বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা যাচিছোঁ। ইতিমধ্যে আপোনালোক অৱগত হৈছে যে, অহা ১১, ১২ আৰু ১৩ ব’হাগ (ইংৰাজী ২৩, ২৪ আৰু ২৫ এপ্ৰিল, ২০২৪) তাৰিখে ৬৫ সংখ্যক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি ঘিলামৰা কৃষ্টিভৱনৰ বিহু বাকৰিত তিনিদিনীয়া কাৰ্যসূচীৰে উদ্যাপন কৰা হৈছে। ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিৰ পূৰ্ব সমিতিখনৰ কাৰ্যকাল সমাপ্ত হোৱাত জানুৱাৰী মাহত অনুষ্ঠিত হোৱা সাধাৰণ সভাই ২০২৪ৰ পৰা ২০২৭ চনৰ (তিনি বছৰ) কাৰ্যকালৰ বাবে স্থায়ী সমিতিখন গঠন কৰি সভাপতি শ্ৰীযুত হিৰণ্য হাজৰিকা আৰু ১২ গৰাকী সদস্য-সদস্যাৰে অধীনক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। সমিতিখনে দায়িত্ব লোৱাৰ পিছতে প্ৰথমখন কাৰ্যনিৰ্বাহকৰ স্থায়ী সমিতিয়ে ল’ব লগা হ্ৰস্ৰকালীন আৰু দীৰ্ঘকালীন কেইবাটাও পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি বৰ্তমানে কেন্দ্ৰীয় বিহু উদ্যাপন কৰি অহা কৃষ্টিভৱন চৌহদত দিনক দিনে বিহু বলীয়া ৰাইজৰ উপস্থিতি বৃদ্ধি পোৱাত লগতে এই বিহুতলীৰ পৰিসৰ সংকুচিত হৈ অহাত ঘিলামৰা মিলন নগৰৰ মাজ মজিয়াত থকা চৰকাৰী ৮ বিঘা ভূমিখণ্ডত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মঞ্চ নিৰ্মাণ কৰাৰ লগতে বিহুনামত থকা গছ-গছনি ৰোপণ কৰি এক মনোৰম পৰিৱেশ সৃষ্টি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি স্থায়ী সমিতিৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা বিহু আখৰাত গছপুলি বিতৰণ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰাৰ মত পোষণ কৰা হয়।
স্থায়ী সমিতি আৰু ৬৫ সংখ্যক উদ্যাপন সমিতিৰ যুটীয়া বৈঠকত অনুষ্ঠিত হোৱা সিদ্ধান্ত অনুসৰি ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সুকীয়া পৰিচয় দাঙি ধৰাৰ প্ৰয়াসেৰে প্ৰথমবাৰৰ বাবে এই বৰ্ষত সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰিব বিচৰা হুঁচৰি প্ৰতিযোগিতালৈ মুঠ ১,০০,০০০.০০ (এক লাখ) টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা সন্মানীয় দাতাসকলক স্থায়ী সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনলৈ অসম চৰকাৰে আগবঢ়োৱা অনুদান ১,৫০,০০০.০০ (এক লাখ পঞ্চাশ হাজাৰ) টকা সন্মিলনীৰ নামত থকা বেংক একাউণ্টত ইতিমধ্যে জমা হোৱাত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্থায়ী সমিতিৰ একাউণ্ট নম্বৰৰ যোগেদি ডিজিটেল লেন-দেনৰ বাবে অসম গ্ৰামীণ বিকাশ বেংক, ঘিলামৰা শাখাই একাউণ্টটিৰ QR ক’ড প্ৰদান কৰি আমাক যথেষ্ট সহায় কৰিছে। আনহাতে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পূৰ্বৰ ৱেবছাইটটিৰ কিছু কাৰিকৰী বিজুতি হোৱাত নতুনকৈ https://bihu.glmruc.in নামেৰে এটি বেৱছাইট মুকলি কৰা হৈছে। এই ৱেবছাইটটিত ঘিলামৰা কেন্দ্ৰীয় বিহু সন্মিলনৰ তথ্য-পাতি, ফটো, প্ৰতিযোগিতাৰ নামভৰ্ত্তি প্ৰক্ৰিয়া আৰু স্মৃতিগ্ৰন্থ ‘বহনা’ আদি উপলব্ধ হৈছে। আশা কৰোঁ আপোনালোকে উক্ত ৱেবছাইটত গৈ মতামত আৰু সন্মিলনখনিৰ লগত জড়িত হৈ নিজকে ধন্য কৰিব পাৰিব। এই বছৰ স্থায়ী সমিতিয়ে প্ৰথমবাৰৰ বাবে ৩০ গৰাকী সাংস্কৃতিক কৰ্মী, উদ্যোক্তাক লৈ সাধাৰণ সদস্য অন্তৰ্ভূক্তিকৰণেৰে স্থায়ী সমিতিৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত লোৱাত এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ দ্বাৰা আগন্তুক তিনিটা বৰ্ষত এশ গৰাকী সাধাৰণ সদস্য হিচাপে অন্তৰ্ভূক্ত কৰি ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি চলিত মাহত স্থায়ী সমিতিৰ উদ্যোগত ঘিলামৰা ই-লাইব্ৰেৰীত অনুষ্ঠিত কৰা হয় ‘বিহু বিচাৰক সমাৱেশ’। ‘নিখুঁত প্ৰক্ৰিয়াৰ দ্বাৰা বিচাৰ কাৰ্য আমাৰ কাম্য’ শীৰ্ষক এক আলোচনাৰ যোগেদি প্ৰায় কুৰি গৰাকী স্থানীয় বিচাৰকৰ মতামত আৰু দুগৰাকী সমল ব্যক্তিয়ে প্ৰদান কৰা বক্তব্যই আমাক উৎসাহিত কৰে। ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠিত প্ৰতিযোগিতাসমূহত উন্নত মানদণ্ডৰে বিচাৰ কাৰ্য যাতে সমাপন কৰা হয় তাৰ বাবে উপস্থিত থকা সকলো স্থানীয় বিচাৰকে কেন্দ্ৰীয় বিহুৰ মানদণ্ড অক্ষুণ্ণ ৰখাত দায়বদ্ধতাৰ পৰিচয় প্ৰদান কৰে।
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনত যাতে প্ৰতিজন ঘিলামৰাবাসীয়ে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে বিগত সময়ত উদ্যাপন কৰাৰ দৰে এই বৰ্ষতো স্থানীয় সাংস্কৃতিক কৰ্মীৰ লগতে প্ৰবাসী ঘিলামৰীয়া সকলক লৈ অনুষ্ঠিত কৰা হৈছে এক মনোজ্ঞ আলোচনা চক্ৰ।
ঘিলামৰাৰ প্ৰতিজন বিহুবলিয়া ৰাইজৰ মন-প্ৰাণত কেন্দ্ৰীয় বিহুখনে
যাতে সমাদৰ লাভ কৰে তাৰ বাবে স্থায়ী সমিতিþ সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ বদ্ধপৰিকৰ। বিহুখন উদ্যাপন কৰাৰ বাবে স্থায়ী সমিতি আৰু উদ্যাপন সমিতিলৈ যিসকল ব্যক্তিয়ে দান-বৰঙণি প্ৰদান কৰিছে, তেওঁলোকলৈ স্থায়ী সমিতিয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে।
আহক আমি সকলোৱে ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনত অংশগ্ৰহণ কৰোঁ আৰু বিহুৰ আনন্দ-উল্লাস উপভোগ কৰোঁ।
সদৌ শেষত ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিলোঁ।
বিনীত
(উত্তম কুমাৰ হাজৰিকা)
সম্পাদক
স্থায়ী সমিতি
কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ঘিলামৰা