মিলনখনি সফলতাৰ দিশলৈ আগুৱাই নিয়াত কেউখন উপ-সমিতিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ছাঁটোৰ দৰে সততে কাষত থাকি পৰামৰ্শ আৰু প্ৰদান কৰা উপদেষ্টামণ্ডলী স্থায়ী সমিতিৰ বিষয়ববীয়া, উদ্যাপন সমিতিৰ বিষয়ববীয়া সদৌটিলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনাসৱৰ দিহা-পৰামৰ্শই এই অনুষ্ঠানৰ অন্যতম সফলতা।
৬৫ সংখ্যক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যাপন সমিতিৰ সম্পাদক হিচাপে বিভিন্ন দিশত আমাৰ অজ্ঞতা আৰু অনিচ্ছাকৃতভাৱে ভুল-ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক। গোহৰি বা কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰোঁতে এই অনুষ্ঠানৰ লগত বহু বছৰৰ পৰা সক্ৰিয়তাৰে জড়িত কোনোজনৰ নাম হয়তো বাদ পৰি গৈছে। তেখেতসকলৰ ওচৰত উদ্যাপন সমিতিৰ হৈ কৰপুতে ক্ষমা বিচাৰিছোঁ। অতীজৰে পৰা সাংস্কৃতিক দিশত ঘিলামৰা এখন চহকী ঠাই। ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি থকা এই বিহুখনি আমাৰ সম্প্ৰীতি আৰু সমন্বয়ৰ স্থলী। একতাৰ এনাজৰী মজবুত কৰিবলৈ মনৰ দ্বেষ, খঁৰিয়াল এৰিব লাগিব। তেতিয়াহে জাতীয় সংস্কৃতি সমৃদ্ধিশালী হ’ব। আহক আমি জাতীয় সাজপাৰেৰে নিৰ্দিষ্ট সময় অনুসৰি আমাৰ সন্মিলনখনিৰ কাৰ্যক্ৰমণিকা আগুৱাই নিওঁ।
সদৌ শেষত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি জন্মক্ষণৰে পৰা অশেষ ত্যাগ আৰু কষ্টৰে অৱদান আগবঢ়াই আমাৰ মাজৰ পৰা যিসকলে চিৰ বিদায় মাগিলে, তেখেতসকলৰ পূণ্যাত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। যি সকলে শাৰীৰিক অসুস্থতাৰ বাবে কায়িকভাৱে সন্মিলনখনিত জড়িত হ’ব পৰা নাই তেখেতসকলৈও আমাৰ শ্ৰদ্ধা নিবেদিছোঁ।
পুনৰ অনিচ্ছাকৃত ভুল-ভ্ৰান্তি মাৰ্জনাৰে সামৰিছোঁ —
বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্ৰাণ
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।
শ্ৰী ৰাজু গগৈ
সম্পাদক
উদ্যাপন সমিতি
৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন