ড০ কেশৱ হাজৰিকা
এটা জাতিৰ নান্দনিক চেতনাৰ বহিঃপ্ৰকাশ ঘটে সেই জাতিৰ সাহিত্য, সংগীত, নৃত্য, স্থাপত্য, ভাস্কৰ্য আদি সুকুমাৰ কলাসমূহৰ যোগেদি। নক’লেও হয় সংশ্লিষ্ট জাতিটোৰ বিভিন্ন উৎসৱ পাৰ্বনসমূহত এই সুকুমাৰ কলাসমূহৰ মহীয়ান ৰূপটো প্ৰকট হৈ উঠে। অসমীয়া জাতীয় জীৱনৰ নান্দনিক ৰুচিবোধৰ বৰ্ণময় প্ৰকাশেই হ’ল বিহু। বিহুৰ লগত জড়িত আটাইবোৰ অনুষ্ঠানতেই অসমীয়া জনগণৰ শৈল্পিক চেতনাৰ মূৰ্ত প্ৰকাশ ঘটে। বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা লুইতৰ পাৰত বাস কৰা নেগ্ৰিটো, প্ৰট’অষ্ট্ৰলইড, মঙ্গোলয়ড, আৰ্য আদি জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ মধুৰ সমন্বয় ঘটিছে বিহুৰ বিভিন্ন আচাৰ অনুষ্ঠানসমূহত। সেয়ে ক’ব পাৰি বিহু অসমত বাস কৰা কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ সুকীয়া উৎসৱ নহয়, ই অসমত বাস কৰা আৰ্য আৰু অনাৰ্য সকলো জনগোষ্ঠীৰ সাংস্কৃতি উপাদানৰ এক সমন্বিত ৰূপহে।
হেম বৰুৱাদেৱে কৈছিল – “অসমৰ ব’হাগ বিহু কৃষি-সমাজৰ প্ৰকৃতিকেন্দ্ৰী গণ-উৎসৱ।”১ শিল্পকেন্দ্ৰী সমাজ গঢ় লৈ উঠাৰ আগতে মানুহৰ জীৱন ধাৰণ ব্যৱস্থা সম্পূৰ্ণৰূপে প্ৰকৃতি নিৰ্ভৰ আছিল। জীৱন আৰু জীৱিকাৰ বাবে মানুহ হৈ পৰিছিল প্ৰকৃতিৰ দাস। কৃষি-জীৱী সমাজে ৰ’দ, বতাহ, বৰষুণ, খেতিৰ আহিলা, সঁচ আদিৰ বাবে প্ৰকৃতিৰ ওচৰত হাত পতাৰ বাহিৰে কোনো উপায় নাছিল। সেয়ে আদিম সমাজখন প্ৰকৃতিকেন্দ্ৰী হ’বলৈ বাধ্য হৈছিল। ঋতু পৰিবৰ্তনে তেওঁলোকৰ মনলৈ নতুন উদ্যম কঢ়িয়াই আনিছিল। এনেবোৰ কাৰণতে প্ৰাচীন মানৱৰ সংস্কৃতি প্ৰকৃতিকেন্দ্ৰী হৈছিল। শিল্পকলাৰ আটাইবোৰ শাখাতে প্ৰকৃতিৰ বৰ্ণময় ৰূপ ফুটি উঠিছিল। ব’হাগ বিহুৰ আদিম ৰূপটো নিঃসন্দেহেই প্ৰকৃতি নিৰ্ভৰশীল কৃষি-সমাজতেই জন্ম হৈছিল। সেয়ে ইয়াৰ গীত-নৃত্য, বাদ্য-যন্ত্ৰ, আচাৰ-অনুষ্ঠান, খাদ্যভ্যাস আদিত প্ৰকৃতি-কেন্দ্ৰী ভাৱ প্ৰকট হয়।
উৎপাদন বৃদ্ধিৰ কামনাই আদিম মানৱৰ মন আচ্ছন্ন কৰি তুলিছিল। অভিজ্ঞতাই হয়তো তেওঁলোকক বিশ্বাস জন্মাইছিল – খেতি-পথাৰৰ কাষত নৃত্য-গীত কৰিলে শস্যৰ উৎপাদন বৃদ্ধি হয়। সেয়ে শস্য-ক্ষেত্ৰৰ কাষত নৃত্য-গীতৰ আয়োজন চলিছিল। আনহাতে উৎপাদন বৃদ্ধিৰ বাবে জনসংখ্যা বৃদ্ধিৰো আৱশ্যক হৈছিল। লাহে লাহে সন্তানদায়িনী নাৰী আৰু উৎপাদিকা শক্তি প্ৰকৃতিক সমান মৰ্যাদা প্ৰদান কৰিবলৈ যত্ন কৰা হৈছিল। গতিকে ক’ব পাৰি ব’হাগ বিহু সৃষ্টিৰ উৎসৱ। ২
সমাজ পৰিবৰ্তনৰ লগে লগে সামাজিক অনুষ্ঠানসমূহৰো ৰূপ আৰু ৰঙৰ পৰিবৰ্তন সাধিত হয়। লোক উৎসৱসমূহৰ মূল বৈশিষ্ট্য হ’ল সময়ৰ লগে লগে হোৱা পৰিবৰ্তন। পৰিবৰ্তিত সমাজ ব্যৱস্থাই ইয়াৰ উপাদানবোৰৰ পৰিবৰ্তন সাধিত কৰে আৰু সময়ৰ লগত খাপ খাব পৰাকৈ গঢ়ি তোলে। ব’হাগ বিহুৰ আদিম ৰূপটোৰো সময় সাপেক্ষে পৰিবৰ্তন হৈ আহিছে। নতুন উপাদান গ্ৰহণ কৰিছে আৰু সময়ৰ লগত খাপ নোখোৱা কোনো কোনে উপাদান বৰ্জন কৰিছে। অসমীয়া সাহিত্যত বিহু সম্পৰ্কীয় অনেক বৰ্ণনা পোৱা যায়। কিন্তু এই আটাইবোৰ বৰ্ণনা সপ্তদশ শতিকাৰ পাছৰ। সম্ভৱত জামিলি নামৰ বুৰঞ্জীবিদজনৰ অপ্ৰকাশিত বুৰঞ্জীখনৰ বৰ্ণনাটিয়েই বিহু সম্পৰ্কীয় আটাইতকৈ প্ৰাচীন বৰ্ণনা। বৰ্তমান আলিগড় বিশ্ববিদ্যালয়ত সংৰক্ষিত হৈ থকা বুৰঞ্জীখনত সপ্তদশ শতিকাৰ বিহুৰ এটি সম্যক বৰ্ণনা আছে –
In the spring season they hold a festival in every village and in the captal of this king. The festival continues for a month or so. The women, specially the young girls wear a piece of cloth of the ‘izara’ type… Put several flowers of different colours in their lock of hair rounded up half the top of their heads. The youths have large drums like the doubled-edged ‘taasaa’ carried in their back. Some of them have long pipes in their hands producing high pitched shrill sound. From the time of mid sun the boys and girls gather in the open field in vsrious group and sing and dance to their heart cotent with the music of drums and pipes. The elders of the village also gather to see their young ones and every of them participate in the dance… Echoes of songs come from various direction of the village and the forest even midnight, day after day, night after night. 3
উক্ত বৰ্ণনাৰ পৰা নিশ্চিত কৰিব পাৰি যে সেই সময়ত অসমীয়া ডেকা-গাভৰুসকলে প্ৰাকৃতিক পৰিবেশতেই বিহু মাৰিছিল। এই বিহু দিনে -ৰাতিয়ে চলিছিল। বয়োজ্যেষ্ঠসকলে বিহু উপভোগ কৰাৰ লগতে অংশগ্ৰহণ কৰিছিল। মুক্ত প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত কৰা এই বিহুৰ গীত আৰু নৃত্যত নিশ্চয় বৰ বেছি আঁৰ-বেৰ নাছিল। মুক্ত মনেৰে সকলোৱে মনৰ কথা গীতৰ মাজেদি প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল আৰু স্বাভাৱিক ভংগীমাৰেই নৃত্য পৰিৱেশন কৰিছিল।
পথাৰৰ গছৰ তলৰ বিহু কেতিয়া আহি গাঁৱৰ বাটত ভৰি দিলেহি সেইটো সঠিকভাৱে কোৱা টান। সম্ভৱত চ’তৰ বিহুৰ অন্তত বিহুৱা দলবোৰে ব’হাগৰ প্ৰথম দিনটোত গাঁৱৰ বাটে বাটে আনন্দ কৰিছিল আৰু কোনোবা গৃহস্থই তামোন-পাণ, অৰিহনা আদিয়ে সন্মান যাচিছিল। লাহে লাহে বাটৰ পৰিবৰ্তে গৃহস্থৰ চোতালত বিহু কৰাৰ পৰম্পৰা আৰম্ভ হ’ল। গৃহস্থৰ চোতালত পৰিৱেশন কৰা বিহু আৰু পথাৰৰ গছৰ তলত পৰিৱেশন কৰা বিহুৰ মাজত পাৰ্থক্য আহি পৰিল। আগৰ উদ্দামতা নোহোৱা হ’ল। গীত আৰু নৃত্যই পৰিশীলিত আৰু মাৰ্জিত ৰূপ পৰিগ্ৰহণ কৰিলে। এইখিনি সময়তে গৃহস্থৰ ঘৰে-ঘৰে পৰিৱেশন কৰা বিহু ‘হুঁচৰি’ নামেৰে পৰিচিত হ’ল।
পঞ্চদশ শতিকাত অসমৰ সৰ্বত্ৰে নৱবৈষ্ণৱ আদৰ্শ বিধৌত হোৱাৰ ফলস্বৰূপে অসমীয়া সংস্কৃতিৰো আমূল পৰিবৰ্তন সাধিত হ’ল। বৰগীত, ভাওনা, সত্ৰীয়া নৃত্য আদিয়ে অসমৰ আকাশ বতাহ কঁপাই তুলিলে। আধ্যাত্মিক অনুভূতিয়ে অসমৰ জনসাধাৰণক আপ্লুত কৰিলে। ইয়াৰ প্ৰভাৱ হুঁচৰিৰ ওপৰতো পৰিল। কীৰ্তন-ঘোষা, নাম-ঘোষা আদি নৱবৈষ্ণৱ আদৰ্শৰ বাৰ্তা-বাহক গ্ৰন্থৰ পদ হুঁচৰিত ব্যৱহাৰ হ’বলৈ ধৰিলে। লোক উৎসৱৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ পৰিল। ক’ব পাৰি শংকৰদেৱৰ নৱবৈষ্ণৱ আদৰ্শই হুঁচৰি অধিক জনমুখী আৰু ৰুচিসন্মত কৰি তুলিলে।
আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বিহুৱে নতুন ৰূপ লাভ কৰে। বিশেষকৈ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত ব’হাগ বিহুৰ নৃত্য-গীতৰ অনুষ্ঠানে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰে। এইজনা স্বৰ্গদেৱে পথাৰৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আদৰি আনে আৰু অংশগ্ৰহণকাৰী হুঁচৰি দলক পুৰস্কাৰ প্ৰদানৰো ব্যৱস্থা কৰে। অকল সেয়ে নহয় হুঁচৰি দল সন্মুখত মূৰ দোৱাই আশীৰ্বাদ লোৱাৰ পৰম্পৰাও জন্ম দিয়ে। লাহে লাহে ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ ঘৰত হুঁঁচৰি গোৱা পৰম্পৰা আৰম্ভ হয়। উল্লেখ কৰা প্ৰয়োজন যে অসমৰ সাহিত্য, সংগীত, চিত্ৰ, নৃত্য, ভাস্কৰ্য, স্থাপত্য আদি দিশলৈ এইজনা স্বৰ্গদেৱে যিখিনি অৱদান আগবঢ়াই থৈ গ’ল তাৰ কোনো তুলনা নাই।
এইখিনি সময়ত অকল হুঁচৰি অনুষ্ঠানেই যে প্ৰচন আছিল এনে নহয়। সমান্তৰাল ভাৱে গাভৰুসকলেও টকা, সুতুলী, গগনা বজাই গছৰ তলত বা মুকলি পথাৰত মুকলি মনেৰে বিহু মাৰিছিল। এনেবোৰ গাভৰু বিহুক স্থানভেদে ‘টকা বিহু’, ‘জেং বিহু’ আদি নামেৰে জনা গৈছিল। ইয়াৰ উপৰিও ডেকা আৰু গাভৰুসকলে একেলগে মুকলি বিহু পাতিছিল। ইয়াত সাধাৰণতে বয়োজ্যেষ্ঠসকলে অংশ গ্ৰহণ কৰা নাছিল। এয়া একান্তভাৱে ডেকা আৰু গাভৰুসকলৰ অনুষ্ঠান আছিল।
কুৰি শতিকাৰ দ্বিতীয় দশকৰ পৰা অসমৰ বিভিন্ন ঠাইত আনুষ্ঠানিক ভাৱে বিহু উৎসৱ উদযাপন কৰাৰ পৰম্পৰা আৰম্ভ হয়। ১৯১৮ চনত চতিয়াৰ মাধুৰী আঁহতৰ তলত গাভৰুসকলে মুকলি বিহু উদযাপন কৰিছিল। ১৯৩৩ চনত চতিয়াৰ কেইগৰকীমান উদ্যোগী ডেকাই চতিয়া ব’হাগী মেলা অনুষ্ঠিত কৰে। ১৯৩৪ চনত গোলাঘাটৰ বেতিয়নিত আৰু ১৯৩৫ চনত দেৰগাঁৱত বিহু সন্মিলন পতা হৈছিল। পৰাগধৰ চলিহাদেৱে কোৱা মতে – অসমৰ প্ৰথম ৰাজহুৱাভাৱে বিহু সন্মিলন অনুঠিত কৰা হয় ১৯৪১ চনত শিৱসাগৰৰ নাট্য মন্দিৰত। এই সন্মিলনৰ সম্পাকদ্বয় আছিল মহেশ্বৰ নেওগ আৰু পৰাগধৰ চলিহা। ১৯৪৪ চনত গোলাঘাটৰ পুলিবৰত বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছিল। ১৯৫২ চনত ডিব্ৰুগড়ত ‘ৰঙালী বিহুৰ প্ৰীতি সন্মিলন’ অনুষ্ঠিত কৰা হৈছিল। সভাত সভাপতিত্ব কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ।৪ অসমৰ প্ৰধান চহৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিহু উদযাপন কৰাহয় ১৯৩১ চনত। ১৯৫২ চনত অতি উলহ-মালহেৰে লতাশিল খেলপথাৰত কেন্দ্ৰীয় ভাৱে ৰঙালী বিহু উদযাপন কৰা হয়। এই বিহু সন্মিলনখনিৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছিল – সভাপতি ডাঃ ভুবনেশ্বৰ বৰুৱা, উপ-সভাপতি ক্ৰমে – ৰাধাগোবিন্দ বৰুৱা, ডাঃ কনক চন্দ্ৰ বৰুৱা আৰু কমলেশ্বৰ বৰুৱা, সম্পাদক – প্ৰবীন ফুকন। এইখনি বিহু সন্মিলনৰ পাছৰে পৰা অসমত মঞ্চবিহুৰ জয়যাত্ৰা আৰম্ভ হয় বুলি ক’ব পাৰি।৫
এসময়ৰ পথাৰৰ বা গছৰ তলৰ বিহু আহি বৰ্তমান মঞ্চত থিতাপি বহিলেহি। এইটো সময়ৰ পৰিবৰ্তনৰ ফল বুলি ধৰি লোৱাৰ বাহিৰে উপায় নাই। অৱশ্যে এই কথাও স্বীকাৰ কৰিব লাগিব যে বিহু মঞ্চলৈ নাহি পথাৰতে থকা হ’লে সাম্প্ৰতিক পৰিস্থিতিত বিহু জীয়াই থকাটোৱেই সম্ভৱ নহ’লহেঁতেন। বৰ্তমান সময়ত গছৰ তলত বা পথাৰৰ মাজত বিহু মাৰি আনন্দ উপভোগ কৰাৰ পৰিৱেশ নাই। সামাজিক আৰু অৰ্থনৈতিক অৱস্থায়ো সেই কথা নকয়। আনহাতে আধুনিক সমাজ আগৰ সমাজৰ তুলনাত অধিক ব্যস্ত আৰু বস্তুবাদী।
সাম্প্ৰতিক কালৰ মঞ্চ বিহুৰ সম্পৰ্কে নতুনকৈ চিন্তা কৰাৰ অৱকাশ আহি পৰিছে। বিহু যদি অসমীয়াৰ বাপতি সাহোন, তেন্তে ইয়াক ঐতিহ্যসন্মত ৰূপত ধৰি ৰখাতো অসমীয়াৰ কৰ্তব্য। ব’হাগ বিহুৰ লগত সম্পৰ্কিত বিভিন্ন অনুষ্ঠান – যেনে হুঁচৰি, মুকলি বিহু, জেং বিহু বা টকা বিহু আদিৰ ঐতিহ্যসন্মত ৰূপটো যাতে হেৰাই নাযায় তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰখা উচিত। সময়ৰ পৰিবৰ্তনৰ লগে লগে ইয়াৰ লগত যোগ হোৱা উপাদানবোৰে যাতে ইয়াৰ মূল সত্বাটোক ক্ষতি নকৰে সেই কথাও ভাবিব লাগে। যিকোনো মহৎ শিল্পতেই ঐতিহ্য আৰু আধুনিকতাৰ যৌগিক সংশ্লেষণ ঘটে। সেয়ে অসমৰ বাপতি সাহোন বিহু অনুষ্ঠানটোত যাতে ঐতিহ্য আৰু আধুনিকাতাৰ যৌগিক সংশ্লেষণ ঘটে তালৈ চকু দিব লাগে।
পুৰস্কাৰ সৰ্ব্বস্বতাই বিহুক যান্ত্ৰিক অনুষ্ঠানলৈ পৰ্যৱসিত কৰিব। বিহুৰ অনুষ্ঠানসমূহৰ কোনো বিশিষ্ট ৰূপ নাই। স্থানভেদে ইয়াৰ পৰিৱেশন পদ্ধতি পৃথক পৃথক। বিহুদল সমূহে নিজৰ অঞ্চলসমূহত যেনেদৰে হুঁচৰি গায়, মুকলি বিহু কৰে বা জীয়ৰীসকলে জেং বিহু বা টকা বিহু কৰে তেনেদৰেই মঞ্চত উপস্থাপন কৰিব লাগে। দৰ্শকে স্থানীয় বৈশিষ্ট্যপূৰ্ণ এই অনুষ্ঠানসমূহ চাই নান্দনিক আনন্দ লাভ কৰে। কিন্তু লাহে লাহে এই আনন্দ পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ ধৰিছে। পুৰস্কাৰ লাভ কৰাই যদি একমাত্ৰ উদ্দেশ্য হয় তেন্তে বিহুৰ স্বতঃস্ফূৰ্ততা হেৰাই যাব। বিহুৰ অনুষ্ঠানবোৰে নিজৰ স্থানীয় পৰম্পৰাবোৰ ত্যাগ কৰিব আৰু কোনো বিশেষ লোকে নিৰূপন কৰি দিয়া বিহুৰ ৰং-ৰূপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। ফলত সকলো বিহুদলৰে পৰিৱেশন পদ্ধতি একে হৈ পৰিব। বৈচিত্ৰ্য বোলা কোনো কথা নাথাকিব। বৈচিত্ৰ্যৰ মাজত ঐক্য আমাৰ সংস্কৃতিৰ বৈশিষ্ট্য।
বিহু সন্মিলনসমূহৰ মূল লক্ষ্য হোৱা উচিত – অবিকৃত ৰূপত বিহুক ধৰি ৰখা আৰু তেনেধৰণৰ প্ৰদৰ্শনেৰে নতুন প্ৰজন্মক আপ্লুত কৰা। নতুন প্ৰজন্মই যাতে বিহুৰ প্ৰকৃত ৰূপটো প্ৰত্যক্ষ কৰিবলৈ সুবিধা পায় আৰু নিজেও তেনেধৰণেৰে উপস্থাপন কৰিবলৈ সুবিধা পায় তাৰ ব্যৱস্থা কৰা উচিত। সাম্প্ৰতিক কালৰ বিহু সন্মিলন সমূহে এনে প্ৰচেষ্টা হাতত ললে বিহুৰ মহৎ উপকাৰ সাধিত হ’ব। প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ প্ৰদান কৰাটোৱেই প্ৰধান উদ্দেশ্য হ’ব নালাগে, হ’ব লাগে অবিকৃত ৰূপত বিহুক ধৰি ৰখাটোহে।
হুঁচৰি, মুকলিবিহু, টকা বিহু আদি প্ৰতিযোগিতাসমূহৰ বিচাৰ কৰাৰ ক্ষেত্ৰত বিচাৰকসকলে এটা মুকলি মন লৈ বিচাৰ কৰা উচিত। স্থানভেদে এই অনুষ্ঠানবোৰ পৃথক পৃথক ৰূপত পৰিৱেশন কৰা হয়। বিচাৰকে যদি কেৱল কোনো এটা স্থানীয় ৰূপকহে মান্যতা দি বিচাৰ কৰিবলৈ যত্ন কৰে তেন্তে আনবোৰ স্থানীয় ৰূপক অসন্মান কৰা হ’ব। সেয়ে যিবোৰ পৰম্পৰাই অনুষ্ঠানটোৰ ঐতিহ্য ক্ষুন্ন নকৰে তেনেবোৰ পৰম্পৰা প্ৰতিযোগিতাত প্ৰদৰ্শিত হ’লে বিতুষ্ট হোৱাৰ কোনো কাৰণ নাথাকে।
পাদটীকা
১. হেম বৰুৱা, ‘বিহুৱা চৰায়ে কৰে বিহু বিহু’, নিৰ্ব্বাচিত প্ৰৱন্ধ, সম্পা. বিৰিঞ্চি কুমাৰ বৰুৱা, পৃ. ১৭০
২. তথৈৱ, পৃ. ১৭২
৩. Prafulladutta Goswami, Bohag Bihu of Asam and Bihu Song, p. 20,21
৪. অনিল শইকীয়া, ‘ক্ৰমবিকাশত ৰঙালী বিহু’, বহনা, সম্পাদক, উত্তম কুমাৰ হাজৰিকা, পৃ. ১৩-১৪
৫. বৰুণ বৰা, ‘বিহু ঃ ইয়াৰ উৎপত্তি আৰু উৎসথলীৰ পৰা আধুনিক মঞ্চলৈ বিহুৰ ঐতিহাসিক আগমন’ ব’হাগী, সম্পা. ৰমেন হাজৰিকা, পৱিত্ৰ বৰগোহাঞি, পৃ. ৭২
(লেখক ঃ নিবন্ধকাৰ আৰু বিষয় শিক্ষক, ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়)