দ্বিজেন বৰা

“ প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে
গছে বনে সলালে পাত।
বিৰিখত বিনালে কুলি কেতেকীয়ে
বিহু বিহু লাগিছে গাত।।”

সৃষ্টিচক্ৰ গতিশীল। বৰ্ষচক্ৰৰ অন্তনিৰ্হিত পৰিবৰ্তনো গতিশীল সৃষ্টিচক্ৰৰে অংশ বিশেষ। প্ৰদীপ্তী চক্ৰ অথবা দিবা-নৈশ চক্ৰৰ দৈনন্দিন ছৌবিশ ঘন্টাৰ গতিশীলতাই আমাক প্ৰতিক্ষণে সোঁৱৰাই থাকে চিৰ প্ৰবাহমান গতিশীল প্ৰকৃতিৰ আধ্যাত্মিক ৰূপান্তৰক। প্ৰকৃতি জগতত প্ৰত্যেক জীৱই পাৰিবৰ্তিত ঋতু আৰু সৃষ্টিৰ গতিশীলতাৰ দ্বাৰা প্ৰভাবিত হৈ জীয়াই থাকিব লগীয়া হয়। ঋতু বা সৃষ্টিচক্ৰৰ ৰূপান্তৰৰ লগে লগে জীৱসমূহৰো মনৰ চিন্তাৰ পৰিৱৰ্তন ঘটে তথা সমষ্টিগত ভাৱে সংস্কৃতিৰ ৰূপান্তৰ ঘটে এইয়া ধ্ৰুৱ সত্য। যিহেতু সংস্কৃতিৰ ঘাই উৎস হৈছে জীৱৰ আধ্যাত্মিক চেতনা। জীৱশ্ৰেষ্ঠ হিচাপে মানুহে যেনেদৰে প্ৰকৃতিৰ পৰিবৰ্তনত আনন্দ বিষাদ প্ৰকাশ কৰে জীৱজগতৰ অন্য জীৱৰো তেনেদৰে প্ৰকৃতিৰ পৰিৱৰ্তন বা ৰূপান্তৰৰ লগত সমান্তৰাল ভাৱে খাপ খুৱাই ল’ব পৰা আধ্যাত্মিক শক্তি থাকে। সংস্কৃতিৰ আধ্যাত্মিক উপলব্ধি ঃ আমাৰ সমাজত আধ্যাত্মিকতা আৰু ধৰ্ম্ম একে বুলি ভাৱে। আধ্যাত্মিকতা কোনো ধৰ্ম্মৰ লগত জড়িত বিষয় নহয় বা এয়া কোনো এক বিশেষ অনুশীলন কৰিবলগীয়া বিষয়ো নহয়। আমি প্ৰত্যেকেই আধ্যাত্মিক শক্তিৰে শক্তিমান জীৱাত্মা। বিশ্ব স্বাস্থ্য সংস্থাই স্বাস্থ্যৰ সংজ্ঞাত আধ্যাত্মিক স্বাস্থ্যকো সংলগ্ন কৰাৰ ওপৰত ব্যাখ্যা আগবঢ়াইছে। গীতাৰ সাংখ্য যোগত “দেহ” আৰু “দেহী” অথাৎ “শৰীৰ” আৰু “আত্মা”ৰ যি পাৰ্থক্য নিৰূপন কৰিছে সেই পাৰ্থক্য উপলব্ধিতে আধ্যাত্মিকতাৰ প্ৰথম পাঠটি অন্তনিহিত আছে। আধ্যাত্মিক জ্ঞান অধিভৌতিক “আত্মা” অনুভূতিৰ লগত জড়িত। এই জ্ঞান অবিহনে কোনো জীৱাত্মাই নিজক বিশ্ব মঞ্চত প্ৰকাশ কৰিব নোৱাৰে। কাৰণ আত্মাৰ অৱস্থিতি অৱিহনে শৰীৰ মৃত। আত্মাই মনেৰে চিন্তা কৰি, বুদ্ধিৰে বিচাৰ কৰি শৰীৰৰ মধ্যমেৰে কৰ্ম্মক্ষেত্ৰৰূপী জীৱন কুৰুক্ষেত্ৰত ৰণ দিবলগীয়া হয়। আৰু নিজ নিজ কাৰ্মফলে যাৰ যি সংস্কাৰ হয় সেয়াই তেওঁৰ ব্যক্তিত্ব ৰূপত সমাজত জিলিকি উঠে। গতিকে প্ৰকৃতিৰ পাঁচতত্তৰ শৰীৰধাৰী হিচাপে আমি জীৱাত্মাই প্ৰকৃতিৰ পৰিবৰ্তিত খতুৰ প্ৰভাৱত পৰিবলৈ বাধ্য। কিন্তু বিহুৰ লগত জড়িত সংস্কৃতিত আধ্যাত্মিকতাসমূহ বয়স অনুপাতে বিশ্লেষণ কৰি চলিব নাজানিলে সংস্কৃতি গুচি অপ-সংস্কৃতি হ’ব আৰু সমাজ উশৃংখল হৈ পৰিব। এই আধ্যাত্মিক শক্তিৰ উপলদ্ধিৰ মাজতে জীৱনৰ বাস্তৱতাৰ প্ৰতিফলন “সংস্কৃতি” লুকাই আছে। সংস্কৃতি মানে কেৱল, গীত, নাটক, শিল্পকলা, জাতীয় দৰ্শন, জনগোষ্ঠীয় লোকাচাৰ, নীতি-নিয়ম, ধৰ্ম্মাচাৰ, সাহিত্য চৰ্চা, আচাৰ-ব্যৱহাৰ, শিষ্টাচাৰ জড়িত সংস্কাৰ, ঐতিহ্যময় কলা-ভাস্কৰ্য, ধাৰণা আদি বিষয়সমূহ সততে মনলৈ আহে যদিও প্ৰকৃতত সংস্কৃতিৰ উৎস কিন্তু প্ৰকৃতি আৰু জীৱাত্মাৰ মৌলিক সমন্বয়ত প্ৰস্ফুটিত হোৱা বাস্তৱ অনুভৱৰ বাহিঃপ্ৰকাশহে। সংস্কৃতি সৃষ্টিচক্ৰৰ দৰে নিৰন্তৰ পৰিবৰ্তন শীল, ৰূপান্তৰ সংস্কৃতিৰ অন্যতম ধৰ্ম্ম। ৰূপকোঁৱৰে কৈছে “ৰূপান্তৰেহে জগত ধুনীয়া কৰে-” প্ৰকৃতিৰ ৰূপান্তৰে মানুহৰ মনৰো স্বাভাৱিক ৰূপান্তৰ ঘটায়। বসন্ত ঋতুৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই সকলোৰে মনবোৰ পুলকিত কৰে। ব’হাগ বিহুৰ আধ্যাত্মিক অনুভৱ ঃ ভাৰত তথা অসম প্ৰান্তত পৰম্পৰাগত ভাৱে উদ্‌যাপিত হৈ অহা প্ৰতিটো উৎসৱ পাৰ্বনৰ লগত প্ৰকৃতি জনজীৱনৰ আধ্যাত্মিক বাস্তৱতা তথা কলা-সংস্কৃতিৰ বৈশিষ্ট্যৰাজি অৰ্ন্তনিহিত হৈ আছে। সেইমৰ্মে অসমৰ জাতীয় উৎসৱ বিহুও অনন্য আধ্যাত্মিক সাংস্কৃতিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ। আমি সাধাৰণতে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু (ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু) উদ্‌যাপন কৰো। যদিও লেখনিৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এই লেখাত কেৱল ব’হাগ বিহু সম্পৰ্কেহে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ আগমণৰ ফলশ্ৰুতিত চ’তমাহৰ আৰম্ভণিৰ পৰাই অসমৰ পঞ্চভূতত ঋতুৰাজ বসন্তৰ আৰম্ভ হয়। শীতকালৰ খৰাং বতৰত প্ৰকৃতিৰ শুকান গছ-লতিকাসমূহৰ পৰা ফাগুনৰ পছোৱাৰ লগতে বৰদৈচিলাৰ আগমনে গছৰ পাতবোৰ সৰুৱাই গছ-গছনিবোৰ লঠঙা কৰি পেলায়। বৰদৈচিলাৰ সমসাময়িকভাৱে প্ৰকৃতিত বৰষুণৰো পয়োভৰ হয় আৰু গছত ন-কুঁহিপাত ওলায়। ফল-ফুলেৰে গছ বন শুৱনি হৈ বিশ্বমঞ্চত বসন্ত ঋতু জিলিকি উঠে। উৰুঙা পথাৰবোৰো উৰ্বৰা হোৱা সেউজ সপোন কঢ়িয়াই আনে ঋতুৰাজ বসন্তই। নাহৰ, তগৰ, খৰিকাজাই, কপৌ, ভাটৌ, কালঞ্চু, কৃষ্ণচূড়া, ৰাধাচূড়া, কাঞ্চন, নাগচম্পা, এজাৰ, চন্দ্ৰমল্লিকা, ৰাঙল, জবা, আদি নানান ৰঙী ফুলবোৰে প্ৰকৃতিৰ শোভা বঢ়ায় এই বসন্তকালতে। বিৰিখে বিৰিখে কুলি-কেতেকীৰ সুমধুৰ মাতত আকাশ বতাহ মুখৰিত হয়। বিহু শব্দৰ বুৎপত্তিৰ সৈতে “বিষু” শব্দৰ ওতঃ প্ৰোত সম্পৰ্ক আছে। ড০ ধনীৰাম শইকীয়াদেৱৰ মতে “বিহু ধাতুৰ শব্দ । ‘বি’ উপসৰ্গ যোগত ধাতুৰ অৰ্থ বিশেষ ধৰণৰ হোমযাগৰ পূজা অৰ্চনা। ‘হু’ ধাতুৰ অৰ্থ হুনা বা হোম কৰা, ‘বি’ উপসৰ্গৰ অৰ্থ বিশিষ্ট বা বিশেশ প্ৰকাৰৰ আহুতিৰ হোমেৰে অৰ্চনা কৰা। বিহু শব্দৰ মূলতে “বিষু” শব্দ বেদাংগ জ্যোতিষশাস্ত্ৰৰ ভূ-বিজ্ঞানৰ অৰ্থাৎ ভূগোল সম্পৰ্কিত সিদ্ধান্তজ্যোতিৰ শাস্ত্ৰৰ প্ৰযোজিত “বিষু” শব্দ । ভূগোলৰ “বিষুৱ” আখ্যাৰ শব্দৰ ৰূপ। বিষুৱ শব্দটো ভূ-বিজ্ঞানৰ এটা প্ৰধান বিষয়। ভূগোলৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে ভূ-গৰ্ভৰ মাজেদি যি ৰেখা অদ্ধবৃত্তাকাৰ ৰূপত উত্তৰা দক্ষিণালৈ অংকিত কৰা হয়, সেই ৰেখাক দ্ৰাঘিমা ৰেখা বোলা হয়। এই দ্ৰাঘিমা ৰেখা ভূ-গৰ্ভৰ ৰাজহাড় স্বৰূপ। অন্য হাতেদি ভূ-পৃষ্ঠৰ সোঁমাজত পূবা-পশ্চিমাকৈ উভয়মেৰুৰ পৰা সমান দূৰত্বত অংকিত ৰেখাডালেই “বিষৱ” ৰেখা। বিষু¸ৱ ৰেখাৰ উত্তৰে উত্তৰ গোলাৰ্দ্ধ আৰু দক্ষিণত দক্ষিণ গোলাৰ্দ্ধ। বিষুৱ ৰেখাৰ উত্তৰে সমান্তৰালকৈ থাকে মকৰ ক্ৰান্তি ৰেখা। ব’হাগ বিহুৰ দিনা বিশ্ব ব্ৰহ্মাণ্ডত পোহৰ আৰু শক্তি বিলাই থকা সূৰ্য দ্ৰাঘিমাংশৰ ওপৰত লম্বভাৱে অৱস্থান কৰে। সেইদিনা বিযুৱতো সূৰ্য লম্বভাৱে শিৰোদ্ধলৈ অৰ্থাৎ সমগ্ৰ পৃথিৱীৰ জলে- স্থলে, সুমেৰু-কুমেৰু, পূব-পশ্চিমৰ পৰা সূৰ্য দৃশ্যমান হৈ তাৰ তাপ, পোহৰ, শক্তি পঞ্চভূততে বিয়পি পৰে। এই অয়ণ পথতেই উত্তৰায়ণ পাতবিন্দু অথাৎ মকৰক্ৰান্তি আৰু দক্ষিণায়ণ পাতবিন্দু অৰ্থাৎ কৰ্কট ক্ৰান্তিপাট অৱস্থিত। এই পাতবিন্দুৰ আধ্যাত্মিক মাহাত্ম্য সৌৰ শক্তিৰ গৰম প্ৰভাৱ পৃথিৱীত প্ৰতিফলিত হোৱা গুৰুত্ব আধিক।” বিশ্বত ঋতু পৰিবৰ্তনৰ বিষয়টোৰ লগত ভূগোলৰ আহ্নিক গতি (দিন ৰাতি চক্ৰ) আৰু বাৰ্ষিক গতি প্ৰকৃতিৰ আধ্যাত্মিক বিষয়টোৱেই জড়িত। যাৰবাবে আমি নিৰন্তৰ প্ৰকৃতিৰ পৰা বসন্ত ঋতু বিচাৰিলেও সেয়া সম্ভৱ নহয়। প্ৰকৃতিয়েই পুনৰ মানুহক আধ্যাত্মিকভাৱে গ্ৰীষ্ম, বৰ্ষা আদি ঋতুৰ লগত সংঘৰ্ষময় জীৱন সংগ্ৰাম কৰিবলৈ সজাগ কৰি তোলে। বিহুৰ উৎপত্তি, বিহু-হুঁচৰি আদি শব্দৰ উৎসৰ সম্পৰ্কত পণ্ডিত প্ৰৱৰ, লোক-সংস্কৃতিৰ গৱেষকসকলে বিভিন্ন মতপ্ৰকাশ কৰি আহিছে। ড০ লীলা গগৈদেৱে তেখেতৰ “বিহু এটি সমীক্ষা” গ্ৰন্থত উল্লেখ কৰিছে “বিহু কৃষিজীৱী অষ্টিক আৰু মঙ্গোলীয় সকলৰ কৃষিৰ লগত সম্পৰ্ক জড়িত উৎসৱ। পিছত এই উৎসৱৰ লগত আৰ্য সংস্কৃতিৰ প্ৰভাৱ পৰে। অষ্টিক সকলৰ মাজত বড়ো, চুতীয়া, বৰাহী, মৰাণ আদিৰ পূৰ্বপুৰুষ¸ কিৰাত, মঙ্গোলীয়সকলৰ এটা ঠাল সম্ভৱত খ্ৰীঃ পূঃ ৩০০-২০০০ ভিতৰত অসম সোমায়হি। প্ৰাচীন কামৰূপত বাস কৰিবলৈ অহা মঙ্গোলীয়সকলে ব’হাগ বিহুৰ সময়ত গা-পা ধুৱাই, নতুন পঘা দি পূজা পাতল কৰি গৰুক সন্মান দেখুৱাবলৈ ধৰে। দক্ষিণ-পূৱ এছিয়াত বাস কৰা মঙ্গোলীয় গোষ্ঠীৰ মানুহসকলে বসন্ত কালত আজিও এই উৎসৱ পালন কৰে। এওঁবিলাকে এই উৎসৱক ‘পয়-চাম্‌-নাম’ বোলে। কিন্তু ত্ৰয়োদশ শতিকাত পাটকাই পাৰ হৈ অহা মঙ্গোলীয়সকলৰ আন এটা ঠাল টাই সকলে লুইতৰ পৰালৈ আহি দেখিলেহি যে ইয়াত এই উৎসৱৰ সময়ত গৰুক গা-ধুৱায় বা পূজা কৰে। গতিকে তেওঁলোকে উৎসৱৰ নাম দিলে ‘বৈহু’। টাই ভাষাত ‘বৈ’ মানে পূজা বা উপাসনা আৰু ‘হু’ মানে গৰু। ‘বৈহু’ কালক্ৰমত বিহুলৈ ৰপান্তৰিত হ’ল।” বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ড০ নিৰ্মল প্ৰভা বৰদলৈৰ “অসমৰ লোকসংস্কৃতি” নামৰ গ্ৰন্থত বিহু সম্পৰ্কে উল্লেখ কৰিছে যে, “বিহু- এই শব্দটোৰ উৎপত্তি ক’ত? নৃতত্ত্বৰ সামাজিক, সাংস্কৃতিক দিশৰ অধ্যয়ন, ঐতিহাসিক আৰু প্ৰাক -ঐতিহাসিক সমল, ভাষাতত্ত্বই দিয়া পোহৰেৰে অসমীয়া সংস্কৃতি বিশ্লেষণ কৰিলে বিহু- সংস্কৃত ‘বিযুৱ’ শব্দৰ অপভ্ৰংশ হোৱাতকৈ (পণ্ডিতসকলে বিষুুৱ সক্ৰান্তিৰ পৰা বিহু শব্দৰ বুলিব খোজে) বৰং প্ৰাক – ঐতিহাসিক কালৰে পৰা ঢৌৰ দৰে আহি অসমত সন্মিলিত হোৱা জাতি-জনজাতিৰ কৃষ্টিৰ ই মনোৰম সমন্বয় বুলিয়ে ধাৰণা হয়। অষ্টলয়ড আৰু মঙ্গোলয়ড দুয়োটা সুকীয়া বৈশিষ্ট্য থকা গোষ্ঠী যদিও দুয়োটাই কৃষিজীৱি আৰু দুয়োটা গোষ্ঠীৰ অজস্ৰ বিশ্বাস কৃষিৰ লগত সাঙোৰ খাই ৰ’ল। পথাৰৰ উৰ্বৰতা তথা শইচৰ প্ৰাচুৰ্যৰ কাৰণে অশৰীৰী এক শক্তিক সন্তুষ্ট কৰিবলৈ অদৃষ্টবাদী আদিম কৃষিজীৱি সমাজে বৰষুণ বতাহৰ অনুকৰণ কৰি পথাৰত নাচিছিল আৰু মানুহৰ জীৱনৰ ক্ৰিয়াই নাৰীক সন্তান সম্ভৱা কৰি তোলে সেই আদিম জৈৱিক অভিজ্ঞতা নৃত্যত ৰূপায়ত কৰিছিল। পথাৰ বা মাটিক যে তেওঁলোকে নাৰী বা মাতৃজ্ঞান কৰিছিল, এই কথাই স্পষ্ট কৰি তোলে। আদিম সমাজৰ এই সৃষ্টি স্পৃহা ঋতু উৎসৱ ব’হাগ বিহুৰে সমুজ্জল। বিহু নাচ উন্মুক্ত আৰু স্বতঃৰ্স্ফুত জীৱন স্পৃহাৰেই উল্লাসময় ছন্দ।” প্ৰকৃতাৰ্থত বিহুত প্ৰকৃতি আৰু মানুহৰ আধ্যাত্মিক সম্পৰ্কৰ পৰিস্ফুৰণ ঘটে মৌলিকভাৱে বা অকৃত্ৰিমভাৱে মুকলি বিহু, ৰাতি-বিহু নচা আদিসমূহৰ মাজেদি। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা বহাগৰ ছয় তাৰিখলৈকে সাতদিন ধৰি পালন কৰাৰ বাবে ইয়াক সাতবিহুও বোলা হয়। সাতবিহু হ’ল ক্ৰমে — গৰুবিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জিয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। সাত বিহুৰ আধ্যাত্মিকতা ঃ

১। গৰু বিহু
চ’তৰ বিহুৰ আৰম্ভণি হয় গৰু বিহুৰে। চ’তৰ সংক্ৰান্তিৰ দিনাই হ’ল এই গৰু বিহু। কৃষিজীৱী মানুহ জাতিৰ জীৱনত গৰুৰ গুৰুত্ব অপৰিসীম, সেয়ে মানুহতকৈ গৰুৰ বিহু প্ৰথমে উদযাপিত হয়। ধল পূৱাতে ঘৰৰ বুঢ়া-ল’ৰা উঠি স্নান কৰি জাতিলাও, বেঙেনা, থেকেৰা, কেৰেলা, হালধি, তিয়হ আদি পাতলকৈ কুটি গৰুৰ চাট সজা হয়। চাটবোৰ দুডলীয়া, তিনিডলীয়া, চাৰিডলীয়া বা পাঁচডলীয়া শলীৰে বনোৱা হয়। মাহ-হালধী পিচি গৰুৰ কপালত ফোঁট দিয়াৰ ওপৰিও গাত ঘহি গৰু নৰোৱাটো পৰম্পৰা। তাৰপিছত সমূহ গৰু গাঁৱৰ বিললৈ নি (আজিকালি ঘৰৰ কুঁৱা বা পুখুৰীত) গৰুক ঘহিপিহি গা-ধুৱাই চাট মৰা হয়। চাট মাৰুতে গোৱা হয় — “লাও খা-বেঙেনা খা দিনে দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰে সৰু তই হবি বৰ বৰ বৰ গৰু।” আদি বচনেৰে গৰু চাট মাৰি দীঘলটি-মাখিয়তী পাতেৰে যাতে বছৰটো দাঁহ-ম’হ মাখিৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে আৰু নিৰোগী হৈ ৰয়। তাৰ পাছত পুৰণি পঘা গৰুৰ ঠেঙৰ তলেৰে সৰকাই দলিয়াই নেওচা দিয়া হয় যাতে গৰুবোৰৰ আগন্তুক সকলোবোৰ আহিবলগা বিপদ নেওচা যায়। গৰু বিহুৰ পুৱাতে মা- হালধিৰে গৰু নোৱাই-ধুৱাই ঘৰৰ পদূলিত জাক দি গৰুক ঘৰলৈ আনি ন-পঘাৰে গোহালিত বন্ধা হয়। ব’হাগ বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এই গৰু বিহুৱে কৃষিকাৰ্যৰ বাবে গৰু প্ৰয়োজনীয়তা খিনি উপলব্ধি কৰায়। এই বিহু যে মূলতঃ কৃষিভিত্তিক সেৱাও এই প্ৰথাবোৰে স্পষ্ট কৰি তোলে।
চাটমৰা দ্ৰব্যৰ কিছু ঔষধিগুণ ঃ
গৰু চাটমৰা পৰম্পৰাত কিছু বৈজ্ঞানিক গুহ্যাৰ্থ লুকাই আছে যেনে —
মাখিয়তী – দাহ, জ্বৰ, শ্বাস, ৰক্তাতিসাৰ, পিয়াহ, উষ্ণবীৰ্ষ, বৃষ্য, ত্ৰিদোষ তথা বমিনাশক
হালধী – কুষ্ঠ, মেহ, চৰ্মৰোগ, দাহ, ব্ৰণৰোগ আদিৰ নাশক আৰু বৰ্ণ প্ৰসাধক।
কেৰেলা – কৃমি, কুষ্ঠ, জ্বৰ আৰু পিত্তনাশক।
বৰথেকেৰা – বাতনাশক, কফ, অৰ্শ, গু{j আৰু অৰুচিনাশক।
বেঙেনা – নিবাৰক, শুক্ৰবৰ্দ্ধক, অগ্নিদীপক, জ্বৰ-কাঁহ আৰু অৰুচি নিবাৰক।
তিয়ঁহ – মূত্ৰবৰ্দ্ধক, পিত্তবৰ্দ্ধক, বাত, কফ, পাথৰ নিবাৰক।
জাতিলাও – মধুৰ ৰস, তৃপ্তিজনক, ৰুচিকৰ, গুৰুপাক, বলকাৰক, শুক্ৰ জনক, পিত্তনাশক, ধাতুপুষ্টিকাৰক, শে¡সাবৰ্দ্ধক।
গ্ৰীষ্মকালত বানপানী অহাৰ লগে লগে মানুহৰ বিভিন্ন বেমাজ আজাৰ লগাৰ দৰে গৰুবোৰৰো বছৰটোৰ বিভিন্ন ৰোগব্যাধিৰ পৰা পৰিত্ৰাণাৰ্থে গৰু বিহুৰ দিনা গোহালিৰ কাষত আৰু পদূলি মুখত যাগ দিয়া হয় —
“গৰু বিহু দিনা গৰু গা ধুৱালোঁ
তৰাৰে বান্ধিলোঁ ৰছী,
গোহালিৰ কাষতে সন্ধ্যা যাগ দিলোঁ
পশুধন থাকিব বাচি।”
সন্ধ্যা যাগ দি গৰুক আদৰাৰ পিছত ন-পঘাৰে বান্ধি পিঠা খুওৱা হয়, মাছধোৱা পানীৰে ভৰিৰ খুড়াবোৰ খুৰাফটা বেমাৰৰ পৰা ৰক্ষা পাবলৈ খুড়া ধুওৱা পৰম্পৰা চলি আহিছে।
২। মানুহ বিহু ঃ
গৰুবিহুৰ গধূলি অসমীয়া গাঁওসমূহত হুঁচৰিৰ শুভাৰম্ভ কৰাৰ পৰম্পৰা চলি আহিছে। এসময়ৰ পথাৰৰ বিহু স্বৰ্গদেউ ৰুদ্ৰসিংহ দিনৰে পৰা ৰংঘৰ বাকৰিত ৰজাঘৰৰ চোতাল গচকাৰ মঙ্গলময় সংস্কৃতিৰে পৰম্পৰা আৰম্ভ কৰিলে। পৰৱৰ্তীকালত প্ৰতি ঘৰে ঘৰে (গাঁৱৰ ৰাইজে) ব’হাগ বিহুত হুঁচৰি মাৰি চোতাল গচকি গৃহস্থৰ বছৰযোৰা শুভাশিষ কামনা কৰাৰ পৰম্পৰাৰে বহাগ বিহু উদ্‌যাপিত হৈ আহিছে।
মানুহৰ বিহুৰ দিনা মাহ-হালধি সানি মানুহে স্নান কৰা পৰম্পৰা আমাৰ সমাজত চলি আহিছে। তাৰপিছতে গুৰু সেৱা, পিতৃ-মাতৃ তথা পৰিয়ালৰ জ্যেষ্ঠজনক সেৱা কৰাৰ আধ্যাত্মিক পৰম্পৰা আছে আৰু ইয়াৰ যোগেদি নতুন বছৰটোৰ প্ৰথম পুৱাতে গোটেই বছৰটোৰ বাবে কুশলে থকাৰ আশীৰ্বাদ লোৱা হয়। আপোনজনক বিহুৱান যছা হয় আৰু নতুন কাপোৰ পৰিধান কৰা হয়। গাঁও এখনৰ বয়স অনুপাতে শিশু, যুৱক-যুৱতী, বোৱাৰী, বয়োজ্যেষ্ঠ (সাধাৰণতে শ্ৰৱণ-কীৰ্ত্তন কৰে) সকল ভাগ ভাগহৈ ব’হাগত বিহু মাৰে। বিহুত ঢোল, তাল, পেপা, গগনা, সুতুলি, টকা, বাঁহী আদি সমল সমূহলৈ হুঁচৰি গোৱা হয়। এই বিহুতে মানুহে সৰ্বাধিক ৰং-ৰহইচ কৰে। ডেকা-গাভৰুৱে যুগ্মজীৱনৰ পাতনি মেলাৰ সপোন ৰছে। প্ৰাণোচ্ছল কৰা বসন্তৰ পৰশত আমি বাৰেৰহনীয়া ৰছোঁ। নৱবৰ্ষৰ নৱকালচক্ৰৰ কল্যাণৰ বাবে অদৃশ্যজনৰ ওচৰত মুৰদোৱাঁই আশীৰ্বাদ বিচাৰো।
এই ব’হাগ বিহুৰ ৰং-তমাচা, ৰীতি-নীতি, গীত, নৃত্য আদিৰ লগত বহুতো জনবিশ্বাস, বিজ্ঞান, আধ্যাত্মিকতা তথা লোকাচাৰ জড়িত হৈ আছে। নৱবৰ্ষত বাট-পথ চিকুনাই, ঘৰ-দুৱাৰ চাফ-চিকুন কৰি এক স্বচ্ছ আধ্যাত্মিক পৰিৱেশ গঢ় দিয়া হয়। বিহুত কণী যুঁজেৱা (পুৰুষ-প্ৰকৃতিৰ মিলনৰ প্ৰতীক), কড়ি খেল (কৰ্ম যোগৰ প্ৰতীক), গছ পুলি ৰোৱা (সৃষ্টি কৰ্ম প্ৰতীক) এশ এবিধ শাক-পাচলি খোৱা। (বনৌষধি যুক্ত খাদ্যৰে স্বাস্থ্য ৰক্ষা), মাহ-হালধীৰে গা ধোৱা, তিতা ৰস খোৱা, ঘৰৰ দুৱাৰ মুখত টিকণী বৰুৱা লতা (সাপ নোসোমাবৰ বাবে), পইতা ভাত খোৱা, ভাত খাঁওতে বছৰটোলৈ গা শাঁত পৰি থাকিবলৈ বিছনিৰে বিচা আদি বাৰেকুৰি লোকাচাৰ মানুহৰ বিহুৰ লগত সম্পৃক্ত হৈ আছে।
৩। গোঁসাই বিহু ঃ
এই বিহুৰ দিনা গা ধুই গোঁসাই ঘৰত চাকি-বন্তি দি ঈশ্বৰৰ ওচৰত সেৱা জনোৱা হয়। তাৰ পিছতে শৰণীয়া গুৰু প্ৰতি সেৱা সৎকাৰ আগবঢ়োৱা হয়। গাঁৱৰ নামঘৰতো নাম প্ৰসঙ্গ কৰা হয়।
৮। তাঁতৰ বিহু ঃ
তাতৰ পাতত বিহুৱান বৈ শেষ হোৱাৰ পিছত অসমীয়া জনজীৱনৰ সম্পদ স্বৰূপ তাত শালৰ সঁজুলিসমূহ শিপিনি সকলে ভালকৈ মচি কাচি এই বিহুত ওপৰলৈ তুলি থোৱা নিয়ম। ইয়াৰ পিছতে শিপিনিসকল খেতিৰ বাবে সাজু হয়।
৫। নাঙলৰ বিহুঃ
কৃষিৰ মূল সামগ্ৰী নাঙল। এই বিহুৰ দিনা নাঙলটো আগন্তুক কৃষিৰ কাৰ্যৰ বাবে ঠিকে আছে নে নাই সেয়া চাই চিতি খেতিৰ বাবে উপযোগী কৰা হয়।
৬। জীয়ৰী বা চেনেহী বিহুঃ
এই বিহু দিনাখন জীয়ৰী সকল পিতৃ গৃহলৈ গৈ আদি গুৰুক সেৱা সৎকাৰ কৰা নিয়ম।
৭। চেৰা বিহুঃ
চেৰা বিহুত এজোপা গছৰ তলত বিহু বিদায় প্ৰথা বিজড়িত। এজোপা গছৰ তলত হেপাঁহ পলুৱাই বিহু মাৰি এটা তকা ভাঙি বা ঢোলৰ মাৰি এদাল বিষৰ্জন দি পিছলৈ নোছোৱাকৈ বছৰটোৰ বাবে বিহু উৰুৱাই থৈ অহা হয়। ইয়াতে ৰঙালি বিহুৰ সমাপ্তি হয় আৰু বছৰটোৰ অন্য কামত মানুহ জড়িত হৈ পৰে।
বিহুবলিয়া অসমীয়া জাতি আৰু কিছু প্ৰত্যাহ্বান ঃ
আমাৰ জাতীয় উৎসৱটি পথাৰৰ পৰা ছাঁ বিচাৰি গছতল পাইছিলহি। গছ তলৰ পৰা স্বৰ্গদেউ ৰুদ্ৰসিংহ দিনত ৰংঘৰ বাকৰিত, ক্ৰমে গৃহস্থৰ চোতাল আৰু বৰ্তমান মঞ্চত উঠিলহি। তথ্য অনুসৰি ১৯৩৪ চনত গোলাঘাটৰ বেতিয়ণী অঞ্চলত প্ৰথম মঞ্চবিহু পৰিবেশনৰ বিষয়ে পোৱা যায়। ১৯৫২ চনত ৰাধা গোবিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটী লতা শীল খেলপথাৰত অনুষ্ঠিত মঞ্চবিহুৰ আদৰ্শ লৈয়েই বৰ্তমান মঞ্চবিহু সমূহ অসমৰ চুকে-কোণে অনুষ্ঠিত হৈ আহিছে মঞ্চবিহুৱে বাপতিসাহোন বিহু অধিক শক্তিশালী আৰু অনান্য মাত্ৰা প্ৰদান কৰি বিশ্বত জিলিকাই তুলিছে। বিহুক মঞ্চত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, গণশিল্পী খগেন মহন্ত, অৰ্চনা মহন্ত, ৰিদিপ দত্ত, মহানন্দ মজিন্দাৰ বৰুৱা, সোমনাথ বৰা আদি অসমীয়া সু-সন্তান সকলৰ অৱদান অনস্বীকাৰ্য। বৰ্তমান সময়ত অধিকাংশ নৱপ্ৰজন্মই বিহু বুলিলে মঞ্চবিহুৰ কথাকে ধৰি লোৱা হৈছে। বিহু যে কৃষিভিত্তিক আৰু কৃষকৰ আনন্দ উল্লাসৰ উৎসৱ সেয়া বহুতৰ বাবে পাহৰণিৰ গৰ্ভত। আজি কেইজন বিহুৱা, নাচনি অথবা বিহু আয়োজকে পথাৰলৈ নামি খেতি কৰে সেয়া সন্দেহৰ আৱৰ্তত আৰু প্ৰায় নায়েই বুলিব পাৰি।
মঞ্চবিহুৱে কিছু কিছু ক্ষেত্ৰত বিহু লোকসংস্কৃতিৰ মৌলিক বৈশিষ্ট ৰক্ষা ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, সেই সমূহৰ ভিতৰত – বিহুক পথাৰৰ সংস্কৃতিৰ পৰা বহুদূৰলৈ লৈ যোৱা, আ-অলংকাৰ, কাপোৰৰ লাহ-বিলাহ যেনে — মুগাৰ ৰিহা-মেখেলা, গামখাৰু, ঢোলবিৰি, জোনবিৰি, ডুগডুগি আদিৰ প্ৰয়োভৰে মঞ্চবিহুক ক্ৰমে ধনীৰ উৎসৱ কৰি তোলা, লোভনীয় পুৰস্কাৰৰ আকৰ্ষণ সৃষ্টি, থলুৱা শিল্পীক নেওচি ৰাইজৰ পৰা তোলা লাখ টকা মুষ্টিমেয় “গ্লেমাৰ” সদৃশ কেইজনমান শিল্পীকদি ধনী কৰা, বিহু মঞ্চত হিন্দী আদি অন্য ভাষাৰ পয়োভৰ, নিজান দলনী পথাৰত ম’হ চৰাই থকা পাহোৱাল ডেকাই যৌৱনৰ উদ্দীপনা প্ৰকাশ কৰি গোৱা অশ¡ীল যৌন উদ্দীপক বিহু গীত সু-সংস্কৃতিময় বিহুমঞ্চত তথা কেছেটত দুই এক মুধাফুটা মূল্যবোধ শূন্যতা শিল্পীয়ে পৰিবেশন কৰি আমাৰ জাতীয় উৎসৱক ভেঙুচালি কৰা, মঞ্চবিহুৰ নামত বিহুৰ ব্যাকৰণ সৃষ্টিৰ ধৃষ্টতা, সত্তীয়া জনপ্ৰিয়তা অৰ্জনৰ নামত বিচাৰকক প্ৰভাৱিত কৰাৰ চেষ্টা, বিচাৰকৰ ওপৰত পক্ষপাতিত্বৰ অভিযোগ ক্ৰমে বৃদ্ধি হোৱা, বিহুৰ ওপৰত দখল নথকা বিচাৰক নিয়োগ, গোটেই ৰাতি নাচনি নচুউৱা, তিনি-চাৰিমাহ পৰ্যন্ত বিহুমেলা পাতি কৰ্ম সংস্কৃতি বিনষ্ট কৰা, ঠায়ে ঠায়ে একাধিক কেন্দ্ৰীয় বিহু উদ্‌যাপনৰ নামত নেতাগিৰিৰ দপদপনি, একাংশ বিহু মেলাৰ হিচাপ দাখিলৰ বিসংগতি, চান্দাতোলা অপসংস্কৃতি, একাংশ বিহু সমিতিয়ে শিল্পীক নিমন্ত্ৰণ কৰি চুক্তি মতে মাননি নিদি অপমান কৰা,বিহুৰ লগত জড়িত আধ্যাত্মিক সংস্কৃতি সমূহৰ পৰা আঁতৰি থকা ইত্যাদি। এনে অজস্ৰ প্ৰত্যাহ্বানে আমাৰ জাতীয় উৎসৱটিৰ ভৱবিষ্যতক লৈ কিছু শংকিত কৰি তুলিছে।
এই প্ৰত্যাহ্বানসমূহ দূৰ কৰিবৰ বাবে আমি অসমীয়াই নিজকে আধ্যাত্মিকভাৱে সৱল কৰি বিহুৰ মৌলিকতাখিনি বিনষ্ট নোহোৱাকৈ কেনেদৰে বিহু উদ্‌যাপন কৰা প্ৰয়োজন তাৰ ওপৰত গৱেষণালব্ধ প্ৰস্তুতিৰ প্ৰয়োজন। বিহুৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনিল কুমাৰ শইকীয়াই তেখেতৰ “সৃষ্টিশীল সংস্কৃতিত বিহুৰ অৱস্থান” নামৰ প্ৰবন্ধ এটিত বিহুত গা কৰি উঠা বিকৃত, অপসংস্কৃতিৰ বিশদ বৰ্ণনা দি শেষত আহ্বান জনাইছে, “… স্পষ্টকৈ কবলৈ গলে অসমীয়া জাতিৰ আয়ুস ৰেখাডাল চুটি হৈ আহিছে আৰু সংস্কৃতি সংকটত পৰি অস্তিত্ব ৰক্ষাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। যিকেইজন নবীন আৰু প্ৰবীণ শিল্পী, সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মীয়ে অসমীয়া সংস্কৃতিক নতুন মাত্ৰা আৰু সৎ পথ নিদেৰ্শনাৰে অসমীয়া সংস্কৃতিক বিশ্ব সংস্কৃতিত পৰিচয় কৰাই দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে, সেই শ্ৰদ্ধাৰ আৰু পুজনীয়সকলক নৱ প্ৰজন্মই উৎসাহ আৰু সাহস দিব নোৱাৰেনে?”
চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈ থাকো মানে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা ।
বিভিন্ন জাতি-জনগোষ্ঠীৰ বৈচিত্ৰতাৰে পৰিপূৰ্ণ আই অসমীৰ বাপতি সাহোন ব’হাগ বিহুৱে বৃহত্তৰ অসমীয়া জাতিটোক একতাৰ এনাজৰীৰে যুগ যুগ ধৰি বান্ধি ৰাখিছে। প্ৰত্যেক অসমীয়াৰ বিহুৰ পৰম্পৰা তথা আধ্যাত্মিক সংস্কৃতি সমূহ যথাযথ ভাৱে সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট খিনি দায়বদ্ধতা আছে। শেষত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰদেৱৰ ব’হাগত প্ৰতিজন অসমীয়াই ল’ব লগা পবিত্ৰ সংকল্প সদৃশ এটি কালজয়ী গীতৰ কলি সুঁৱৰিব কৰিব খুজিছে।
“ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণজীৱনৰ ই সাহ।”

(লেখক ঃ সাধাৰণ সম্পাদক, সাংস্কৃতিক মহাসভা, 
অসম, লক্ষীমপুৰ জিলা)