ড০ অমল নাথ
অসমীয়া সংস্কৃতি খেতি পথাৰৰ সংস্কৃতি। কৃষিক কেন্দ্ৰ কৰিয়েই অসমীয়া সংস্কৃতিৰ প্ৰতীক তথা অসমীয়া জাতীয় জীৱনৰ সংহতিৰ এনাজৰী স্বৰূপ আমাৰ হেঁপাহৰ তিনিটি বিহু যথাক্ৰমে ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু আদি প্ৰতিবছৰে অতি উলহ-মালহেৰে উদযাপিত হৈ আহিছে। বিহু অসমৰ জাতীয় উৎসৱ। বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ। তিনিওটা বিহুৰ ভিতৰত ৰঙালী বিহুহে বসন্ত উৎসৱ। ৰঙালী বিহু হ’ল অসমীয়া ডেকা-গাভৰুৰ যৌনমূলক নৃত্য-গীত বিশেষ। ৰঙালী বিহুৰ এই প্ৰকৃতিৰ বাবেই হলিৰাম ঢেকিয়াল ফুকনে বিহুক ‘অশোভন’” আখ্যা দিছিল। ১৮৯৬ চনত গৰ্ডন চাহাবে ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়’ বুলি মন্তব্য কৰিছিল। যি কি নহওক স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীতৰ মাধ্যমেৰে উৰ্বৰা শক্তি বৃদ্ধি কৰি বসুন্ধৰাক অধিক শস্য-শালিনী কৰাই বিহু নৃত্যৰ মুখ্য উদ্দেশ্য বুলি অসমীয়া সমাজত অতীজৰে পৰা মানি অহা হৈছে। বিশেষকৈ কৃষিজীৱীসকলৰ মাজত এই লোক-বিশ্বাস প্ৰাচীন কালৰ পৰাই প্ৰচলিত হৈ আহিছে। আনহাতে সময়ৰ বিৱৰ্তনৰ লগে লগে বিহুৰ লগত ঘৰ বাৰী শুচি কৰা, গোসাঁইক পূজা দিয়া, খেতি-বাতি, গৰু-গাই আৰু ৰাইজৰ মংগল কামনা কৰা আদি ধৰ্মীয় পৰম্পৰাৰ কথাবোৰো সংযুক্ত হৈ পৰে। অৱশ্যে অসমত পৰম্পৰাগত ভাৱে চলি অহা বসন্তকালীন উৎসৱ বহাগ বিহুৰ নীতি-নিয়ম সমূহ ঠাই ভেদে বেলেগ বেলেগ । এইদৰে প্ৰাচীন কালৰ পৰাই অসমত নিৰ্দিষ্ট ৰীতি-নীতিৰে বসন্তকালীন উৎসৱ ৰঙালী বিহু উদ্যাপিত হৈ আহিছে। কিন্তু সময়ৰ লগে লগে পৰম্পৰাগতভাৱে চলি অহা এই নীতি নিয়মবোৰৰ অনেকখিনি পৰিৱৰ্তন ঘটিল। ফলস্বৰূপে অসমীয়া বিহুৰো পৰম্পৰা আৰু আধুনিক — এই দুই দৃষ্টিভংগীৰে বিচাৰ-বিশ্লেষণৰ পথ প্ৰশস্ত হ’ল। সেই অনুসৰি এই আলোচনাত ঘিলামৰা অঞ্চলৰ ৰঙালী বিহুৰ পৰম্পৰা আৰু বৰ্তমানে গা কৰি উঠা আধুনিকতাই কেনে পৰিৱৰ্তনৰ সূচনা কৰিছে সেই সম্পৰ্কে এক পৰ্যবেক্ষণমূলক বিচাৰ-বিশ্লেষণ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।
চ’ত মাহৰ শেষৰফালে ঢোলৰ গুম্-গুম্নি, পেপাৰ লহৰ, মাকোঁৰ খিট-খিটনি আদিয়ে চৌপাশ ৰজনজনাই থাকে। চাৰিওফালে উৎসৱমুখৰ পৰিৱেশ হয়। কুলি চৰাইৰ সুমধুৰ গীতে ৰঙালী বিহুৰ আগমনৰ বতৰা আনে। চ’ত আৰু ব’হাগৰ দোমাহীৰ আগদিনাক উৰুকা বুলি কোৱা হয়। গৃহিণীসকলে ওৰে ৰাতি উজাগৰে থাকি পিঠা-পনাৰ যা-যোগাৰ কৰে। ৰঙালী বিহুৰ প্ৰথম সপ্তাহটোক সাত বিহু নামেৰে জনা যায়। সেইবোৰ হ’ল – গৰুবিহু, মানুহ বিহু, গোসাঁই বিহু; তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ জন্তুৰ বিহু আৰু চেৰা বিহু। “গৰু বিহুৰ দিনা গৰুক মা-হালধি সানি গা ধুৱাই দীঘলতী, মাখিয়তীৰে কোবাই গাত চাট মাৰি গৰুৰ মংগল কামনা কৰা হয়। দ্বিতীয় দিনা মানুহৰ বিহু। সেইদিনা পিতৃ-মাতৃ তথা জ্যেষ্ঠজনক ভক্তি আৰু গুৰু দেৱতাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। তৃতীয় দিনা ওচৰত থকা থান, মন্দিৰ, দেওশাল আদিত পূজা কৰে। চতুৰ্থদিনা তাঁতৰ শালখন ধুই-পখালি চাকি-বাতি দিয়ে। পঞ্চমদিনা হালোৱাই নাঙল-যুঁৱলি ধুই বাটি-বুটি লয়। ষষ্ঠদিনা ঘৰৰ হাঁহ-কুকুৰা গাহৰি আদি সকলো জীৱৰ নামত বিহু হয়। সাতদিন জুৰি গাঁৱত হুঁচৰি গায়। সপ্তমৰ দিনা চেৰা বিহু বা বিহু বিদায়। সেইদিনা কেইবাখনো চুবুৰীয়া গাঁৱৰ ৰাইজে একেলগে বিহু মাৰি বিহু উৰুৱায়। সেইদিনাই বিহুতলিত বহু ডেকা গাভৰুৱে গন্ধৰ্ব বিবাহ পাতি যুগ্ম জীৱন আৰম্ভ কৰে।”১ অসমৰ সকলো অঞ্চলতে ৰঙালী বিহু পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে। কিন্তু বছৰ বাগৰাৰ লগে লগে এই বিহু পৰম্পৰাতো নানা নতুনত্বই গাকৰি উঠিছে। সাধাৰণতে বিহুৰ আগদিনা উৰুকা পালন কৰা হয়। আগতে এইদিনটোত পুৰুষসকলে বিহুৰ বাবে বজাৰ সমাৰ কৰি আজৰি হয়। মহিলাসকলে উৰুকাৰ দিনা ৰাতি উজাগৰে থাকি পিঠা-পনা যা-যোগাৰ কৰিছিল। ৰঙালী বিহু বুলিলে প্ৰায় চ’তৰ মাজভাগৰ পৰাই ঢেঁকীৰ ছন্দোময় শব্দ, ঢোল, পেঁপা, গগণাৰ সুৰীয়া শব্দ আদিয়ে আকাশ-বতাহ তোলপাৰ লগাই বিহুৰ আগজাননী দিছিল। কিন্তু আধুনিকতাৰ প্ৰভাৱত এই দৃশ্যবোৰ আজিকালি বিৰল হৈ পৰিছে। এসময়ত ঢেঁকী অসমীয়া কৃষিজীৱি সমাজৰ এক এৰাব নোৱাৰা সম্পদ হিচাপে বিবেচিত হৈছিল। বিগত চাৰি দশকৰ আগলৈকে ঢেঁকী অসমীয়াৰ গৰ্বৰ সম্পদ আছিল। যাৰ অবিহনে অসমীয়াৰ চৰুত জুই নজ্বলিছিল। বিহুৰ বাবে সান্দহগুৰি, পিঠাগুৰি ঢেঁকীতেই অসমীয়া তিৰোতাই খুন্দিছিল। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ ফলত এসময়ৰ কৃষিজীৱি সমাজৰ অপৰিহাৰ্য্য অংগ ঢেঁকী লুপ্ত হ’ল আৰু তাৰ ঠাই অধিকাৰ কৰিলে ধান খুন্দা কলৰ দৰে আধুনিক যন্ত্ৰ-পাতিয়ে। একেদৰে বিহুৰ পিঠা-পনাৰ ঠাই ল’লেহি বজাৰৰ বুন্দিয়া, লাৰু, বিস্কুট আদিয়ে।
ঘিলামৰা অঞ্চলৰ বসন্ত উৎসৰ ৰঙালী বিহুৰ পৰম্পৰা আৰু আধুনিকতা ঃ
বিহু এক পৰম্পৰাগত উৎসৱ। সাতবিহু বুলি পূৰ্বতে যি উলহ-মালহেৰে বিহু পালন কৰা হৈছিল সেয়া বৰ্তমান নামমাত্ৰহে ৰক্ষিত হৈছে। বিহু পৰম্পৰাৰ লগত লোকবিশ্বাস ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনা গৰুবিহু পালন কৰা হয়। গৰু বিহুৰ লগত বিভিন্ন লোকবিশ্বাসৰ ঢৌ পূৰ্বাপৰ চলি আহিছে। “পূৰ্বতে প্ৰায়বোৰ অঞ্চলতে গাঁৱৰ ৰাইজে একগোট হৈ গৰুক গা ধুওৱাৰ নিয়ম আছিল। সকলো গাঁৱৰ গৰু আহি ঘাটত উপস্থিত হোৱাৰ পাছত গাঁৱৰ মুখিয়ালজনে হৰি ধবনি দিছিল আৰু উলহে-মালহে সকলোৱে একেলগে গৰুক পৰম উৎসাহেৰে গা ধুৱাইছিল। এই গৰু গা ধুৱাই থকাৰ সময়ত ঢোলে-দগৰে এখন বৃহৎ বিহুতলি হৈ পৰিছিল।”২ ইয়াৰ পাছত বছৰটোলৈ মহ-মাখিৰ পৰা আঁতৰি থাকিবলৈ গৰুক দীঘলতি, মাখিয়তীয়ে কোবোৱাৰ লগতে গৰুৰ শ্ৰীবৃদ্ধি সাধনৰ উদ্দেশ্যেৰে চাট মৰা হয়। গা ধুওৱা পৰ্ব শেষ কৰাৰ পাছত গৰুৰ পঘা, চাট আদি এজনে আনজনৰ লগত বদলি কৰি লয়। এনে কৰিলে গাঁৱৰ মৰম-চেনেহৰ এনাজৰীডাল অক্ষুণ্ণ থাকে বুলি বিশ্বাস আছে। কিন্তু বৰ্তমানে এই নিয়মবোৰ দিনক-দিনে হেৰাই গৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধন এইক্ষেত্ৰত মুখ্য কাৰণ বুলি ক’ব পাৰি। অসমীয়া কৃষিজীৱি লোকসকলে কৃষি কাৰ্যত Îট্ৰক্টৰ ব্যৱহাৰ কৰিবলৈ লোৱাৰ লগে-লগে কৃষিকাৰ্যৰ বাবে গৰুৰ প্ৰয়োজনীয়তা কমি আহিলে। ফলত অসমীয়া মানুহে গৰু পুহিবলৈ বাদ দিয়াৰ দৰেই হ’ল। অৱশ্যে এইক্ষেত্ৰত ৰাজনৈতিক দিশৰ প্ৰভাৱৰ কথাও নুই কৰিব নোৱাৰি। এসময়ত চহা-দুখীয়া গাঁৱলীয়া লোকসকলৰ হালৰ গৰুহাল আছিল পৰম ধন। অসুখ-বিসুখ, বিবাহ, সকাম-নিকাম অথবা যিকোনো অভাৱ অনাটনৰ পৰা পৰিত্ৰাণ পোৱাৰ শেষ সম্বল আছিল হালৰ গৰু হাল অথবা গোহালিৰ গাই গৰুজনী। কিন্তু অজ্ঞাত কাৰণত গৰুক ঈশ্বৰ জ্ঞান কৰা হ’ল আৰু সেই অনুসৰি গৰুক মুকলিকৈ বিক্ৰী কৰা, দেশৰ সীমান্তৰ বাহিৰলৈ গৰুৰ সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে গৰুৰ মূল্য হ্ৰাস কৰি পেলোৱা হ’ল। এনেবোৰ কাৰণত স্বত্বাধিকাৰীয়ে উচিত মূল্যৰ পৰা বঞ্চিত হৈ পৰাত জনসাধাৰণে গৰু পুহিবলৈ একেবাৰে বাদ দিয়াৰ দৰেই হ’ল। গৰুবিহুৰ ক্ষেত্ৰত তাৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা দেখিবলৈ পোৱা গৈছে। আজিকালি টিউৱেল নাইবা পানীমটৰৰ দ্বাৰা গৰু গা ধুওৱা প্ৰৱণতা এটাও নতুনকৈ গঢ় লোৱা দেখা গৈছে। গধূলি পৰত গৰুক নতুন পঘাৰে বন্ধাৰ নিয়ম আছে। এই পঘা মৰাপাটৰ লগত তৰা গছৰ বাকলি (ফিট) দি তৈয়াৰ কৰা হয়। আগতে গৰুক পিন্ধাবৰ বাবে নতুন পঘা গাঁৱৰ মানুহে নিজে তৈয়াৰ কৰি লৈছিল। আজিকালি বণিয়া গোষ্ঠীৰ পৰাহে কিনি ল’ব লগা পৰিস্থিতি এটাৰ উদ্ভৱ হৈছে। তদুপৰি মৰাপাতৰ পঘাৰ ঠাইত বহুলোকে প্লাষ্টিক ব্যৱহাৰকৰাও পৰিলক্ষিত হয়। গৰুবিহুৰ দিনা গধূলি গোহালিত যাগ্ দি গৰুক বিচনীৰে বিচা হয়। “পৰম্পৰা আছে যে এনেকৈ গৰুক বিচনীৰে বিচাৰ পাছতহে গৰমত মানুহে বিচনী ব্যৱহাৰ কৰিব পাৰে। নহ’লে মূৰ ঘূৰণি হয়” কিন্তু বৰ্তমানৰ বৈদ্যুতিক পাংখাৰ ব্যাপক ব্যৱহাৰে পূৰ্বৰ পৰম্পৰাটো স্তিমিত কৰি পেলালে। এইদিনটোত মানুহে মাহ, হালধি, আমৰ মল আৰু আগতেই দৈৱজ্ঞই দি যোৱা সৰ্বোষধিৰে গা ধোৱে। এইদৰে গা ধুলে অপায়-অমংগল দূৰ হয় বুলি বিশ্বাস কৰা হয়। দুপৰীয়া নামঘৰত নাম-কীৰ্ত্তন কৰা হয়। গধূলি এশ এবিধ শাক একেলগে ৰান্ধি খোৱা হয়। উদ্দেশ্য হ’ল বছৰটোলৈ নিৰো¸গী হৈ থকা। তদুপৰি শোকোটা তিতা বা অন্যান্য তিতা ব্যঞ্জন ৰান্ধি খোৱাৰ নিয়ম কোনো কোনো অঞ্চলত এতিয়াও ঠায়ে-ঠায়ে দেখা যায়। গৰুবিহুৰ গধূলিয়েই গাঁৱৰ এমূৰে হুঁচৰি জুৰা হয়। সাধাৰণতে গাঁওখনৰ আটাইতকৈ সন্মানীয় জ্যেষ্ঠজন নাইবা মুৰববীজনৰ ঘৰত প্ৰথম হুঁচৰি জুৰাটো নিয়ম। কিন্তু আগৰ দৰে গৃহস্থই বিহু আদৰা পৰম্পৰাটো বৰ্তমানে লুপ্ত হৈছে। তদুপৰি পুৰণি অসমত পথাৰৰ মাজত, গছৰ তলত ডেকা- গাভৰুৱে বিহু নচাৰ ছবিখন বৰ্তমান একেবাৰে দুৰ্লভ। গাঁৱৰ ঘৰে ঘৰে গৈ গৃহস্থৰ চোতালত হুঁচৰি গাই গৃহস্থৰ মঙ্গলাৰ্থে জয়ধবনিৰে সৈতে আশীৰ্বাদ দিয়া আৰু দক্ষিণাৰ টকাৰে ভোজভাত খোৱা প্ৰথাটো যেন চেমনীয়া কেইজনেহে কোনোমতে ৰক্ষা কৰি আছে। মুঠতে ৰঙালী বিহু বুলি কোৱাৰ লগে লগে যি উদ্যম, উত্তেজনা, আনন্দ-উল্লাসত মতলীয়া হোৱাৰ দুৰ্বাৰ বাসনা পূৰ্বতে আছিল সেয়া আজিৰ দিনত দেখা পোৱা নাযায়। আধুনিকতাৰ হেচাঁত আজিৰ হুঁচৰি কেৱল মাত্ৰ গতানুগতিক বাধ্যবাধকতাৰ বাবেহে যেন চলি আছে ঘিলামৰা অঞ্চলৰ বিহুলৈ লক্ষ্য কৰিলে তেনে যেন বোধ হয়।
গৰু বিহুৰ পাছদিনাখন মানুহৰ বিহু। বহুতে ইয়াক বৰ বিহু বুলিও কয়। সেইদিনা কনিষ্ঠজনে পিতৃ-মাতৃ তথা জ্যেষ্ঠজনক ভক্তি আৰু গুৰু দেৱতাক সেৱা জনায়। জ্যেষ্ঠজনেও কুশলে থাকিবলৈ আশীৰ্বাদ দিয়ে। “বৰবিহুৰ দিনা বিহুৱান দিয়াৰ পৰম্পৰা আছে। এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ অন্যান্য অঙহী-বঙহী, আত্মীয়-স্বজন, মিতিৰ কুটুম্ব আদিক পিন্ধোৱা হয়। ইও এক ধৰণৰ পৰম্পৰা। এনে কৰিলে আত্মীয় স্বজনৰ প্ৰতি থকা মৰমৰ বান্ধোন অধিক কটকটীয়া হয়। আগতে এই বিহুৱান অসমীয়া তিৰোতাই তাঁতশাল পাতি নিজে বই উলিয়াইছিল।”৪
ব’হাগ বিহুত বিহুৱান দিয়া, জা-জলপান খোৱা, মান্যজনক সন্মান কৰা ইত্যাদিৰ লগতে হুঁচৰি গোৱাটো এক বিশেষ আকৰ্ষণীয় পৰম্পৰা। হুঁচৰিয়ে গাঁৱৰ ৰাইজৰ মাজত ভেদা-ভেদ আঁতৰাই ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰে। হুঁচৰি বুলিলে যি উদ্যম, উত্তেজনা, আনন্দ-উল্লাসত মতলীয়া হোৱাৰ দুৰ্বাৰ বাসনা পূৰ্বতে আছিল সেয়া আজিৰ বিহুত দেখা নাযায়। অসমীয়াৰ জাতীয় সন্মানৰ প্ৰতীক বিহুৱানখনো আজি সংকটত। আজিকালি বিহুত বিহুৱান দিয়াৰ পৰম্পৰা গুছিল। তাৰ ঠাইত আজিকালি দিয়া হয় পেন্ট-চাৰ্টৰ পিচ্। তদুপৰি তামিলনাডু, অন্ধপ্ৰদেশ, কেৰালা আদি বৰ্হিৰাজ্যৰ পৰা আমদানিকৃত নিম্ন মানদণ্ডৰ সূতাৰে তৈয়াৰী ভমকাফুলীয়া সস্তীয়া গামোচাৰে গোটেই অসমৰ দোকান বজাৰ ভৰি পৰিছে আৰু অসমীয়া জাতি সংস্কৃতিৰ ৰক্ষাকাৰীসকলেও সেই সস্তীয়া গামোচাকে ডিঙিত আঁৰি লোৱা দেখা গৈছে। এইবোৰে পৰস্পৰৰ প্ৰতি থকা আন্তৰিকতা আৰু সহদয়ৰ বান্ধোন যে বহুখিনি শিথিল কৰিছে সেয়া বিভিন্ন অঞ্চলৰ ক্ষেত্ৰ অধ্যয়নৰ পৰা বিশদভাৱে জানিব পৰা গৈছে।
বৰ্তমান গৰু বিহু আৰু মানুহৰ বিহুৰ বাহিৰে সাতবিহুৰ বাকী কেইটা দিন উদ্যাপন কৰা দেখা নাযায়। সাতবিহুৰ শেষৰ দিনটোক চেৰা বিহু বোলা হয়। পূৰ্বতে এইদিনটোত চুবুৰীয়া গাঁৱৰ বিহুৱা দল লগ-লাগি বৰগছৰ তলত বা মুকলি পথাৰত আনন্দ উল্লাসেৰে বিহু উৰুৱায়। তাৰ পৰিৱৰ্তে আধুনিকতাৰ প্ৰভাৱত ব’হাগী মেলা, ব’হাগী বিদায় আদি নতুন নতুন অনুষ্ঠান কিছুমান অনুষ্ঠিত হ’বলৈ ধৰিছে। ইয়ে ৰঙালীবিহুলৈ বহুখিনি নতুনত্ব কঢ়িয়াই আনিছে।
বসন্ত উৎসৱ ৰঙালী বিহুৱে সময়ৰ সোঁতত পৰিৱৰ্তন লাভ কৰিলেও পূৰ্বৰ পৰম্পৰাক একেবাৰে নস্যাৎ কৰি দিয়া নাই। অৱশ্যে বিহু সংস্কৃতিৰ পৰিৱৰ্তনৰ লগত কিছুমান অপসংস্কৃতিও সোমাই পৰা দেখা গৈছে, উদাহৰণস্বৰূপে পূৰ্বে উনুকিয়াই অহা টিউবেলৰ পানীৰে গৰু গা ধুওৱা, চাউণ্ড চিষ্টেম লৈ হুঁচৰি গোৱা আদিৰ কথাকে ক’ব পাৰি। তদুপৰি বিহু পৰম্পৰাক লৈ এখন বজাৰ গঢ় লৈ উঠিছে। প্লাষ্টিকৰ কপৌফুল, বিহুৰ জলপান, পিঠা, লাড়ু আদি বজাৰৰ পৰা কিনি আনি প্ৰায় মানুহে বিহু উদ্যাপন কৰা দেখা গৈছে। সংস্কৃতি পৰিৱৰ্তনশীল, আধুনিকতাৰ প্ৰভাৱ সংস্কৃতিত পৰাটো স্বাভাৱিক কিন্তু সেইবুলি বিহুৰ মৌলিক ৰূপটো সলনি কৰি পেলোৱাটো অসমীয়া সমাজৰ বাবে গ্ৰহণযোগ্য নহয়।
প্ৰসঙ্গ সূত্ৰ ঃ
গগৈ, লীলা ঃ নৈ বৈ যায়, পৃষ্ঠা — ৭৪
সহায়ক গ্ৰন্থপঞ্জী ঃ
গগৈ, লীলা ঃ নৈ বৈ যায়, বনলতা প্ৰকাশ, নতুন সংস্কৰণ
বৰুৱা, হেমন্ত কুমাৰ ঃবিহুৰ উৎস, ঐতিহ্য আৰু পৰম্পৰা, এচ. এইচ. শৈক্ষিক ন্যাস, প্ৰথম প্ৰকাশ ২০১৩ চন
নেওগ, প্ৰদীপ ঃ বিহু বিনন্দীয়া, জ্যোতি প্ৰকাশন, দ্বিতীয় সংস্কৰণ, ২০০৯ চন
(লেখক ঃ সহকাৰী অধ্যাপক, ডিব্ৰু কলেজ, ডিব্ৰুগড়)