গোবিন্দ হাজৰিকা
কুলিৰ মাতত বসন্ত আহে। সেউজীয়া, হেঙুলবুলীয়া কোমল কুঁহিপাতে বসন্তৰ আগজাননী দিয়ে। গহৰা ডালত গজা কপৌফুলথোপাই নাচনী গাভৰুৰ গা সাতখন-আঠখন কৰে। আমাৰ বৰ আপোন, বৰ মৰমৰ প্ৰতিজন অসমীয়াৰ প্ৰাণ স্বৰূপ ৰঙালী বিহুটি আমাৰ বাৰেবৰণীয়া অসমীয়া জাতিৰ চিনাকি। বিহু আমাৰ সাংস্কৃতিক চেতনা। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই ৰঙালী বিহুটি অতীতৰ পৰা উদ্যাপন কৰি আহিছে। আজি বিশ্বত অসমীয়া মানুহৰ সাংস্কৃতিক পৰিচয় হ’ল মূলতঃ বিহু।
গৱেষণা অনুসৰি মংগোলীয় সকলে মূলতঃ বিহু আৰম্ভ কৰিছিল। আহোমসকল অহাৰ পৰাই চুতীয়াসকলে ৰাজত্ব কৰা ৰাজ্যতে বিহুৰ আৰম্ভণি বুলি ক’ব পাৰি। পৰৱৰ্তী সময়ত আহোমসকলৰ শাসন কালতে আহোম ৰজাৰ পৃষ্ঠপোষকতাত বিহুৱে বিস্তৃতি লাভ কৰিছিল। আহোম ৰাজত্ব কালতেই পথাৰ আৰু গছ তলৰ পৰা বিহু আহি ৰংঘৰ পাইছিল।
ব্ৰিটিছ শাসনকালতেই বিহুলৈ নামি আহিছিল কাল অমানিশা। পাশ্চাত্য সংস্কৃতিৰ প্ৰৱেশৰ লগতে কলিকতাৰ পৰা অধ্যয়ন কৰি অহা কিছুমান যুৱকে নিজৰ বিহুটোকে তুচ্ছ-তাচ্ছিল্য কৰি বিজাতৰীয়া আখ্যা দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তদুপৰি অৰুণোদয়, আসাম বন্ধু আদি কাকতেও বিহুৰ সলনি দূৰ্গা পূজাহে জাতীয় উৎসৱ হ’ব লাগে বুলি দাবী তুলিছিল। আচৰিত কথা যে হলিৰাম ঢেকিয়াল ফুকনে বিহুক সমালোচনা কৰি বিহুক জাতীয় জীৱনৰ পৰা বিদায় দিয়াৰ চেষ্টা চলাইছিল। তদুপৰি ইংৰাজী অভিধান প্ৰণেতা বুধিন্দ্ৰ নাথ ভট্টাচাৰ্যই বিহুক “নটৰিয়াছ” আখ্যা দি ইংৰাজীতে প্ৰবন্ধ লিখিছিল। এনেদৰে অসমৰ বিহু বিভিন্ন জনৰ ষড়যন্ত্ৰত সেই সময়ৰ ব্ৰিটিছ চৰকাৰৰ নিৰ্দেশত বহু বছৰ ধৰি বন্ধ হৈ থাকিল।
সম্ভৱতঃ ১৮৯২ চন মানত অসমীয়া মানুহৰ অন্তৰত গোপনে সুপ্ত হৈ থকা বিহু পুনৰ জাগ্ৰত হৈ উঠিল। বিশেষকৈ নগাঁওৰ আনন্দ দাস, হালোৱা গাঁওৰ ওজা মৈমত টিটিংগা হাজৰিকা আৰু তেঁওৰ ভনীয়েক চেনি গাভৰু মিলি হাতত ঢোল, তাল, পেঁপা লৈ প্ৰায় ৯২ কিলোমিটাৰ খোজ কাঢ়ি ট্ৰেইনত উঠি গুৱাহাটী পালেগৈ আৰু গুৱাহাটী গৰ্ডন চাহাবৰ আগত তেখেতৰ অনুমতি সাপেক্ষে তিনিও মিলি বিহু প্ৰদৰ্শন কৰিলে। তাৰ পিছতে বিহু নিষিদ্ধ ঘোষণা উঠাই লৈ অসমত পুনৰ বিহু চলাই নিয়াৰ অনুমতি দিবলৈ অনুৰোধ কৰিলে। গৰ্ডন চাহাবে বুজি পাইছিল যে যিখন বিহুত ককায়েক-ভনীয়েকে একেলগে নাচিব আৰু গান গাব পাৰে সেই বিহু কেতিয়াও অশ্লীল হ’ব নোৱাৰে। ইয়াত আছে অসম আৰু অসমীয়াৰ কৃষি জীৱনৰ কলাত্মক পৰিৱেশহে।
আনন্দ দাস, মৈমত টিটিংগা হাজৰিকা আৰু চেনি গাভৰু গুৱাহাটীৰ পৰা নগাঁওৰ নিজৰ ঘৰলৈ ঘূৰি আহিল। তেঁওলোকে মনৰ আনন্দতে বিহু পুনৰ অসমলৈ ঘূৰি অহা কথাটো ৰাইজক অবগত কৰিলে আৰু নগাঁওৰ কপিলি নৈৰ পাৰত আৱতৰীয়া বিহু আৰম্ভ কৰি দিলে। প্ৰতিজন অসমীয়া ব্যক্তিৰ বুকুত জমা হৈ থকা বিহুৰ আগ্নেয়গিৰি হ’ল।
আগৰ দিনত চ’ত মাহত গাঁৱৰ ডেকা-গাভৰুৱে পথাৰত ৰাতি বিহু মাৰিছিল। ৰাতি বিহুত তেতিয়া কোনোধৰণৰ বাধা নাছিল। গাঁৱৰ সকলো ডেকা গাভৰুৱে বিনা বাধাই বিহু মাৰিবলৈ যাব পাৰিছিল, ৰাতি পথাৰত হোৱা বিহুত কোনো ধৰণৰ ব্যভিচাৰ নাছিল। তাত আছিল স্বাভাৱিক মৰম-চেনেহ আৰু যৌৱনৰ বিচৰণ। ৰাতি বিহুত তেঁওলোকে নিজকে প্ৰাণ ঢালি এৰি দিছিল। গোটেই চ’ত মাহ জুৰি ৰাতি বিহু চলিছিল। ৰঙত হিয়া-মন উঠলি উঠিছিল আৰু গাইছিল —
এপৰ দুপৰ কৰি নিশা পাৰে হব
আমাৰ বিহুত আমনি নাই
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই
আমাৰ বিহু ভাঙোতা নাই
বিহুৰ ঐতিহ্য বিচাৰ কৰিলে দেখা যায় যে ই আদিম কৃষিজীৱি জন-জীৱনৰ চলন প্ৰণালী। আদিম মানুহে ধাৰণা কৰিছিল যে ঢোলৰ চাপৰত গিৰিপ-গাৰাপকৈ নাছিলে পৃথিৱী শস্য সম্ভৱা হয়। সেয়েহে নাচি-বাগি গোটেই চ’ত মাহ আৰু ব’হাগৰ সাতদিনলৈকে কৃষিজীৱি জন-জীৱনে বসুন্ধৰাখন নিজৰ যৌৱনৰ পৰশ দি শস্য সম্ভৱা কৰি তোলে।
জ্যোতিপ্ৰসাদৰ ভাষাত ৰূপান্তৰে জগত ধুনীয়া কৰে। সেইবুলি ৰূপান্তৰ সৃজনীমূলক নহলে জগত ধুনীয়া হ’ব জানো অতীতৰ বিহুক জধে-মধে সলনি কৰি থাকিলে বিহুৰ স্বকীয় ৰূপ নাথাকে। অতীতৰ বিহুৱে বৰ্তমান কি ৰূপ লৈছে সেই বিষয়ে নক’লেও হ’ব। তাহানি দিনৰ বিহুৰ স্বতঃস্ফূৰ্ত আনন্দ আজি দেখিবলৈ পোৱা নাযায়। আগৰ দিনত চ’ত মাহ সোমালে ডেকা-গাভৰুৰ গা-মন ৰাইজাই কৰে। কিন্তু আজি সেয়া বিৰল দৃশ্য হৈ পৰিছে। উজুটিত যঁতৰ ভাঙি বিহুলৈ ঢাপলি মেলিবলৈ কাৰো আহৰি নাই। আজিৰ বিহু গতানুগতিক আনন্দ প্ৰকাশৰ প্ৰচেষ্টা মাথোন। গহৰা ডালত কপৌফুল, হাবিত কেতেকী, ঢাপত ভেবেলি লতা আৰু পদূলিত নাহৰৰ গোন্ধই আমোল-মোলাই থাকিলেও কোনো ডেকা-গাভৰুৰ মন ৰাইজাই নকৰে। ঢোল, পেঁপা, গগনাৰ মাত শুনি আজিৰ গাভৰুৱে বিহুতলিলৈ ঢাপলি নেমেলে। গাঁৱৰ বিহুৰ অতীজৰ আচল ৰূপটো নগৰ-চহৰবোৰে টানি লৈ গুচি গ’ল। আজিৰ নাচনী গাভৰুৱে মুগাৰ মেখেলা চাদৰ পিন্ধি বিহুতলিলৈ ঢাপলি মেলিলেও সমাজে অত্যুৎসাহী বুলি নাক কোছায়। ঠাই বিশেষে গৃহস্থক ঘৰত গৈ আশীৰ্বাদ দিয়া হুঁচৰি নাইকিয়াই হ’ল। সম্পূৰ্ণ নীতি-নিয়মৰ মাজত হুঁচৰি মঞ্চলৈ উঠিল। অতীজৰ ৰাতি বিহু, জেং বিহু বা মুকলি বিহু আদি বিভিন্ন প্ৰতিযোগিতাত নিয়মৰ বান্ধোনত বান্ধ খাই পৰিল। বিহু হৈছে আমাৰ পৰম্পৰাগত লোক-সংস্কৃতি। দৰাচলতে লোক সংস্কৃতি নিয়মৰ বান্ধোনেৰে আৱদ্ধ নহয়। বিহু সংস্কৃতিক বিজাতৰীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ গঠন কৰা সংগঠনে কথাবোৰ নতুনকৈ ভাবিবৰ হ’ল। নগৰত বিহু চাউণ্ড চিষ্টেমৰ সম্পদ আৰু গাঁৱত তেনেই গতানুগতিক। ক’তো যেন আন্তৰিকতা নাই। বিশ্বায়নৰ যুগত আমাৰ বাপতিসাহোন বিহুটি সলনি হ’বই বুলি ধৰি লৈ আমাৰ ভৰিৰ তলৰ মাটিখিনিও নোহোৱা কৰিম নে?
বিহুত শ্ৰদ্ধা, চেনেহ, পীৰিতি সকলো আছে। আগৰ দিনত কোনো ৰূপহী গাভৰুৱে কোনো ৰূপহ কোঁৱৰক চেনেহৰ বিহুৱান যাচিছিল। সেই বিহুৱানত যি আন্তৰিকতা আৰু মৰম আছিল সেয়া অনুভৱ কৰিব পাৰি এনেদৰে —
ৰাতি দুপৰলৈ কাটি সূতালাহী
ধনলৈ বিহুৱান ব’লো,
ৰঙাকৈ আঁচুৰে বাছি পায়ে কটা
টিপতে লুকুৱাই থলো।
বিহুৰ ঐতিহ্য কঢ়িয়াই আনিছিল বকুল বৰাধানৰ আখৈ, চিৰা, সুৱাগমণি ধানৰ সান্দহ, তিল পিঠা, ঘিলা পিঠা, মাণিকীমধুৰী চাউলৰ ভাতে। হাতীখুজীয়া বাটিৰে এবাটি চিৰা, এবাটি বকনা ম’হৰ থমা দৈ, খুৰি বাটিৰে এবাটি পুৰা কুঁহিয়াৰ খামুচিয়া গুৰ, এক আশি কেতেকীসোন্দা কল, খোলা-চপৰীয়া পিঠা। কিন্তু আজি ঠাই বিশেষে এনে খাদ্যৰ তলি উদং। আজিৰ দিনত ঘৰে ঘৰে ঢেঁকীৰ গুমগুমনি শুনিবলৈ পোৱা নাযায়। ওচৰতে মিল আছে যেতিয়া কিহৰ চিন্তা। কোনে ৰাতি দুপৰলৈকে ঢেঁকীত চিৰা, সান্দহ খুন্দিব। এতিয়া বজাৰৰ চিৰা, পিঠা, সান্দহ আৰু মিঠাইৰে বিহু পালন কৰে। বিহুৱান যচা কাৰ্যও আজিকালি নাই বুলিবই পাৰি। চ’ত মাহৰ দিন কেইটাত তাঁতৰ খিট্খিট্নি, মাকোৰ ঘিট্ঘিট্নি আৰু দোৰ্পতিৰ শুৱলা মাত বিৰল হৈ পৰিল। আগৰ দিনত তাঁতশালক লৈ জাত ধৰি ধৰি বিহু গাইছিল —
খিটিক খিটিক কৰি ঐ নাচনী তাঁতোনো বৈ আছিলা
আমি গৈ ওলালো তাত নাচনী বহিবলৈ পীৰা পাৰি দিছিলা
ঢোলৰ মাতত টোলোঠা কঁপে
ঘনাই ঘনাই সূতা ছিগে আৰু ছিগে নাচনীৰ জৰি।
এইবিলাক বিহু নামৰ প্ৰাসংগিকতা আজি আমাৰ গাঁওবিলাকত নোহোৱা হ’ল। কিয়নো আজিৰ জীয়ৰীসকলে তাঁত বব নাজানে আৰু তাৰ প্ৰতি আগ্ৰহো নাই। তদনুৰূপ আজিৰ ডেকা সকলে নাগায় “হাললৈ লিখিলে মোক ঐ লাহৰী কোৰলৈ লিখিলে মোক, তিনি আঙুল কপালত বিধাতাই লিখিলে তোলৈ নিলিখিলে মোক”। বৰ্তমান সময়ত গাঁৱত থাকিও প্ৰায়বোৰ পৰিয়ালত নগৰীয়া ঢং আহি গ’ল। প্ৰায়বোৰ পৰিয়ালৰ গৰু নাই, তাঁত নাই, ঢেঁকী নাই, নাঙল-জুঁৱলি নাই। আজিৰ মানুহৰ ব্যস্ততাৰ অন্ত নাই। বিহু কেতিয়া আহিল, কেতিয়া গ’ল খবৰেই নাৰাখে। চহৰীয়া মানুহে এৰি যোৱা গাঁৱৰ ঘৰখনলৈ আহিবলৈ সময় নোপোৱা হ’ল আৰু আগ্ৰহো কমিল। আজিৰ বিহুত ডেকা-গাভৰুৰ উদ্দাম যৌৱনৰ পাৰ ভাঙি যোৱা চঞ্চলা, চপলা, উত্তাল যৌৱন পাবলৈ নাই। অতীতৰ বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰ আৰু তাঁতশালৰ সঁজুলি বনাব জনা মানুহ কমি আহিছে। এটা সময়ত এইবিলাক মিউজিয়ামতহে বিচাৰি পোৱা যাব।
বৰ্তমান সময়ত মঞ্চ বিহুৱেই আমাৰ একমাত্ৰ ভৰস¸া। বিহু সন্মিলনৰ বিষয়ববীয়া সকল শলাগৰ পাত্ৰ। যেনেকৈ নহওক বিহু সন্মিলনীবিলাকে আমাৰ পূৰ্বৰ বিহু সংস্কৃতিৰ পৰম্পৰা ধৰি ৰাখি দুদিনৰ কাৰণে হ’লেও মন প্ৰফুল্লিত কৰি ৰাখিবলৈ সক্ষম হৈছে। আগতেই উল্লেখ কৰি আহিছোঁ যে বিহু যিহেতু লোক-সংস্কৃতি ইয়াত বিশেষ নীতি-নিয়ম নাথাকে। ধৰা-বন্ধা নিয়ম প্ৰয়োগ নকৰাকৈ বিহুখন পাতিব পাৰিলে ভাল। আমাৰ নিজৰ এলেকাৰ বিহু মঞ্চত মুকলি বিহু প্ৰতিযোগিতাত ডেকা-গাভৰু সকলক আগৰ নিয়মতে সংমিশ্ৰণত নাছিবলৈ দিলে বিহুৰ মৰ্যাদা বাঢ়িব আৰু বহি থকা দৰ্শকেও আসন এৰি নাযাব। অতীতৰ ৰাতি বিহুত ডেকা-গাভৰুৱে একেলগে বিহু মাৰিছিল আৰু আমিও তাৰ ব্যতিক্ৰম নাছিলো। আমি গাইছিলো —
চাবা দেই নাচনী গাতে গা লাগিব
সোণালী যৌৱনৰ মুকুতা সৰিব
ফুল মৰহিলে ভোমোৰা যাবগৈ
মনৰ হেঁপাহেৰে ফুলৰ মৌ চুহি থৈ।
আৰু নাচনী ঘৰৰ পৰা ৰাতি বিহুলৈ ওলাই নাহিলে গাইছিলোঁ —
হয়নে বাৰু নাচনী ঐ শুনানে,
কেতিয়াবা কেতেকীৰ হিয়া ভগা বিননি
তেতিয়া বাৰু ভাগেনে তোমাৰ চকুৰ টোপনি
অ’ কেঁচা সোণ ঢোলৰ মাত শুনিলে
অ’ কেঁচা সোণ কলিজা কপেনে
অ’ কেঁচা সোণ তেতিয়া বাৰু
ঢোলৰ মাতত নাচিম নাচিম লাগেনে?
আমাৰ হিয়াৰ আমঠু বাপতিসাহোন জাতীয় উৎসৱটি জীয়াই ৰাখিব পাৰিব লাগিব, তেতিয়া হে বিশ্বৰ আগত অসমীয়াৰ চিনাকি থাকিব আৰু আমাৰ মান-সন্মান অটুট থাকিব। গীতৰ ভাষাৰে ক’ব পাৰি —
বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্ৰাণ
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।
সংস্কৃতি যিহেতু বোৱতী নদীৰ দৰে সেয়েহে বিহু বিৱৰ্তনৰ পথত গতি ল’বই। ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে। পথাৰ আৰু গছ তলৰ বিহু মঞ্চলৈ উঠিল। ১৯৩৪ চনতে গোলাঘাটৰ বেটিয়নী অঞ্চলত মঞ্চ সাজি প্ৰথম মঞ্চত বিহু প্ৰৱেশ আৰম্ভ হ’ল। তাৰ পাছতে ১৯৫২ চনত ৰাধা গোবিন্দ বৰুৱাৰ উদ্যোগত লতাশিল খেলপথাৰত বিহু সন্মিলন আৰম্ভ হৈছিল।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকায়ো বিহুক মানুহৰ মাজলৈ লৈ গ’ল। লাহে লাহে নতুন প্ৰজন্মই বিশুদ্ধ ৰূপত বিহু প্ৰদৰ্শন কৰিবলৈ ১৪ এপ্ৰিল, ২০২৩ ত এক বিৰল সুযোগ লাভ কৰিলে। চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ বিহুৰ “গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ”ত নাম অন্তৰ্ভূক্তি আমাৰ বাবে পৰম প্ৰাপ্তি।
‘কৈ নো কৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুৰ কথা’
শেষত হেমাঙ্গ বিশ্বাসৰ এষাৰ কথাৰে আমাৰ এই লেখাটি সামৰিব খুজিছোঁ। হেমাঙ্গ বিশ্বাসে কৈছিল — “যি নাই বিহু গীতত সেয়া নাই অসমত। যি নাই অসমত সি নাই বিহু গীতত।”
(লেখক ঃ সাহিত্য আৰু সাংস্কৃতিক কৰ্মী, ঘিলামৰা)