ড০ ৰূপালী দেউৰী
কোনো এটা অঞ্চলৰ জনসাধাৰণৰ সুখ-দুখ, হাঁহি- কান্দোন, আশা-আকাংক্ষা, সামাজিক ৰীতি-নীতি, ভৌগোলিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি দিশ আৰু বিভিন্ন মুহূৰ্তৰ আবেগ অনুভূতিৰ মূৰ্ত প্ৰকাশেই হৈছে লোকগীত। ই লোক সাহিত্যৰ গীতিময় বিশেষত্বক মনোগ্ৰাহী ৰূপত তুলি ধৰা সমৃদ্ধিশালী বিভাগ। মানৱ জীৱনৰ কোনোটো দিশেই বাদ পৰি নোযোৱাকৈ নিজৰ ভিতৰত সুমুৱাই ল’ব পৰাটো লোকগীতৰ অন্য এক বিশেষত্ব।১ বুৰঞ্জী আৰু ভূগোলেও যদি কোনো এক জাতিৰ মনৰ পৰিচয় দিবলৈ অসমৰ্থ হয়, তেনেহ’লে সেই পৰিচয় দিব পাৰে সেই জাতিৰ মাজত প্ৰচলিত গীত-পদ-সাধুৱেহে।২
দেউৰী লোকগীত সম্পৰ্কত ৰত্নেশ্বৰ দেউৰীয়ে ‘দেউৰী লোকগীত’ গ্ৰন্থত এনেদৰে মত আগবঢ়াইছে— দেউৰীসকলৰ লোকগীতবোৰত মানৱ অন্তৰৰ চিৰ প্ৰৱাহিত হৃদয়ৰ অনুভূতি আৰু গাঁৱলীয়া জীৱনৰ হুবহু প্ৰতিচ্ছবি লুকাই আছে। সেইকাৰণে দেউৰীসকলৰ এই গীতবোৰত পাওঁ গাঁৱলীয়া ৰীতি-নীতি, উৎসৱ-পাৰ্বণৰ বৰ্ণনা, অতীত বাসস্থানৰ বৰ্ণনা, দৈনন্দিন জীৱনৰ লগত সংশ্লিষ্ট খেতি পথাৰ আৰু দৈনন্দিন পৰিক্ৰমাৰ লগত ওতপ্ৰোতভাৱে জড়িত বয় বস্তু ইত্যাদি।৩
উল্লিখিত মতামতসমূহ চালিজাৰি চাই ক’ব পৰা যায় যে, লোকগীতসমূহ লোকসমাজৰ আধাৰস্বৰূপ। লোকসমাজৰ অধ্যয়নৰ বাবে লোকগীতসমূহ এক বিশিষ্ট উপাদান।
১.১ দেউৰী লোকগীতত বাসস্থান আৰু গৃহ নিৰ্মাণ পদ্ধতি
দেউৰীসকল অসমত বসবাস কৰা প্ৰাচীন জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম। দেউৰী জনগোষ্ঠীয় লোকসকল নৈ-পৰীয়া অঞ্চলত চাংঘৰ সাজি বিভিন্ন কৃষিকৰ্ম আৰু পশুপালন কৰি বসবাস কৰা দেখা যায়। নৈৰ কাষৰীয়া অঞ্চলত বাস কৰা হেতুকে নৈৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অতি নিবিড়। তেওঁলোকৰ সভ্যতা-সংস্কৃতি নদ-নদীক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছে। দেউৰীসকলৰ মাজত থকা ফৈদকেইটা নামকৰণৰ ক্ষেত্ৰতো নৈৰ নাম জড়িত হোৱা দেখা যায়। সেই অনুসৰি দিবাং নদীৰ পাৰত বসবাস কৰা দেউৰীসকলক দিবãীয়া, লোহিত নদীৰ দক্ষিণ পাৰে টেঙাপানী নদীৰ পাৰত বসবাস কৰাসকলক টেঙাপনীয়া ফৈদ, বৰনদীৰ পাৰত বা বৰগাãত বসবাস কৰাসকলক বৰগঞা ফৈদ বুলি কোৱা হয়। পাট শদিয়াত অৰ্থাৎ মধ্য শদিয়াত বাস কৰাসকলক পাটৰগঞা ফৈদ বুলি কোৱা হয়। এই ফৈদৰ লোক দেউৰীসকলৰ মাজত বৰ্তমান পোৱা নাযায়।
দেউৰী গাঁওবোৰ অনা-দেউৰী গাঁৱৰপৰা পৃথকে থাকিব পৰাকৈ সম্পূৰ্ণ আছুতীয়াকৈ আৰু কোনো নদী, নৈ, জান জুৰিৰ পানী ব্যৱহাৰ কৰিব পৰাকৈ নদী-নৈ, জান-জুৰিৰ দাঁতিয়ে দাঁতিয়ে গাঁওবোৰ পাতি সমাজ পাতি বাস কৰে। সেয়ে দেউৰীসকলৰ মাজত প্ৰচলিত চাম-চৈলা চাজেবাৰ লগতে আন বিচু চাজেবাসমূহতো নৈ-উপনৈসমূহৰ প্ৰভাৱ বিদ্যমান।
“দিচাং নৈ লেহেংনা, কেনদে ইগাবা
টেঙাপানী লেহেংনা কেন্।
য়য়-বাবালেহেৰণ, গ’গই কাকাই লেহেৰণ
আনা যদি চ্চু মুজা লেই।”৪
ভাবাৰ্থ ঃ দিচাং নৈ এৰিব পাৰোঁ মই মৰমজান
টেঙাপানী এৰিব পাৰোঁ
মা-দেউতাক এৰি যাম ককাই-ভাই এৰি যাম
যদিহে তোমাৰ মত পাওঁ।
১.১.১ আদি বাসস্থান
দেউৰী জনগোষ্ঠীয় লোকসকল ইতিহাসে ঢুকি Îপাৱাৰ আগৰপৰাই অসমত বসতি কৰি অহা বুলি জানিব পৰা যায়। অসমৰ শদিয়া অঞ্চল দেউৰীসকলৰ আদি বাসস্থান আছিল বুলি বিভিন্নজন সমালোচকে মত আগবঢ়াইছে।
১। গণকচন্দ্ৰ দেউৰীৰ মতে, দেউৰীসকলৰ মাজত প্ৰচলিত প্ৰবাদ মতে, তেওঁলোক হিমগিৰি পৰ্বতৰপৰাই আহি অসমৰ উত্তৰ কোণত বসবাস কৰে বুলি জনা যায়, এই পৰ্বত হিমালয়েই হ’ব লাগিব। অসমৰ উত্তৰ কোণ বা শদিয়াৰ দাঁতি কাষৰীয়া ঠাইত দেউৰীসকলে গোসাঁনীলৈ পূজা-পাতল দি বহুত বছৰ কাল কটাই আহিছে।৬
২। ডব্লিউ.বি. ব্ৰাউনৰ মতে— শদিয়াৰ সিপাৰে দেউৰীসকলৰ মূল বাসস্থান আছিল। প্ৰায় এক শতিকাৰ আগতে তেওঁলোক তাৰপৰা বৰ্তমান থকা ঠাইলৈ আহে আৰু কিছুমানে এতিয়াও ধৰ্ম সংক্ৰান্তীয় বিষয়ত শদিয়ালৈ অহা-যোৱা কৰে।৭
বিভিন্নজন সমালোচকৰ মতৰ উপৰি দেউৰীসকলৰ মাজত প্ৰচলিত এক জনশ্ৰুতি আৰু লোকগীতত প্ৰকাশ পোৱা অনুসৰি দেউৰীসকলৰ উপাস্য দেৱতা কুণ্ডি মামাই সোণৰ জখলা ৰূপৰ হেতা মাৰিৰে স্বৰ্গৰপৰা নামি আহি দেউৰীসকলৰ সৃষ্টি কৰিলে আৰু শদিয়া ৰাজ্য স্থাপন কৰিলে।
“আই চাৰিশালী নামি ঐ আহিলে
সোণৰে জখলা কাটি
মিকাচ্চি আনিলে মেজাঙি আনিলে
আনিলে কৌপাত বান্ধি।”৮
এনেদৰে স্থাপন কৰা শদিয়া ৰাজ্যত দেউৰীসকলে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ উল্লেখো লোকগীতত পোৱা যায়। যেনে ঃ
“হুৰাই ললাই দেহি মোৰ ঐ
শদিয়াত আমাৰ নগৰ
শদিয়া ৰাজ্যত চাৰিশাল গোসাঁনী
তালৈকে নমস্কাৰ কৰো।”৯
বিভিন্নজন সমালোচকে আগবঢ়োৱা মতৰ ভিত্তিত আৰু দেউৰী লোকগীতৰ জৰিয়তে শদিয়া দেউৰীসকলৰ আদি বাসস্থান বুলি জানিব
পৰা যায়। শদিয়াত বসতি স্থাপন কৰাৰ আগতে দেউৰীসকলে জইদাম, মিদু, চাচুকুল (লাইবা, লাপাবা), ডিগাৰু, পায়া, দেউৰীপথাৰ, দিবান আদি ঠাইতো বাস কৰিছিল। সেই বিষয়ে দেউৰী লোকগীতসমূহৰপৰা আভাস পোৱা যায়। যেনে ঃ
“জাত ঃ কেতেগি অই লই য়ই যায়।
অতুঁহ’ কাঁদু লা ইজিৰি কিঁৰি।
চ্চিতি ঃ জইদাম কুনদিল, কুতচ্চি কুনদিকঁ
কেতেগি দউ ইজিৰি ইবাঁনা কিঁৰি
এৰেম কেৰেম দেউৰা উগাঁহৰে
কেতেগি দউ ইজিৰি ইবাঁনা কিঁৰি।
মামাৰু পিচলা দিবান নিমাহৰে”
কেতেগি দউ ইজিৰি ইবাঁনা কিঁৰি।
হদাৰে আগুঁ জুই চিগা হৰিলৰে
কেতেগি দউ ইজিৰি ইবাঁনা কিঁৰি।
জইদামহ জেৰু বা জইদাম দেউৰী
কেতেগি দউ ইজিৰি ইবাঁনা কিঁৰি।
মহংহ জেৰুবা চিং হৰিলৰে”
কেতেগি দউ ইজিৰি ইবাঁনা কিঁৰি। ”১০
এৰেম কেৰেম আদি ঠাই বিস্তৃত জয়দাম পাহাৰৰ পাদভূমিৰ একো-একোখন গাঁও বা ঠাই। দেউৰীসকলৰ পূজাৰ মন্ত্ৰ মাতোঁতে এইবোৰ ঠাইৰ নাম আজিও উচ্চাৰিত হয়।১১
১.১.২ প্ৰব্ৰজন আৰু বৰ্তমান বাসস্থান
বিভিন্ন অশুভ পৰিৱেশ পৰিস্থিতিৰ বাবে দেউৰীসকল তেওঁলোকৰ আদি বাসস্থান শদিয়াৰপৰা অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰব্ৰজিত হৈছিল। এই প্ৰব্ৰজন আৰু বৰ্তমানৰ বাসস্থান সম্পৰ্কে সমালোচকসকলে আগবঢ়োৱা মতসমূহ এনেধৰণৰ—
১। ডম্বৰুধৰ দেউৰীৰ মতে- মানভগনৰ পিছত হোৱা মিচিমি বিদ্ৰোহত শদিয়া (সদিয়া?) ৰ প্ৰজাবিলাক ফৰিং ওফৰাদি পলাই পত্ৰং দিয়ে। দাঁতি কাষৰীয়া পৰ্বতীয়া আবৰ, মিচিমি, চিংফৌবিলাকে দেউৰী মানুহক বিশেষ একো উপদ্ৰৱ কৰা নাছিল। সিবিলাকে দেউৰীৰ শালদেৱতা দেৱ-দেৱীক বৰ ভয় আৰু ভক্তি কৰিছিল। সেইকাৰণে তেওঁবিলাকে নিজৰ স্বতন্ত্ৰতা ৰক্ষা কৰি চলিব পাৰিছিল; কিন্তু আনবিলাক প্ৰজাই শদিয়া এৰি গুচি অহাতহে তেওঁবিলাকেও গোসাঁনীৰ অনুমতি লৈ ক্ৰমে ভটিয়াই আহিব লগাত পৰে।১২
২। ৰাম প্ৰসাদ দেউৰীৰ মতে — দেউৰী জনগোষ্ঠীৰ লোকসকল বুৰঞ্জীয়ে ঢুকি পোৱাৰ বহু আগতে অবিভক্ত শদিয়া অঞ্চলত বাস কৰিছিল আৰু আনুমানিক প্ৰায় সোতৰ শতিকামানৰ মাজভাগ মানতে Æভয়ামলৈ নামি আহি অসমৰ লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত বসবাস কৰিবলৈ লয়।১৩
দেউৰী জনগোষ্ঠীয় লোকসকলে আদি বাসস্থান শদিয়াৰপৰা প্ৰব্ৰজন হোৱাৰ কাৰণ আৰু বৰ্তমান বসবাস কৰা স্থানসমূহৰ বিষয়ে দেউৰী লোকগীতৰ জৰিয়তেও প্ৰকাশ হোৱা দেখিবলৈ পোৱা যায়—
“কুন্দলিৰ আগাৰিত গোদাকৈ শিমলু
তাতে লয় ফুৰুৱাই বাহ ল হয়া
শদিয়া ৰাজ্যতে চাৰিশাল গোসাঁনী
তালৈকে নমস্কাৰ কৰো ল হয়া
কুন্দিলত উপজিল কুন্দিলৰ দেউৰী
মহঙত উপজিলে লোণে কি লহয়া
গৈ নো গৈ থাকিলে আমনি নালাগে
জয়দামত জিৰায়ে যাওঁ।”১৪
দেউৰী লোকগীতবোৰত প্ৰকাশ পোৱা অনুযায়ী জনগোষ্ঠীটোৱে আবৰ, মিচিমিৰ লগত হোৱা কাজিয়া, মানৰ আক্ৰমণ আদিৰ দৰে বিভিন্ন অশুভ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাত নামনিলৈ গুচি আহিবলগীয়া হৈছিল। শদিয়া এৰি আহিবলগীয়া হোৱাত দেউৰী লোকসকলে কেনেদৰে মানসিকভাৱে আঘাত পাইছিল তাৰ আভাস লোকগীতত এনেদৰে পোৱা যায—
“চাৰিশাললৈ চাই পঠিয়াওঁ
চাৰি পৰবতে লৰে ল’ হয়।
শদিয়া ৰাজ্যলৈ চাই পঠিয়াওঁ
বুকুতে অগনি জ্বলে ল’ হয়া।”১৫
১.১.৩ গৃহ নিৰ্মাণ পদ্ধতি
দেউৰীসকলৰ চাংঘৰ সজাৰ এটা স্বকীয় বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰৰ পৰাই দেউৰী চাংঘৰ আৰু গাঁও চিনাক্ত কৰিব পাৰি। লোকসংস্কৃতি অধ্যয়নৰ ভৌতিক সংস্কৃতিৰ অন্তৰ্গত গৃহ নিৰ্মাণ পদ্ধতিবোৰে জাতীয় পৰিচয় দাঙি ধৰে। সেয়েহে দেউৰী গাঁওবোৰৰ অৱস্থানবোৰ এক লক্ষ্য কৰিবলগীয়া বিষয়। পূৰ্বতে নদীৰ অৱবাহিকা অঞ্চলত দেউৰীসকলে গাঁওবোৰ পাতিছিল আৰু পূবা-পশ্চিমাকৈ শাৰী শাৰীকৈ চাংঘৰবোৰ সাজিছিল। দেউৰীসকলৰ মূল ঘৰৰ চোতালৰ সন্মুখত অলপ উত্তৰলৈ পশ্চিমমুখী কৰি ভড়ালঘৰ সজা হয়। একেবাৰে পূবৰ মূল ঘৰৰ লগত সংলগ্ন কৰি বেৰ নিদিয়াকৈ কেৱল চাঙেৰে মুকলি কোঠা এটি সজা হয়। ইয়াক মিচ্চঁ বুলি কোৱা হয়। ইয়াৰ উপৰি মিচ্চঁৰপৰা কিছু আগলৈ অৰ্থাৎ প্ৰায় পোন্ধৰ ফুটমান দীঘলকৈ কোনো চাল-বেৰ নোহোৱাকৈ এটি মুকলি চাংঘৰ থাকে যাক মিচ্চঁ দাচ্চু বোলে। মিচ্চঁৰ দক্ষিণ ফাললৈও এনে ধৰণৰ আৰু এটা চাংঘৰ থাকে য’ত কোনো মানুহ আহিলে হাত ভৰি ধুব পাৰে। ইয়াক মিচ্চঁ পিচা বোলা হয়। ঘৰৰ সন্মুখত থকা মিচ্চঁতে ডেকা ল’ৰাবোৰে ৰাতি শোৱে। এই মিচ্চঁত বহিয়েই পৰিয়ালৰ সকলো মিলিত হৈ (বৰজনা, ভাইবোৱাৰী, ভনী জোঁৱাই সম্বন্ধীয়সকলৰ বাদে) বিভিন্ন ভাবৰ আদান-প্ৰদান কৰাৰ লগতে কেতিয়াবা ঘৰলৈ অহা আলহী, অতিথি বিশেষকৈ অনা দেউৰী লোক যি সকলক পাকঘৰৰ ভিতৰলৈ নিব পৰা নাযায় তেওঁলোকক মিচ্চঁ বা মিচ্চãত আপ্যায়ন কৰা হয়। মিচ্চঁ যে দেউৰীসকলৰ বাবে অৱসৰ বিনোদনৰ উপযুক্ত স্থান সেই কথা লোকগীতত এনেদৰে পোৱা যায়—
“টু টুং টোকাৰী
গয়েং বিয়া হিগাৰি
জৌ ইতৰি
মিচ্চ নে দুদুংনা দুুঁই।”১৭
ভাবাৰ্থ ঃ টু টুং টোকাৰী
গয়েং (এবিধ ফৰিং)ৰ বিয়া
ওলাইছে
আমি চাই আছোঁ
মিচ্চঁত বহি
এই গীত বৃদ্ধ-বৃদ্ধাসকলে মিচ্চঁত বহি নাতি-নাতিনীসকলক ওমলাবলৈ ধেমেলীয়া সুৰত গায়।
দেউৰীসকলৰ পাকঘৰ ঘৰৰ একবাৰে শেষত অৰ্থাৎ পশ্চিমতহে থাকে। ঘৰৰ চাংবোৰ সাধাৰণতে চাৰিৰপৰা ছয় ফুট পৰ্যন্ত ওখকৈ আৰু যৌথ পৰিয়াল হ’লে এশ ফুট পৰ্যন্ত দীঘলকৈ বনোৱা হয়। তেওঁলোকৰ চাংঘৰবোৰ সাধাৰণতে বাঁহ, কাঠ, বেত আৰু খেৰেৰে সজা হয়। এনেদৰে চাংঘৰ সজাৰ মূলতে বানপানীৰপৰা নিৰাপদ হোৱাৰ লগতে তেওঁলোকৰ যিকোনো মাংগলিক কাম তথা সকাম-নিকামত যিহেতু উপাস্য দেৱতালৈ আৰু উপৰি পুৰুষক সুঁৱৰি চুঁজে (এবিধ পানীয়) বাটিৰপৰা মাটিলৈ বাকি দিয়াৰ নিয়ম আছে, যিটো নিয়ম পালনৰ ক্ষেত্ৰত মাটিঘৰতকৈ চাংঘৰ অধিক সুবিধাজনক বুলি তেওঁলোকে ভাবে।ইয়াৰ উপৰি দেউৰীসকল কৃষিজীৱী হোৱাৰ বাবে কৃষিকৰ্ম কৰিবৰ বাবে প্ৰয়োজন হোৱা গৰু, ম’হ বন্ধাৰ বাবে চাংতল ব্যৱহাৰ কৰিবৰ বাবে চাংঘৰ সাজে। চাংঘৰ সাজিবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহৰ লগতে দৈনন্দিন জীৱন ধাৰণৰ বােব প্ৰয়োজনীয় ৰন্ধা-বঢÿা কৰাৰ বােব খৰি, শাক-পাচলি, পাত আদি সহজে সংগ্ৰহ কৰিবৰ বােব ঘৰৰ পাছফালে কাঠনি, বাঁহনি ৰাখে সেই বিষয়ে লোকগীততো উল্লেখ আছে। যেনে—
“পশ্চিম য়ু ৱাতু দাচ্চুহ দুকা-লােবম অই
কুেবনা কুেবনা ননি
আঁয়-বাদচিয়া লয়বা চাৰৰি
চ্চিেবনা চ্চিেবনা ননি।”১৮
ভাবাৰ্থ ঃ পশ্চিমৰ বাঁহনিৰ আগত কাউৰীয়ে
বাহ লোৱাত
হালি পৰোঁ হালি পৰোঁ হৈছে
মোৰ বাদচি (প্ৰেমিকা)ক আনিব নোৱাৰি
মৰোঁ মৰোঁ লাগিছে।
চাংঘৰ সাজিবৰ বােব প্ৰয়োজনীয় সামগ্ৰীবোৰৰ অধিকাংশতে বাঁহৰ ব্যৱহাৰেই অধিক। কেৱল চাংঘৰ সাজিবৰ বাবেই নহয় দেউৰীসকলৰ দৈনন্দিন জীৱনত বাঁহৰ ভূমিকা অধিক। সেয়ে ‘যাৰ বাঁহ তাৰ সাহ’ এই কথাষাৰ দেউৰী সমাজতো প্ৰতিফলিত হোৱা দেখা যায়—
১। “নিজৰ য়াঁ-য়াঁদুগহ য়ুৱা দুন্ত য়াঁ সাজিনই
ভাবিন্ত য়াঁ সাজিমাই
চেৰেম অ মিৰাচি আতিগুহৰে চান্ত মন
ইচ্চামতে চেৰেম লেমাই।”১৯
২। “হুচৰি ঐ হুঁচৰি হাত চৰৰ চৰি
চোতালখন ফাটিলে চৰচৰ কৰি
চ’ত মাহত বতাহ বলে গছে সলায় মাত।
একডাল বাঁহৰে তেৰডাল কামি
তাৰে আমি কৰোঁ বহু কাঠী কামি।”২০
১.২ জীৱিকা
দেউৰীসকল স্বভাৱতেই স্বাধীনচিতীয়া প্ৰকৃতিৰ লোক। তেওঁলোক কোনোবা ৰজা বা শাসন তন্ত্ৰৰ পৰিধিৰ ভিতৰত থাকি ভাল নাপায়। প্ৰশাসনৰ কবলৰ পৰা দূৰত থাকিবলৈ নদীৰ কাষত, হাবি-জংঘলৰ আঁৰত জীৱিকা নিৰ্বাহৰ বাবে উপযোগী ঠাইত বসবাস কৰিছিল বুলি জনা যায়। এনেদৰে বসবাস কৰা দেউৰীসকলে কৃষিকৰ্ম আৰু পশুপালনকেই তেওঁলোকৰ জীৱিকাৰ সম্বল হিচাপে গ্ৰহণ কৰা দেখা যায়। বৰ্তমান অৱশ্যে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো অগ্ৰসৰ হৈছে।
১.২.১ কৃষিকৰ্ম
দেউৰী সমাজ জীৱনৰ জীৱিকাৰ ঘাই আধাৰ হৈছে কৃষি। ধান খেতিৰ উপৰি দেউৰী লোকসকলে মাহ, সৰিয়হ, আলু, কপাহ আদি খেতি কৰে। খেতিক কেন্দ্ৰ কৰিয়েই উৎসৱ-পাৰ্বণ, পূজা-পাতল, সকাম-নিকাম আদি দেউৰী সমাজত প্ৰচলিত হৈ আহিছে। নৈ-পৰীয়া অঞ্চলেই হৈছে তেওঁলোকৰ কৃষিৰ বাবে অতি উপযোগী। লুইত বা ব্ৰহ্মপুত্ৰৰ পাৰতেই তেওঁলোকৰ সভ্যতা-সংস্কৃতিয়ে গা কৰি উঠিছে। সেয়ে বিচু চাজেবাত লুইতক অধিষ্ঠাতা দেৱতাৰূপে স্থান দিয়া হৈছে —
“ব্ৰহ্মপুত্ৰৰ কাণতে বৰহ মথুৰি এজুপি
আমি খৰি লোৱা ঠাই
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোতা নাই।”২৪
দেউৰী লোকগীতবোৰ কৃষিজীৱী জীৱনৰ কথাৰে ভৰপুৰ হৈ আছে। কৃষিকৰ্মত ব্যৱহৃত আহিলাপাতি, কৃষিকৰ্ম সম্পাদন কৰোঁতে হোৱা শাৰীৰিক শ্ৰমৰ বৰ্ণনাৰে লোকগীতবোৰে কৃষিজীৱী সমাজ তথা জীৱন সংগ্ৰামৰ ছবিখন প্ৰতিফলিত কৰে। যেনে —
“ভগা জাপি লৈ আন কি কৈ বাই ঐ
কোনে আনি দিব শুৱাই না ঐ
আমাৰ সৰুদৈয়া নায়েনা ঐ
কেঁকুৰা নাঙল মোৰ সাৰথি ঐ
হাতৰে দা কোৰ মাদলি ঐ
মোৰে খেতিডৰা চেনেহৰ ঐ
ক’লাকৈ কজলা দমৰা ঐ
বগাকৈ ফুটুকা ধুনীয়া ঐ
মোৰে গৰুহালি মৰমৰ ঐ
যেনেতেনে বছৰটো জুৰেনা ঐ।”২৫
১.২.২ পশুপালন
দেউৰী জনগোষ্ঠীয় লোকসকলৰ মাজত কৃষিকৰ্ম কৰিবৰ বাবে প্ৰয়োজনীয় গৰু, ম’হ ঘৰতে পুহি লোৱাৰ উপৰি নৈৰ পাৰত বা ঘৰৰপৰা কিছু দূৰত্বত গৰু ম’হৰ খঁুটি পাতি লয়। এনেবোৰ খুঁটিত ১৫০ ৰ পৰা ২০০ পৰ্যন্ত গৰু ম’হ ৰখা হয়। খঁুটিত পালিত গৰু-¸ ম’হেৰে কৃষিকাৰ্য সমাপন হোৱাত সহায়ক হোৱাৰ সমান্তৰালভাৱে ই এক উপাৰ্জনৰ পথো মুকলি কৰি দিয়ে। গৰু ম’হৰ উপৰি দেউৰী জনগোষ্ঠীয় লোকসকলে ঘৰত গাহৰি, ছাগলী, হাঁহ, কুকুৰা আদি পুহি আৰু সেইবোৰৰ বিক্ৰীৰ ব্যৱস্থা গ্ৰহণেৰে জীৱিকাৰ পথ মোকলাই লয়। সেয়ে খঁুটিত থকা গৰু ম’হ চাবলৈ যাওঁতে অথবা পথাৰত গৰু ম’হ চৰাবলৈ যাওঁতে নিৰ্জন পথত গৰখীয়াহঁতে হৃদয়ত উথলি উঠা আবেগ অনুভূতি প্ৰকাশ কৰি এনেদৰে গায়—
১। “আছা উগাহ মুচু ঐ চৰাণা দুমহ লাহৰী
ননামাই সুঁৱৰি কুই
ন লেবা Îচ্ছকুয় চ্চুৰে ঐ লাহৰী
আনা ঐ আৱৰিণা লাদুই।”২৮
ভাবাৰ্থ ঃ দূৰণিৰ পথাৰত গৰু চৰাওঁতে ঐ লাহৰী
তোমালৈ মনতে পৰে
তুমি দিয়া মৰমৰ মাতষাৰে ঐ লাহৰী
মোকে ঐ আৱৰি ৰাখে।
১.৩ সমাজ ব্যৱস্থা
দেউৰী জনগোষ্ঠীয় লোকসকল সমাজপ্ৰিয়। সমাজক বাদ দি তেওঁলোকে এদিনো জীৱন নিৰ্বাহ কৰিব নোৱাৰে। সেয়ে তেওঁলোকৰ ব্যক্তিগত অথবা ৰাজহুৱা জীৱনৰ প্ৰতিটো খোজেই সামাজিক ৰীতি-নীতি বা নিয়মৰ ডোলেৰে কটকটীয়াকৈ বন্ধা থাকে। সমাজৰ এই ধৰ্মকেন্দ্ৰিক নীতি-নিয়ম কোনেও অৱজ্ঞা কৰিব নোৱাৰে। দেউৰীসকল যিহেতু কুন্দিধৰ্মৰ লোক সেয়ে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে কুন্দিমামাৰ প্ৰভাৱ বিৰাজমান হৈ থাকে। দেউৰী সমাজৰ সামাজিক ব্যৱস্থাটোৰ লগত দেউৰীসকলে পূজা কৰা চাৰিশাল গোসাঁনীশালটো জডিÿত থকা দেখিবলৈ পোৱা যায়। দেউৰীসকলৰ মুখ্য পূজাথলীত তিনিখন শাল বা পূজা কৰা ঘৰ আছে। সোঁমাজৰখন কুন্দিমামাৰ, উত্তৰ ফালটো তাম্ৰেশ্বৰীৰ মন্দিৰ, দক্ষিণ ফালৰটো জাকৰুৱা বা কুন্দিমামাৰ, ল’ৰা-ছোৱালীবিলাকৰ মন্দিৰ। এই মন্দিৰৰ কুন্দিমামাৰ ল’ৰাবিলাক থাকে। তাত বৰজনা, ভাইবোৱাৰী থকাৰ কাৰণে মাজত বেৰ দিয়া থাকে। পূজ্য দেৱ-দেৱী সকলৰ মাজত এনে সামাজিক নীতি থকা কাৰণে হয়তো দেউৰীসকলৰ সমাজ ব্যৱস্থাতো তেনেবোৰ নিয়মৰ প্ৰভাৱ পৰিছে।২৯
১.৩.১ বিচাৰ ব্যৱস্থা
দেউৰী জনগোষ্ঠীয় লোকসকলৰ মাজত সমাজ পৰিচালনা কৰিবলৈ কিছুমান স্বকীয় ৰীতি-নীতি বৰ্তমানেও অপৰিৱৰ্তিত ৰূপত বৰ্তি থকা দেখিবলৈ পোৱা যায়। সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিয়েই এনে নীতি-নিয়ম মানি চলিবলৈ দায়বদ্ধ। অন্যথা সমাজ এখনৰ শান্তি-শৃংখলা তথা ঐক্য অটুট নাথাকে। দেউৰী সমাজত দোষীৰ দোষ অনুসৰি সামাজিক দণ্ড বিহাৰ প্ৰথা কট-কটীয়াভাৱে পৰম্পৰাগত ৰীতি-নীতিৰে পুৰুষানুক্ৰমে প্ৰচলন হৈ আহিছে। দোষ অনুসৰিহে প্ৰায়শ্চিত্তৰ বিধান দিয়া হয়। দেউৰীসকলৰ সমাজ ব্যৱস্থাত পুৰুষানুক্ৰমে ধৰা-বন্ধাকৈ প্ৰচলিত নিয়মৰ বিৰুদ্ধে অপকৰ্ম, দুষ্কৰ্ম বা অবৈধ কৰ্মত জড়িত হোৱা পুৰুষ, তিৰোতা, যুৱক, যুৱতী কোনোজনেই দণ্ডৰপৰা সাৰি যাব নোৱাৰে। আনহাতে বিনা দোষত যাতে কোনেও দণ্ড ভোগ কৰিব লগা নহয় তালৈও সতৰ্কতাৰে চকু দিয়া হয়। উচিত দণ্ডৰে দণ্ডিত হৈ পৰাচিত হ’লেও তেওঁ সমাজৰ দ্বাৰা গ্ৰহণীয় হয়। অন্যথা তেনে এজন ব্যক্তি চিৰদিন সমাজ বৰ্জিত হয়। এই বিধি-বিধানসমূহ জনগোষ্ঠীটোৰ পৰম্পৰাগতভাৱে চলি অহা জনবিশ্বাস, ধৰ্মনীতি, জাতীয় চৰিত্ৰ, ব্যক্তিগত বা সামাজিক মূল্যবোধ তথা মানসিক ভাৱ ধাৰণাৰ ওপৰত ¿ভত্তি কৰি গঢ়ি উঠিছে। দেউৰীসকলৰ মাজত প্ৰচলিত বিচাৰ প্ৰথা অনুসৰি লঘু দোষত দোষী সাব্যস্ত ব্যক্তিজনে গুৱা-পাণৰ শৰাই আগবঢ়াই হাঁহ-কুকুৰাৰে ভোজ দি ক্ষমা ভিক্ষা মাগি দোষৰপৰা হাত সাৰিব পাৰে। গুৰু দোষৰ বাবে সমাজৰ গুৰি ধৰোঁতা পূজাৰী, ভঁৰালী, গাঁওবুঢ়া, খুটিয়াল, পাইক, বাৰিক আৰু আন বয়োজ্যেষ্ঠসকলক লৈ গাঁৱত মৰংঘৰত চালি-চপাবাৰ আয়োজনেৰে সকলোৰে উপস্থিতিত দোষী সাব্যস্ত হোৱা ব্যক্তিজনক দণ্ড বিহা হয়। ইয়াৰ উপৰি গাঁৱৰ দেৱালয়ত ইষ্ট দেৱতাৰ নামত পূজা আগবঢ়াই পূজাৰীৰপৰা কিমাৰু পাত বা তংলতিৰে শান্তিজল গ্ৰহণেৰে দোষ মোচন কৰিব লগা হয়। উপাস্য দেৱতাই তেনে দোষী ব্যক্তিজনে বিচৰা ধৰণে শাস্তি বিহে বুলি দেউৰী লোকসমাজে বিশ্বাস কৰে। দেউৰী সমাজত কোনো এজন ব্যক্তিয়ে সমাজ বৰ্হিভূত অপকৰ্মৰ লগত এবাৰ প্ৰবৃত্ত হৈ প্ৰায়শ্চিত্ত হ’লেও সামাজিকভাৱে অনুষ্ঠিত সকলো ধৰণৰ মাংগলিক কৰ্মত সক্ৰিয়ভাৱে অংশ ল’বলৈ কেতিয়াও দিয়াৰ নিয়ম নাই। তেনেলোকক সামাজিকভাৱে হেয় বুলিয়েই গণ্য কৰে। জীৱনৰ পৰৱৰ্তী সময়বোৰতো তেওঁলোক কাহানিও সমাজৰ উচ্চ আসন বা সম মৰ্যাদাৰ আসন পাবলৈ যোগ্য বুলি বিবেচিত নহয়। সেয়ে দেউৰী সমাজত ককাক-আইতাকহঁতে নাতি-নাতিনীসকলৰ মাজত অপকৰ্ম কৰাৰ মানসিকতা যাতে গঢ় লৈ উঠিব নোৱাৰে তাৰ বাবে সাৱধান কৰি ওমলাওঁতে গায়—
“মইনা কানি চ্চিতি জি ইছাৰিংনা
আমিৰি মাই দা কে
আমিৰিয় মিদি নিন
ছাবা কাম বমা কাৰিকে
দা-নকো মইনা কানি
মিদিকু মিদিয়া শাস্তি লাদোন।”৩০
ভাবাৰ্থ ঃ মইনাহঁত ফলমূল বিচাৰি
হাবিলৈ নাযাবা
বনৰ দেৱতাই ধৰিব
বেয়াকাম কেতিয়াও নকৰিবা মইনাহঁত
দেওশালৰ দেৱতাই দণ্ড বিহিব।
১.৩.২ পাৰিবাৰিক সম্বন্ধ
পাৰিবাৰিক জীৱনত দাম্পত্য জীৱনৰ স্থান আটাইতকৈ বেছি। পতি-পত্নীৰ মধুৰ সম্বন্ধৰ কথা দেউৰী লোকগীতত অভিব্যক্ত হোৱা দেখা যায়। এনে মধুৰ সম্বন্ধৰ বাবেই পৰমেশ্বৰ জ্ঞান কৰা স্বামীৰ মৃত্যুত মহিলাগৰাকীয়ে স্বামীৰ ৰূপ-গুণৰ কথা কৈ তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে ‘কুন্দগিৰা’ৰ ওচৰত প্ৰাৰ্থনা কৰে। দুখে বোজা হৈ পৰা তেওঁৰ হৃদয়ৰপৰা বিলাপ কৰি গায়—
“হায়ৈ ন গুনন্ত চিৰন্ত
পু গুজা লাদুকুন আঁ
একোচা স্বৰ্গমাই কেন
চ্চু চ্চা হাকু ঐ
চ্চু চ্চা নিকু ঐ
আঁ নু ঐ আশীৰ্বাদ লেৰি
হায়ৈ ন গুণন্ত
ন আনা
হেলা বাৰেস্তহ চচ্চেয়া
নংনা কিৰোম ঐ
গুণন্ত কুন্দিগিৰা অই …”৩১
ভাবাৰ্থ ঃ হায়ৈ…þ
গুণৱন্ত তুমি মৰিলে
খৰি এমুঠা দিম মই
স্বৰ্গলৈ ভালদৰে যাবাগৈ
ভালদৰে খাবাগৈ
মই ঐ আশীৰ্বাদ দিছোঁ
হায়ৈ গুণৱন্ত
তুমি মোক
পৃথিৱীত অকলে এৰি থৈ গ’লা।
কুন্দিগিৰা অই . . .
১.৩.৩ পৰিয়াল
গ্ৰাম্য অঞ্চলৰ দেউৰী জনগোষ্ঠীয় লোকসকলৰ অধিকাংশই যৌথভাৱে বসবাস কৰা দেখা যায়। যৌথ পৰিয়ালসমূহ দেউৰী সমাজৰ বাবে একতাৰ আদৰ্শ আৰু গৌৰৱৰ নিদৰ্শন স্বৰূপ। যৌথ পৰিয়ালৰ মুৰববীজনে পৰিয়ালৰ সকলোকে একগোট কৰি ৰাখিব পাৰিলে সমাজত তেওঁক সন্মানৰ দৃষ্টিৰে চায় বুলি দেউৰী লোকসমাজে বিশ্বাস কৰে। তেনে বিশ্বাসৰ বাবেই যৌথ পৰিয়ালবোৰক গৌৰৱৰ নিদৰ্শন বুলি ভবা দেউৰীসকলে লোকগীতত গায়—
“গুজা পিপয় গুজা ডালহ কুদুনা দউচি
ৰং বিৰং দুৱায়া পিপয় ডালনা ইগাৰেনা দুমেই
জাৰ অতিগুয় পিকিতি কাই কানিয়া দউচি
চিগা য়ানা নিনা দুমেই।”৩৫
যৌথ পৰিয়ালৰ সকলোৱে সমিল-মিলেৰে বসবাস কৰাৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাৰ দায়িত্ব অধিক বুলি ভবা হয়। সেয়ে এই লোকগীতত দউচি (মাজনী)ক উদ্দেশ্য কৰি গোৱা হৈছে যাতে পৰিয়ালৰ কন্যা সন্তানে সাংসাৰিক জীৱনৰ পাতনি মেলি যৌথ পৰিয়ালৰ গুৰু দায়িত্ব পালনেৰে একতাৰ আদৰ্শ বৰ্তাই ৰখাত সফল হ’ব পাৰে।
১.৩.৪ দেউৰী সমাজ ব্যৱস্থাত এলেং আঁচ্চ আৰু তাঁতিশালৰ ভূমিকা
দেউৰী লোকসমাজত ডেকাসকলৰ বাবে এলেং আঁচ্চ আৰু গাভৰুসকলৰ বাবে তাঁতিশালৰ ব্যৱস্থা কৰা দেখা যায়। এই এলেং আঁচ্চ আৰু তাঁতিশাল গাঁৱৰ মাজত সুবিধাজনক হোৱা মুকলি ঠাইত বনোৱা হয়। এলেং আঁচ্চত অবিবাহিত ডেকাসকলে তাঁতিশালৰ গাভৰুসকলে অৱসৰ বিনোদন কৰাৰ লগতে বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈ সুযোগ লাভ কৰে। গতিকে অৱসৰ বিনোদন আৰু গাঁৱৰ শিক্ষাকেন্দ্ৰ হিচাপে দেউৰী লোকসমাজত এলেং আঁচ্চ আৰু তাঁতিশালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
১.৩.৪.১ এলেং আঁচ্চৰ ভূমিকা
এলেং আঁচ্চ দেউৰী জনগোষ্ঠীৰ জনজীৱনৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম এক আৰ্থ-সামাজিক অনুষ্ঠান। এই এলেং আঁচ্চ দেউৰী জনগোষ্ঠীৰ মুকলি ৰঙ্গমঞ্চস্বৰূপ। ইয়াত বেৰ দিয়া নহয়। গাঁৱৰ এনে স্থানত এলেং আঁচ্চ সজোৱা হয়, য’ত গাঁৱৰ ডেকাচামে সহজেই আহি তাত যোগ দিবহি পাৰে। যৌৱন প্ৰাপ্ত সকলো ডেকা অথবা প্ৰাপ্তবয়স্কই এই ‘এলেং’ আঁচ্চ’ৰ সাধাৰণ সদস্য। এনে সদস্যভুক্ত প্ৰাৰ্থীয়ে ‘এলেং আঁচ্চ’ ৰ সকলো বিধি মানি চলিবলগীয়া হয়। এই বিধিসমূহ লিখিত আকাৰত নাথাকিলেও মুখে মুখে চলি অহা ‘এলেং আঁচ্চ’ৰ বিধিসমূহ প্ৰযোজ্য হৈ অহা দেখা যায়। এনে সামাজিক অনুষ্ঠানত ডেকাহঁতে বিবিধ বিষয়ত অভিজ্ঞতা আৰু¸ জ্ঞান অৰ্জন কৰে। গধূলি খোৱা-বোৱাৰ পাছত আজৰি সময়ত ডেকাসকলে তাত গোট খায়। লিখা-পঢ়া চৰ্চাকে আদি কৰি নানান প্ৰকাৰৰ নিত্য-নৈমিত্তিক আৱশ্যকীয় সা-সৰঞ্জাম যেনে— খালৈ, খৰাহি, জাকৈ, মৈ, নাঙল আদি সজা, খেলা-ধূলা কৰা, গীত মাত শিকা, ঢোল, পেঁপা, বাঁহী সজাবলৈ আৰু বজাবলৈ শিকা আদি সমস্ত কাম সমাধা কৰে। এলেং আঁচ্চতে ডেকাহঁতে বিচু চাজেবাৰ আখৰা কৰাৰ লগতে প্ৰেমিকাক উদ্দেশ্যি বিভিন্ন ধৰণৰ চাজেবা, মজায়া গায়—
“বাঁহিনা লাংনা এলেং ঐ য়াঁহ
দেংনা চিৰি ঐ দাগায়
নিয় য়ই লাচ্চি গাই নিয় বাবা লাচ্চি গাই
মিচ্চিয় দুগজুই গুজ ঐ গুজাই।”৩৮
একেদৰে য়ঁবু, কঁকিলিৰ যোগেদি মজায়াৰ কৰুণ সুৰ, চাজেবাৰ বিভিন্ন সুৰ বজাই চৌদিশ ৰজনজনাই তোলে। ইয়াৰ উপৰিও এলেং আঁচ্চত বিশেষকৈ, অবিবাহিত সকলে নিশা শুই পাল পাতি গাঁও পহৰা দিয়া কামতো নিযুক্ত হৈ থাকে। সমাজৰ যুৱক অতিথিসকলক তাত জিৰণিৰ বাবে ৰখা হয়। সমাজ সম্বন্ধীয় বিষয়ে আলোচনা, গাঁৱৰ দন-হাই, কাজিয়া-পেচালৰ বিচাৰ, পঞ্চায়ত প্ৰভৃতি এলেং আঁচ্চত অনুষ্ঠিত কৰা হয়। এনে দৃষ্টিকোণৰ পৰা এলং আঁচ্চ আনন্দ বিনোদনৰ স্থলী,আৰ্থ-সামাজিক, সাংস্কৃতিক স্ব-নিয়োজক অনুষ্ঠান হোৱাৰ লগতে সমাজৰ সদ্ভাব সম্প্ৰীতি বঢ়োৱা আৰু দৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
১.৩.৪.২ তাঁতিশালৰ ভূমিকা
তাঁতিশাল দেউৰী লোকসমাজত প্ৰচলিত হৈ অহা সমূহীয়া বয়নশাল। এনে ধৰণৰ বয়নশাল একোখন গাঁৱত কেইবাখনো থাকিব পাৰে। সমূহীয়া বয়নশালক দেউৰী ভাষাত তাঁতিশাল বুলি কোৱা হয়। এই সমূহীয়া তাঁতিশাল দেউৰী গাভৰুসকলৰ বাবে অৱসৰ বিনোদনৰ উপযুক্ত স্থান হিচাপে গণ্য কৰিব পাৰি। ইয়াৰ উপৰি সমূহীয়া তাঁতশাল প্ৰথাৰ পৰা সমাজৰ কেইবাটাও দিশত উপকৃত হোৱা দেখা যায়। সেই দিশকেইটা হৈছে —–
ক) বয়ন শিল্পৰ শিক্ষা কেন্দ্ৰ
দেউৰী লোকসমাজত মহিলাসকলে বয়নশিল্পক জীৱন জীৱিকাৰ দৰেই প্ৰয়োজনীয় বিষয় হিচাপে গ্ৰহণ কৰাটো এক প্ৰশংসনীয় দিশ। সেয়ে দেউৰী প্ৰত্যেকজনী মহিলাৰ বােব কাপোৰ বোৱা বিদ্যা শিকাটো এক প্ৰকাৰ বাধ্যতামূলক হিচাপে গণ্য কৰা হয়। সমূহীয়া তাঁতশালবোৰত ভালদৰে ফুল বাচিব নজনা ছোৱালীবোৰে কাজী শিপিনীৰপৰা অনায়াসে ফুল বচা, ফুল তোলা বিদ্যা, কৌশল শিকিব পাৰে। এগৰাকীয়ে আন এগৰাকীক বিনাদ্বিধাই সহজতে ফুল তোলা শিক্ষা দিব পাৰে।
খ) সাংস্কৃতিক কেন্দ্ৰ ৰূপত সমূহীয়া তাঁতশাল
সমূহীয়া তাঁতশালত সমবেত হোৱা গাভৰুসকলৰ মাজত তাঁত বোৱাৰ সমান্তৰালভাৱে গীতৰো চৰ্চা হয়। তাঁত বৈ থাকোঁতে কাৰোবাৰ মুখত মজায়াþ, বিচু চাজেবা আদিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ঘটে। মুক্ত আৰু স্বাধীনচিতীয়া পৰিৱেশত তাঁত বৈ থাকোঁতে কেতিয়াবা গভীৰ আৰু ভাবগধুৰ গীতৰ সৃষ্টি হোৱা দেখা যায়। এনে ধৰণৰ প্ৰতিষ্ঠানৰ মাজেদি বয়ন-শিল্পৰ লগত জড়িত গাভৰুসকলৰ প্ৰতিভা বিকাশৰ এক উল্লেখযোগ্য দিশ লুকাই আছে।
গ) সমবায় আদৰ্শ
সমূহীয়া তাঁতশালত তাঁত লগাই কোনোবা যদি সোনকালে শেষ কৰিব পাৰে তেন্তে অন্য এগৰাকীৰ তাঁত বৈ দি সহায় কৰা দেখা যায়। একেদৰে এগৰাকী শিপিনীয়ে তাঁতখন আৰোঁতে, ফুল তোলোঁতে এজনীয়ে আনজনীক সহযোগ আগবঢ়োৱাৰ নিয়ম আছে। তাঁত বোৱা কৰ্মৰ লগত শিপিনীসকলৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিক পৰিশ্ৰমো যে হয় তাৰ নিদৰ্শন পোৱা যায়। এই ধৰণৰ সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠানবোৰৰ যোগেদি দেউৰী লোকসমাজৰ সাম্যবাদী চিন্তা আৰু সাংস্কৃতিক পৰিৱেশৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়। তাঁত বৈ বৈ প্ৰিয়জনক বা মৰমৰ বন্বুূ বান্ধৱীক সুঁৱৰি চাজেবা গাই আত্মসন্তুষ্টি প্ৰকাশ কৰাও দেখা যায়—
“চ্চু-নিমামা পিগুয়াঁ চ্চু নিমামা চ্চতয়া
চ্চু -নিমামা হৰিণাং কিয়া,
চ্চু নিমামাৱা নৈয় জি লেকিয়া
লিংনা দুমা চ্চতংনা কিয়া।”৩৯
ভাবাৰ্থ ঃ প্ৰেম নাভাগে পিৰিতি নিচিঙে
পিৰিতি নপৰে সৰি,
প্ৰেম পিৰিতি বোৱতী নদীৰ পানীৰ দৰে
চিৰদিন বৈ থাকে।
১.৪ ধৰ্ম আৰু পূজা-পাতল
দেউৰী জনগোষ্ঠীয় লোকসকলে নিজক শক্তিপূজক আৰু কুন্দিধৰ্মৰ লোক বুলি কয়। দেউৰী লোকসমাজত প্ৰচলিত পূজা-পাতলৰ অধিকাংশই মিদিকুকেন্দ্ৰিক আৰু ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰে।
১.৪.১ দেউৰীসকলৰ ধৰ্ম
দেউৰী জনগোষ্ঠীয় লোকসকল ‘কুন্দিমামা’ ধৰ্ম মতৰ বিশ্বাসী আৰু পূজক। তেওঁলোকে প্ৰধানকৈ দেওপূজা কৰে আৰু বলি বিধান পদ্ধতিৰে পূজা-পাতল দিয়ে। পুৰুষ প্ৰকৃতিৰ ৰূপত ‘কুন্দিমামা’ক প্ৰধান উপাস্য দেৱ-দেৱী হিচাপে গণ্য কৰে। দেউৰীসকলৰ ধৰ্মীয় বিশ্বাস, পূজা-পাতলৰ পদ্ধতি, আৰাধ্য দেৱ-দেৱী আদি সকলোবোৰ দিশ ফঁহিয়াই চালে তেওঁলোক কেৱল শাক্ত ধৰ্মাৱলম্বী লোক বা পূজক বুলি ঠাৱৰ কৰিব পৰা যায়। কাৰণ — তেওঁলোকৰ ধৰ্মীয় পৰম্পৰাগত পূজা পদ্ধতিত সাত্ত্বিক, ৰাজসিক আৰু তামসিক এই তিনিওবিধ পদ্ধতি পৰিলক্ষিত হয়।৪০ দেউৰীসকলে পুৰুষ প্ৰকৃতিৰ ৰূপত কুন্দিমামাৰ পূজা কৰাৰ উপৰি তেওঁলোকে সূৰ্যক পুৰুষ আৰু চন্দ্ৰক প্ৰকৃতিৰূপে মানৱৰ আদি পিতা-মাতা বুলি বিশ্বাস কৰে। সেয়ে চন্দ্ৰ-সূৰ্যলৈ সেৱা জনাই বিহুৱতীসকলে গায়—
“সূৰ্য্যলৈ এসেৱা কৰোঁ ঐ দেওহঁত
চন্দ্ৰলৈ এসেৱা কৰোঁ না ঐ,
ন-দুলি নামেৰে ছ-দুলি নমালে
জপাৰে খিডিÿকী কাটি না ঐ।”৪১
দেউৰীসকলৰ মাজত প্ৰচলিত প্ৰবাদ অনুসৰি কুন্দিমামাই জল-স্থল আৰু জীৱ সকলো সৃষ্টি কৰিলে। এই সৃষ্টিকৰ্তাই তেওঁলোকৰ উপাস্য দেৱতা। দেউৰী জনগোষ্ঠীয় লোকসকলে নিজকে উপাস্য দেৱতাৰ একো একোটা অংশ বুলি বিশ্বাস কৰে। সেয়ে যিকোনো উৎসৱ অনুষ্ঠান আৰু শুভকৰ্মৰ আৰম্ভণিত কুণ্ডিমামাক স্মৰণ কৰাটো কুন্দি ধৰ্মৰ মূলবাণী হিচাপে গ্ৰহণ কৰে। তাৰ প্ৰতিফলন লোকগীতত এনেদৰে পোৱা যায়-
“য়য় দয়ামায়া য়য় মহামায়া
হে য়য় মামাৰু মামে
নিয় উলিপুলি চাজেনৈ ননি
দুক দায় মুগঁনা কেমি।”৪২
ভাবাৰ্থ ঃ মাতৃ মহামায়া মাতৃ দয়াময়
হে সৃষ্টিকৰ্তা।
তোমাৰ সতি-সন্ততিয়ে আজি বিহু মাৰিবলৈ ওলাইছে,
সকলো দায় দোষ ক্ষমা কৰি দিবা।
১.৪.২ ধৰ্মীয় বিশ্বাস আৰু পূজা-পাতল
দেউৰী সমাজ জীৱনত ধৰ্মৰ বান্ধোন অতি সুদৃঢ়। প্ৰত্যেক গাঁৱতে থকা দেওঘৰ বা মিদিকুক কেন্দ্ৰ কৰিয়ে সমাজ জীৱনৰ সৰহখিনি কাৰ্যকলাপ চলি থাকে। মিদিকুকেন্দ্ৰিক পৰম্পৰাগত ৰীতি-নীতি, পূজা-পাৰ্বণ আদি কালৰ সোঁতত উটাই নিদি বৰ্তমানে দেউৰী জনগোষ্ঠীয় লোকসকলে পালন কৰি আহিছে।
দেউৰীসকলৰ ধৰ্মীয় বিশ্বাস অনুসৰি চন্দ্ৰ-সূৰ্য মানৱৰ আদি পিতা-মাতা। সেয়ে আদি পিতা-মাতাক সন্তুষ্টি কৰিবৰ বাবে চায়াঁয়া পূজা কৰে। একেদৰে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ সৰগদেউ বা ওপৰদেৱতা পূজা পাতে। আন লোকসমাজৰ দৰে দেউৰী লোকসমাজতো উপাস্য দেৱ-দেৱতাৰ পূজাৰ লগতে অপদেৱতাৰপৰা হাত সাৰিবলৈ আৰু সন্তুষ্ট কৰিবলৈ অপদেৱতাৰ পুজা পাতে। আৰাধ্য দেৱ-দেৱীৰ পূজা আৰু অপদেৱতাৰ পূজা একেবাৰে Îবলেগ । এনে অপদেৱতাৰপৰা ৰক্ষা পাবলৈ জলশাই থলশাই ডাঙৰীয়া, গাংৰখীয়া, গাটীয়াল আৰু মেদি-খুকুৰী, ৰঙাচন দেৱতাৰ পূজা পাতে। দেও ভূতৰ পূজা গাঁৱৰ জনা বুজা যিকোনো লোকে ৰীতিমতে কৰিব পাৰে। তেওঁবিলাকক ‘দেওধাই’ বুুুলি কোৱা হয়। দেউৰীসকলৰ আটাইবোৰ ফৈদৰ মাজত এই দেৱতাসকলৰ নামৰ পাৰ্থক্য বেলেগ যদিও ইয়াৰ মূল ড×দ্দেশ্য আৰু ধাৰণা সকলোৰে একেই। দেউৰী ধৰ্ম বিশ্বাসমতে উপাস্য দেৱতাৰ পুজা-পাতলত পুজাৰী আৰু মিদি (গাত দেও লম্ভা ব্যক্তি)য়ে কাম কৰে।
দেউৰী জনগোষ্ঠীয় লোকসকলৰ ধৰ্মীয় বিশ্বাসত আত্মাৰ বিশেষ স্থান আছে। এই বিশ্বাস অনুসৰি তেওঁলোকে মৃত লোকৰ আত্মাক গৃহলখিমী হিচাপে জ্ঞান কৰে। বিশ্বাস আছে যে মৃত আত্মাই ঘৰখনৰ জীৱিতসকলৰ বাবে লখিমী দি যায়, আয়ুস দি যায়। সেয়ে মৃত মানুহজনক গা-ধুৱাই নতুন বস্ত্ৰপিন্ধাই লখিমী লোৱা হয়। এনে বিশ্বাসৰ বাবে দেউৰীসকলে এজন ব্যক্তিৰ মৃত্যু হ’লে লখিমী পৰীক্ষণ কৰা লোকাচাৰ পালন কৰে। লখিমী ল’বৰ বাবে পাঁচটা ধান গুটি লোৱা হয় আৰু মৃত মানুহজনক ঢাকি ৰখা বগা চেলেং কাপোৰখনৰ পৰা এডোখৰ ফালিপাঁচভাগ কৰা হয়। পাঁচটা আঙুলিত এডোখৰ কাপোৰ মেৰিয়াই বাঁহেৰে তৈয়াৰ কৰা চেপেনাৰে এটা ধানগুটি চেপি ধৰি প্ৰতিটো আঙুলিত বংশৰ নিয়ম অনুসৰি পাঁচবাৰ বা সাতবাৰ স্পৰ্শ কৰাই কুলাত পাৰি ৰখা নতুন চেলেং কাপোৰখনৰ ওপৰত থোৱা হয়। এনেদৰে প্ৰত্যেক আঙুলিতে স্পৰ্শ কৰাই লখিমী লোৱা নিয়ম পালন কৰা হয়। কুলাখন ভালদৰে ঢাকি কোনোৱে সহজে ঢুকি নোেপাৱা ওপৰৰ চাãত সাত দিনৰ বােব ৰখা হয়। সপ্ত পিণ্ড দিয়া দিনাখন কুলাখন নমাই লখিমী পৰীক্ষা কৰা হয়। কুলাত থোৱা হিচাপৰ ধান গুটি অধিক হ’লে মৃত আত্মাই লখিমী দিয়া বুলি আৰু কুলাখনত চুলি বিচাৰি পালে আয়ুস দিয়া বুলি বিশ্বাস কৰে। সেয়ে মজায়া গীতত গোৱা হয়—
“ন কিৰম হায়ৈ গুণন্ত
কিং চিগানা আয়ুস দা-লে-দা
আঁকে ন চং নে কেন
দানৈনো কিৰম কুন্দি আয় ঐ
চু – চাৰে – ন – দাম
আৰ্শীবাদ – ন – দা
মিনুচি লেদানা কে
ন হয়ান্তকে হায়ৈ কুন্দি
য়াঁ গুজা যাতে ইগানা দুমেই।”৪৩
১.৪.৩ ধৰ্মীয় কাৰ্যত মিদি আৰু পমিয়াৰ স্থান
দেউৰীসকলৰ ধৰ্মীয় কাৰ্যত মিদি আৰু পমিয়াৰ স্থান অত্যন্ত গুৰুত্বপূৰ্ণ। মিদি আৰু পমিয়া হৈছে দেউৰী সমাজৰ সন্মানীয় ব্যক্তি। পমিয়াসকলক কুন্দিগিৰাৰ সম গণ্য কৰি দেউৰী লোকসমাজত আগস্থান দিয়াৰ উপৰি কোনো ব্যক্তিৰ ঘৰত যদি পমিয়াৰ পদধূলা পৰে তেতিয়া স্বয়ং ভগৱানৰ চৰণ পৰেহি বুলি বিশ্বাস কৰে। দেউৰী লোকসমাজত প্ৰচলিত প্ৰবাদ অনুসৰি কোনো ব্যক্তিৰ গাত যদি ভূত-প্ৰেত লম্ভে, তেন্তে তেনে ব্যক্তিজনৰ ওচৰলৈ পমিয়া এজন আহিলে সেই ভূত-প্ৰেত ব্যক্তিজনৰ গাৰ পৰা আপোনা-আপুনি আঁতৰি যায় আৰু পমিয়াজনে যদি আশীৰ্বাদ দি হাত ফুৰাই দিয়ে তেতিয়া সাধাৰণ জ্বৰ-কাহ, ক্লেশ, বিঘিনি নাইকিয়া হৈ যায়। এই পমিয়াসকলক মিদিয়ে দেৱতাৰ শ্ৰুতি মন্ত্ৰ আৰু নীতি-নিয়মসমূহৰ শিক্ষা প্ৰদান কৰে। মিদিয়ে শিকোৱা নীতি-নিয়মসমূহ আয়M কৰি পমিয়াসকলে অতীজৰ পৰা মিদিকুৰ লগত জড়িত ধৰ্মীয় কাৰ্যসমূহ কৰি আহিছে। মিদিয়ে কোনো ব্যক্তিৰ বা পৰিয়ালৰ অপায- অমংগল সম্ভাব্য দুখ-বিপদৰ ভৱিষ্যৎ বাণী কৰিব পাৰে আৰু তেওঁ উপাস্য দেৱ-দেৱীৰ সৈতে সংসৰ্গ লাভ কৰিব পাৰে বুলি বিশ্বাস কৰে। দেউৰী লোকসকলে দেওধনীক মিদি বুলি কয়। আত্মা অশৰীৰী হোৱাৰ হেতুকে আত্মাই কথা ক’ব পৰা শক্তি লাভ কৰিবলৈ এজন দেওধাৰী মানুহৰ কিছু অংশ গ্ৰহণ কৰি লয়। যি লোকৰ দেহৰপৰা এই অংশ গ্ৰহণ কৰা হয়— তেওঁলোকৰ আত্মাৰ লগত পৰমাত্মাৰ একাত্মীভূত হোৱাকেই দেওধনী বোলা হয়।”৫৮
দেউৰীসকলৰ দেওধনী প্ৰথাৰ লগত অসমৰ জনজাতীয় মিৰিবিলাকৰ মিবু (দেওধাই) নিমিলে। মিৰি-সমাজৰ দেও উঠে পুৰোহিতজনেই আৰু পূজাৰ শেষ অৱস্থাত তেওঁৱেই দৈৱ বাণী শুনায়। কছাৰীবিলাকৰ বাথৌ-ব্ৰাই পূজাত দেওধনীয়ে প্ৰায় পুৰোহিতৰ কাম কৰে। মন কৰিবলগীয়া যে দেউৰী সমাজৰ দেওধনীয়ে পুৰোহিতৰ একো কাৰ্যকে নকৰে।৫৯ সেয়ে পমাচি, আচিয়া মিদি মুমা, মিনুচি লেদুবা, খিন দাবেবা, মিদু মুমাত পূজাৰীয়ে মুখ্য পুৰোহিত হিচাপে কাম কৰে। কিন্তু; মিদি কাবাত মিদিক কেন্দ্ৰ কৰিয়ে সকলো আয়োজন কৰে। ব’হাগ বিহুৰ পূজা উৎসৱৰ অবিভক্ত অংগ মিদি কাবা (দেও উঠা)ৰ বাবে মিদিকুৰ মণিকূট আৰু সাদুৰাত অবিৰাম তেলৰ বন্তি জ্বলাই থোৱা হয় আৰু দেৱ-দেৱীৰ কীৰ্তি কাহিনী থকা এবিধ গীত বন্দনা গোৱা হয়। তেতিয়া মিদিসকল হাতত সৌকা আদি লৈ কোবাকুবিকৈ চিঞৰি চিঞৰি মিদিকুলৈ আহে। মিদিকুৰ সাদুৰাত প্ৰৱেশ কৰি দেবাংগ বসন-ভূষণ পৰিধান কৰে। তেতিয়া পূজাৰীয়ে শান্তি -পানী ছটিয়াই মিদিক দেৱতাৰ শাৰীলৈ তোলে। সেই মুহূৰ্তত মিদিয়ে বলি কটা বেদীৰ ওপৰত আগলি পাতৰ আসনত বহি ঐশ্বৰিক শক্তি লাভৰ জৰিয়তে দৈৱবাণী শুনায় আৰু মিদিকুত সমবেত হোৱা ৰাইজে কুশল মংগলৰ বাবে মিদিক উপাস্য দেৱতাৰ জ্ঞান কৰি সেৱা জনায়। সেয়ে ৰাইজৰ মংগলৰ বাবে স্বয়ং কুন্দিগিৰাৰ প্ৰতিনিধি হিচাপে ৰাইজৰ কাষত থিয় দিয়া পূজাৰী, বাৰিক, বিষয়াসকলক লৈ দেউৰী লোকগীতত গোৱা হয় —
“পবৰ্বতৰে পৰা দেউৰী নামিলে
ভৈয়ামত দি যাব পূজা,
প্ৰথমে নামি গ’ল বৰা ডাঙৰীয়া
শৰাই তিনিখনি লৈ,
পাছতে নামিলে পৰীয়াসকল ঐ
পূজাৰে সম্ভাৰ লৈ।
ৰাইজে সুধিলে পূজাৰীসকলক
আমাৰ কি গতি হ’ব
নেদেখা ঈশ্বৰক পূজা দি যাব ঐ
ৰাইজৰ সু-মঙ্গল হ’ব।।”৪৯
১. নীৰাজনা মহন্ত বেজবৰা, লোকতত্ত্ব জিজ্ঞাসা, পৃ.৪০
২. প্ৰফুল্ল দত্ত, গোস্বামী, অসমীয়া জনসাহিত্য, পৃ.১৭
৩. ৰত্নেশ্বৰ দেউৰী, দেউৰী লোকগীত, পৃ.১৭৬
৪. ইণ্ডিয়ান দেউৰী, তথ্যদাতা নাৰায়ণপুৰ,
৫. কলিমতী দেউৰী, তথ্যদাতা, দেওতুলা
৬. গণক চন্দ্ৰ দেউৰী, অসমৰ জনজাতি, পৃ.৭৮
৭. W.B. Brown, A outline Grammar of the Deori Chutia Language, P. Introduction (III).
It will have been observed that the original seat of the Deoris was in the region beyond Sadiya. It is only about a Century ago that they removed thence to their present settlementsজ্ব and some of them still occassionally visit Sadiya for religious purpose.
৮. ষড়ানন দেউৰী, পূৰ্বোল্লিখিত গ্ৰন্থ, পৃ.১৪
৯. ষড়ানন দেউৰী, পূৰ্বোল্লিখিত গ্ৰন্থ, পৃ.১৫
১০. মলিনা দেৱী ৰাভা, মুখ্য সম্পা. অসমৰ জনজাতি আৰু সংস্কৃতি পৃ.৬১৫
১১. ডম্বৰুধৰ দেউৰী, দেউৰী সংস্কৃতি, পৃ. ৯১
১২. ৰামপ্ৰসাদ দেউৰী, দেউৰীসকলৰ সংস্কৃতি আৰু সামাজিক জীৱন, অভিলেখ, সম্পা. ভীমকান্ত বৰুৱা, পৃ. ২৯৯
১৩. Edward Gait, A History of Assam, p.41.
The Chutiyas now number about a twelgth of million and are found Chiely in Lakhimpur and the adjacent part of Sibsagar. Their language, which is still known to the Deoris, or priestly section of the tribe, is unmistakably Bodo.
১৪. পদেধৰ দেউৰী, দেউৰী সংস্কৃতিৰ ইতিহাস, পৃ.১৫
১৫. ললিত দেউৰী, তথ্যদাতা, নজৰাপাৰ, শদিয়া।
১৬. পূৰ্বোল্লিখিত গ্ৰন্থ, মলিনা দেৱী ৰাভা (মুখ্য সম্পা.), পৃ.৬১৯
১৭. কানাই দেউৰী, তথ্যদাতা, ১ নং শান্তিপুৰ, শদিয়া।
১৮. বিষ্ণু দেউৰী, তথ্যদাতা, চিচি কলঘৰ, ধেমাজি
১৯. নাজিতৰা দেউৰী, তথ্যদাত, নাৰায়ণপুৰ।
২০. সুৰেন দেউৰী বৰপূজাৰী, দেউৰী হুঁচৰি বিহুৰ সমীক্ষা (দ্বিতীয় খণ্ড), পৃ.১১
২১. দেৱল দেউৰী, তথ্যদাতা, মাজৰবাৰী, ধেমাজি জিলা।
২২. খগেনচন্দ্ৰ দেউৰী, জিমচাঁয়া বিচু চাজেবা, পৃ.৪৫
২৩. বিষ্ণু দেউৰী, তথ্যদাতা, চিচিবৰগাঁও, ধেমাজি
২৪. ৰত্নেশ্বৰ দেউৰী, দেউৰী লোকগীত, পৃ.১৪২
২৫. অসমৰ জনগোষ্ঠীয় লোকসাহিত্য, পৃ.১৯২
সুবাসনা মহন্ত চৌধুৰী, সম্পা. পল্লৱী ডেকা বুজৰবৰুৱা (সম্পা.)
(লেখিকা ঃ সহকাৰী অধ্যাপিকা, শদিয়া কলেজ, চপাখোৱা)