বিতুপ্ৰতিভ বৰুৱা

বিহুৰ গুৰিকথা ঃ হালোৱা-চহা ৰাইজৰ কৃষিভিত্তিক উৎসৱ ঃ
অতীজৰ পৰা অসমৰ জীৱন প্ৰবাহ নানাধৰণেৰে পৰিৱৰ্তিত হৈছে। এসময়ৰ জনজাতীয় আৰু ৰাজ-শাসিত সমাজখন বৰ্তমান আধুনিক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অন্তৰ্ভূক্ত, আহোম যুগৰ পাইক আৰু বিনিময় আদি আৰ্থ-ৰাজনৈতিক প্ৰথাৰ ঠাইত আধুনিক মুদ্ৰা অৰ্থনীতি আৰু সম্প্ৰতি তাকো অতিক্ৰমি লাহে লাহে ডিজিটেল অৰ্থনীতি চলিব লাগিছে, এসময়ৰ বাঁহ-কাঠৰ ঘৰ-দুৱাৰ পকী হৈছে, তাহানিৰ এমুঠি শিক্ষিত লোকৰ বিপৰীতে এতিয়া গৰিষ্ঠসংখ্যক জনসাধাৰণেই সাক্ষৰ, ভাওনা-সবাহ আদিৰো স্বৰূপ বিভিন্ন ধৰণেৰে সলনি হৈ পৰিছে। তাৰ মাজতে যোৱা কেইবাশ বছৰে যিকেইটা বিষয়ে গুৰুত্ব হেৰুওৱা নাই বৰং দিনে দিনে জেউতিহে চৰিছে তাৰ ভিতৰত বিহু অন্যতম। ই বুঢ়ালুইতৰ দৰে চিৰপ্ৰবাহমান। সুঁতি সলনি হ’লেও ইয়াৰ তলি শুকাই কেতিয়াও তৰাং নহয়। পৰম্পৰাগতভাৱে বিহু এক কৃষিভিত্তিক উৎসৱ। খেতিয়ক ৰাইজে শালি খেতিৰ বাবে পথাৰত নমাৰ আগে আগে মনৰ আনন্দত ৰঙালী বা ব’হাগ বিহু, ধান পকাৰ আগে আগে লখিমীক প্ৰাৰ্থনা জনাই কঙালী বা কাতি বিহু আৰু খেতি উঠাৰ পিছত ভোগৰ উৎসৱ ভোগালী বা মাঘ বিহু পাতে। প্ৰকৃতিত কুঁহিপাত মেলা আৰু নাহৰ-তগৰ, কপৌ-কেতেকী ফুলাৰ বেলিকা, কুলি-কেতেকীৰ ইননি-বিননিত ডেকা-গাভৰুৱে আপোনা-আপুনি বিহুনাম বা বনঘোষা গায়। স্বাভাৱিকতে নৈৰ পাৰত, খেৰণি-জাৰনি, হাবি-বননিৰ মাজত গোৱা গীতবোৰত উদ্দাম যৌৱন আৰু যৌনগন্ধী ভাৱৰ প্ৰকাশ ঘটে। হেমাংগ বিশ্বাসৰ মতে বিহুনামত প্ৰকাশ পোৱা এই প্ৰেম ‘অবাধ কিন্তু দেহবাদী নহয়’ (১৯৯০, পৃষ্ঠা-১)। পূৰ্বে চ’তমহীয়া অসমৰ গাঁৱে-ভূঞে ৰাতি বিহু অনুষ্ঠিত হৈছিল। এই ৰাতি বিহুৱে আছিল ডেকা গাভৰুৰ মনৰ আদান-প্ৰদানৰ কেন্দ্ৰস্থল। ড০ লীলা গগৈ দেৱে ‘বিহু ঃ এটি সমীক্ষা’ গ্ৰন্থত কৈ গৈছে, “হোমৰ গোন্ধ নোপোৱা অনাৰ্য ডেকাই বিহুৰ বতৰত থুৰীয়া তামোল এখন, আচুৱলীয়া বিহুৱান এখন পালে যুৰীয়া জীৱনৰ পাতনি তৰাৰ প্ৰতিশ্ৰুতি পায়” (২০১০, পৃষ্ঠা- ১০)। বিহুৱা ডেকা আৰু বিহুৱতী গাভৰুৱে বিহুতলীৰ পৰাই পলাই গৈ ঘৰ বান্ধে। কৃষিজীৱি সমাজত মানুহৰ গুৰুত্ব অধিক। সেয়ে বছৰৰ খেতি আৰম্ভ কৰাৰ আগতে ডেকা-গাভৰুৱে ঘৰ বন্ধাটো আছিল বিহুৰ অপৰিহাৰ্য অংগ। এতেকে “বিহুৰ আদি ৰস কৰ্মজীৱনৰ পৰা বিচ্ছিন্ন ব্যক্তিকেন্দ্ৰিক নাগৰিক প্ৰেম নহয়; সমষ্টি চেতনাৰ ছন্দেৰে ই সুস্থ আৰু সজীৱ” (বিশ্বাস, ১৯৯০, পৃষ্ঠা-১)।
পথাৰৰ চহা মানুহৰ বিহুক আনুষ্ঠানিক মৰ্যাদা দিয়াত আহোম ৰজাঘৰ আৰু আভিজাত শ্ৰেণীটোৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত পথাৰৰ পৰা ৰংঘৰলৈ অহাত বিহুৱে ৰাজকীয় মৰ্যাদা পালে। ৰাইজে ৰজাৰ পদূলিত ‘স্বৰ্গদেউ ওলালে বাট-চ’ৰাৰ মুখলৈ দুলীয়াই পাতিলে দোলা’ বুলি গীত জুৰিলে। একেদৰে ডা-ডাঙৰীয়াৰ চোতালত গোৱা হুঁচৰিত ফুটি উঠে অভিজাত শ্ৰেণীৰ গৌৰৱগাঁথা- “দেউতাৰ বৰঘৰ দেখোঁতে ভয়ংকৰ শৰণ খেৰে মেলি চায়; নশ গাঁথনি মুগাৰে মহুৰা সৰিয়হ পিছলি যায়।” হেম বৰুৱাৰ মতে ৰাজহাউলি আৰু অভিজাত শ্ৰেণীৰ চোতালত হুঁচৰি গোৱাৰ এই ৰীতিটো ‘সামন্তবাদী সমাজৰ সৃষ্টি (চৌধুৰী, ২০২৩, পৃষ্ঠা ১৩১)। পিছে এই হুঁচৰিযোৰায়ো লাহে লাহে সাৰ্বজনীন ৰূপ ল’লে। পোনতে ৰজাৰ চোতালত গোৱা এই হুঁচৰিযোৰা “ক্ৰমে ৰজা, ডাঙৰীয়া, বৰবৰুৱা, ৰাজখোৱা, ফুকন, বৰুৱাৰপৰা হাজৰিকা, শইকীয়া, বৰালৈ বিয়পি আহোঁতে সময়ত গোটেই সমাজতে বিয়পি পৰিল” (গগৈ, ২০১০, পৃষ্ঠা- ১১)। এয়া মধ্যযুগীয় বিহুৰ কথা। অনাৰ্যপ্ৰধান সমাজখনত বিৱৰ্তনৰ মাজেৰেই বিহুৱে নিজৰ গুৰুত্ব বৰ্তাই ৰাখিছিল।
বিহুৰ উত্তৰণত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ভূমিকা ঃ
ঔপনিৱেশিক শাসনকালত বিহুৰ প্ৰতি এক বৃহৎ প্ৰত্যাহ3ান নামি আহিছিল। পূৰ্বৰ আহোম ৰাজতন্ত্ৰৰ অৱসান, পশ্চিমীয়া শিক্ষাৰ প্ৰভাৱত এটি শিক্ষিত অসমীয়া মধ্যশ্ৰেণীৰ বিকাশ সাধন (যাৰ সিংহভাগেই আছিল বৰ্ণহিন্দু শ্ৰেণীৰ) অসমৰ ভাষা-সাহিত্য-সংস্কৃতিত পৰা বংগীয় প্ৰভাৱ আদিৰ ফলত বিহুৰ জাতীয় উৎসৱৰ মৰ্যাদা, বিশেষকৈ বিহুনাম আৰু নাচৰ শিষ্টতা আদি সম্পৰ্কত প্ৰশ্নৰ উত্থাপন হৈছিল। ঔপনিৱেশিক অসমৰ মধ্যবিত্ত শ্ৰেণীৰ অন্যতম প্ৰতিনিধি হলিৰাম ঢেকিয়াল ফুকন, তেওঁৰ পুত্ৰ তথা অসমীয়া ভাষা পুনঃপ্ৰতিষ্ঠা আন্দোলনৰ গুৰি ধৰোঁতা আনন্দৰাম ঢেকিয়াল ফুকন, সংস্কাৰমুখী আন্দোলনৰ প্ৰবক্তা গুণাভিৰাম বৰুৱা, অসম সাহিত্য সভাৰ দুজন প্ৰাক্তন সভাপতি হেমচন্দ্ৰ গোস্বামী আৰু কমলাকান্ত ভট্টাচাৰ্য, ‘আসাম বন্ধু’ আলোচনীৰ উল্লেখযোগ্য লেখক ৰত্নেশ্বৰ মহন্ত আদিয়ে বিহুক ভাল চকুৰে চোৱা নাছিল। হলিৰাম ঢেকিয়াল ফুকনে বাংলা ভাষাত লিখা ‘আসাম বুৰঞ্জি’ত বিহুক সৌমাৰত প্ৰচলিত ‘কুৰীতি’ বুলি কৈ লিখিছে যে — “তাহাতে সাধাৰণ লোকেৰ স্ত্ৰীলোক ও লম্পট পুৰুষ সকল একত্ৰ হইয়া অত্যন্ত জুগুপ্‌-সিত নৃত্যগীত কৰিয়া থাকে” (ঢেকিয়াল ফুকন, ১৯৬২, পৃষ্ঠা- ১০৩-১০৪)। এইক্ষেত্ৰত কমলাকান্ত ভট্টাচাৰ্যৰ মন্তব্য আৰু তীৰ্যক। তেওঁ লিখিছে, “সঁচাকৈ বিহুত যেন নিলাজ কথাবোৰ বকে, শুনিলেই কাণত হাত দি শ্ৰীবিষু্ণ সুঁৱৰি পলাব লাগে। এইবিলাক অসভ্য কাণ্ড আমাৰ বৰ লাজ-অপমানৰ কথা।……. শিক্ষিত ভাইসকল, বিহুৰ সলনি উপকাৰী ধেমালি এটা সুমুৱাই, বিহুক সোনকালে আঁতৰাবৰ চেষ্টা কৰা” (চৌধুৰী, ২০২৩, পৃষ্ঠা ১২১)। নকৈ গঢ় লোৱা মধ্যবিত্ত শ্ৰেণীৰ বিহুৰ প্ৰতি এই বিতৃষ্ণাৰ কাৰণ বিচাৰিলে পোৱা যায় যে পশ্চিমীয়া শিক্ষাৰে নব্য শিক্ষিত আৰু বৰ্ণহিন্দুৰ ৰীতি-নীতিৰ দ্বাৰা প্ৰভাৱিত এইসকল ব্যক্তিয়ে যৌৱনৰ আঁৰ-বেৰ নোহোৱা এই লোক-সংস্কৃতিক সহজভাৱে ল’ব পৰা নাছিল। তদুপৰি গ্ৰাম্য উৎসৱ বিহুৰ সৈতে নগৰৰ উচ্চবৰ্ণৰ আভিজাত বা মধ্যবিত্ত শ্ৰেণীৰ এক শ্ৰেণীসংঘাতো লক্ষ্য কৰিব পাৰি (চৌধুৰী, ২০২৩, পৃষ্ঠা ১২১)। সততে বংগক অনুকৰণ কৰা এই শ্ৰেণীটোৰ একাংশ দুৰ্গাপূজাকহে জাতীয় উৎসৱৰ মৰ্যাদা দিয়াৰ পক্ষপাতী আছিল। কিন্তু মন কৰিবলগীয়া যে সেইসময়ত দুৰ্গাপূজাৰ প্ৰচলন আছিল কেইটামান আঢ্যৱন্ত পৰিয়ালৰ মাজতে সীমাবদ্ধ। আহোম যুগত ৰজাঘৰৰ বাহিৰে ‘ইতৰ মানুহৰ ভিতৰত মুকলিমূৰীয়া ভট্টাচাৰ্য্য আৰু ন-গোঁসাই প্ৰভৃতি কেইঘৰমান মানুহে মাথোন ঘট স্থাপন কৰি পূজা একোভাগ কৰাইছিল’ (বৰবৰুৱা, ১৯৯৭, পৃষ্ঠা ৪৪২)। হলিৰাম ঢেকিয়াল ফুকনৰ দিনলৈকে ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল (১৯৬২, পৃষ্ঠা- ১০৩)। ঔপনিৱেশিক কালতহে ব্যক্তিগত বা ৰাজহুৱা দুৰ্গাপূজাৰ সংখ্যা বৃদ্ধি পায়। বিহুৰ ঠাইত এনে এটা উৎসৱক জাতীয় উৎসৱ কৰা চক্ৰান্তৰ আঁৰত বৰ্ণহিন্দু, নব্য বিকশিত শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ শ্ৰেণীস্বাৰ্থ আৰু বংগীয় অনুকৰণ সহজেই লক্ষ্য কৰিব পাৰি।
কিন্তু এই শ্ৰেণীটোৰ বিপৰীতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, জ্ঞানদাভিৰাম বৰুৱা, ডিম্বেশ্বৰ নেওগ, নকুল চন্দ্ৰ ভূঞা আদিয়ে বিহুক অসমীয়া জাতিসত্তাৰ পৰিচয় আৰু স্বাভিমানৰ প্ৰতীক হিচাপে ঘোষণা কৰে (হাজৰিকা, ২০২৩, পৃষ্ঠা- ৯৫)। এইক্ষেত্ৰত আটাইতকৈ আগৰণুৱা আছিল লক্ষ্মীনাথ বেজবৰুৱা। ‘বাঁহী’ৰ পাতত প্ৰকাশিত ‘বৰবৰুৱাৰ গাত চ’তৰ বিহু’, ‘বৰবৰুৱাৰ বিহুনাম’, ‘বিহু’ আদি লেখাত তেওঁৰ বিহুবিষয়ক চিন্তা প্ৰকাশ পাইছে। ‘বৰবৰুৱাৰ গাত চ’তৰ বিহু’ শীৰ্ষত কৃপাবৰী ৰচনাখনত ৰক্ষণশীলসকলৰ বিহু বিষয়ক চিন্তাক ব্যংগ কৰি বেজবৰুৱাই লিখিছে, “…….বিহুনাচৰ থেকেৰা এফুলা কেনেবাকৈ ৰুচিগ্ৰস্তসকলৰ এৱাঁ গাখীৰত পৰিব লাগিলে সি ততালিকে কুৰূচি ফাটিব আৰু ফাটিলেই সবৰ্বনাশ ফাটিলেই ধুম্‌ আৱাজ!” (হাজৰিকা, ১৯৮৮, পৃষ্ঠা ে১৩৪৩)। ‘বিহু’ শীৰ্ষক ৰচনাখনত বিহু সম্পৰ্কত অসমীয়া মানুহৰ চিন্তাধাৰা যে দুভাগত বিভক্ত তাকো তেওঁ প্ৰতীকৰ সহায়েৰে সূক্ষ্মভাৱে তুলি ধৰিছে — “আপোনালোক চহৰীয়া মানুহ কেইটাই গোটেই অসম দেশখন নহয়। এচৰু শাকত আপোনালোক এটা জালুক। বছৰেকৰ মূৰত গাঁৱৰ ইমানখন মানুহে মন মুকলি কৰি দি, নাচিবাগি ৰং ধেমালি কৰি দুখীয়া জীৱনটো শঁতাই লয় আপোনালোকে তাকো দেখিব নোৱৰা হ’ল। গাঁৱলীয়া মানুহ মানুহ নহয়, আপোনালোক চহৰীয়া মানুহকেইটাইহে মানুহ।” (হাজৰিকা, ১৯৮৮, পৃষ্ঠা ১৪৫৬)। অৱশ্যে কিছুমান ৰীতি যেনে বিহুতলীৰ পৰা ‘ডেকা-ডেকেৰী লগ লাগি পলাই’ যোৱা আদি কাৰ্যক বেয়া বুলি এনে মামৰ ঘঁহি-মচি গুচাই বিহুটোক ‘যেনে আছে, তেনেকুৱাই থাকক’ বুলি মত প্ৰকাশ কৰিছে (হাজৰিকা, ১৯৮৮, পৃষ্ঠা ১৪৫৬)। ঔপনিৱেশিক কালৰ বিহুবিষয়ক এই বাক্‌-বিতণ্ডাখনত অৱশেষত বিহুৱেই জয়লাভ কৰিলে। গাঁৱলীয়া হালোৱা-হজুৱা জনগণৰ সৈতে বিহুৰ নাড়ী-সম্পৰ্ক, ইয়াৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ (কিছু ধৰ্মীয় আচাৰ স্বত্বেও), সমূহ জাতি-জনগোষ্ঠীৰ মাজত বিহু বা ভিন্ন নামৰ অনুৰূপ বসন্তকালীন উৎসৱৰ পূৰ্বাপৰ প্ৰচলন, অসমীয়া জাতিসত্তা নিৰ্মাণত ইয়াৰ অনস্বীকাৰ্য গুৰুত্ব আদিয়ে বিহুক জাতীয় উৎসৱ ৰূপে স্বীকৃতি পোৱাত অৰিহণা যোগালে।
বিহুৰ এই জাতীয়তাবাদী চিন্তাক জ্যোতিপ্ৰসাদ আগৰৱালা, হেমাংগ বিশ্বাস, ড০ ভূপেন হাজৰিকা প্ৰভৃতি ৰূপান্তৰকামী শিল্পী-সমাজকৰ্মী সকলে এক গণতান্ত্ৰিক আৰু সাম্যবাদী ৰূপ প্ৰদান কৰে। হেমাংগ বিশ্বাসে যথাৰ্থভাৱেই কৈছে যে বুৰঞ্জী সাহিত্যত অসমৰ ৰজা-মহাৰজাসকলৰ ইতিহাস লিপিবদ্ধ হৈ থকাৰ দৰে বিহু সাহিত্যত ‘অসমৰ গঞা-জীৱনৰ, কৃষিসমাজৰ অবিচ্ছিন্ন অলিখিত ইতিহাস’ সিঁচৰিত হৈ আছে (বিশ্বাস, ১৯৯০, পৃষ্ঠা ১)। বিহুৰ দৰ্শনসম্পৰ্কে তেওঁৰ চিন্তাধাৰা স্পষ্ট- “ধৰ্মপ্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা- এয়াই হ’ল বিহুৰ দৰ্শন। আদিম প্ৰাক্‌-আৰ্য উৎসৱবোৰ, কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধৰ্মৰ উৎসৱত পৰিণত হৈছে। শাৰদীয় উৎসৱ, দীপান্বিতা, ফাকুৱা- এই সকলোবোৰ ৰূপান্তৰিত হৈছে হিন্দুসকলৰ উৎসৱত, জাতীয় উৎসৱৰ মৰ্যাদা ইবোৰে হেৰুৱাইছে। কিন্তু বহু জাতি-উপজাতি আৰু ধৰ্মাৱলম্বী অধ্যুষিত অসম উপত্যকাত বিহুৰ জাতীয় মৰ্যাদাই দিনক দিনে ব্যাপকতাহে লাভ কৰিছে। বৰ্ণহিন্দু সমাজৰ বিধি-নিষেধ আৰু বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদেই হ’ল বিহুৰ প্ৰধান উপজীব্য।” (বিশ্বাস, ১৯৯০, পৃষ্ঠা ১)। গীতৰ জৰিয়তে ভূপেন হাজৰিকাই কৈ গৈছে যে বিহু কেৱল আনন্দ প্ৰকাশৰ উৎসৱ নহয়, ই এক জনচেতনা। বিহুৱে আমাক পুৰণি মলিয়ন বস্ত্ৰসদৃশ ৰীতি-নীতি আৰু সমাজ ব্যৱস্থা সলাই নতুনক আদৰিবলৈ শিকায়, বৰদৈচিলাজাকে খাটিখোৱা মানুহৰ সংগ্ৰামী জীৱনলৈ অনুপ্ৰেৰণাৰ বা বোৱাই আনে। ‘ছাগৰ ছাল চেলাবৰ ডবুৱা কটাৰী’ গীতটোত হাজৰিকাদেৱে অসমীয়া মানুহৰ ‘দুদিন বিহু কৰি এবছৰ কান্দিবলগীয়া হোৱা’ দুৰৱস্থাৰ কথা উল্লেখ কৰি পুঁজিবাদ-সাম্ৰাজ্যবাদৰ হাতোৰাৰ পৰা ৰাইজক বচাব পাৰিলেহে বিহুতলী পুনৰ ৰজনজনাব বুলি উল্লেখ কৰিছে।
অসমীয়া মধ্যবিত্তৰ পৰিৱৰ্তিত শ্ৰেণীচৰিত্ৰ আৰু সাম্প্ৰতিক সময়ৰ বিহু ঃ
বিংশ শতিকাৰ শেষ দশকৰ পৰা ভাৰতৰ লগতে অসমৰ আৰ্থ-সামাজিক দিশলৈ বিৰাট পৰিৱৰ্তন আহিবলৈ ধৰে। ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ লগে লগে উদাৰীকৰণ-ব্যক্তিগতকৰণ-বিশ্বায়নৰ বতাহছাটি অসমতো ববলৈ আৰম্ভ কৰে। এইছোৱা সময় পুঁজিবাদৰো চৰম বিকাশৰ সময়। এই দশকৰ শেষৰ ফালৰ পৰাই অসমৰ প্ৰায়বোৰ সৰু-বৰ অঞ্চলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠাৰ ঢৌ উঠে। এই দশকটোৰ পৰা প্ৰযুক্তিৰ দিশত বিপুল উন্নয়ন সাধন হৈ একবিংশ শতিকাত সমাজৰ অধিকাংশ লোক মোবাইল ফোন, কম্পিউটাৰ, ইণ্টাৰনেট আদিৰ জৰিয়তে ওচৰ চাপি আহে। ৰাজনৈতিক ক্ষেত্ৰত অসম আন্দোলনৰ পৰৱৰ্তী এই সময়ছোৱা এহাতে আঞ্চলিকতাবাদী আকাংক্ষা, আনহাতে বড়োকে ধৰি সৰু-বৰ জাতি-জনগোষ্ঠীৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম; এহাতে আলফাৰ নেতৃত্বত ‘স্বাধীন অসম’ৰ দাবীৰে বিচ্ছিন্নতাবাদী আন্দোলন, আনহাতে ৰাষ্ট্ৰৰ সামৰিক দমনৰ ৰাজনীতিৰে অসম ভাৰাক্ৰান্ত হৈ পৰিছিল। সৰ্বভাৰতীয় পৰ্যায়ত হিন্দুত্ববাদী শক্তিৰো বিৰাট উত্থানৰ সময় এইছোৱাই। এই আটাইবোৰ ঘটনাৰ সৈতে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ বিশেষ সম্পৰ্ক আছে। ইতিমধ্যে অসমৰ কৃষিভিত্তিক অৰ্থনীতি আৰু গ্ৰাম্য জীৱনশৈলীয়ে ক্ৰমাৎ পূৰ্বৰ গাঁথনি হেৰুৱাই নগৰীয়া জীৱনশৈলীৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ ধৰিছিল। বিহুৱে তাৰ কেঁচা ৰূপ সলাই পেলোৱাত অসমৰ প্ৰায় সকলো সৰু বৰ ঠাইতে মঞ্চবিহু অনুষ্ঠিত হ’বলৈ ধৰে। যদিও মঞ্চবিহুৰ আৰম্ভণি স্থান সম্পৰ্কে পণ্ডিতসকলৰ মাজত মত পাৰ্থক্য আছে তথাপি এই কথাত কাৰো দ্বিমত নাই যে ১৯৫২ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলনীয়ে মঞ্চবিহুৰ এক আৰ্হি তুলি ধৰে আৰু নগৰীয়া ৰাইজৰ মাজত বিহুৰ ৰাজহুৱা স্বীকৃতি ঘোষণা কৰে। গাঁৱৰ বিহুৱে চহৰলৈ গৈ এক ন-ৰূপ পৰিগ্ৰহণ কৰি পুনৰ গাঁৱলৈকে উভতি আহিছে। প্ৰসেনজিৎ চৌধুৰীয়ে এই প্ৰক্ৰিয়াটোক সমাজ বিজ্ঞানৰ ‘পিজ্জা এফেক্ট’ (pizza effect) ধাৰণাৰ দৃষ্টিৰে পৰ্যালোচনা কৰিছে (২০২৩, পৃষ্ঠা- ১৩৬)। সম্প্ৰতি এই নতুন ধৰণৰ বিহুত ৰাইজৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণৰ পৰিৱৰ্তে এক প্ৰণালীবদ্ধ সংগঠন, পৰম্পৰা আৰু আধুনিকতাৰ এক মিশ্ৰিত ৰূপ; কৃষিনিৰ্ভৰশীলতাৰ ঠাইত বজাৰমুখিতাহে দেখা পোৱা যায়। প্ৰসেনজিৎ চৌধুৰীৰ ভাষাৰেই ক’বলৈ গ’লে, “মানুহে নৃত্য-গীতত অংশ লৈ স্বতঃস্ফূৰ্তভাৱে আনন্দোচ্ছাস কৰাৰ সলনি নিষ্ক্ৰিয়ভাৱে উপভোগ কৰাটোৱেই নতুন নাগৰিক পৰিৱেশত বিহু উৎসৱৰ বৈশিষ্ট্য হৈ পৰিল” (২০২৩, পৃষ্ঠা ১২৮)। বজাৰ অৰ্থনীতিয়ে গ্ৰাস কৰি পেলোৱা আজিৰ পৃথিৱীত ‘জাতীয় উৎসৱৰ নাচ-গান এতিয়া পণ্যলৈ ৰূপান্তৰিত’ (চৌধুৰী, ২০২৩, পৃষ্ঠা ১৩৩)। কৃষিকাৰ্যৰ সৈতে দিনক-দিনে সংযোগ কমি অহা আৰু কৃষিকাৰ্যৰ স্বৰূপ গাঁথনিগতভাৱে সলনি হোৱা (উদাহৰণস্বৰূপে খেতিত গৰুৰ ঠাইত Îট্ৰক্টৰৰ ব্যৱহাৰ) এই সমাজখনত বিহুৱে তাৰ স্বতঃস্ফূৰ্ত চৰিত্ৰ হেৰুৱাই এক অৱশ্য পালনীয় পৰম্পৰালৈহে পৰিৱৰ্তিত হৈছে।
বিহু নাম আৰু বিহুনাচৰ ক্ষেত্ৰতো পৰিৱৰ্তন সাংঘাতিক। বিহুৰ বাণীবদ্ধকৰণে লাহে লাহে গ্ৰামোফোন, ৰেডিঅ’, টেলিভিশ্যন, শ্ৰব্য কেছেট, ভিডিঅ’ চিডি আদিৰ যুগ অতিক্ৰমি সম্প্ৰতি ইণ্টাৰনেটৰ যুগত প্ৰৱেশ কৰিছে। আজি-কালি সকলো লোকেই নিজাধৰণে বিহুনাম, বিহুগীত, বিহুসুৰীয়া গীত বা বিহুৰ গাত ভেজা অইন ভিন ভিন প্ৰকাৰৰ গীত বাণীবদ্ধ কৰি আৰু তাৰ ভিডিঅ’ নিৰ্মাণ কৰি ইউটিউব, ফেইচবুক আদিকে ধৰি সামাজিক মাধ্যমত প্ৰকাশ কৰিব পাৰে। এই যুগটোৰ এক ডাঙৰ সমস্যা হ’ল যে লোক-সংস্কৃতিৰ পথাৰত কি হৈছে ভু নৰখা বহু গায়ক-অভিনেতাই নিজা ধৰণে প্ৰযোজনা কৰা গীত-নাচ ইত্যাদি ৰাইজৰ মাজত জনপ্ৰিয় আৰু অনুকৰণীয় হৈ ৰাইজৰ কৃষ্টিকে বিকৃত কৰিব পাৰে। নতুন প্ৰজন্মই বিহু বুলিলেই জাত-নামবোৰৰ ঠাইত কেছেটত গোৱা ‘নদী বাঢ়িলে ঐ উজান উঠিলে ঐ’, ‘নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ’ ইত্যাদি গীতকে পোনতে গাবলৈ ধৰাটোকে উদাহৰণস্বৰূপে চাব পাৰি। মঞ্চত গায়কে পৰিৱেশন কৰিবলৈ সুবিধাজনক হ’লেও বিহুৰ পৰম্পৰাগত ‘দুচাপৰীয়া চাপৰি’ৰ সৈতে তাল মিলাই গালে এইবোৰ গীতে উজুটি খাবই খাব। ব্যতিক্ৰম অৱশ্যেই আছে। ‘জোনবাই’ ভিচিডিৰ ‘শৰতৰ ধুনীয়া মাজনী ঐ আকাশৰ জোনেবাই’ গীতটো এইক্ষেত্ৰত উনুকিয়াই থ’ব পাৰি। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মত এইখিনিতে প্ৰণিধানযোগ্য- “বিহু নৃত্য আৰু গীতৰ ৰূপৰ যি পৰিৱৰ্তন ঘটিছে, তাক চালেও এই সামাজিক সংগীত কিদৰে মঞ্চত হৈ (গৈ?) ব্যক্তিগত শিল্পীৰ আত্মপ্ৰকাশৰ মাধ্যম হৈ পৰিছে তাক ধৰিব পাৰি” (চৌধুৰী, ২০২৩, পৃষ্ঠা ১২৮) ।
অসমীয়া মধ্যশ্ৰেণীৰ মাজত লাহে লাহে অসমীয়া ভাষাৰ গুৰুত্ব হ্ৰাস পাবলৈ ধৰিছে। অভিভাৱকসকলে নিজৰ সন্তানটিক আজি-কালি ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ পঠিয়াবলৈ অধিক যত্নবান হয়। পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু ইণ্টাৰনেট নিৰ্ভৰ পৃথিৱীত অসমীয়া বা জনজাতীয় ভাষাৰ গুৰুত্ব দিনক-দিনে কমি আহিছে। এনে হ’লে অসমীয়া ভাষাৰ কালিকা লুকাই থকা বিহুনামবোৰ আৰু কিমান দিনলৈ অসমীয়া মানুহে বুজি পাব তাকে লৈ সন্দেহ হয়। ‘তোমালৈ চাওঁতে জপনা দিওঁতে বিন্ধিলে অঘয়া হুলে’ বা ‘আহু ধানৰ মৰণা পেলাই দে বহনা জোকাৰি পেলাই দে খেৰ’ বুলি নাম গালে জেওৰা-জপনা, আহু ধান, মৰণা আদিৰ সৈতে সম্পৰ্ক কমি অহা সমাজখনৰ ভৱিষ্যৎ প্ৰজন্মৰ কিমানে বুজি পাব সি ভাবিবলগীয়া। ‘অঘয়া হুল’ বুলিলেনো বাৰু কিমানে চিনি পাব?
এনে এক পৰিৱৰ্তিত পৰিৱেশত অসমীয়া মধ্যশ্ৰেণীৰ ভূমিকা কেনে হোৱা উচিত? অসমীয়া মধ্যশ্ৰেণীয়ে বিহুৰ ৰক্ষণশীলতা আৰু পৰিৱৰ্তনমুখিতাৰ সৈতে কেনেকৈ মোকাবিলা কৰিব? আমাৰ বোধেৰে বিহুৰ মূল গাঁথনিৰ লৰচৰ নোহোৱাকৈ পৰিৱৰ্তনক আঁকোৱালি ল’লে বিহুৱে তাৰ অসমীয়াত্ব আৰু জনকৃষ্টিৰ বৈশিষ্ট্য ৰক্ষা কৰিব পাৰিব। এতিয়া বিহুৰ মূল গাঁথনি বুলিলেনো কি সেইয়া বিহুৱা-বিহুৱতী, বিহুৰ পুৰণি ৰূপৰ সৈতে জড়িত বুঢ়া-মেথা, বিহু বিশেষজ্ঞ আদিয়ে আলোচনা কৰিহে থিৰাং কৰিব পাৰিব। আমাৰ বোধেৰে যি বিহুনাম গাওঁতে হাত-চাপৰি বা ঢোলত ‘দুচাপৰীয়া চাপৰ’ৰ কোনো হীন-ডেঢ়ি নহয় আৰু পৰম্পৰাগত সুৰ ৰক্ষা পৰে; বিহুতলীখন এজন শিল্পীৰ আত্মপ্ৰকাশৰ মাধ্যম নহৈ সমূহীয়া আনন্দ প্ৰকাশৰ উৎসৱ হৈ থাকে; আৰু ব্যক্তিকেন্দ্ৰিকতাৰ পৰিৱৰ্তে বিহুৰ যি ‘সমষ্টিচেতনা’ সেয়া অটুট থাকে তেনে বিহুৱেই কাম্য। আনন্দৰ নামতেই বিহুত অতিমাত্ৰা বঙলুৱা উপাদান সোমাবলৈ দিলেও সি আনন্দ প্ৰকাশৰ অইন কিবা হ’লেও অন্ততঃ বিহু হৈ নাথাকিব। এইখিনিলৈ অসমীয়া মধ্যশ্ৰেণী আৰু শিল্পী বা বিহুৱা বিহুৱতীসকলে বিশেষ গুৰুত্ব দিয়া উচিত। দ্বিতীয়তে, বিহু আৰু কৰ্মৰ সম্পৰ্ক ওতঃপ্ৰোত। অকামিলা জাতি এটাই লোকৰ পিঠাৰে বিহু পতাৰ কোনো অৰ্থ নাই। এতেকে পৰম্পৰাগত কৃষিনিৰ্ভৰ অৰ্থনীতিৰ পৰিৱৰ্তন হ’লেও অসমীয়াই নিজৰ কৰ্মসংস্কৃতি ধৰি ৰাখিহে বিহু পালন কৰিব লাগে। অসমীয়া মানুহৰ এক পৰিকল্পিত আৰু শক্তিশালী জাতীয় অৰ্থনীতি নিৰ্মাণ কৰিবলৈ চৰকাৰ, কৃষক-উদ্যোগী-ব্যৱসায়ীগোষ্ঠী আৰু নাগৰিক সমাজ যত্নবান হ’ব লাগে। কিন্তু এইখিনিতে সংস্কৃতি পণ্য নহৈ যাতে সহদয়তা আৰু মানৱতাৰ উৎসৱ হৈ থাকে তাৰ প্ৰতিও গুৰুত্ব দিব লাগে। তৃতীয়তে, অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ ক্ষেত্ৰত অসমীয়া মধ্যবিত্তৰ সাম্প্ৰতিক দুমুখীয়া বা দ্বিধাগ্ৰস্ত স্থিতিৰো পৰিৱৰ্তনৰ প্ৰয়োজন। অসমীয়া মধ্যশ্ৰেণীয়ে এহাতে এই ভাষাসমূহৰ সংবৰ্দ্ধনৰ কথা কয় আৰু নিজৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মাতৃভাষাৰ প্ৰয়োজনীয়তাৰ কথা পাহৰি যায়। এসময়ত চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাত আগভাগ লোৱা এই শ্ৰেণীটোৱেই এতিয়া ব্যক্তিগত খণ্ডৰ ইংৰাজী (লগতে অসমীয়াও) মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাৰ পৃষ্ঠপোষক। এতেকে সাতে-সোতৰই বিহুৰ গুৰুত্ব বৰ্তাই ৰাখিবলৈ হ’লে নতুন প্ৰজন্মক অসমীয়া বা তদ্ৰূপ জনজাতীয় ভাষা, প্ৰকৃতি আৰু অসমীয়া সমাজৰ সৈতে জড়িত ভিন্ন উপাদানবোৰৰ সৈতে পৰিচয় কৰাই দিয়াৰ গুৰুদায়িত্বও মূলতঃ মধ্যবিত্ত শ্ৰেণীয়েই বহন কৰিব লাগিব। শেহত, অসমীয়া সংস্কৃতি সম্প্ৰতি উত্তৰ ভাৰতীয় সাম্প্ৰদায়িক ‘হিন্দুত্ব’ দৰ্শনৰ কবলত পৰিছে। শৰাইঘাটৰ ৰণক শেহতীয়াকৈ আহোম-মোগল সংঘাতৰ ঠাইত হিন্দু-মুছলমানৰ সংঘাতৰূপে পতিয়ন নিয়াবলৈ আৰু লাচিত বৰফুকনক হিন্দু বীৰৰ মৰ্যাদা দিবলৈ এচাম মানুহ উঠি-পৰি লাগিছে। বিহুটোক এই শক্তিৰ প্ৰভাৱৰ পৰা বচাই ৰাখিব লাগিব। আৰ্য-অনাৰ্য, হিন্দু-মুছলমান, জাতি-জনজাতি সকলোৱে নিজ নিজ ধৰণে উদযাপন কৰিব পৰা বিহুৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ যাতে অটুট থাকে তাৰ প্ৰতি অসমীয়া ৰাইজে চোকা দৃষ্টি ৰাখিব লাগিব। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ গুৰুদায়িত্ব এইক্ষেত্ৰত সৰ্বাধিক।

তথ্যউৎস-
গগৈ, লীলা (২০১০) বিহু ঃ এটি সমীক্ষা; চতুৰ্থ সংস্কৰণ, ডিব্ৰুগড় ঃ বনলতা
চৌধুৰী, প্ৰসেনজিৎ (২০২৩) ‘বিহু পৰিক্ৰমা ঃ ঊনৈশ শতিকাৰ পৰা বৰ্তমানলৈকে’; মৃদুল ফুকন সম্পাঃ নিৰ্বাচিত প্ৰবন্ধ বিষয় ঃ বিহু ৯, চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন
ঢেকিয়াল ফুকন, হলিৰাম (১৯৬২) আসাম বুৰঞ্জি (সম্পাঃ যতীন্দ্ৰমোহন ভট্টাচাৰ্য); গুৱাহাটী ঃ মোক্ষদা পুস্তকালয়
বৰবৰুৱা, হিতেশ্বৰ (১৯৯৭) আহোমৰ দিন; গুৱাহাটী ঃ অসম প্ৰকাশন পৰিষদ
বিশ্বাস, হেমাংগ (১৯৯১) অসম আৰু বংগৰ লোকসংগীত সমীক্ষা; নলবাৰী ঃ জাৰ্ণাল এম্প’ৰিয়াম
হাজৰিকা, অতুলচন্দ্ৰ সম্পাঃ (১৯৮৮) বেজবৰুৱা গ্ৰন্থাৱলী-দ্বিতীয় খণ্ড, দ্বিতীয় প্ৰকাশ; গুৱাহাটী ঃ সাহিত্য প্ৰকাশ
হাজৰিকা, পঞ্চানন (২০২৩) ‘বিহু আৰু অসমীয়া জাতীয়তাবাদ’; মৃদুল ফুকন সম্পাঃ নিৰ্বাচিত প্ৰবন্ধ বিষয় ঃ বিহু ৯, চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

(লেখক ঃ গৱেষক ছাত্ৰ, ৰাজনীতি বিজ্ঞান বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, স্থায়ী ঠিকনা- ৰাইদঙ্গীয়া গাঁও, ঘিলামৰা, লখিমপুৰ)