ড ০ সুৰজিৎ দলে

বিহু অসমৰ জাতীয় উৎসৱ। জাতীয় উৎসৱ বোলাৰ কাৰণ হৈছে আমাৰ অতি হেঁপাহৰ বিহুক সকলো জাতি-জনগোষ্ঠীয়ে ধৰ্ম, বৰ্ণ, ভাষা আদি নিৰ্বিশেষে উলহ-মালহেৰে তথা স্বতঃস্ফূৰ্তভাৱে পালন কৰে। বিহু বুলি উচ্চাৰিত হ’লেই আমাৰ মন-প্ৰাণ উলাহত নাচি উঠে।
এই অপাৰ আনন্দৰ উৎসৱত বুঢ়া গৰুৰ ছালেও বেবায় বুলি কোৱাতো অতি য¸থাৰ্থ। ই আমাৰ, অসমীয়া জাতিৰ লোকচাৰ, কৃষ্টিকলা, লোকবিশ্বাস, পৰম্পৰা, সভ্যতা-সংস্কৃতি আদিৰ অভিব্যক্তি। ই বৃহত্তৰ অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক। এই বিহু কেৱল অসমীয়া ভাষা-সম্প্ৰদায়ৰে নহয় (কাৰণ কোনো কোনোৱে তেনে যুক্তি দিয়া শুনিছোঁ), ই প্ৰত্যেক অসমীয়া তথা বিভিন্ন ঠাইত বসবাস কৰা অসমীয়া ভূমিপুত্ৰ বা খিলঞ্জীয়াসকলৰ উমৈহতীয়া জাতীয় উৎসৱ। এই উৎসৱ অষ্ট˜’-মংগোলয়ড সংস্কৃতিৰ উৰ্বৰা বিশ্বাসৰ আধাৰত প্ৰতিষ্ঠাপিত আৰু আৰ্য-দ্ৰাবিড় সংস্কৃতিৰ উপাদানেৰে (Cultural relation and synthesis of Aryan-Dravidian) অৰ্থাৎ বিভিন্ন ধৰ্মীয় আচাৰ-ৰীতি, লোকবিশ্বাস বা লোকাচাৰ, লোক-আভৰণ, লোকবাদ্য বা ভৌতিক সংস্কৃতি, লোকব্যঞ্জন, লোকনৃত্য-গীত বা লোক পৰিৱেশ্য কলা সমূহৰ দ্বাৰা সম্পৃক্ত/সংপৃক্ত আৰু সমাহৰিত।
প্ৰাচীন গ্ৰীকসকলে তেওঁলোকৰ ভূ-খণ্ডক মেছ’ পটেমীয় বুলি নামাকৰণ কৰিছিল। এই অভিধাটো নদীসমূহৰ মাজৰ ভূখণ্ড (the land between the rivers) ক সূচায়; অৰ্থাৎ পশ্চিম এছিয়া অঞ্চলৰ টাইগ্ৰিচ্‌ আৰু ইউফ্ৰেটিচ শ্ৰোতস্বতীসমূহৰ মাজৰ ভূখণ্ডত সভ্যতা বিকাশ হোৱা সূচায়। ছমৰীয়া, বেবিলনীয়া আৰু এচ্ছিৰিয়া নৃগোষ্ঠীসকলে ইয়াত বসবাস কৰি কৃষিকৰ্ম সূচনা কৰে। উক্ত ভূ-খণ্ডসমূহত বা তেনে নদী কাষৰীয়া অঞ্চলসমূহত যেতিয়াই কৃষি কৰ্মৰ সূচনা হয়, তেতিয়াৰ পৰাই মানৱ সভ্যতাই ইয়াৰ সংগতি ৰাখি জাতীয় উৎসৱ পালন কৰি আহিছে। আমাৰ বিহুও ইয়াৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে উল্লেখ কৰা হৈছে যে বিহু উৰ্বৰা বিশ্বাসৰ আধাৰত প্ৰতিষ্ঠিত। গতিকে প্ৰকৃতিৰ মাতৃৰ গৰ্ভত অংকুৰণ হৈ গজি উঠা সুজলা-সুফলা শস্য-শ্যামলাই সৃষ্টিশীল জাতিলৈ আনি দিছে অনেক উৎস। এই কৃষি নাৰীৰ আৱিষ্কাৰ আৰু পৃথিৱীৰ উৰ্বৰতাৰ লগত নাৰীৰ উৰ্বৰতাৰ ঘনিষ্ঠ সাদৃশ্য আদিম মানৱে অনুধাৱন কৰিব পাৰিছিল। প্ৰখ্যাত পণ্ডিত ব্ৰিফেল্টৰ ‘মাদাৰ’ (Briftalt’s “Mother”Vol-III, P.P. 56F) শীৰ্ষক গ্ৰন্থত পৃথিৱীক নাৰী জ্ঞান কৰাৰ লগতে কৃষিৰ লগত নাৰীৰ সমন্ধ বিষয়টো যুক্তিনিষ্ঠভাৱে উল্লেখ কৰিছে। তেওঁ কৈছে – The Identification of earth with women pervades the thought of all age of culture and pages could be field with illustration of this universal equation।” তদুপৰি বাইবেলৰ দৰে পৱিত্ৰ ধৰ্মপুস্তকত নাৰীৰ দ্বাৰাই প্ৰথমে জ্ঞান বৃক্ষৰ ৰহস্য উদ্‌ঘাটন কৰে আৰু নাৰী যে উৰ্বৰতাৰ প্ৰতীক তাক বুজি পায়। অৱশ্যে ইয়াত ধৰ্মতত্ত্ব (theology) অনুসৰি প্ৰথম মনুষ্যই কেনেদৰে আজ্ঞা অৱজ্ঞাৰ দ্বাৰা পাপত পতিত হ’ল এই বিষয়ে গুৰুত্ব আৰোপ কৰিছে। বিহু উৎপত্তিৰ জনশ্ৰুতি কিছুমানৰ পৰাও বিহু উৎপ¿Mৰ বিচাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে বৰদৈচিলাৰ কাহিনীটো উল্লেখ কৰিব পাৰি। বৰদৈচিলা অসমৰ জীয়ৰী। বৰদৈচিলাক অসমৰ বাহিৰৰ কোনো এখন ঠাইত বিয়া দিয়া হৈছিল আৰু ঋতুৰাজ বসন্তৰ আগমনত সময়ৰ বৰদৈচিলা মাকৰ ঘৰলৈ আহে, যাক আমি নাৰী-শক্তি বুলি জ্ঞান কৰোঁ। ইয়াকে আমাৰ অসমীয়া ল’ৰা-ছোৱালীয়ে গায় —
“সৰুদৈচিলা নে বৰদৈচিলা
বহাগৰ বিহুৰে বাতৰি দিলা”
কৃষিভিত্তিক লোকসমূহেই হওক বা মানুহ হিচাপেই হওক প্ৰত্যাশা সদায় থাকে, এয়া হ’ল অধিক প্ৰাপ্তি। মানুহৰ পুষ্টিৰ বাবে আহাৰৰ প্ৰয়োজন। গতিকে কৃষিজীৱিসকলৰ তাক উৎপাদনৰ লগত আশা-আকাংক্ষা জড়িত থাকে আৰু এইদৰে প্ৰাচীন চহাসকলে অধিক আশাত ব’হাগ বা ৰঙালী বিহু, উৎপাদনৰ হানি-বিঘিনি হোৱাৰ শংকাত কাতি বা কঙালী বিহু আৰু প্ৰাপ্তিৰ সাফল্যত মাঘ বা ভোগালী বিহু পালন কৰি আহিছে বুলি দাবী কৰিব পাৰি।
ফাগুন, চ’ত আৰু ব’হাগ মাহসমূহত ঋতুৰাজ বসন্তৰ প্ৰকৃতিৰ জগতখনেই বাদ্যযন্ত্ৰৰ বিভিন্ন সুৰ, সমল, ৰচনা কৰাত ইন্ধন যোগায়। বতাহৰ সোঁ-সোঁৱনিত সুৰৰ মুৰ্চনা, বাঁহৰ সোঁ-সোঁৱনিত বাঁহী, গগনা ইত্যাদিৰ সৃষ্টি; আকাশত গুম্‌গুম্‌নি বা গাজনি ঢেৰকনিৰ পৰা তালৰ মাতৰ উপলব্ধি বুলিব পাৰি। ঠিক তেনেদৰে গছ পাতৰ চিৰ্চিৰ্নিত বাঁহী, বীণ, গগনা-পেঁপাৰ চেও, বিহু-গীতৰ বিননি উপলব্দ। গছত কুঁহি পাত মেলে, গছে-গছে ফুল আৰু পখিলা ৰং ধেমালি, শস্যৰ ভূমি উৰ্বৰ হৈ খেতিৰ বাবে উপযোগী হৈ পৰে। আমাৰ বিহুগীত আৰুবিহুনৃত্য প্ৰধানতঃ উৰ্বৰতা বিশ্বাসৰ লগত জড়িত আৰু আদিম কৃষিভিত্তিক লোক-বিশ্বাসৰ আধাৰত সৃষ্টি হোৱা ঋতুকালীন অনুষ্ঠানমূলক পৰিৱেশ্য কলা। চ’তৰ সংক্ৰান্তিৰ দিনাখনৰ পৰা ব’হাগৰ ছয় তাৰিখ পৰ্যন্ত সাত দিন জুৰি ৰঙালী বিহু, উদ্‌যাপন কৰে। অৱশ্যে ভৌগোলিক অঞ্চল বিশেষে ওৰে মাহ চলে। ‘সাত বিহু’ হ’ল – চ’তৰ বিহু, ৰাতি কিম্বা গাভৰু বিহু, গৰু বিহু, মানুহ কিম্বা চেনেহী বিহু, কুটুম বিহু, মেলা বা হাট বিহু আৰু এৰা বিহু কিম্বা চেৰা বিহু। আকৌ কোনো কোনো পণ্ডিতৰ মতে, সাত বিহু হ’ল – গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, সাত বিহু, চেনেহী বিহু, ৰঙালী বিহু আৰু চেৰা বিহু আৰু আন এচামৰ মতে- গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু কিম্বা সাত বিহু, চেনেহী বিহু মাইকী বিহু, ৰঙালী বিহু আৰু চেৰা বিহু। অঞ্চল বিশেষে সাত বিহুৰ দিনটো শিপিনি বিহু বুলিও কয় আৰু একেদৰে বিশেষ বিশেষ অঞ্চলত দেও বিহু, ভোগ বিহু আৰু শাক বিহু নামতো বিহু পালিত হয়।
দুটা মাহৰ সংক্ৰান্তিৰ দিনা আমাৰ বিহু তিনিওটাকে পালন কৰে বাবে বিহুক ‘দোমাহী’ বুলিও কোৱা হয়। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু কিম্বা কঙালী বিহু পালন কৰা হয়। এই বিহুৰ সময়ত হৰ্ষোৎফুল্ল বা ভোগ-প্ৰাৰ্চুযও নাথাকে কাৰণে কঙালী বিহু বুলি আখ্যা দিলেও এই বিহু অতি তাৎপৰ্যপূৰ্ণ; কাতি মাহত কৃষিজীৱি অসমীয়াৰ ভঁৰাল ক্ৰমান্বয়ে ৰিক্ত হ’ব ধৰে আৰু নতুন ফচল চপাবৰ সময় সমাগত হয় বাবে আকাশবন্তি জ্বলায়। চহালোকৰ মন আধ্যাত্মিক মনোভাৱেৰে পৰিপূৰ্ণ হৈ উঠে আৰু গছ-গছনি খেতি পথাৰত চাকি জ্বলায়।
আঘোন-পুহৰ পাছত মাঘ বিহু পালন কৰে। মাঘ বিহুৰ সময়ত উক্ত শস্য চপোৱা অন্ত পৰে। সূৰ্যইও নতুন ৰূপৰ পৰিগ্ৰহণ কৰে আৰু দুখীয়াৰ অভাৱ আঁতৰে, বিভিন্ন খাদ্য-সম্ভাৰেৰে উপচি পৰে। সেয়ে মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। ইয়াৰ পৰাই এটা কথাত উপনীত হ’ব পাৰি যে প্ৰকৃতি আৰু কৃষিৰ সম্পৰ্ক অতি ঘনি‡।
অষ্ট˜’-মংগলয়ড লোকসকলে বিশ্বাস কৰিছিল যে তেওঁলোকৰ তিৰোতাসকলেহে কৃষিকৰ্মত অধিক জড়িত হ’ব লাগে আৰু পুৰুষসকলে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি কিছুমান আক্ৰমণাত্মক বনৰীয়া জন্তুৰ পৰা তেওঁলোকক ৰক্ষণাবেক্ষণ কৰিব লাগে। এইদৰে পুৰুষ-নাৰী একেলগে কৃষি পথাৰলৈ গৈছিল। বিশেষকৈ তেওঁলোকে ভাৱিছিল যে যেনেকৈ তিৰোতাই গৰ্ভধাৰণ কৰি শিশু জন্ম দিছিল ঠিক তেনেদৰে পৃথিৱীয়ে উৰ্বৰতা লাভ কৰি গছ-গছনি সৃষ্টি কৰে। পৃথিৱীৰ বুকুত এনে যৌন গন্ধী পৰিঘটনাবোৰ লক্ষ্য কৰি তেওঁলোকৰ মন-প্ৰাণ নাচি উঠিছিল, তেনেকৈ কৃষিজীৱি লোকসকলৰ দ্বাৰা পথাৰত বা অৰণ্যৰ কাষত বা নৈ-বিলৰ কাষত নৃত্য গীত, বিহু নৃত্য আদি আৰম্ভ হৈছিল। বিশেষকৈ পৃথিৱীত দুৰ্যোগ, বিভিন্ন সংঘাত, আতংক, কিছু কিছু মানুহৰ বৰ্বৰতা আদিৰ পৰা শিকি লাহে লাহে জ্ঞান-সঞ্চাৰ হৈ এটা সভ্য সমাজৰ কল্পনা কৰিবলৈ ল’লে। এনেকৈয়ে মানুহ শ্ৰম কৰিবলৈ পাতনি মেলিলে আৰু ক্ৰমান্বয়ে অৱসৰ বিনোদনৰ কথা আজৰি সময়ত চিন্তা কৰি অন্তনিৰ্হিত বিষয়বোৰ স্বতঃস্ফুৰ্তভাৱে বৰ্হিপ্ৰকাশ হ’ল। তেতিয়া সমুলেঞ্চ এতিয়াৰ দৰে ধুমধমীয়া যান্ত্ৰিকতাৰ দিন নাছিল, যথেষ্ট আজৰি সময় লাভ কৰিছিল। অৰণ্যৰ কাষত, গছ-গছনিৰ তলত, পথাৰত, নৈ-বিলৰ পাৰত মানুহে বিনন্দীয়া পৃথিৱীখনৰ নৈসৰ্গিক সৌন্দৰ্যসমূহ উপভোগ কৰিবলৈ ধৰিলে। পৰৱৰ্তী শাসন-যন্ত্ৰবোৰ সৃষ্টি হোৱাৰ পাছত নগণ্য সংখ্যক লোকেহে ৰজাঘৰীয়াৰ বিভিন্ন পদবী যেনে, পালি-পহৰীয়া, চোৰাংচোৱা, দেহৰক্ষী, সৈন্য-সামন্ত আদি লাভ কৰিছিল। গতিকে প্ৰতিপাদ্য প্ৰকৃত কথাটো হ’ল আষ্টি˜কসকলৰ প্ৰব্ৰজনৰ (খ্ৰীষ্টপূৰ্ব প্ৰায় ৩০০০-২০০০) ৰ সময়ত মংগোলীয়সকলৰ লগত সংপৃৃক্ত হয় আৰু পৰিৱেশৰ বতাহ-পানীৰে পৰিপুষ্ট হৈ ‘বিহু’ৰ উৎপত্তি হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰচলিত অনুৰূপ কৃষিভিত্তিক উৎসৱলৈ লক্ষ্য কৰিলেই উক্ত প্ৰতিপাদ্য বিষয়টো ওলাই পৰে, যেনে পঞ্জাৱৰ বৈশাখী, কেৰেলাৰ বিষু, দক্ষিণ ভাৰতৰ পৈংগুল, প্ৰাচীন আৰ্যভাষী হিন্দুসকলৰ পেষৈ বা মকৰ সংক্ৰান্তি, চৈত্ৰ সংক্ৰান্তি বা বিষুৱন, ইন্দ্ৰধ্বজ, অতিৰাত্ৰ আদি পৰ্বৰ সৈতে মিল থকা টাই আহোমৰ পয়হু বা পয়চাংকেন, চাক্‌মাসকলৰ বিçুু, কাৰ্বিসকলৰ ৱল’কেতৰ বা চ’জুন, (দ’মাহী পে অহৌৰীয়া) চাহ জনগোষ্ঠীৰ টুচু পুজা বা পুষ পৰ্ব, ৰিয়াংসকলৰ বিসুচনি, কুকিসকলৰ আৰেম, নিচিসকলৰ চলুং, গালং সকলৰ মপিন, ৰেংমাসকলৰ ছিছু, গাৰোসকলৰ ৱানগালা কিম্বা ৰংতুগালা, ৰাভাসকল বায়খো কিম্বা খোকাছ, তিৱাসকলৰ ছগ্ৰামিচাৱা কিম্বা লাংখুন/ধানৰ মুঠি লোৱা, মিচিংসকলৰ – আলি-আঃয়ে লৃগাং, পঃৰাগ আমৰাণ, বড়োসকলৰ বৈছাগু বা বৈশাশু, দেউৰীসকলৰ বিচু গাৰোসকলৰ আগালমকা কিম্বা আচিৰকা, টাই ফাকেৰ পি-অকোৱা, আও নগাসকলৰ মাউচু, ডিমাচা-কছাৰীসকলৰ হাজাখোৱা, হাজংসকলৰ সাঙৰাণি বা বিছুৱা আদি উৎসৱ পৰ্বসমূহে ভাৰতীয় মহাসংস্কৃতি। (আৰ্য-দ্ৰাৱিড়-আষ্টিক-মংগলীয়াৰে সমাহাৰিত সংস্কৃতি ‘বিহু’। এই বিহুতহে প্ৰাচীন ঐতিহ্যৰ পৰম্পৰা পৰিলক্ষিত হয়।
আমাৰ তিনিও বিহু বিষুৱীয় বতৰৰ লগত ওতঃপ্ৰোতভাৱে থকা সম্বন্ধলৈ লক্ষ্য কৰি কোনো কোনো চিন্তাবিদে ‘বিষুব’ শব্দৰ পৰাই ‘বিহু’ শব্দৰ উৎপত্তি হ’ব পাৰে বুলি ঠাৱৰ কৰিছে। ‘বিহু’ পৰিভাষাটোৰ উৎপত্তি সম্পৰ্কে বহু গৱেষণা জ্যোতিৰ্বিদ্যাৰ গৱেষকে সংস্কৃত মূলীয় ‘বিষুৱ সংক্ৰান্তি’ৰ লগত সংযোগ কৰিছে। তেওঁলোকৰ মতে, বিষুৱ, সূৰ্য, মেষ-তুলা আৰু মকৰ ৰাশিত সোমোৱা দিন। ‘বিষুৱ’ৰ অৰ্থ হৈছে যি সময়ত দিন-ৰাতি সমান হয় যাক ‘equinox’ বোলে। পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰিছে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ। আকৌ ভাৰতীয় বৰ্ষচক্ৰ অনুযায়ী বছৰটোক ছয় ঋতুত ভাগ কৰা হৈছে। এই ছয় ঋতু- গ্ৰীষ্ম, বৰ্ষা, শৰৎ হেমন্ত, শীত আৰু বসন্ত। ইয়াৰে ফাগুনৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ’ত আৰু ব’হাগ মাহৰ শেষলৈকে ঋতুৰাজ বসন্তকাল অনুভূত হয়। চ’ত বহাগৰ সংক্ৰান্তি সূৰ্য-বিষুৱৰেখাত অৱস্থান হোৱা পৰিলক্ষিত হয়। আমাৰ দেশ উত্তৰ গোলাৰ্ধৰ দেশ হিচাপে সেই সময়ত ভাৰতত দিন-ৰাতি সমান হয় আৰু এইয়ে বতৰটোও নাতিশীতোষ্ণ হয়। এনেকুৱা বতৰত শীতকাল অন্ত পৰে আৰু ফাগুনৰ পচোৱাত লঠঙা হোৱা গছৰ ডালে পাতে কুঁহিপাত মেলি প্ৰকৃতি জীপাল হৈ উঠে বাবে কোচ ৰাজবংশীসকলে সতিবিষমা মেলা বা বিষুৱা (বিছুৱা) পাতে। দুমাহী ধাৰণাটোও বিষুৱ সংক্ৰান্তিৰ পৰা উদ্ভ²ত অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে দুটা মাহৰ সংক্ৰান্তিৰ দিন। কিন্তু প্ৰশ্ন হয়, “বিষুৱ সংক্ৰান্তি’ক বসন্ত ঋতুৰ লগত মিলোৱা কাৰ্য আদিম মানৱে জানো জ্ঞাত আছিল?”
এদল পণ্ডিতৰ মতে বড়োসকলৰ ‘বৈশাগু’ শব্দৰ পৰা ‘বিহু’ শব্দ অহা বুলি ঠাৱৰ কৰে। বৗইছাগৗ/ বৈশাগু/ বৈছাগু/ বৈখাগু’ আদি ব্যৱহাৰ কৰে ইয়াৰ অৰ্থ হৈছে বৈছৗ/বৗছৗ (বছৰ বা বয়স) ঋ আগু (আগ/প্ৰথম) অৰ্থাৎ বছৰিটিৰ আৰম্ভণি বা বয়সৰ আগমন বা যৌৱনকালৰ আৰম্ভ বুজোৱা আকৌ বি (খোজ) ঋ হৗ (দি)ৃবিহৗ অৰ্থাৎ মৰম-স্নেহ বা বস্তুৰ আদান-প্ৰদান আৰু কোনো কোনো মতে বৗই-বিশেষ মূহুৰ্ত বুলি কৈছে। একেলগে বৗইছাগৗ। ‘বৈছাগী চিখলা(বহ’গীগাভৰু), ৰৰ্ষাদেৱী আদি জনশ্ৰুতিও বিদ্যামান।
‘বিহু’ পৰিভাষাটো টাই আহোমসকলৰ ‘গো পূজা’ ৰ বাবে ব্যৱহত ‘প’ইন এই পয়হু/পিহু’ শব্দৰ পৰা অহা যেন লাগে। আনহাতে অসমত বসবাস কৰা আন জাতি-জনগোষ্ঠীৰ দৰে দেউৰীসকলেও নিজস্ব ৰীতি নীতিৰ ‘বিচু’ উদ্‌যাপন কৰে। ‘বিচু’ শব্দৰ অৰ্থ হৈছে অতি উচ্চ মানৰ ৰং ধেমালি বা ৰং ৰহইচ। তিৱাসকলেও ‘বৈচাক বিচু’ বুলি কোৱাটোও তাৎপৰ্য আছে। ঠিক তেনেদৰে ডিমাচা সকলে ‘বুচু’ বুলি বসন্ত উৎসৱ পাতে। মিচিংসকলে আলি আঃয়ে লৃগাং, পঃৰাগ, নৰাছিগা বিহু আৰু আমৰাগ আদি পালন কৰাৰ উপৰিও ‘বিউ’ বুলি ভৈয়ামলৈ আগমন হোৱাৰ পৰাই উদ্‌যাপন কৰি আহিছে।
সাধাৰণ অৰ্থত ক্ৰমবিকাশ হৈছে ক্ৰমাগতভাৱে বিকাশ লাভ কৰা। বৃটিছ নৃতত্ববিদ ভিক্টৰ ৱাইট্টৰ টাৰ্ণাৰে বিশ্বাস কৰে যে সামাজিক আৰু সাংস্কৃতিক উৎসৱত সমাহাৰিত প্ৰকৃতি বিদ্যমান। ৰূপান্তৰ আৰু পৰিৱৰ্তন ইয়াত থাকিবই আৰু ইউনেস্ক’ই কৈছে যে সংস্কৃতি হ’ল এটা গতিশীল ৰূপ। সমাজলৈ পৰিৱৰ্তন আহিবই। ৰূপান্তৰে আনে গতি, এই গতিয়েই আনিব পাৰে প্ৰগতি আৰু প্ৰগতিয়ে আনে পৰিৱৰ্তন। পৰিৱৰ্তনে আনে সংস্কাৰ আৰু উত্তৰণ। গতিকে সংস্কৃতি মানেই অতীত আৰু বৰ্তমানৰ সংমিশ্ৰণ।
ক্ৰমান্বয়ে অতীতৰ পৰা বৰ্তমানলৈকে এটা বিৱৰ্তনৰ ধাৰা আমাৰ বিহুতো বিদ্যমান। গতিকে প্ৰথমে কোনোবা অজান সময়ত বিহু ডেকা-গাভৰু তথা এচাম অনাখৰী , চহা আৰু হোজা, লোকে অৰণ্যৰ কাষত, পথাৰত, নৈ-বিলৰ কাষত, আঁহতৰ তলত বিহু গাবলৈ, নাচিবলৈ আৰম্ভ কৰে। এচাম অনাখৰী লোকৰ প্ৰখৰ স্মৃতি শক্তি, মেধা শক্তি, সৃজনী শক্তি উপমা ব্যৱহাৰ তথা তুলনা কৰিব পৰা শক্তি, অনুভূতি শক্তি আদি সাংঘাতিক ধৰণে আছিল যাৰ কাৰণে তেওঁলোকে অলেখ বিহুনাম, নৃত্য-ভংগীমা, ঢোলৰ ছন্দ, তাল আদি সৃষ্টি কৰিব পাৰিলে। কত সাধু কথা, ফকৰা-যোজনা, নীতিবচন, দীঘল দীঘল কাহিনী, গীত, প্ৰবচন, শিশু ধেমালিৰ গীত, টোকাৰী-গীত, দেহ-বিচাৰৰ গীত, আইনাম, বিয়ানাম, নিচুকনি গীত, বিহুগীত, বনঘোষা, পূজা-মন্ত্ৰ, চমাদি-ছগ্ৰা (তিৱাসকলৰ), মিচিংসকলৰ, গুম্‌ৰাগ, ঐনিতমঃমান নিঃতম, ৰাভাসকলৰ, ছালাৰ তনৃত্যগীত, ডিমাছাসকলৰ, মাঘ সােঞ্চাৰা, তিৱাসকলৰ, লাললাং আৰু লালি হিলা গীত, দেউৰীৰ অবৰৰ- হৰাই ৰঙালী, বড়ো,-কছাৰীৰ বৈছাগু মেথায়, বাগৰুম্বা, হাজংসকলৰ লোৱাটানা নৃত্য-গীত, সোনোৱাল সকলৰ হায়দাং-হুঁচৰি ওজাপালি আদি এনে চহালোকৰ অনুপম সৃষ্টি। তেওঁলোকৰ যে উপমা, তুলনা শক্তি আৰু প্ৰেম সাংঘাতিক ধৰণে আছিলে তাৰ উদাহৰণ তলৰ দুটা বিহু নামৰ পৰা বিচাৰ কৰিব পাৰি —
(১) “চৰাই হালধীয়া পাখি বিনন্দীয়া
খুটি খায় অৰণ্যৰ পোক
দিনৰ দিনটো এবাৰ নেদেখিলে
পেটতো নালাগে ভোক।”
(২) “বিচাৰি বিচাৰি এছাৰি আনিলোঁ ঘাটি ঘনে ঘনে চাই।
বিহুৰে তলিতে তোমাকে বাচিলো
কঁকাল খামুচীয়া পাই।”
ইতিমধ্যে উল্লেখ কৰা হৈছে যে অতীজৰ চহালোকসকলে আজিৰ দৰে যান্ত্ৰিকতা তথা বৃত্তিগত জীৱন অতিবাহিত কৰা নাছিল, কৃষি-কৰ্মই আছিল প্ৰধান জীৱিকা আৰু আজৰি সময়ো হয়তো যথেষ্ট পাইছিল। বিহুনাম/বিহুগীত আৰু বিহুনাচসমূহ পুৰুষ আৰু নাৰীয়ে মিলি বড় গছ, যুৰীয়া আঁহত, ঘিলাগছৰ তলত, অৰণ্যৰ কাষত, পথাৰত ভাগে ভাগে মুখামুখিকৈ মুকলি বিহু নাচিছিল এক সন্মানজনক ব্যৱধানত। বিহুনামসমূহত প্ৰধানকৈ কিছুমান বিষয়বস্তু জড়িত থাকে। সেয়া হ’ল- প্ৰেম-প্ৰণয়, বিৰহ-বেদনা, অভিমান-অভিযোগ, আৱেগ-অনুভূতি আদি।
ইয়াৰ পাছত বিহু লাহে লাহে গৃহস্থৰ চোতাললৈ আহিল। গৃহস্থৰ চোতাললৈ বিহুৰ আগমন হোৱাটো সঠিকভাৱে ক’ব নোৱাৰিলেও এদল পণ্ডিতৰ মতে, ডেকা-গাভৰু তথা চহাসকলে কৃষিকৰ্মৰ পৰা ঘৰমুৱা হওঁতে বাটে বাটে উক্ত বিহুনামবোৰ আৰু নাচবোৰ প্ৰদৰ্শন কৰোঁতে কোনোবা আঢ্যৱন্ত/সদাগৰ যিসকলে পথাৰৰ কামলৈ বেছি নাযায়, তেওঁলোকে বিহু নাচ চাবলৈ হেঁপাহ প্ৰকাশ কৰি চোতালতেই বিহু নাচিবলৈ অনুৰোধ কৰিছিল। বিহু গোৱাৰ অন্ততঃ গৃহস্থই আশীৰ্বাদ বিচাৰে আৰু তেওঁলোকে কিছু কিছু মাননি তথা জলপান আগবঢ়ায়। কালক্ৰমত পথাৰৰ বিহু চোতাল পালেগৈ। কোৱা হয় -ক্ৰমান্বয়ে ইয়াৰ পাছত বিহুৰ কলি মেলে শদিয়াত আৰু প্ৰসাৰ ঘটে ৰংপুৰত। বিহুৰ বিদায় হয় হেনো কলিয়াবৰত। পুৰণি বিহুনামত ইয়াক পোৱা যায় —
“গজে গজপুৰত বগাই ৰংপুৰত
শদিয়াত মেলেগৈ কলি,
বিহুটি গ’লগৈ ভাটিলৈ ভটিয়াই
কলিয়াবৰত থাকিলগৈ পৰি।”
বিহুনামবোৰোও লাহে লাহে বন্যচিঞৰৰ পৰা ক্ৰমান্বয়ে ৰজা, আঢ্যৱন্ত, গাঁৱৰ হাতোলা, গাঁওবুঢ়া আদিৰ চোতালত এটা মান্যৰূপ পাবলৈ ধৰিলে বুলি পণ্ডিতসকলে মন্তব্য আগবঢ়াই আহিছে। চোতালত বিহু পৰিৱেশন কৰিবলগীয়া হোৱাত বিহুনাম/বিহুগীতত পদো অনেক সৃষ্টি হ’বলৈ ধৰিলে। অনেক আখ্যান বিহুনামৰ লগত সংযুক্ত হ’ল। লাহে লাহে ভগৱানৰ নামবোৰে বিহুনামত ঠাই পাবলৈ ধৰিলে।
স্বৰ্গদেউ ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪) ৰ দিনত প্ৰথম ৰংঘৰৰ বাকৰিত মঞ্চ বিহু অনুষ্ঠিত কৰা হ’ল। বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি পাৰদৰ্শিতা প্ৰদৰ্শন কৰাসকলক সন্মানেৰে পুৰস্কৃত কৰিবলৈ ল’লে। ১৮২৬ চনত ইংৰাজসকলৰ অসমলৈ আগমন হয় আৰু নতুন সমাজ গাঁথনি এটাও সৃষ্টি হয়। সমাজখন ‘চাকৰিজীৱি’ আৰু ‘কৃষিজীৱি’ দুটা ভাগত বিভক্ত হ’ল। কৃষিজীৱিসকলে গাঁৱত প্ৰায় ১৯৯০ চনলৈকে (অৱশ্যে সকলোতে নহয়) ৰাতি বিহু চোতালত মৰাৰ নিয়ম আছিল। ১৯২৫ চনৰ ৰজনীকান্ত বৰদলৈৰ “ৰঙ্গিলী” উপন্যাসত ৰাতি বিহুৰ কথা উল্লেখ আছে। এই ধাৰা ১৯৫০ চন পৰ্যন্ত ব্যাপকভাৱে চলি থাকিল। যেতিয়া শিক্ষাজীৱন, চাকৰিজীৱন আদি আৰম্ভ হ’ল, ডেকা-গাভৰুসকলক পঢ়া-শুনাৰ কথা কৈ ৰাতিবিহুলৈ ক্ৰমান্বয়ে অনুমতি নিদিয়া হ’ল। ইয়াৰ পাছতেই গুৱাহাটীস্থিত লতাশিলত ৰাধাগোবিন্দ বৰুৱাদেৱৰ পৌৰোহিত্যত ১৯৫২ চনত লতাশিল খেলপথাৰত মঞ্চবিহুৰ নতুন সংস্কৰণৰ সৃষ্টি হ’ল। অৱশ্যে ইয়াৰ পূৰ্বে বিহুক এচামে বৰ্জন কৰিব লাগে বুলি যুক্তি আগবঢ়াইছিল, কিন্তু কিছু শুভোধ্যায়ী ব্যক্তিয়ে ইয়াক ৰক্ষণাবেক্ষণ দিয়ে।
উল্লেখ্য যে প্ৰায়ভাগ মিচিং গাঁও ১৯১১ চনলৈকে কোনোধৰণৰ ইংৰাজ ৰাজত্বৰ প্ৰভাৱত নাছিল। আমাৰ মনত আছে ১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈকে অৰ্থাৎ আমাৰ শৈশৱৰ কালছোৱাত ঢকুৱাখনাৰ কেঁকুৰী গাঁৱত আমি ৰাতি বিহুৰ বাবে উজনি, মাজৰ আৰু নামনি চুবা/ছুবা ভাগ কৰি বিহু হুঁচৰি দল গঠন কৰিছিলোঁ। গাঁৱৰ তিনিআলিত ডেকা-গাভৰু নোহোৱা পৰ্যন্ত ঢোল-তাল বজাই ৰজনজনাইছিল আৰু সমবেত হোৱাৰ পাছত কেনেদৰে ক’ৰ পৰা ক’ত বিহু গোৱা হ’ব তাৰ ৰেহৰূপ তৈয়াৰ কৰিছিল। লেম্প-চাকি লৈ দোকমোকালিলৈকে বিহু মাৰিছিল। ইয়াত গাঁৱৰ জ্যেষ্ঠ এজন/দুজনক তদাৰক কৰিবলৈ দিছিল। ডেকাবৰা/তিনিবৰা আৰু ধনভড়ালী আদি নিয়োগ কৰি কামবোৰ সুচাৰুৰূপে পৰিচালিত কৰিছিল। ঘৰে-ঘৰে ‘গৃহস্থৰ কুশলাৰ্থে/মংগলাৰ্থে’ বুলি আশীৰ্বাদ দিছিল। পৰিশেষত গাভৰুসকলক সুৰক্ষিতভাৱে নিজ নিজ গৃহত থৈ অহাৰ প্ৰথা আছিল। অৱশ্যে কোনো কোনো গাঁৱত এতিয়াও ৰাতি বিহু পাতে। যেনে – মৰাণসকল।
গাঁৱৰ প্ৰতিঘৰৰ চোতালত “ৰাতি বিউ” (ৰাতি বিহু) গোৱাৰ পাছত (প্ৰায় এমাহ¸ পৰ্যন্ত) একেলগে হুঁচৰি (উন্‌চৰি) মাৰি পোৱা পইচাৰে প্ৰতি-ভোজৰ ব্যৱস্থা কৰি বিউ উৰুৱাইছিল নৈ-বিলৰ কাষত অৰ্থাৎ বিউ/বিহুক বিদায় দিছিল। বালিৰে ঘঁৰিয়াল সাজি ওচৰতে এজোপা শিমলু পুলি বা গছৰ ডাল ৰোপন কৰে আৰু চাৰিওফালে ঘুৰি ঘুৰি হাতে হাতে ধৰাধৰিকৈ গীত পদ গাই নাচে। যেনে —
“বাৰ দাল ৰূৱা তেৰদাল কমি
গৰু বিউ (বিহু) দিনাকন (দিনাখন) আইচিলুং
আহিছিলোঁ আমি”
“গছৰ তঃল অই (ঐ) গছৰ তঃলে
বিউ আই তৈ (থৈ) জাং (যাওঁ) গছৰ তঃলে।”
এনেদৰে পদ গাই ৰোপণ কৰা গছ পুলিৰ ডালসমূহত কাণফুলি, কাপোৰ, ৰিবন, খাৰু ইত্যাদি বান্ধি দিয়ে আৰু ঘঁৰিয়ালটোক সেৱা জনাই আগন্তুক বছৰটোত বিভিন্ন অপায়-অমঙ্গল তথা বেমাৰ-মহামাৰী আদিৰ বাচিবলৈ ঈশ্বৰৰ চৰণত সেৱা জনাই। ইয়াৰোপৰি ‘ৰইলাং চঃমাৃ ৰাগতুপ চঃমান’ ‘বৃঃৰৃগ নিঃতম’ আৰু বোৱাৰী বিউ আদি প্ৰদৰ্শন কৰিছিল।
এতিয়া মঞ্চবিহু আৰম্ভ হোৱাৰ পাছত এইবোৰ ক্ৰমান্বয়ে গাঁৱসমূহত নাইকিয়া হ’ল। অৱশ্যে, ‘বিউ’ হুঁচৰি বৰ্তমান ম’হঘূলি চাপৰিৰ ফাটবিহুৰ প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা অব্যাহত আছে। ই অতি সুখৰ বিষয়।
সাম্প্ৰতি গাঁৱে গাঁৱে বিশেষজ্ঞসকলৰ দ্বাৰা বিহু কৰ্মশালা (Bihu Workshop) অনুষ্ঠিত কৰা কাৰ্য অতি আদৰণীয় হৈছে। তদুপৰি বিহু বৰ্তমান বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হৈছে। চহৰ-নগৰত বিহু আড়ম্বৰপূৰ্ণভাৱে পালিত হৈছে। বিহুৰ বিভিন্ন খাদ্য সম্ভাৰ, সাজ-পাৰ আদিয়ে ভৌগোলিক সুচাংক GI (Geographical Indication) টেগ, গিনিজ বুক অৱ ৱ’ৰ্ল্ড ৰেৰ্কড ইত্যাদি লাভ কৰিছে।
আমাৰ সমাজখন গতিশীল আৰু গতিশীলতাৰ মাধ্যমেৰেই প্ৰগতি আৰু বিকাশ হ’ব লাগিব। যুগৰ পৰিৱৰ্তন হ’লে বিহুৰো পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। মঞ্চত বিহু গাবই লাগিব। কিন্তু কৃষিভি¿Mক উৎসৱত কৃষিও কৰিব লাগিব। যিহেতু বিহুৰ ঘাই শিপাডালেই হৈছে কৃষি। গতিকে বিহুক জীৱন্ত কৰি ৰাখিবলৈ নিশ্চিতভাৱেই শিপাডাল মজবুত কৰি ৰাখিব লাগিব। সম্প্ৰতি কৃষিৰ বাণিজ্যিকীকৰণ, যান্ত্ৰিকীকৰণ হৈছে, হৈ থাকিব; কিন্তু বিহুৰ মৌলিকতাক জীৱন্ত কৰি ৰাখিব লাগিব। জৱাহৰলাল নেহৰুৰ ভাষাত – “Change is essential but continuity is also necessary” গতিকে, বিহুনাম, বিহু সুৰীয়া গীত, ভংগিমা, ঢোল-তালৰ ছন্দ, বিহুৰ বাদ্যযন্ত্ৰ, সাজপাৰ আদি জড়িত বিষয়বোৰ সুন্দৰভাৱে সংৰক্ষণ কৰাৰ প্ৰযুক্তিবিদ্যা এতিয়া বিদ্যমান। এইবোৰ আমি কৰিব লাগিব।
সত্তৰ-আশীৰ দশকত আমাৰ গাঁওবিলাকত প্ৰতিঘৰতে বিহু হুঁচৰি গোৱাৰ পৰম্পৰা আছিল। য’ত বিহুৰ স্বতঃস্ফূৰ্ততা, শালীনতা ও মৰ্যাদাপূৰ্ণ ৰূপ এটা দেখা গৈছিল। সেই সময়ত নগৰ-চহৰবোৰত কম সংখ্যক মানুহৰ ঘৰত বিহু গোৱা হৈছিল। আঢ্যৱন্ত ঘৰবোৰৰ পদূলিতহে বিহু গোৱা হৈছিল, কিন্তু বিহু দলবোৰক শকত পৰিমাণৰ মাননিৰ দ্বাৰা প্ৰলোভিত কৰা হৈছিল। কোনো কোনোৱে কলাধনত গৰ্বিত হৈ মোটা অংকৰ মাননি দিবলৈও পৰোৱাই কৰা নাছিল। মুঠতে পৰিৱৰ্তিত সমাজ ব্যৱস্থাত বিহুও মুদ্ৰাসৰ্বস্বতালৈ ৰূপান্তৰ হ’বলৈ ধৰিলে। প্ৰতিযোগিতাকেন্দ্ৰিক নগৰ-চহৰৰ বিহু মঞ্চত ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰিলে। পৰৱৰ্তী সময়ত ই গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত হ’ল। ইয়াৰ সমান্তৰালকৈ এজাক ডেকা ল’ৰাই লংপেন্ট পিন্ধি, মুৰত গামোচা বান্ধি ভুলকৈ বিহু হুঁচৰি গোৱাৰ লগতে সেই টকাৰে মাছে-মাংসই মদ খোৱা, আকৌ কিছু সংখ্যক কণ কণ ল’ৰা-ছোৱালীয়ে বাটতেই গাড়ী-মটৰ আগচি বিহু মাৰি মাননি আদায় লোৱা আদি কাৰ্য পৰিলক্ষিত হ’ল। এইবোৰত বিহুৰ কোনো পৰম্পৰা ৰক্ষাৰ অভিব্যক্তি নাথাকে। আমাৰ বিহুক প্ৰতিযোগিতাৰ মানসিকতাই এতিয়া বৰ গভীৰভাৱে গ্ৰাস কৰিলে। অৱশ্যে সাম্প্ৰতিক কালত প্ৰতিযোগিতাৰ অবিহনে জীয়াই থকাটোও অমূলক। প্ৰতিযোগিতা হ’বই। ইয়াৰ ওপৰত প্ৰতিবন্ধকতা অনাটোও শুভলক্ষণ নহ’ব। কিন্তু আমি এতিয়াৰ পৰা সচেতন হোৱাৰ সময় সমাগত যাতে আমাৰ বিহুৰ পৈতৃক প্ৰাণৰ অপমৃত্যু নঘটে।
কাজেই আমি আমাৰ বিহুৰ পৰম্পৰাক চিৰকালৰ বাবে সুৰক্ষিত কৰাত উঠি পৰি লাগোহঁক। বিহুত আছে অসমীয়া জাতিৰ আয়ুসৰেখা। বিহু থাকেমানে অসমীয়া জাতি থাকিব। ষোল্ল অনাই আমাৰ পৰম্পৰা কৃষ্টি-সংস্কৃতি বিসৰ্জন দি দেশ-বিদেশ, চহৰ-নগৰ বা গাঁৱৰ মঞ্চত বিহু পাতিম বুলি কস্মিনকালেও ভাৱিব নাপায়। আমি সদায় চিন্তা কৰা উচিত যে বিহুক আৰু অধিক চৰ্চা কৰি কেনেধৰণে সাৰ্বজনীনভাৱে সু-শৃংখলিত ৰূপ এটাত পৰিৱেশন কৰিব পাৰোঁ। কাৰণ ই জাতীয় উৎসৱ। যি উৎসৱক জাতি-ধৰ্ম-বৰ্ণ, ভাষা-ভাষী নিৰ্বিশেষে সকলোৱে স্বতঃৰ্স্ফূতভাৱে পালন কৰে। আমাৰ এতিয়াও ইয়াৰ ওপৰত গভীৰ অধ্যায়নৰ প্ৰয়োজন আছে যাতে আমাৰ নৱপ্ৰজন্মক আমি সঠিক দিশত বাট দেখুৱাই যাব পাৰোঁ। বিহুক বিদ্যায়তনিক দিশত সন্নিবিষ্ট আৰু সম্প্ৰসাৰিত কৰাৰো অনেক থল আছে।

প্ৰসংগসূত্ৰ ঃ
১। বিভিন্ন সামাজিক মাধ্যম।
২। ড০ অনিল শইকীয়াৰ “বিহু এক যাত্ৰা” “বিহুৱান” ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ (ত্ৰিংশ সংখ্যা, ২০১৯) সম্পাদনা অৰুণ চমুৱা
৩। বিহু ঃ সমাজ সংস্কৃতি ইতিহাস
মুখ্য সম্পাদক ঃ ড০ পল্লৱী ডেকা বেজবৰুৱা সম্পাদক ঃ সুমন দত্ত
৪। কঢ়াপঢ়ীয়া কেতেকী, স্মৃতিগ্ৰন্থ, সম্পাদক ঃ ড০ সুৰজিৎ দলে
৫। ড০ উপেন ৰাভা হাকাচাম ঃ বৰ অসমৰ বিহু সংস্কৃতি

(লেখক - নিবন্ধকাৰ আৰু অধ্যক্ষ, এন. চি. ডি. মহাবিদ্যালয়,         বৰদৈবাম)