হৰেন শইকীয়া
বিহু অসমৰ জাতীয় উৎসৱ। জাতীয় উৎসৱে একোটা জাতিৰ জাতীয় মৰ্যাদা ৰক্ষা কৰি জাতিটোক আত্ম নিয়ন্ত্ৰণৰ শক্তি দিব পাৰে। অসমীয়া সমাজখন মূলতঃ জনজাতীয় সমাজ। অসমীয়া ভাষাটো বা অসমীয়া ভাষাৰ শব্দ সম্ভাৰ বা অসমীয়া সংস্কৃতি এই সমাজখনৰ প্ৰতিটো অংশীদাৰী জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ। জনগোষ্ঠীসমূহৰ মাজত বিভিন্ন সময়ত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সম্পৰ্কৰ মাজেৰে গঢ় লোৱা অসমীয়া জাতিৰ একক ৰূপ এটা আমি কেৱল বিহুৰ মাজত দেখিবলৈ পাওঁ।
অসমীয়া জাতি গঠনৰ ঐতিহাসিক প্ৰক্ৰিয়াটো লক্ষ্য কৰিলে আমি দেখোঁ, অসমীয়া ভাষা সংস্কৃতিক অৱলম্বন কৰি যি বৰ্ণবাদী আধিপত্যবাদ, উগ্ৰ জাতীয়তাবাদী ধ্যান ধাৰণা, সংকীৰ্ণ ৰাজনৈতিক চিন্তা আদিৰ ব্যাপকতাৰ বাবেই জনগোষ্ঠী সমূহৰ মাজত সামগ্ৰিকতাৰ পৰিৱৰ্ত্তে গোষ্ঠীগত চেতনা বৃদ্ধি হৈছে। এনে আধিপত্যবাদৰ পৰা পৰিত্ৰাণ পাবলৈকে অসমৰ সমাজ সংস্কৃতিৰ লগত একাত্ম হৈ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ মাজতো আত্মউত্তৰণৰ প্ৰয়াস ঘটিছে। এনে সময়ত বিহু উৎসৱৰ মূল দৰ্শন কি হোৱা উচিত! আমি বিহু উৎসৱ উদ্যাপন কৰা অনুষ্ঠানবোৰ এই দিশত কিমান সচেষ্ট? অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সম্প্ৰীতিৰ বান্ধোন নিকপকপীয়া কৰাটোৱেই বিহুৰ মূল দৰ্শন নহয়নে? বিহুৱে সেই দৰ্শন ৰক্ষা কৰি বিহুৰ জাতীয় মৰ্যাদাৰ ব্যাপকতা বঢ়াই তুলিবলৈ সক্ষম হৈছে বুলি আমি আশ্বস্ত হ’ব পাৰোঁনে?
বিহু যিদৰে সমন্বয়ৰ প্ৰতীক, ঠিক সেইদৰে অসমীয়াৰ মৰমৰ গামোচাখনো সমন্বয়ৰ প্ৰতীক। কিন্তু গামোচাখনক লৈ আজি কেইবছৰমানৰ পৰা বিতৰ্কৰ অন্ত নাই। গামোচাৰে হাত ভৰি মচিলে, গামোচা পিন্ধি কাম কৰিলে, গামোচা তিয়নী কৰি পিন্ধা আদি কথা লৈ বিভিন্ন মাধ্যমত হৈ-চৈ লাগি থকা দেখা যায়। যেতিয়াৰে পৰা অসমৰ গামোচা বহিঃৰাজ্যত প্ৰস্তুত হ’বলৈ ল’লে, তেতিয়াৰে পৰা এই বিতৰ্কবোৰ বেছি হ’বলৈ ধৰিলে। অসমীয়াৰ স্বাভিমানৰ প্ৰতীক হাতে বোৱা এফালে ফুল থকা বিহুৱানখন বহিঃৰাজ্যত দুয়োফালে ফুল দি মেচিনত তৈয়াৰ কৰি বিজাতৰীয়া কৰিলে।
অসমত বাস কৰা প্ৰত্যকটো জাতি-জনগোষ্ঠীৰে স্বকীয় কৃষ্টি-সংস্কৃতিৰ লগতে সন্মানৰ প্ৰতীক স্বৰূপ একোখন গামোচা আছে। প্ৰত্যকটো জনগোষ্ঠীৰ গামোচাৰ ৰং-ৰূপৰ মাজত পাৰ্থক্য আছে। যেনে ঃ বড়ো সকলৰ আৰ্নাই, কাৰ্বি সকলৰ পহ, শৰণীয়া কছাৰীৰ মুক্চা, ৰাভা সকলৰ পাজাৰ, ডিমাচা সকলৰ ৰিচা, মিচিং সকলৰ দুমৌৰ, তিৱা সকলৰ ফালি, কছাৰী সকলৰ আলন, টাই ফাকেৰ প-কং-খ ইত্যাদি। এই জনগোষ্ঠীসমূহৰ গামোচাক লৈ কোনোদিন বিতৰ্ক হোৱা নাই। বিতৰ্ক কেৱল ৰঙা আঁচুৰ ফুলাম গামোচাখনক লৈ। ৰঙা আঁচুৰ এফালে ফুল থকা গামোচাখন কোন জনগোষ্ঠীৰ বুলি প্ৰশ্ন কৰিলে উত্তৰ দিয়া সহজ নহয়। কোনো কোনো ব্যক্তিয়ে এই গামোচাখন আহোম জনগোষ্ঠীৰ বুলি ক’বলৈ গৈও তাৰ সপক্ষে সবল যুক্তি ডাঙি ধৰিব নোৱাৰে।
ইতিহাসবিদ ড০ লীলা গগৈৰ “টাই সংস্কৃতিৰ ৰূপৰেখা” ত লিখিছে -“আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল। কিন্তু চুকাফাই অসমলৈ গামোচা লৈ অহাৰ ইতিহাস পঢ়িবলৈ পোৱা নাযায়।” অন্যহাতে এডৱাৰ্ড গেইটৰ “A History of Assam” ত উল্লেখ কৰা মতে ১৭৩৯ চনত এখন গামোচাৰ মূল্য ৬ পইচা আছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অতি প্ৰাচীন কালৰে পৰা অসমত গামোচাৰ প্ৰচলন আছিল।
পদ্মনাথ গোহাঞিবৰুৱাৰ অসম বুৰঞ্জীত উল্লেখ আছে যে – “কলিতা সকল অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী। অসমত কলিতাৰ ৰজা নৰকাসুৰ, ভগদত্ত, বজ্ৰদত্ত প্ৰভৃতি ৰজাসকলক কলিতা ৰজাৰ আদি পুৰুষ বুলি ধৰা হৈছে।” গোহাঞিবৰুৱাৰ অসম বুৰঞ্জীৰ দ্বিতীয় খণ্ড আধ্যা-১ ত, ৰজা নৰকাসুৰ এজন বৈষ্ণৱ বীৰপুৰুষ বুলি উল্লেখ কৰিছে। কিৰাতবংশী ৰজাবিলাকৰ অত্যাচাৰ অসহনীয় হোৱাত কামৰূপৰ প্ৰজাই এজন বৈষ্ণৱ ৰজা পাবলৈ কামনা কৰে। খ্ৰীঃপূঃ ১৫০০ চনৰ আদি ছোৱাত বিদেহ বা উত্তৰ বিহাৰৰ পৰা বৈষ্ণৱ বীৰপুৰুষ নৰকাসুৰ আহি কিৰাত বংশ নিৰ্মূল কৰি কামৰূপৰ ৰজা হয়।
গামোচাৰ ওপৰত কেইবালানিও গবেষণা সম্পন্ন কৰা গৱেষক ড০ জয়ন্ত দেৱ শৰ্মা দেৱে উল্লেখ কৰিছে যে নৰকাসুৰৰ সৈন্য সকলে কৃষ্ণৰ লগত যুদ্ধ কৰোঁতে মূৰত আৰু কঁকালত গামোচা বান্ধি লোৱাৰ ছবি New York -ৰ Metropolitan Museum of Art -ত সংৰক্ষিত হৈ আছে। ভাষাবিদ পণ্ডিত ড০ কালিৰাম মেধিয়ে লিখি থৈ গৈছে- “অসম কলিতাসকলৰ নিজা ভূমিখণ্ড আৰু ইয়াৰ সভ্যতা মূলতঃ কলিতা সভ্যতা। অইন উপজাতিবোৰে কলিতাৰ সামাজিক নীতি আৰু পৰম্পৰাকে সামগ্ৰিকভাৱে অনুকৰণ কৰে।” কলিতাসকল এটা কৃষিভিত্তিক আৰু নদীমাতৃক জনগোষ্ঠী। সেইবাবে এই জনগোষ্ঠীৰ আটাইবোৰ ৰীতি বা পৰম্পৰাই কৃষি আৰু নদীৰ সতে সম্পৰ্ক থকা। ব’হাগ বিহুত মংগোলীয় জনগোষ্ঠীসমূহৰ পৰম্পৰাগত উপাদান যথেষ্ট আছে। ব’হাগ বিহুৰ কৃষিৰ লগত আৰু আধ্যাত্মিক দিশৰ লগত জড়িত আচাৰ ৰীতি-নীতিবোৰ কলিতা জনগোষ্ঠীৰ । কলিতা জনগোষ্ঠীৰ পৰম্পৰাগত সাজত বগা আৰু ৰঙা ৰঙৰ ব্যৱহাৰ মন কৰিবলগীয়া। তেওঁলোকৰ শিপিনীয়ে গামোচাত ৰঙা আঁচুৰ ফুল তোলাৰ বাহিৰে বেলেগ ৰং ব্যৱহাৰ কৰা দেখা নাযায়। তেওঁলোকে শালৰ প্ৰথম গামোচাখন সাধাৰণতে গোসাঁইঘৰৰ থাপনা বা নামঘৰলৈ আগবঢ়ায়, সেয়ে তাঁতশালত গামোচা লগাওঁতে বহু নীতি নিয়ম পালন কৰে। পুৱা শুই উঠি গা নোধোৱাকৈ শিপিনীয়ে তাঁতশাল নোচোৱে, মাহেকীয়া হোৱা সময় বিলাকতো শিপিনীয়ে তাঁত নবয়। শনিবাৰ, মঙ্গলবাৰে তাঁতশালৰ কাম আৰম্ভ নকৰে। বিহুৰ আগতে যাতে গামোচা কাটিব পাৰে তাৰ বাবে সতৰ্ক হয়। কাৰণ বিহুৰ পিছলৈ থকা গামোচা বাহি হয় বুলি কয় আৰু এনে গামোচা কোনো মাংগলিক কামত ব্যৱহাৰ নকৰে। এওঁলোকে পহিলা ব’হাগৰ মানুহৰ বিহুৰ দিনা নিজে বৈ উলিওৱা এই ৰঙা আঁচুৰ ফুলাম গামোচাৰে জ্যেষ্ঠসকলক সেৱা কৰি আশীৰ্বাদ লয়। সৰুসকলকো মৰমৰ চিন স্বৰূপে এই গামোচা আগবঢ়ায়। নিজৰ পৰিয়ালৰ উপৰিও মিতিৰ-কুটুম আৰু আপোনজনক গামোচা দিয়ে।
ফুল নথকা, কেৱল দুয়োমূৰে ৰঙা আঁচুৰে বোৱা গামোচাখনক পানী গামোচা বুলি কোৱা হয়। এইখন গামোচা গা ধুবলৈ, গা মচিবলৈ, হাত-ভৰি মচিবলৈ ব্যৱহাৰ কৰা হয়। অন্যহাতে এটা মূৰত ৰঙা আঁচু আৰু আনটো মূৰত ফুল থকা গামোচাখনক ফুলাম গামোচা বা বিহুৱান বুলি কোৱা হয়। এই ফুলাম গামোচা খন অসমীয়াৰ সন্মানৰ অতি আদৰৰ বস্ত্ৰ। গুৰু আসন, থাপনা, নামঘৰৰ লাইখুটা, শৰাই ঢাকনি আদিত ব্যৱহাৰ কৰা গামোচা সমূহত দুয়োমূৰত ফুল দিয়াৰ উপৰিও কিছুমানত গোটেই গাত বুটা বচা দেখা যায়। বিভিন্ন ধৰ্মীয় অনুষ্ঠান, সভা-সমিতি আদিত ডিঙিত লোৱা গামোচা, দৰা বৰণৰ গামোচা আদি এটা মূৰত ফুল দিয়া। কিন্তু দুখৰ বিষয় বাহিৰৰ পৰা অহা দুইমূৰে ফুল দিয়া গামোচা বোৰ দেখি দেখি আমাৰ অসমৰ শিপিনীয়ে এতিয়া বিহুৱানখনৰো দুয়োমূৰে ফুল তুলিবলৈ লৈছে। মানুহ বিপাঙত পৰিছে কোনখন গামোচা ক’ত ব্যৱহাৰ কৰিব! গতিকে সময় থাকোতেই যদি পানী গামোচা, ফুলাম গামোচা, গুৰু আসনৰ গামোচা বা গোসাঁই গামোচাৰ পাৰ্থক্য মানুহক মুকলি ভাবে জনোৱা নহয়, তেন্তে ভবিষ্যতে সমন্বয়ৰ প্ৰতীক গামোচাখনৰ গৰিমা হ্ৰাস পাব।
অসমৰ গামোচাই ২০২২ চনৰ ১৩ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছে ভৌগোলিক সূচক (জি আই) টেগ। ভৌগোলিক স্বীকৃতি (Geographical Indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। ভৌগোলিক স্বীকৃতিয়ে সামগ্ৰীবিধৰ নিৰ্দিষ্ট গুণগত মানদণ্ড বা নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী নাইবা বিশেষত্ব নিশ্চিত কৰে।
উল্লেখ্য যে জি আই পঞ্জীয়নত আঠ প্ৰকাৰৰ গামোচাক স্বীকৃৃতি দিয়া হৈছে। ক্ৰমে উকা বা সাধাৰণ গামোচা, ফুলাম গামোচা, বিহুৱান, তিয়নি বা পানী গামোচা, আনাকাটা, তেলচ, দৰা বৰণ গামোচা আৰু গোসাঁই গামোচাক অন্তৰ্ভুক্ত কৰা হৈছে। এইয়া গামোচাৰ আইনী স্বীকৃতি। অসমীয়াৰ বাহিৰে আন কোনোৱে এই গামোচা উৎপাদন আৰু বিক্ৰী কৰিব নোৱাৰে। জি আই টেগে ৰাজ্যখনৰ লাখ লাখ শিপিনীৰ অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰাৰ সম্ভাৱনা আছে।
ৰাজ্যত গামোচাৰ এক বৃহৎ বজাৰ আছে। কিন্তু ৰাজ্যৰ বজাৰসমূহত এতিয়াও মেচিনেৰে নিৰ্মিত (পাৱাৰলুম) গামোচা উভৈনদী হৈ আছে। ইয়াৰ সৰহভাগেই ৰাজ্যৰ বাহিৰত উৎপাদন কৰা। হাতে বোৱা গামোচাৰ তুলনাত এইসমূহৰ দাম আৰু গুণগত মান যথেষ্ট কম। জি আই টেগ লাভ কৰাৰ পাছতো এনেধৰণৰ কাৰ্যকলাপ ৰোধ হোৱা নাই। হস্ততাঁত নিৰ্মিত গামোচাৰ উৎপাদন, প্ৰচাৰ আৰু বজাৰ সম্পৰ্কীয় সকলো বিষয় সুশৃংখলিত কৰাটো এতিয়াও এটা ডাঙৰ প্ৰত্যাহ3ান হৈ আছে। আজি এক ডেৰ বছৰ পিছতো শিপিনীসকলৰ মাজত গামোচাই লাভ কৰা জি আই টেগৰ বিষয়ে সজাগতা সৃষ্টি হোৱা নাই। শিপিনী সকল প্ৰায়ে গাঁৱত বাস কৰে। গামোচাৰ উচিত মূল্য লাভ কৰিবলৈ শিপিনী সকলে জি আই ল’গ’ ৰ অনুমোদনৰ বাবে পঞ্জীয়ন কৰিব লাগিবনে নাই এই বিষয়ে সৰহ সংখ্যক শিপিনীয়ে নাজানে। অসমৰ গামোচাই জি আই টেগ লাভ কৰা এক বছৰ পাৰ হৈ যোৱাৰ পিছতো সচেতন অসমীয়া সকলেই বিভিন্ন অনুষ্ঠানৰ ৰূপালী জয়ন্তী, সোণালী জয়ন্তী আদিত কম দামত পোৱাৰ বাবেই অতিথি আদৰণি জনাবলৈ বৰ্তমানো বহিঃৰাজ্যৰ গামোচা ব্যৱহাৰ কৰি আছে। আনকি বিহু সমিতিসমূহেও টকাৰ নাটনিৰ অজুহাতত মেচিনেৰে নিৰ্মিত বহিঃৰাজ্যৰ গামোচা ব্যৱহাৰ কৰি আছে। আইনী সুৰক্ষা থকাৰ পিছতো আমাৰ হাতে বোৱা গামোচাখন সুৰক্ষিত নহয়।
গামোচা হ’ল অসমবাসীৰ আবেগ আৰু আত্মপৰিচয়ৰ প্ৰতীক। গামোচা অসমীয়াৰ সমন্বয়ৰ প্ৰতীক। বিশ্বৰ দৰবাৰত গামোচাই অসমীয়া সমাজক প্ৰতিনিধিত্ব কৰে। সেই গামোচাখন আমি আদৰ যতনেৰে ৰাখিব লাগিব।
(লেখক ঃ সহযোগী অধ্যাপক, নৰ্থ বেংক কলেজ, ঘিলামৰা)