ভাস্কৰ জ্যোতি গগৈ

সংস্কৃতিৰ পথাৰখনত বিহু অন্যতম। সংস্কৃতি হৈছে মানুহৰ কৃষ্টিৰ সংস্কাৰ। মানৱ সভ্যতাক এটা স্তৰৰ পৰা অন্য এটা স্তৰলৈ উন্নীত কৰা এক পন্থা। বিহু অসমীয়াৰ সংস্কৃতি। মানুহৰ মানসিক বিকাশৰ লগতে কৰ্ম জীৱনৰ ভিন্ন পন্থাৰ অৱলম্বনেৰে বিহুয়ে স্বীকৃতি পাইছিল। বৰ্তমান সেই বিহুয়ে এটা নতুন ৰূপ পাইছে। পৰৱৰ্তী সময়ত ভিন্ন পন্থাৰ মাধ্যমেৰে বিহুৱে অন্য ৰূপত গতি কৰিছে আৰু ভৱিষ্যতেও গতি কৰিব।
সংস্কৃতি স্থবিৰ অথচ ই গতিশীল — এই বৈশিষ্ট্যৰ আঁত ধৰি বিহু সম্পৰ্কে একবিংশ শতিকাৰ প্ৰথম অৱস্থাৰ এজন ছাত্ৰ হিচাপে লক্ষ্য কৰা তথা পৰৱৰ্তী সময়ত এই বিষয়ত অধ্যয়ন কৰা তথ্যৰ আলমত উক্ত বিষয়টিৰ এক ধাৰণা দিয়াৰ প্ৰয়াস কৰা হৈছে।
সৰল গাঁৱলীয়া জীৱনশৈলী, গাৱলীয়া পথাৰৰ বোকাপানী, কেঁচা আলিৰ চেঁচা শুকান ধূলি-বালি, নিয়ৰসনা কোমল ঘাঁহনি, নৈ-বিলৰ নিৰ্মল পানী, হাবিৰ ভিন্ন ঋতুৰ ফল-ফুলৰ সুবাস আৰু চৰাইৰ বিননি, জুহালৰ গধূলি, সমনীয়াৰ কিৰিলি, ঢেঁকীৰ বিননি, তাঁতৰ খিত্‌খিতনি, দেউতাৰ চেকনি, লেম-চাকিৰ ঘিট্‌মিটনি, বিহুৰ হুঁচৰি এইবোৰ আছিল আমাৰ প্ৰজন্মৰ বুৰ্বুৰণি। আমিয়েই হয়তো শেষৰটি প্ৰজন্ম যিয়ে গাঁৱলীয়া কেঁচা সুলভ অৱস্থা, কেঁচা মাটিৰ গোন্ধ, যান্ত্ৰিকতাৰ ফলত গাঁৱত পৰিৱৰ্তন হোৱা নগৰীয়া সভ্যতা এই দুয়োবিধ অৱস্থাৰ অভিজ্ঞতা লাভ কৰাৰ সুবিধা পাইছোঁ। এই অভিজ্ঞতাৰ আলমতেই এই আলোচনা।
(২)
প্ৰকৃতিৰ শিষ্য মানুহ। মানুহৰ সমষ্টিয়েই সমাজ। সমাজত সময় আৰু অৱস্থাৰ গতি লৈ একো একোটাউৎসৱৰ সূচনা হয়। এই ক্ষেত্ৰত বিহু হৈছে মানুহৰ সময়োপযোগী উৎসৱ। বিহু এটা অতি পুৰণিকলীয়া উৎসৱ। বিহু তথা উৎসৱসমূহ হৈছে কৰ্মজীৱনৰ জিৰণি স্বৰূপে পালন কৰা অনুষ্ঠান। ভাৰতীয় জ্যোতিষশাস্ত্ৰত এই অনুষ্ঠানসমূহৰ পালনৰ নিৰ্দিষ্ট দিন ধাৰ্য কৰি যোৱা আছে। সেই দিনবোৰৰ অনুসৰিয়েই ভাৰতীয় সমাজে কামৰ আৰম্ভ আৰু শেষত একোটাকৈ উৎসৱত মগ্ন হয়।
জ্যোতিষশাস্ত্ৰত বিহু উৎসৱ সম্পৰ্কে বিস্তৃত ব্যাখ্যা তথা ইয়াৰ সময় নিৰ্দ্ধাৰণ কৰি থৈ গৈছে। সূৰ্যৰ ৰাশি পৰিৱৰ্তন, পৃথিৱীৰ ৰেখাবোৰৰ পৰিৱৰ্তন, দিন-বাৰ, মাহ, ঋতু আদি নিৰ্দ্ধাৰিত আছিল। উৎসৱ সম্পৰ্কীয় জ্যোতিষশাস্ত্ৰত বিস্ত´ত ব্যাখ্যা থাকিলেও ই এই আলোচনাৰ বিষয় নহয়। কাৰণ জ্যোতিষচৰ্চাৰ পূৰ্বৰে পৰা বিহু বিদ্যমান। মাহ, বছৰৰ হিচাপ নথকাৰে পৰা মানুহে উৎসৱ পাতিছিল। পৰৱৰ্তী সময়ত দিন-বাৰ, মাহ নিৰ্দ্ধাৰণৰ পাছত, নিৰ্দ্ধাৰিত দিনত এই উৎসৱ হ’বলৈ ধৰিলে আৰু মাহৰ নাম অনুসৰি বিহুৰো নাম হ’ল। বিহু শব্দটো নতুন হ’লেও উৎসৱটো অতি পুৰণি। বিহু হৈছে বৰ্তমান সময়ৰ এটা নিৰ্দ্ধাৰিত দিন। য’ত কিছুমান আনুষ্ঠানিক কৰ্ম কৰিব লাগে। কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ হৈছে – আনন্দ।
(৩)
আদিম অৱস্থাত মানুহে যেতিয়া গছৰ খোৰোং, পৰ্বতৰ গুহাত বাস কৰিছিল তেতিয়া তেওঁলোকে চিকাৰ কৰি আনন্দ লভিছিল। সেই আনন্দ আছিল দিনেকীয়া। সেই আনন্দবোৰ হৈছিল বাৰে বাৰে। কিন্তু পৰৱৰ্তী সময়ত মানুহে পৰ্বতৰ গুহাৰ পৰা নামি সমতল পালেহি। সমতলত সমাজে গঢ় ল’লে। সেই সমাজে খেতি নামৰ বীজ ৰোপণ কৰিলে। শস্য বৃদ্ধিৰ আশাত দিন কটালে। দুখ-কষ্ট আশাবোৰ দীঘলীয়া হ’ল। আশাই যেতিয়া পৰিপূৰ্ণতা লাভ কৰিলে তেতিয়া সেই প্ৰাপ্তিৰ আনন্দই আকৌ একোটাকৈ উৎসৱৰ সূচনা কৰিলে। সেই আনন্দ উৎসৱেই পৰৱৰ্তী সময়ত বিৱৰ্তন হৈ বিহুৰ ৰূপ পালে।
বিহু কৃষিৰ সমষ্টি। পুৰণি সমাজ ব্যৱস্থাৰ অৰ্থনীতিৰ কেন্দ্ৰবিন্দু আছিল কৃষি¸ । কৃষিক কেন্দ্ৰ কৰিয়েই গঢ় লয় একোখন সমাজৰ সংস্কৃতি। এই ক্ষেত্ৰত লীলা গগৈদেৱে ‘বিহু এটি সমীক্ষা’ গ্ৰন্থত উল্লেখ কৰি গৈছে —“বিহু সংস্কৃতিৰ ভোগজৰা, ভোগমনৰ ভোগথলী আৰু ৰঙাইৰ ৰংচৰা। বিহুত আছে — ভোগৰ আনন্দ, তৃপ্তিৰ অৱসাদ, সৃষ্টিৰ গৌৰৱ আৰু দৃষ্টিৰ ৰোমান্স। বিহুৱে কয় — অতীতৰ ইতিহাস, বৰ্তমানৰ বিৱৰ্তন আৰু ভৱিষ্যতৰ ভৱিষ্যতবাণী বিহুৰ বুকুত বগাই বগাই জীয়াই আছে লোক বিশ্বাস, লোক-নৃত্য, লোক-সঙ্গীত, লোকাচাৰ আৰু লোক-পৰম্পৰা; বিহুৱে সজাগ কৰে মানুহক, মানুহে সজাই তোলে বিহুক। বিহুত বিষুৱৰ সম্বন্ধ আছে ‘বৈ-হু’ৰ প্ৰতিধবনি আছে, ‘বিচু’ৰ ৰিং আছে, সকলো আছে। বিহুত মনৰ মুক্তি আছে; বনৰ বাতৰি আছে। বিহুত চেনেহ আছে, শ্ৰদ্ধা আছে, প্ৰেম আছে, পীৰিতি আছে আৰু আছে বহল বুকুৰ সাগৰ-গভীৰ আন্তৰিকতা। সেয়েহে পবৰ্বতৰ গুহাৰপৰা কৃষ্টিৰ কঠিয়াতলী ধাননি পথাৰৰ দীঘলীয়া ৰঙিয়া (বঁকিয়া) বগাই বিহু আহিছিল, বিহু আহিছে আৰু বিহু আহিব।”১
সংস্কৃতি স্থবিৰ অথচ ই গতিশীল। সংস্কৃতি বোঁৱতী নৈৰ দৰে। আদিম অৱস্থাৰ কৃষ্টিয়ে কৰ্ষণ লভি উৎসৱ সংস্কৃতিৰ অন্তৰ্ভুক্ত হ’ল। ক্ৰমান্বয়ে ই মানুহৰ প্ৰয়োজন অনুসৰি সময় অনুসৰি নতুন ৰূপ ল’লে। ভিন্ন উপাদানৰ সমষ্টিৰে বিহুৰ নিৰ্মাণ হ’ল। বিহু শব্দটোৰে এসময়ত কেৱল ব’হাগ বিহুকে বুজাইছিল। পৰৱৰ্তী সময়ত ই প্ৰতিটোতে প্ৰযোজ্য হ’ল।
যিহেতু বিহু কৃষিভিত্তিক অনুষ্ঠান। এই ক্ষেত্ৰত বিহু ভিন্ন জাতি-জনজাতিৰ উপাদানৰ সংমিশ্ৰণ। অষ্টিকসকলৰ আগমনৰ ফলত ইয়াত সমাজ নামৰ সংস্থাটোৰ নিৰ্মাণ হ’ল। খেতিৰ আৰম্ভ তথা বিকাশ হ’ল। ভিন্ন ধৰণৰ খেতিৰ সঁজুলি আৱিষ্কাৰ হ’ল আৰু খেতিৰ অন্তৰালত বিহু অনুষ্ঠিত হ’ল। খেতিৰ এই পৰিক্ৰমাত তিনিটা অৱস্থাত ইয়াক পালন কৰা হ’ল। খেতিৰ আৰম্ভণিত ৰঙালী, শস্যৰ উন্নতিৰ বাবে কঙালী আৰু শস্য চপোৱাৰ সময়ত ভোগালীৰ আয়োজন কৰিলে (এইবোৰৰ উপৰিও আৰু অন্যান্য বহুতো কৰ্মৰ অৱসৰৰ অনুষ্ঠান লোক-সমাজত নিজৰ সুবিধা অনুসৰি পালন কৰে)। এই অৱস্থাকেইটা কেৱল অসমীয়া সংস্কৃতিৰে অংগ নহয়। অন্যান্য জনগোষ্ঠীবোৰেও এই অনুষ্ঠানৰ আয়োজন কৰে। আয়োজন কৰা তিথিবোৰ সলনি হয় সেই জনগোষ্ঠীৰ কৃষিভিত্তিক সময় অনুসৰি।
(৪)
পূৰ্বৰ চিকাৰৰ পাছত জুই ধৰি নাচ-গান আনন্দ কৰাক আমি বৰ্তমানৰ বিহুৰ নাচ-গান তথা মেজিৰ জুইৰ লগত অৱশ্যে তুলনা কৰিব পাৰো। মেজিৰ জুহকুৰাক প্ৰচলিত সমাজে জাৰৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱাৰ প্ৰচেষ্টা তথা জুইৰ উম লৈ এসাঁজ খাই আনন্দ আৰু শীত দূৰ কৰা পন্থা বুলিও ক’ব পৰা যায়।
“অষ্টিকসকলৰ পিছত বড়ো, চুতীয়া, বৰাহী, মৰাণ আদিৰ পূৰ্ব-পুৰুষ কিৰাত, মঙ্গোলীয়সকলৰ এটা ঠাল সম্ভৱতঃ খৃষ্টপূৰ্ব ৩০০০-২০০০ ভিতৰত অসম সোমাইহি। তেওঁবিলাকে এই বিহু উৎসৱ কৃষিৰ লগত সম্পৰ্ক ৰাখি পালন কৰিছিল। কিন্তু ইতিমধ্যে বৈদিক সংস্কৃতিৰ প্ৰভাৱ পৰাত এই উৎসৱৰ মাজত আন কিছুমান আনুষঙ্গিক অনুষ্ঠানৰ পাতনি আৰম্ভ হয়।”২ এই অনুষ্ঠানবোৰৰ মাজৰ এটা অন্যতম হৈছে অনুষ্ঠান ‘গৰু বিহু’। হিন্দুসকলৰ পৱিত্ৰ আৰু পূজনীয় এই আলমতেই হওক বা কৃষিৰ প্ৰধান মাধ্যম হিচাপেই হওক ‘গৰু’ বিহুৰ অন্তৰ্ভুক্তহ’ল।
বিহুৰ পৰিৱৰ্তিত ৰূপৰ ব্যাখ্যা কৰিলে গৰু বিহুৰ কথা প্ৰথমেই উল্লেখ কৰিব পাৰি। ‘গৰু বিহু’ৰ লগত বহুতো ৰীতি-নীতি তথা উপাদান জড়িত। এই বিৱৰ্তিত অৱস্থাত এই ৰীতি-নীতি, উপাদান তথা বৰ্তমান গৰু বিহুৰ স্থিতি কি? — গৰু বিহুৰ লগত দীঘলতী, মাখিয়তী, মাহ-হালধিৰে নোওৱা, নৈত গা-ধুওৱা, লাও-বেঙেনাৰ চাকখনি, সন্ধিয়াৰ জাক দিয়া, পিঠাগুৰিৰে ফোঁট দিয়া এই আচাৰ নীতিবোৰ। বৰ্তমান দেখিবলৈ পোৱা গৈছে, যিসকলৰ গৰু আছে তেওঁলোকৰো বেছি সংখ্যকে আগৰ দৰে গৰু বিহু পালন নকৰা হ’ল। নৈ নথকাসকলৰ কথা নকওঁ, কাষতে নৈ থকাসকলেও ঘৰৰ মটৰৰ সহায়তহে গৰু গা ধোৱায়। যিহেতু সংস্কৃতি সময় অনুসৰি গঢ় লয়, তেনে ক্ষেত্ৰত এই সংস্কৃতি পুনৰ সংস্কাৰ হৈছে নেকি? ইয়াতকৈও ডাঙৰ প্ৰত্যাহ্বান এয়া যে, ক্ৰমান্বয়ে গৰু নোহোৱা হৈ আহিছে। অৰ্থাৎ যান্ত্ৰিক যুগত খেতিত গৰুৰ প্ৰয়োজন কমি আহিছে। তেনে ক্ষেত্ৰত মানুহে গৰু নোপোহা হৈছে। এনে ক্ষেত্ৰত এসময়ত গৰু বিহু একেবাৰে নোহোৱা হৈ যাব নেকি? এই বিহু নোহোৱা হ’লে হয়তো ইয়াৰ লগত জড়িত আচাৰ নীতিবোৰো নোহোৱা হৈ যাব।
কৃষিভিত্তিক বিহু মূলতঃ মঙ্গোলীয় সংস্কৃতি। মঙ্গোলীয় সংস্কৃতিৰ উৎস মূলতঃ বাঁহ সংস্কৃতি। এই বাঁহৰ ভিত্তিতে বৰ্তি আছে অসমীয়া সংস্কৃতি। দৈনন্দিন জীৱনৰ ক্ষুদ্ৰ আঁহিলাৰ পৰা খেতি-বাতিৰ অৰ্থনীতি তথা বিহুৰ বাদ্যযন্ত্ৰলৈকে নিয়ন্তুণ কৰিছে এই বাঁহ সংস্কৃতিয়ে। ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে, বিহুত বাদ্যযন্ত্ৰ সংযোগ ঘটিল মঙ্গোলীয়সকলৰ আগমনৰ লগে লগে। বাদ্যযন্ত্ৰৰ কথা উল্লেখ কৰাৰ আগতেই উল্লেখ কৰিব লাগিব বিহুৰ নৃত্য-গীতৰ সম্পৰ্কে। বিহুত নৃত্য-গীতৰ যি সমাহাৰ সেয়া হৈছে, আদিম অৱস্থাৰ আনন্দৰ মাজত যি নৃত্য-গীত সেইবোৰেই পৰৱৰ্তী সময়ৰ বিহুৰ বিৱৰ্তিত ৰূপ।
বিহুক উৰ্বৰা শক্তিৰ উৎস হিচাপে ধৰা হয়। বিশেষকৈ ব’হাগ বিহুক। এই সময়ত প্ৰকৃতিয়ে ৰঙ সলাই। বসন্তৰ এই পৰিৱৰ্তনৰ ক্ষণত প্ৰকৃতিয়েই কেৱল ৰঙ নসলাই, সলাই মানুহৰ মনেও। নামে ডেকা-গাভৰুৰ কামনা-বাসনা। বাঢ়ে মিলনৰ আগ্ৰহ। সেই বাসনাৰ বশৱতী হৈ চেনাইৰ চেনেহীৰ প্ৰতি থকা মনৰ বাসনাবোৰ গীত আকাৰে প্ৰকাশ কৰে চিঞৰ চিঞৰি, কোনো নিজান ঠাইত নিজান পৰত, ভৰ দুপৰীয়া পথাৰৰ মাজত অনাই-বনাই ম’হৰ পিঠিত, যিবোৰ সকলোৰে আগত প্ৰকাশ কৰিব পৰা অৱস্থাত নাথাকে। কিন্তু বৰ্তমান সময়ত জ্যেষ্ঠ কনিষ্ঠ উভয়ে এই গীতবোৰক কিছু মাৰ্জিত ৰূপত আদৰি লৈছে।
বিহুৰ নৃত্যত পূৰ্বতে কেৱল হাত চাপৰি আদিৰেই তাল সংগত কৰা হৈছিল। বহুতো জনগোষ্ঠীৰ বিহুত বাদ্যৰ ব্যৱহাৰ নাই। বাঁহ সংস্কৃতিৰ আগমনৰ লগে লগে টকা, গগনা, পেঁপা আদি ভিন্ন বাদ্যৰ আগমন ঘটিল আৰু বিহুৰ নৃত্য-গীতক এখোপ আগুৱাই লৈ গ’ল।
(৫)
বিহুৰ যি সীমা নিৰ্দ্ধাৰণ, তাক শদিয়াৰ পৰা কলীয়াবৰলৈ বিহুৰ সীমা বুলি কৈছে। বিশেষকৈ উজনিৰ অংশত বিহুৰ নৃত্য-গীতৰ ক্ষেত্ৰত আহোম আৰু চুতীয়াসকলৰ অৱদান যথেষ্ট। এই ক্ষেত্ৰত লীলা গগৈদেৱে বিহু এটি সমীক্ষা গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে — “উদ্দাম যৌৱনৰ ভাব প্ৰকাশক, যৌনগন্ধী বিহুগীত, বিহুনাচ আৰু হুঁচৰি গোৱা প্ৰথা অসমত আহোম আৰু চুতীয়াসকলে অধিক প্ৰতিষ্ঠিত কৰিলে বুলি ভাবিবলৈ অৱকাশ আছে।”৩ য’তেই আহোম চুতীয়া মানুহৰ গাঁও আছে, তাতেই একোখন প্ৰৱল বিহু পতাৰ ইতিহাস আছে। এই বিহুত সঙ্গত ঢোলৰ অৱদান আহোম চুতীয়াসকলৰ। অৰ্থাৎ আহোমসকল অহাৰ পাছৰে পৰা বিহু প্ৰৱল তথা আজি আমি দেখা বিহুৰ কেঁচা পৰশটোৰ আৱিষ্কাৰ হৈ সি প্ৰসাৰিত হৈছিল।
বিহুৰ ক্ষেত্ৰত বিহু পতা বা বিহু কৰা বুলি নকৈ বিহু মৰা বুলিহে কৈছে। বিহু মৰাৰ যি কাৰ্য এই কাৰ্যৰ প্ৰথম অৱস্থাত আৰম্ভ হৈছিল হাবিৰ মাজত, যি বিহুক ‘ৰাতিবিহু’ নামেৰে আখ্যা দিয়া হৈছিল। চ’ত আহি পোৱাৰ লগে লগে দিনৰ পৰিশ্ৰম সামৰি ঢোল লৈ বিহুৱাসকলে নিজৰ অন্তৰৰ গীত জুৰে। গীতৰ তালে তালে ঢোলৰ চাপৰ লগাই। ঢোলৰ চাপৰত নাচনীৰ গা সাতখন-আঠখন হয়। এনে অৱস্থাত নাচনীসকলে নিজৰ কামএৰি বিহুতলীলৈ উৰা মাৰে। এই বিহু পথাৰৰ মাজৰ কলীয়া জামুৰ তল, বৰ আৰু আঁহত গছৰ তল, হাবিৰ ঘিলাতলত বিহু মাৰিছিল। এই বিহু উৰুকাৰ নিশালৈকে হৈছিল।
বিহুৰ লগত জড়িত অন্য এটা শব্দ হৈছে- হুঁচৰি। ইয়াৰ অৰ্থ — হু-ছা-ৰি (হু— চিঞৰি চিঞৰি; ছা— আশীৰ্বাদ, কুশল; ৰি — উত্তেজিত, উৰুলীকৃত)৪ অৰ্থাৎ আনন্দত উত্তেজিত হৈ চিঞৰি চিঞৰি কুশল কামনা কৰা কাৰ্য। হুঁচৰি বা বিহু মৰা যি কাৰ্য এই কাৰ্য হঠাতে আহি মানুহৰ চোতাল পোৱাগৈ নাছিল। পথাৰ, গছৰ তলৰ পৰা আহি এই বিহুৱে মানুহৰ পদূলিয়ে পদূলিয়ে আহি বিহু মাৰিছিল আৰু গৃহস্থই পদূলিৰ মূৰত গৈ সেৱা লৈছিল।
পৰৱৰ্তী সময়ত এই বিহু ৰাজকীয় হ’ল। ৰজাৰ বাকৰিত, ৰজাৰ দৰ্শনীয় এটা অনুষ্ঠানলৈ পৰিৱৰ্তিত হৈছিল। এই স্বীকৃতি প্ৰদান কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। পৰৱৰ্তী সময়ত এই বিহু ৰজাৰ ডা-ডাঙৰীয়া, মন্ত্ৰীসকলৰ ঘৰলৈ গৈছিল আৰু পৰ্যায়ক্ৰমে ৰজাৰ পৰা প্ৰজাৰ চোতাললৈ আহি বিহু ৰজা আৰু প্ৰজা এই দুই শ্ৰেণীৰ সম-সম্পদলৈ ৰূপান্তৰ হৈছিল। বৰ্তমান বিহু মঞ্চ তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে।
ইংৰাজ ঔপনিৱেশিক কালত ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱা তথা পশ্চিমীয়া আদৰ্শ আৰু বংগীয় সংস্কৃতিৰ প্ৰভাৱত এচামে বিহুক অশ¡ীল অনুষ্ঠান ৰূপে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ ভিন্ন কৌশলৰ অৱলম্বন কৰিছিল। কিন্তু এই বিহু সংস্কৃতি যিহেতু চহা জীৱনৰ সংস্কৃতি গতিকে সেই প্ৰভাৱবোৰৰ পৰা দূৰত ৰাখিলে এই চহা সমাজে আৰু স্বাধীনতাৰ পাছত অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ বাদে যে অন্য একো সম্পদ নাই তাক অনুধাৱন কৰিলে।
অঞ্চল অনুসৰি বিহুৰ নিয়ম বেলেগ বেলেগ । বিহুৰ ক্ষেত্ৰত বিহুৰ আৰম্ভণি আৰু শেষত যি ঘূৰি ঘূৰি বিহু মৰা নিয়ম সেই ৰীতি-নীতিসমূহতো আঞ্চলিক জনকৃষ্টিৰ স্বকীয়তা প্ৰকাশ পায়। এই ক্ষেত্ৰত হেম বুঢ়াগোহাঞিদেৱে ‘বিহুআকৌ যাবগৈ’ গ্ৰন্থত উল্লেখ কৰিছে এনেদৰে — “নাথ বৰুৱাৰ মৈদাম আৰু আইদেউৰ মৈদামৰ কাষৰ নিবাসী ঁলক্ষেশ্বৰ গগৈদেওক বৰবৰুৱা মৈদামৰ বিহুখনৰ বিষয়ে সোধোতে ৰাতিবিহুখনৰ কথা নিৰহ নিপানীকৈ কৈছিল। তেখেতৰ মতে চ’ত বিহু মাৰিবৰ প্ৰথম নিশা ডেকা-গাভৰু সকলে বিহুৰ বেদী প্ৰতিষ্ঠাৰ আগমূহুৰ্তত মৈদাম দুটি এপাক ঘূৰিহে বিহুৰ শুভাৰম্ভ কৰিছিল। তেনেকৈ বিহু উৰুৱাৰ দিনা এপাক বা তিনিপাক ঘূৰি গুৱা-পাণ দি বিহুৱাসকলে বিহু সামৰিছিল। এই ক্ষেত্ৰত ডেকাসকলে বৰুৱা মৈদাম আৰু গাভৰুসকলে গাভৰু আইদেউৰ মেদাম ঘূৰিহে বিহুমৰা আৰু বিহু সামৰাৰ নিয়ম।”৫ এই নিয়মেই বৰ্তমান সময়ত দেখিবলৈ পোৱা যায়।
(৬)
ওপৰৰ যি আলোচনা সেই আলোচনাত আদিম অৱস্থাৰ সেই বিন্দুটিয়ে সময় পৰিক্ৰমাত ভিন্ন পৰিস্থিতিৰ কৰ্ষণ, মানুহৰ প্ৰয়োজন অনুসাৰে পৰিৱৰ্তন, ভিন্ন উপাদানৰ সংমিশ্ৰণ হৈ কিদৰে বিহুৰ ৰূপ লাভ কৰিলে তাৰ আভাস দিয়া হ’ল। যাতে পৰৱৰ্তী আলোচনাত বৰ্তমানৰ বিহুৰ পৰিৱৰ্তনক বিচাৰ কৰাত কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়। বিহুৰ উৎপত্তিৰে পৰা ভিন্ন অৱস্থাৰ পৰিপ্ৰেক্ষিতত সময়ৰ প্ৰয়োজনীয়তাত পৰিৱৰ্তিত হৈ আজিৰ এই অৱস্থা পাইছেহি। এনে ক্ষেত্ৰত বিহুৰ পৰিৱৰ্তিত স্থিতিৰ ক্ষেত্ৰত কিছুমান প্ৰশ্নৰ উদ্ভৱ হয়।
বিহুৰ ক্ষেত্ৰত ‘চোতাল বিহু’ৰ যি পৰম্পৰা ইয়াৰ ভৱিষ্যতৰ স্থিতি কি? বিহুৰ এই বিৱৰ্তনৰ অৱস্থাক তিনিটা অৱস্থানত ৰাখি ব্যাখ্যা কৰিব পাৰি। প্ৰথম অৱস্থাত, বিহুৱে পূৰ্ণতা লাভ কৰি পথাৰত ৰাতিবিহু মাৰিলে; দ্বিতীয়তে, গছতলত ৰাইজৰ আগত; তৃতীয়তে, পদূলি পাৰ হৈ ৰজাৰ বাকৰি গচকি পৰ্যায়ক্ৰমে সকলো মানুহৰ চোতাল অধিকাৰ কৰিলে। এই তৃতীয় অৱস্থাটোলৈ গতি কৰাৰ লগে লগে পথাৰৰ বিহু নোহোৱা হ’ল। চতুৰ্থ অৱস্থাত বিহু মঞ্চলৈ আহিল আৰু ই বিহুক জনপ্ৰিয় কৰাত সহায় কৰিলে। ক্ৰমান্বয়ে অসমৰ প্ৰতিটো কোণতে বিহুৱে প্ৰসাৰতা লাভ কৰিলে। কিন্তু ইয়াৰ লগে লগে দ্বিতীয় অৱস্থানৰ গছতলৰ বিহু নোহোৱা হ’ল।এতিয়া ক্ৰমে বিহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গতি কৰিছে। আৰু এই ক্ষণতেই চোতাল বিহুৰ যি পৰম্পৰা ই ক্ৰমান্বয়ে হাস হৈ অহা দেখিবলৈ পোৱা গৈছে। বহু গাঁৱত দেখিবলৈ পোৱা গৈছে, যোৱা তিনি চাৰি বছৰমানৰ পৰা গাঁৱৰ আপুৰুগীয়া বিহুজোৰা গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ চোতাললৈ নাযায়। যায় কেৱল ভাল পৰিমাণৰ দক্ষিণা দিব পৰা জনৰ ঘৰলৈ।
ইয়াৰ অৰ্থ কি? এই পৰিৱৰ্তন সময়োপযোগীনে? নে আৰম্ভৰ পৰাই বিহু চোতালৰ সম্পদ নাছিলেই, সেইবাবেই ই নিজস্ব আদি ৰূপলে আকৌ গতি কৰিব? সাধাৰণ শ্ৰেণীয়ে কি এসময়ত বিহু দৰ্শন কৰিবলৈ নাপাব নেকি? পথাৰ, গছতল, চোতালৰ পৰা নোহোৱাৰ দৰে বিহু এদিন অসমৰ পৰাও নোহোৱা হ’ব নেকি?
বিহুৰ ক্ষেত্ৰত জড়িত এটা প্ৰথা হৈছে ‘নেকেৰা’ অৰ্থাৎ ‘দান দিয়া প্ৰথা’। ৰাতিৰ হুঁচৰিৰ শেষত বিহুৱাসকলে যি ঘৰৰ অন্ন আৰু বস্তু দিয়াৰ সামৰ্থ থাকে সেই ঘৰতে বাদ্যযন্ত্ৰ এৰি থৈ যায় আৰু পাছদিনা আহি তেওঁলোকৰ ঘৰৰ পৰাই বিহু মাৰে। সেই প্ৰথাৰ ফলেই বৰ্তমানৰ চোতাল বিহু ? অৰ্থাৎ এক সৰহ অংশৰ ধন দিব পৰা সামৰ্থৱানৰ ঘৰতহে কেৱল বিহু হ’ব নেকি? বিহুৱে বৰ্তমান এনেকুৱা ৰূপ লৈছে যে, সৰহ ধন দিয়া ঘৰলৈ দুই তিনিযোৰা যায় আৰু সাধাৰণ লোকৰ ঘৰলৈ এযোৰাও নাযায়।
কিন্তু তাৰ পৰিৱৰ্তে কিছু নগৰ অঞ্চলত সকলোৱে মিলি নিজৰ অঞ্চলৰ প্ৰত্যেকৰ ঘৰলৈ গৈ বিহু মাৰে। বিহুৰ শেষত ভোজ খায়। ইয়াৰ অৰ্থ কি? বিহু গ্ৰাম্য সমাজৰ পৰা নগৰীয়া সমাজলৈ গতি কৰিছে। এই গতি কেনেকুৱা? বিহু কৃষকৰ অনুষ্ঠান, কৃষিজীৱিৰ আচাৰৰ অংগ, কৃষকৰ আনন্দৰ উৎস। এনে ক্ষেত্ৰত বিহুৰ পৰা বঞ্চিত হ’ব নেকি এদিন অসমৰ গাঁওবাসী। টিকট কাটি বিহু চাবলগীয়া অৱস্থা নহয়তো অসমীয়া ৰাইজৰ!
এনেবোৰ প্ৰশ্নৰে সন্মুখীন হ’ব হয়তো কিছুদিনৰ পাছত প্ৰত্যেকজন অসমীয়া। নহ’বও পাৰে। এনে ক্ষেত্ৰত এই দিশবোৰৰ ওপৰত বিচাৰ কৰাটো সচেতন মহলৰ দায়িত্ব। সৰুৰে পৰা দেখি অহা অৱস্থান আৰু পৰিৱৰ্তনৰ আলমতেই এই আলোচনাটো লিখিবলৈ মন মেলিলোঁ। বিহু সম্পৰ্কীয় জ্ঞান মোৰ তেনেই নগণ্য। সৌভাগ্যৱান বুলি ভাবো এইবাবেই যে, আমি গাঁৱৰ কেঁচা সেই অভিজ্ঞতাবোৰ খন্তেক দিনৰ বাবে হ’লেও লাভ কৰিছিলো। সেই অভিজ্ঞতাৰ ফলতেই আজি এই প্ৰশ্নবোৰৰ বুৰ্বুৰণি।
বিহুৰ আলোচনাত উল্লেখ কৰিব পৰা এটা অনুষ্ঠান হৈছে- ঢকুৱাখনাৰ ‘ফাট বিহু’। ইয়াত ‘ফাট’ হৈছে টাই শব্দ। ইয়াৰ অৰ্থ- ‘হাট’। আধুনিক অৰ্থত ‘বজাৰ’। বস্তুৰ ক্ৰয়-বিক্ৰয়ৰ যি বজাৰ ই সেই বজাৰ নহয়; এই বজাৰ হৈছে মানুহৰ ৰঙ আনন্দৰ আদান-প্ৰদানৰ বাবে গোট খোৱা এক প্ৰকাৰৰ বজাৰ। এনেকুৱা ‘ফাট’ কেইবাখনো আছিল। এই ধাৰণাৰ লগতে ঢকুৱাখনাৰ ‘ফাট বিহু’ সম্পৰ্কে হেম বুঢ়াগোহাঞিদেৱে এনেদৰে উল্লেখ কৰিছে — “এবাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিহুৱা দলক ৰজাঘৰৰ তৰফে কিবা প্ৰকাৰে অনাদৰ কৰাত, বিহুৱা-বিহুৱতীসকলে ব্ৰহ্মপুত্ৰ পাৰ হৈ ৰংপুৰৰ বিহুতলীত যোগদান নিদি মূলৰ পৰা ফাটি ঢকুৱাখনা অঞ্চলতে সুকীয়াকৈ বিহু আৰম্ভ কৰিলে। তেওঁলোকে ৰজাঘৰৰ বিহুৰ পৰা ফাটি গৈ বিহু মৰাৰ কাৰণে সেই ঠাইৰ বিহুখনক ফাট বিহু আখ্যা দিয়া হ’ল।”৬
“বিহুৰ স্থিতি” শীৰ্ষক- এই আলোচনাত বিহুৱে প্ৰয়োজন অনুসৰি সময়োপযোগীভাৱে কিদৰে ভিন্ন গোষ্ঠী-জনগোষ্ঠীৰ উপাদানৰ সমষ্টিৰে পৰিৱৰ্তন লাভ কৰিছে তাৰ এক সম্যক ধাৰণা প্ৰদান কৰা হ’ল। এই আলোচনাত বহুতো দিশ ৰৈ গৈছে। গীতৰ ক্ষেত্ৰত যেনে— চাহ, ৰে’ল, জাহাজ আদিৰ আগমন আৰু এইবোৰৰ গীতত স্থান; বিহু তথা অসমীয়া সংস্কৃতিৰ ভিন্ন সঁজুলি যেনে — তাঁতশাল, ঢেঁকী আদি ক্ৰমান্বয়ে নোহোৱা হোৱা; মঞ্চ বিহুৰ ফলত সৃষ্টি হোৱা বিহুৰ স্থিতি; প্ৰতিযোগিতামুখী হোৱাৰ ফলত বিহুৰ মান আদি ভিন্ন দিশ ইয়াত আলোচনা কৰা হোৱা নাই। ইয়াত প্ৰধানকৈ বিহুৰ তাৎপৰ্য, সংস্কৃতিৰ প্ৰয়োজন অনুসৰি ইয়াৰ স্থান, ভিন্ন সংস্কৃতিৰ পৰশত পৰিপূৰ্ণতা লাভ কৰিলে তাক দেখুওৱাৰ এক সাধাৰণ প্ৰয়াস কৰা হ’ল।
বিহু অসমীয়াৰ গৌৰৱ। ই হৈছে অসমীয়াৰ জাতীয় সম্পদ। অতীজৰে পৰা অসমীয়া জন-জীৱনৰকোঁহে-কোঁহে বিহু সোমাই আছে। অতীজৰে পৰা বিভিন্ন পৰিক্ৰমাৰ মাজেৰে আহি সম্প্ৰতি বিশ্বৰ আগতো বিহুৱে পৰিচয় লাভ কৰিছে। তথাপিও কিন্তু অসমীয়াৰ মাজত বিহুৰ ভৱিষ্যতক লৈ সংশয়ৰ সম্ভাৱনা আহি পৰিছে। গতিকে এনে এক জটিল সন্ধিক্ষণত বিহু কৃষ্টি পৰৱৰ্তী সময়ত কিদৰে কৰ্ষণ কৰি বিহুৰ স্বকীয়তাক ৰক্ষা কৰিব পাৰি, সেই ক্ষেত্ৰত সচেতন মহলৰ পৰা পৰামৰ্শ বিচৰা হ’ল।

পাদটীকা ঃ
১। গগৈ, লীলা, বিহু-এটি সমীক্ষা, ডিব্ৰুগড়, বনলতা, চতুৰ্থ সংস্কৰণ, ২০১০, পৃ. ৩১
২। উল্লিখিত, পৃ. ৩৬
৩। উল্লিখিত, পৃ. ১২
৪। উল্লিখিত, পৃ.৩৮
৫। বুঢ়াগোহাঞি, হেম, বিহু আকৌ যাবগৈ, চেপন, জাছিংফা গ্ৰন্থ বিপণি, দ্বিতীয় প্ৰকাশ, ১০ মাৰ্চ, ২০০০, পৃ.৪-৫
৬। উল্লিখিত, পৃ. ৭৩

সহায়ক গ্ৰন্থপঞ্জী ঃ
১। গগৈ, লীলা ঃ বিহু-এটি সমীক্ষা, ডিব্ৰুগড়, বনলতা, চতুৰ্থ সংস্কৰণ, ২০১০
২। বৰা, জয়ন্ত কুমাৰ (সম্পা.) ঃ বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ, গণেশচন্দ্ৰ হাজৰিকা প্ৰণীত, গুৱাহাটী, সম্প্ৰীতি প্ৰকাশন, প্ৰথম প্ৰকাশ, ১৭ মে’, ২০২৩
৩। বুঢ়াগোহাঞি, হেম, বিহু আকৌ যাবগৈ, চেপন, জাছিংফা গ্ৰন্থ বিপণি, দ্বিতীয় প্ৰকাশ, ১০ মাৰ্চ, ২০০০

  (লেখক ঃ স্নাতকোত্তৰ চতুৰ্থ ষাণ্¬াসিকৰ ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়)