ড০ নৰেন দাস

লোকবিশ্বাসসমূহ হৈছে এখন সমাজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ সঞ্চিত ফল। এই অভিজ্ঞতা চকুৰে দেখা জগতখনৰপৰাই বিভিন্ন প্ৰকাৰৰ স্বাভাৱিক আৰু অস্বাভাৱিক ঘটনাৱলী পৰ্যবেক্ষণৰ দ্বাৰা লাভ কৰিছে বুলিব পাৰি। জীৱনত পোৱা এনে অভিজ্ঞতাসমূহ লোকমনত এনেদৰে শিপাই যে, সি জীয়াই থকাৰ বাবে আশা, আকাংক্ষা, নিৰাশা, ভয় আদিৰ উদ্ৰেক কৰে। এই লোকবিশ্বাসসমূহে ইতিহাসৰ জ্ঞান দিয়ে আৰু এখন সমাজৰ জীৱন ধাৰণ পদ্ধতিৰো পৰিচয় দিয়ে।
লোকবিশ্বাসসমূহ কেতিয়া আৰু কোনে সৃষ্টি কৰিলে তাৰ সঠিক উত্তৰ পোৱা নাযায়। কিন্তু এটা কথা নিশ্চিতভাবে ক’ব পাৰি যে, লোকবিশ্বাসসমূহ একেটা সময়তে সৃষ্টি হোৱা নাই। বিভিন্ন সময়ত ভিন্‌ ভিন্‌ সামাজিক পৰিস্থিতি তথা পৰিৱেশত বিবিধ ধৰণৰ লোকবিশ্বাসৰ জন্ম হৈছে। অৰ্থাৎ সমকালীন সমাজৰ প্ৰয়োজনতেই এই লোকবিশ্বাসৰসমূহৰ জন্ম হৈছিল আৰু হৈও আছে বুলিব পাৰি।
একোখন সমাজ সুশৃংখলিত ৰূপত পৰিচালিত হ’বৰ বাবে কিছুমান সামাজিক নীতি-নিৰ্দেশনাৰ প্ৰয়োজন। এই নীতি-নিৰ্দেশনাৰ অন্তৰালত কিছু সমাজবিজ্ঞানৰ চিন্তাধাৰা নিহিত হৈ আছে। সমাজত প্ৰচলিত লোকবিশ্বাসসমূহৰ মাজতো সমাজবিজ্ঞানৰ বহুবোৰ দিশ অন্তনিৰ্হিত হৈ থকা পৰিলক্ষিত হয়। নৈতিক শিক্ষা, পাৰিবাৰিক তথা সামাজিক শৃংখলাবদ্ধতা, সামাজিক সদাচাৰ, স্বাস্থ্যসন্মত নিৰ্দেশনা, প্ৰকৃতি সংৰক্ষণ ইত্যাদি অনেক সমাজবৈজ্ঞানিক চিন্তা লোকবিশ্বাসসমূহৰ মাজত বিচাৰি পোৱা যায়। ইয়াৰ বিপৰীতে আকৌ কিছুমান লোকবিশ্বাসত কোনো যুক্তি অথবা কাৰণ বিচাৰি পোৱা নাযায়। উদাহৰণস্বৰূপে — যঁজা ফল খালে যঁজা সন্তান হোৱাৰ ধাৰণাত কোনো যুক্তি বিচাৰি পোৱা নাযায়। বৰঞ্চ এনেবোৰ লোকবিশ্বাসৰ মাজত একেধৰণৰ ঘটনাৰ প্ৰতি মানুহৰ মনত থকা মনস্তাত্ত্বিক প্ৰভাৱৰ কথাহে বিচাৰি পোৱা যায়। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত লোকবিশ্বাসসমূহৰ মাজতো সমাজবিজ্ঞানৰ উল্লিখিত দিশসমূহ বিচাৰি পোৱা যায়।
ক) নৈতিক শিক্ষা ঃ
অসমৰ উল্লিখিত জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত লোকবিশ্বাসসমূহৰ কিছুমান লোকবিশ্বাসৰ মাজত নৈতিক বিষয়ৰ দিশটো জড়িত হৈ থকা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে — আহোম, দেউৰী আৰু মিচিং কেওখন সমাজতে থকা নাঙল, যুঁৱলি, মৈ, নাও আৰু দলঙৰ খৰি জ্বলাব আৰু চুৰ কৰিব নাপাই বুলি বিশ্বাস কৰে। এনেধৰণৰ লোকবিশ্বাসৰ মাজত নৈতিক শিক্ষা জড়িত হৈ থকা দেখিবলৈ পোৱা গৈছে। যিহেতু দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ নষ্ট হ’লে অসুবিধাৰ সন্মুখীন হ’ব লাগিব, এনে সামগ্ৰীবোৰ যাতে অসাৱধানতাৰ বাবে নষ্ট নহয়, সেয়া সঁকিয়াই দিয়াৰ উদ্দেশ্যে এই লোকবিশ্বাসৰ জন্ম হ’ল বুলি ক’ব পাৰি। কৃষিৰ কাৰণে নাঙল, যুঁৱলি যিদৰে প্ৰয়োজনীয় সঁজুলি, ঠিক তেনেদৰে জলপথেৰে যাতায়াত কৰিবলৈ নাও আৰু দলঙৰো প্ৰয়োজন। সেয়েহে এইবোৰ বস্তু কোনো লোকে অনিষ্ট কৰি যাতে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মাব নোৱাৰে তাৰবাবেই এনেবোৰ লোকবিশ্বাসৰ জন্ম আৰু ইয়াৰ যোগেদি নৈতিক শিক্ষাও দিবলৈ বিচৰা হৈছে। আহোম, দেউৰী আৰু মিচিং এই তিনিওখন সমাজ কৃষিপ্ৰধান। সেয়েহে তিনিওখন সমাজতে এই লোকবিশ্বাসসমূহৰ জড়িয়তে নৈতিক শিক্ষা দিবলৈ যত্ন কৰা দেখা গৈছে।
ইয়াৰ উপৰিও আহোম, দেউৰী আৰু মিচিংসকলে বিশ্বাস কৰে যে, জলকীয়া চুৰ কৰিলে গা পুৰে, হাতে হাতে পাণ ফালি খাব নাপায়। জলকীয়া চুৰ কৰাৰ লগত গা পুৰাৰ কোনো সম্পৰ্ক বিচাৰি পোৱা নাযায়; কিন্তু চুৰ কৰাটো এটা সামাজিক অপৰাধ। এনেধৰণৰ সামাজিক অপৰাধৰ পৰা মানুহক আঁতৰাই ৰাখিবৰ বাবে এই লোকবিশ্বাসৰ আশ্ৰয় গ্ৰহণ কৰা হৈছে।
মিচিংসকলে বিশ্বাস কৰে যে, গৰ্ভৱতী নাৰীয়ে জ্যেষ্ঠজনক কটু কথা ক’ব নালাগে, ক’লে প্ৰসৱবেদনা বেছি হয়। খং, ৰাগ মানুহৰ স্বাভাৱিক প্ৰবৃত্তি। কিন্তু ই কেতিয়াও উপকাৰ সাধন নকৰে। গৰ্ভৱতী অৱস্থাত এগৰাকী নাৰীয়ে এইবোৰ ৰিপু দমাই ৰাখিব নোৱাৰিলে মাতৃ আৰু সন্তান দুয়োৰে কাৰণে ই বিপদ চপাই আনিব পাৰে। আনহাতে জ্যেষ্ঠজনক কটু কথা কোৱাটো কেতিয়াও সদাচাৰৰ ভিতৰত নপৰে। সেয়েহে প্ৰসৱ বেদনাৰ ভয় দেখুৱাই জ্যেষ্ঠজনৰ প্ৰতি থাকিব লগা শিষ্টাচাৰবোধৰ নৈতিক শিক্ষাও এনেদৰে লোকবিশ্বাসৰ যোগেদি দিবলৈ চেষ্টা কৰা হৈছে। এনেধৰণৰ লোকবিশ্বাসসমূহৰ মাজত নৈতিক শিক্ষা তথা সদাচাৰৰ দিশসমূহ জড়িত হৈ আছে। ইতিমধ্যে আহোম সমাজ এখন উন্নত সমাজৰূপে গঢ় লৈ উঠিছে। কিন্তু আহোমসকলৰ তুলনাত দেউৰী আৰু মিচিং সমাজ তেনেদৰে উন্নত নহয়। সেয়ে দেউৰী আৰু মিচিং সমাজখন উন্নত কৰিবৰ বাবে ই এক প্ৰচেষ্টা বুলিব পাৰি।
খ) স্বাস্থ্যসন্মত নিৰ্দেশনা ঃ
যিবোৰ কাৰ্য স্বাস্থ্যৰ কাৰণে অপকাৰী, যিবোৰ কাৰ্যই কোনো বিপদ ঘটাব পাৰে বা শৰীৰৰ ক্ষতি সাধন কৰিব পাৰে, তেনেবোৰ কাম নকৰিবলৈও লোকবিশ্বাসসমূহে নিৰ্দেশ দিয়ে। দেউৰী আৰু মিচিং লোকবিশ্বাসৰ মাজতো তেনে উদাহৰণ পোৱা যায়। যেনে — নাৰীৰ মাহেকীয়া ঋতুচক্ৰৰ সময়ছোৱাত ঢেঁকী বা উৰালত বহিব নাপায়, গৰ্ভৱতী তিৰোতা বা আন মানুহেও গ্ৰহণৰ সময়ত ভাত খাব আৰু বাহিৰলৈ ওলাব নাপায়। ৰাতি বেজী, চূণ, হালধি আদি দিব নাপায় ইত্যাদি বিভিন্ন ধৰণৰ লোকবিশ্বাসৰ মাজত স্বাস্থ্যসন্মত নিৰ্দেশনা বিচাৰি পোৱা যায়।
মাহেকীয়া ঋতু চক্ৰৰ সময়ত এগৰাকী নাৰী শাৰীৰিকভাৱে কিছু পৰিমাণে দুৰ্বল হৈ থাকে। সেয়েহে নাৰীগৰাকীৰ কাৰণে পৰিষ্কাৰ-পৰিচ্ছন্নতা হৈ থকাটো প্ৰয়োজনীয় কথা। ঢেঁকী আৰু উৰালত ধূলি-বালি লাগি থকা হেতুকে ঋতুমতী নাৰীৰ কাৰণে সেই স্থানত বহাটো স্বাস্থ্যসন্মত বুলি ক’ব নোৱাৰি। তদুপৰি ঢেঁকী বা উৰাল বহা আসন নহয়। সেইফালৰপৰা ঋতুমতী নাৰীয়েই নহয় কোনো মানুহেই তাত বহাটো যুক্তিসংগত বুলিব নোৱাৰি। আনহাতে মাহেকীয়া ঋতুচক্ৰৰ সময়ত মহিলাৰ তেজত তক্সিন (Toxin) আৰু মেন’টক্সিন (Menotoxin) উৎপন্ন হয়, যি সকলো প্ৰকাৰৰ সূক্ষ্ম জীৱকোষৰ (Protoplasmic) কাৰণে ক্ষতিকাৰক।১ সেয়েহে মহিলাক মাহেকীয়া ঋতুচক্ৰৰ সময়ত কিছুমান কামৰপৰা বিৰত ৰখা কাৰ্য যুক্তিসন্মত।
সূৰ্যৰ ৰশ্মিৰ লগত ‘অতি বেঙুনীয়া’ (Ultra-Violet) ৰশ্মি পৃথিৱীত পৰেহি। এই অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ ছালত থকা ‘আৰ্গষ্টেৰেল’ (Erygosteral) নামৰ উপাদানৰ ওপৰত ক্ৰিয়া কৰি ‘ডি-খাদ্যপ্ৰাণ’ (D-Vitamin) উৎপন্ন কৰে। এইবিধ খাদ্যপ্ৰাণ আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ বৃদ্ধিৰ কাৰণে অতি আৱশ্যক। পৃথিৱীলৈ যিখিনি অতি বেঙুনীয়া ৰশ্মি আহে তাৰ পৰিমাণ সামান্য। ইয়াৰ পৰিমাণ বেছি হ’লে পৃথিৱীত বাস কৰা প্ৰতিটো প্ৰাণীৰ বাবে ই বিপদজ্জনক হ’ব পাৰে। যাৰ ফলত ছালৰ কৰ্কট ৰোগকে ধৰি আন বহুতো মাৰাত্মক ৰোগ হ’ব পাৰে।২ কিন্তু অতি বেঙুনীয়া ৰশ্মি নহ’লেও অসুবিধা হ’ব। গ্ৰহণৰ সময়ত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত কিছু তাৰতম্য ঘটে। সেয়েহে গ্ৰহণৰ সময়ত বাহিৰলৈ ওলালে আৰু ভাত খালে অতি বেঙুনীয়া ৰশ্মিৰ তাৰতম্যৰ বাবে গৰ্ভৱতী তিৰোতা আৰু তেওঁৰ গৰ্ভস্থ সন্তানটিৰ যাতে বিপদ নহয় তাৰ বাবেই এনে লোকবিশ্বাসৰ জন্ম হৈছে বুলি ক’ব পাৰি।
সময় আৰু সুবিধা অনুসৰি দৈনন্দিন কামবোৰ কৰিবৰ বাবে লোকসমাজে নিৰ্দিষ্ট সময় বান্ধি লৈছে। সময়ৰ কাম সময়ত নকৰিলে দৈনন্দিন জীৱনত ব্যাঘাত জন্মাটোৱে স্বাভাৱিক। ৰাতি চূণ দিব নাপায় বোলা লোকবিশ্বাসৰো যুক্তিগ্ৰাহ্য কাৰণ আছে। চূণ ‘কেলছিয়াম অক্সাইড’ নামৰ এবিধ বগা কঠিন পদাৰ্থ। ইয়াক পানীত দিলে এক ৰাসায়নিক পৰিৱৰ্তনৰ দ্বাৰা শিথিল চূণ (কেলছিয়াম হাইড্ৰক্সাইড) লৈ ৰূপান্তৰিত হয় আৰু সেই সময়ত যথেষ্ট তাপৰ সৃষ্টি হয়।৩ এই ৰাসায়নিক পৰিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা সেই তাপে মানুহৰ শৰীৰৰ অনিষ্ট কৰিব পাৰে। সেয়েহে ৰাতি অসাৱধানতাৰ কাৰণে যাতে সেই তাপৰপৰা মানুহৰ অনিষ্ট হ’ব নোৱাৰে তাৰ বাবে এই লোকবিশ্বাসৰ আশ্ৰয় লোৱা হয়।
ৰাতি বেজী ব্যৱহাৰ কৰাত যথেষ্ট অসুবিধা আছে। বেজীটো যথেষ্ট সৰু সামগ্ৰী আৰু সূতা ভৰোৱা বিন্ধাটোও যথেষ্ট সৰু। দিনৰ পোহৰতে সূতা ভৰাবলৈ চকুত যথেষ্ট জোৰ দিবলগীয়া হয়। ৰাতি কম পোহৰত অধিক অসুবিধা হোৱাটোৱে স্বাভাৱিক। তদুপৰি ৰাতি অসাৱধানবশতঃ বেজীটো হাতৰপৰা পৰিলে বিচাৰি পাবলৈও জটিল। গাত বিন্ধাৰ ভয় থাকে। গতিকে সাম্ভাৱ্য বিপদৰপৰা বাচি থাকিবৰ কাৰণেই এনেধৰণৰ লোকবিশ্বাসৰ জন্ম হৈছে বুলি ক’ব পাৰি। বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণৰ ফলত গাঁৱে-চহৰে বৈদ্যুতিক চাকিৰ ব্যৱস্থা হৈছে। কিন্তু দেউৰী আৰু মিচিং বসতিপ্ৰধান বহু অঞ্চলত এই ব্যৱস্থা এতিয়াও সূচল হোৱা পৰিলক্ষিত নহয়। ইয়াৰ তুলনাত আহোম বসতিপ্ৰধান অঞ্চলসমূহত এই ব্যৱস্থা দেখিবলৈ পোৱা গৈছে। সেয়েহে বৈদ্যুতিক চাকিৰ ব্যৱস্থা নথকা অঞ্চলসমূহত উল্লিখিত লোকবিশ্বাসসমূহৰ মূল্য এতিয়াও কমা নাই।
ৰাতি ফুল আৰু জলকীয়া ছিঙিব নাপাই বুলি উল্লিখিত তিনিওটা জনগোষ্ঠীয়ে বিশ্বাস কৰে। ইয়াৰ কাৰণ হ’ল, ৰাতি গছে কাৰ্বন-ডাই অক্সাইড গেছ অধিক পৰিমাণে উৎপাদন কৰে। মানুহৰ শৰীৰৰ কাৰণে অধিক কাৰ্বন-ডাই অক্সাইড ক্ষতিকাৰক। সেয়েহে ৰাতি গছৰ ওচৰলৈ যোৱাটো স্বাস্থ্যৰ কাৰণে উপকাৰী নহয় বুলি ভাবি জলকীয়া আৰু ফুল ছিঙিবলৈ যোৱা লোকসমাজে বাধা আৰোপ কৰিছে। আনহাতে এইবোৰ বস্তু ৰাতি ছিঙিবলে যাওঁতে সাপ বা আন কিবা কীট-পতঙ্গই আক্ৰমণ কৰিব পাৰে আৰু হিংস্ৰ জন্তুৰ আক্ৰমণৰো বলি হ’ব পাৰে। ৰাতি আন্ধাৰত ফুল বা জলকীয়া ছিঙোতে গছজোপাৰো অনিষ্ট হোৱাৰ আশংকা থাকে। সেয়েহে এনেবোৰ কাৰণৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাতি এইবোৰ বস্তু ছিঙিব নাপাই বুলি কোৱাতো যুক্তিসন্মত।
গ) পাৰিবাৰিক তথা সামাজিক শৃংখলাবদ্ধতা ঃ
সমাজ একোখনত সামাজিক শৃংখলাৰ কাৰণে পাৰিবাৰিক শৃংখলাৰো দৰকাৰ। পাৰিবাৰিক শৃংখলা নাথাকিলে সামাজিক শৃংখলাও অটুট নাথাকে। আহোম, দেউৰী আৰু মিচিং সমাজৰ মাজত প্ৰচলিত বহুবোৰ লোকবিশ্বাসৰ মাজত পাৰিবাৰিক আৰু সামাজিক শৃংখলাৰ বিষয়েও নিৰ্দেশ কৰিছে। উদাহৰণস্বৰূপে — আহোম, দেউৰী আৰু মিচিংসকলে বিশ্বাস কৰে যে, ৰাতি কাপোৰ ধুব নাপায়, খৰি ফালিব নাপায়, ৰাতি বাকচ, ভঁৰাল আদি খুলিব নাপায়, হাতৰপৰা বস্তু পৰিলে আলহী আহে, ৰাতি টিলিকি, সুহুৰি, টকালি আদি বজাব নাপায়, দুটা শোটা আৰু দুগচ জ্বলা চাকি ওচৰা-উচৰিকৈ থ’ব নাপায় আদি। এনেধৰণৰ বিভিন্ন লোকবিশ্বাসৰ মাজত পাৰিবাৰিক শৃংখলাৰ নিৰ্দেশ বিচাৰি পোৱা যায়।
ৰাতি হোৱাৰ লগে লগে পৃথিৱীৰ প্ৰতিটো জীৱই জিৰণি লয়। মানুহেও জিৰণি লয়। সেয়েহে মানুহে কাপোৰ ধোৱা, খৰি ফলা, বাকচ খোলা, ভঁৰাল খোলা আদি কামবোৰ দিনতে কৰি আদায় কৰিব লাগে আৰু ৰাতিৰ বাবে প্ৰয়োজনীয় বস্তু দিনতে গোটাই থ’ব লাগে। এয়া শৃংখলাবদ্ধ জীৱন-যাপনৰ পৰিচায়ক। সেয়েহে এই কামবোৰ ৰাতি কৰিবলৈ থ’ব নাপায়। এনে ধাৰণাৰ ভিত্তিতেই আটাইকেইটা জনগাষ্ঠীৰ মাজত পাৰিবাৰিক শৃংখলাজনিত লোকবিশ্বাসৰ প্ৰচলন হ’ল। অন্যহাতে মানুহে বাকচত মূল্যবান সম্পত্তি থয়। ৰাতি আন্ধাৰত সেইবোৰ উলিয়ালে হেৰুৱাৰ ভয় থাকে কাৰণে ৰাতি বাকচ খুলিব নাপায় ধৰণৰ লোকবিশ্বাসৰ আশ্ৰয় লোৱা হৈছে। ৰাতি জিৰণি লোৱাটো প্ৰয়োজন কাৰণেই টিলিকি, টকালি, সুহুৰি বজাব নাপায় বোলা লোকবিশ্বাসৰো জন্ম হৈছে।
মিচিং সমাজে বিশ্বাস কৰে যে, দুজন ব্যক্তি বা দুটা পৰিয়ালৰ মাজত কাজিয়া লাগি তেজ ওলালে অমংগল হয় আৰু প্ৰতিকাৰৰ কাৰণে দুয়োটা পক্ষই মিলি কাজ বা সকাম পাতিব লাগে। এই লোকবিশ্বাসটোৱে সামাজিক শৃংখলাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। মানুহৰ মাজত বিভিন্ন প্ৰবৃত্তিৰ লগতে খং, হিংসা, অসূয়া এইবোৰ প্ৰবৃত্তিও আছে। এইবোৰ প্ৰবৃত্তিৰ দ্বাৰা যাতে ব্যক্তি আৰু পৰিয়ালৰ মাজত সংঘাতৰ সৃষ্টি নহয় তাৰ বাবেই এই ধৰণৰ লোকবিশ্বাসৰ জন্ম হৈছে। উল্লিখিত লোকবিশ্বাসসমূহে বহুসময়ত সমাজৰ সামাজিক শৃৃংখলাও নিয়ন্ত্ৰণ কৰি আহিছে।
এখন সমাজত বাস কৰা মানুহখিনিৰ মাজত একতাৰ ভাৱ থাকিলেহে সামাজিক শৃংখলা বহু পৰিমাণে ৰক্ষিত হয়। এই দিশত লোকবিশ্বাসসমূহেও বহু পৰিমাণে বৰঙণি যোগাই আহিছে। উদাহৰণস্বৰূপে– দেউৰী আৰু মিচিং দুয়োটা জনগোষ্ঠীয়েই গাঁৱত মানুহ মৰিলে সেই দিনটোৰ কাৰণে হাল-কোৰ আৰু তাঁত বোৱা অমংগল বুলি বিশ্বাস কৰি সেই কামবোৰ নকৰে। যদি এনে লোকবিশ্বাস নাথাকিলহেঁতেন তেতিয়াহ’লে মৃতকৰ সৎকাৰকে ধৰি মৃতকৰ পৰিয়ালক সহায় কৰিবলৈ মানুহৰ অভাৱ হ’লহেঁতেন। ই সামাজিক একতাৰেই নিদৰ্শন।
টেঙা গছৰ ভিতৰত প্ৰধানকৈ বগৰী, ঔ-টেঙা, তেঁতেলী আদি গছ ঘৰৰ ওচৰত বা আগফালে ৰুব নাপায় বুলি উল্লিখিত তিনিওটা জনগোষ্ঠীয়ে বিশ্বাস কৰে। এইবিলাক গছে মাটিৰ উৰ্বৰা শক্তি নষ্ট কৰে। তদুপৰি, বগৰী গছ কাঁইটীয়া গছ। সেয়েহে নিৰাপত্তাজনিত কাৰণতে এইবিধ গছ ঘৰৰ ওচৰত ৰোৱাটো উচিত নহয়। ঔ-টেঙা গছ ওখ-ডাঙৰ আৰু জোপোহা হোৱা হেতুকে এইবিধ গছত বিভিন্ন চৰাই-চিৰিকটিয়ে বাহ সাজে। চৰাই বাহত থকা কণী আৰু পোৱালি খাবলৈ সাপেও ঔ-টেঙাৰ গছত আশ্ৰয় লয়হি। অন্যহাতে জোপোহা হোৱাৰ কাৰণে গা-গছৰ অংশ জেকি থাকে আৰু তেনেধৰণৰ জেকা গছৰ ডাল-পাতত কুমজেলেকুৱা, বিছা আদি বিষাক্ত পোকে আশ্ৰয় গ্ৰহণ কৰেহি। তদুপৰি ঔ-টেঙা গছৰ ফল ডাঙৰ আৰু গধুৰ হোৱা হেতুকে ই নিজে নিজেও সৰে। ঘৰৰ ওচৰত থাকিলে ঔ-টেঙা ফল সৰি মানুহৰ মূৰত পৰাৰো ভয় থাকে। ঔ-টেঙা হাতীৰ প্ৰিয় খাদ্য। সেয়েহে ঔ-টেঙা খাবলৈ আহি হাতীয়ে মানুহৰ ঘৰত উপদ্ৰৱ কৰা বা মানুহক আক্ৰমণ কৰাৰ ভয় থাকে। গতিকে এনেধৰণৰ গছবোৰ ওচৰত থাকিলে ঘৰখনৰ তথা পৰিয়ালটোৰ বিপদ হ’ব পাৰে; যাৰ বাবে পাৰিবাৰিক তথা সামাজিক শৃংখলাও বিনষ্ট হোৱাৰ আশংকা থাকে। কিয়নো একোটা পৰিয়ালৰ এজন ব্যক্তিৰ কিবা বিপদ হোৱা মানে কেৱল নিৰ্দিষ্ট পৰিয়ালটোৰ কাৰণেই যে বিপদ আহে এনে নহয়; ওচৰ চুবুৰীয়া আৰু বংশ-পৰিয়ালৰ কাৰণেও চিন্তাৰ কাৰণ হৈ পৰে। এনেধৰণৰ বিভিন্ন কাৰণতেই বগৰী, ঔ-টেঙা, তেঁতেলী আদি গছ ঘৰৰ ওচৰত ৰুব নাপায় বোলা লোকবিশ্বাসৰ জন্ম আৰু ই যুক্তিসন্মত বুলিব পাৰি।
ঘ) প্ৰকৃতি সংৰক্ষণ ঃ
মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। আনহাতে প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই ইটোৰ লগত সিটো সম্পৰ্কিত। প্ৰাকৃতিক ভাৰসাম্যৰ অবিহনে মানৱ জীৱনৰ সামাজিক ভাৰসাম্যও অসম্ভৱ। প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণেও লোকবিশ্বাসসমূহে নিৰ্দেশ কৰে। আহোম, দেউৰী আৰু মিচিং সমাজতো তেনেধৰণৰ লোকবিশ্বাস প্ৰচলন থকা দেখিবলৈ পোৱা গৈছে। যেনে — যুৰীয়া সাপ দেখিলে নতুন বস্ত্ৰ দলিয়াই দিয়া, গৰু-মেকুৰী আদি জন্তু মাৰিব নাপায়, উজানৰ প্ৰথম মাছ দুটা ধৰিব নাপায়, শনিবাৰ-মঙ্গলবাৰে বাঁহ কাটিব নাপায় ইত্যাদি অনেক লোকবিশ্বাস তিনিওটা জনগোষ্ঠীতে প্ৰচলিত। এনেধৰণৰ লোকবিশ্বাসসমূহত প্ৰকৃতি সংৰক্ষণৰ নিদৰ্শÊন বিচাৰি পোৱা যায়। এনেবোৰ লোকবিশ্বাসে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত বহুখিনি বৰঙণি যোগাই আহিছে। উদাহৰণস্বৰূপে, সাপ এবিধ বিষাক্ত সৰীসৃপ প্ৰাণী। সাপে বিভিন্ন ধৰণৰ কীট-পতংগ খাই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে। আনহাতে বিষাক্ত সাপে খঁুটিলে মানুহৰ মৃত্যু হয় কাৰণে মানুহে সাপলৈ ভয় কৰি সাপ দেখিলেই মাৰি পেলোৱাটো মঙ্গলজনক বুলি বিবেচনা কৰে। সেয়েহে সাপেও মানুহ দেখিলে আত্মৰক্ষাৰ কাৰণে আঁতৰি যায়। কিন্তু সাপে যৌন মিলনৰ সময়ত আত্মৰক্ষাৰ প্ৰতি সিমান সচেতন হৈ নাথাকে। সেয়েহে সেই সময়ত মানুহে সহজে সাপ বধ কৰিব পাৰে। তদুপৰি যৌন মিলনৰ সময়ত যিকোনো জীৱৰ ওপৰতে আক্ৰমণ কৰাটো মানৱীয় দৃষ্টিকোণেৰে গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰি। সেয়ে যুৰীয়া সাপ দেখিলে নতুন বস্ত্ৰ দলিয়াই দিব লাগে আৰু সেই বস্ত্ৰ লগত থাকিলে মঙ্গলজনক। সাপৰ বংশ ৰক্ষাৰ কাৰণেই যুৰীয়া সাপ সম্পৰ্কীয় লোকবিশ্বাসৰ জন্ম হৈছে বুলিব পাৰি। ইয়াৰ বিপৰীতে দেউৰী সমাজৰ প্ৰচলিত লোকবিশ্বাস অনুসৰি যুৰীয়া সাপ প্ৰথম দেখা ব্যক্তিজনৰ বিপদ হ’বই। এই লোকবিশ্বাসৰ মাজত কোনো যুক্তিগ্ৰাহ্য কাৰণ বিচাৰি পোৱা নাযায়।
উল্লিখিত তিনিওটা জনগোষ্ঠীয়ে বিশ্বাস কৰে যে, উজানৰ প্ৰথম মাছ দুটা ধৰিব নাপায়। এনে লোকবিশ্বাসৰ মাজত মাছৰ বংশবৃদ্ধিত মানুহৰ সহযোগিতাৰ কথাই বিচাৰি পোৱা যায়।
দেউৰী আৰু মিচিংসকলে বিশ্বাস কৰে যে, ঘৰৰ চালত কপৌ চৰাই পৰিলে মৃতক আহিছে বুলি ভাবি সাজৰ গুটি বা আন কিবা খাদ্য খাবলৈ দিব লাগে। এনে লোকবিশ্বাসৰ অন্তৰালত চৰাই-চিৰিকটিক আপোন বুলি ভবাৰ মানসিকতা দেখিবলৈ পোৱা যায়। তদুপৰি দুয়োখন সমাজৰ আত্মা-পৰমাত্মাৰ ধাৰণাও এই লোকবিশ্বাসটোৰ যোগেদি প্ৰতিফলিত হৈছে। ইয়াৰ যোগেদি আহোমসকলৰ তুলনাত দেউৰী আৰু মিচিং সমাজত আত্মা-পৰমাত্মাৰ ধাৰণা অধিক ৰূপত থকা পৰিলক্ষিত হৈছে।
আহোম, দেউৰী আৰু মিচিং সমাজে বিশ্বাস কৰে যে, গৰু আৰু মেকুৰী মাৰিব নাপায়। এনেধৰণৰ লোকবিশ্বাসৰ অন্তৰালত প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা আৰু কৃষকৰ ভৱিষ্যৎ মঙ্গল-অমঙ্গল জড়িত হৈ থকা দেখিবলৈ পোৱা গৈছে। গৰুৰে কৃষিকৰ্ম কৰাৰ উপৰিও সামগ্ৰী কঢ়িওৱা আৰু গাখীৰ উৎপাদনত গৰুক ব্যৱহাৰ কৰে। তদুপৰি গৰুৰ বংশ বৃদ্ধিও সীমিত। সেয়ে এটা গৰু মাৰিলে কৃষকৰ বাবে চিন্তাৰ বিষয় হৈ পৰে। তদুপৰি হাল বোৱা বলধ গৰু মাৰিলে নতুনকৈ এটা গৰু হাল শিকাই হাল বাব পৰাকৈ উপযুক্ত কৰালৈকে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। যাৰ ফলত এজন কৃষকৰ বছৰটোত কৃষি কাৰ্য ব্যাহত হোৱাৰ সম্ভাৱনা বেছি। কিন্তু গৰু মৰা ব্যক্তিজনে ডিঙিত পঘা লৈ গৰুৰ দৰে হেম্বেলিয়ালে গো-বধ পাপৰপৰা ব্যক্তিজন মুক্ত হয়— এনেধৰণৰ লোকবিশ্বাসৰ অন্তৰালত কোনোধৰণৰ যুক্তিগ্ৰাহ্য কাৰণ বিচাৰি পোৱা নাযায়। গো-বধৰ কাৰণে এনে শাস্তিৰ যোগেদি গো-জাতিক সংৰক্ষণ কৰাৰ চেষ্টা কৰা হৈছে যদিও এই আচৰণ অমানৱীয় আৰু অযুক্তিকৰ। আনহাতে মেকুৰীয়ে কৃষিক্ষেত্ৰত উপদ্ৰৱ কৰা এন্দুৰ, নিগনি খাই কৃষকক সহায় কৰে। কিন্তু মেকুৰীৰ চৰু উদঙাই খোৱা স্বভাৱ আছে। সেয়েহে মানুহে মেকুৰী মাৰে। মেকুৰীৰ বেয়া গুণ থাকিলেও সি মানুহৰ উপকাৰো সাধন কৰে কাৰণে মেকুৰী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মেকুৰী মাৰিব নাপায় বোলা লোকবিশ্বাসৰ জন্ম হৈছে বুলি ক’ব পাৰি।
আহোম, দেউৰী আৰু মিচিংসকলে বিশ্বাস কৰে যে, শনিবাৰ আৰু মঙ্গলবাৰে বাঁহ কাটিব নাপায়। এনেধৰণৰ লোকবিশ্বাসৰ জড়িয়তে বাঁহ গছৰ বংশবৃদ্ধি তথা বাঁহগছ সংৰক্ষণ কৰিবলৈ বিচৰা হৈছে। কিয়নো মানুহৰ দৈনন্দিন কৰ্মত — কৃষি কাৰ্যৰপৰা আৰম্ভ কৰি নৱজাতকৰ নাড়ি কটালৈকে বাঁহগছৰ ব্যৱহাৰ হয়। সেয়েহে বাঁহগছ কটাত নিয়ন্ত্ৰণ নাথাকিলে ইয়াৰ বংশবৃদ্ধি নহ’ব আৰু বাঁহগছ লুপ্ত হৈ যোৱাৰ আশংকা থাকে। এনে কাৰণতে এইবিলাক লোকবিশ্বাসৰো জন্ম হৈছে বুলি ভাবিব পাৰি। ইয়াৰ বিপৰীতে শনি-মঙ্গলবাৰে বাঁহ কাটিলে বাঁহ ফুলে বুলি ভবা ধাৰণা অযুক্তিকৰ। কাৰণ বাঁহ এবিধ সপুষ্পক উদ্ভিদ সেয়েহে বাঁহ ফুলিবই। কিছুমান সপুষ্পক উদ্ভিদ দেৰিকৈ ফুলে; বাঁহ তাৰ ভিতৰত এবিধ উদ্ভিদ।
ঙ) অন্যান্য ঃ
আহোম, দেউৰী আৰু মিচিং জনগোষ্ঠীৰ মাজত প্ৰচলিত লোকবিশ্বাসসমূহৰ সৰহ সংখ্যক লোকবিশ্বাসে যুক্তিগ্ৰাহ্য কাৰণ কঢ়িয়াই আনিছে। কিন্তু কিছুমান লোকবিশ্বাসৰ মাজত কাৰ্য আৰু কাৰণৰ কোনো সম্পৰ্ক বিচাৰি পোৱা নাযায়। উদাহৰণস্বৰূপে, খৰাং বতৰত ভেকুলী বিয়া পাতিলে আৰু ঢেঁকী, নাঙল আদি ওভতাই পুতিলে বৰষুণ হয়। এনেধৰণৰ লোকবিশ্বাসৰ অন্তৰালত বৰষুণ দিয়া-নিদিয়াৰ কোনো বিশ্বাসযোগ্য কাৰণ বিচাৰি পোৱা নাযায়। এইবোৰ যাদু বিশ্বাসহে (Magical Belief) বুলিব পাৰি। তদুপৰি এইবোৰ লোকবিশ্বাসৰ অন্তৰালত প্ৰত্যক্ষভাৱে কোনো কাৰণ বিচাৰি নাপালেও পৰোক্ষভাৱে সমাজখনৰ মাজত সামাজিক একতা ৰক্ষা কৰাত বিশেষ অৰিহণা যোগাই আহিছে। আনহাতে ভেকুলীয়ে টোৰ্টোৰালে বৰষুণ দিয়ে কাৰণেই লোকমনে ভেকুলী বিয়াৰ জড়িয়তে বৰষুণ কামনা কৰা পৰিলক্ষিত হৈছে।
আনহাতে চূণ, বেজী, হালধি আদি বাতি দিব নাপায় বোলা বিশ্বাসত যুক্তিগ্ৰাহ্য কাৰণ বিচাৰি পালেও এইবোৰৰ নাম সলাই ক’লে দিব পাই বোলা বিশ্বাসক অন্ধবিশ্বাস বুলিব পাৰি। বলি দিয়া গাহৰিৰ কলিজা পৰীক্ষা কৰি মঙ্গল-অমঙ্গল বিচাৰ কৰা কাৰ্যৰ মাজতো দেউৰী আৰু মিচিং সমাজৰ ভাগ্যবাদী বিশ্বাসৰ পৰিচয় পোৱা যায়।
আহোম, দেউৰী আৰু মিচিং সমাজত প্ৰচলিত কিছুমান বিশ্বাস কেওখন সমাজতে ৰহস্যময় বিষয় স্বৰূপে চলি আহিছে। উদাহৰণস্বৰূপে, বিভিন্ন বেমাৰ-আজাৰত বেজে জাৰিলে আৰু তাবিজ পিন্ধিবলৈ দিলে ভাল হয়, বেজে জাৰি দিয়া মন্ত্ৰপুত পানী খালে পেটৰ অসুখ ভাল হয়, এনেধৰণৰ অনেক লোকবিশ্বাস উল্লিখিত তিনিওটা জনগোষ্ঠীতে পোৱা যায়। এনেবোৰ লোকবিশ্বাসৰ যুক্তিগ্ৰাহ্য কাৰণ নাই যদিও এইবোৰে লোকমনক অবিচল লোকবিশ্বাসৰূপে আৱৰি ৰাখিছে। অৱশ্যে বহু সময়ত এনেধৰণৰ আন কিছুমান লোকবিশ্বাসে সমাজৰ পাৰিবাৰিক তথা সামাজিক শৃংখলাত ব্যাঘাত জন্মাই আহিছে। উদাহৰণস্বৰূপে, দেউৰী আৰু মিচিং সমাজত ডাইনী বিশ্বাস প্ৰচলিত। তেওঁলোকে বিশ্বাস কৰে যে, কোনো এজন ব্যক্তিয়ে যাদু-মন্ত্ৰৰ বলত গাঁৱৰ আন মানুহ মাৰিব পাৰে বা গাঁওখনৰ অপায় অমঙ্গল ঘটায়। এই ধাৰণাৰ কোনো যুক্তিগ্ৰাহ্য কাৰণ বিচাৰি পোৱা নাযায়। কেৱল মিচিং আৰু দেউৰী জনগোষ্ঠীৰেই নহয়, অসমৰ আন আন জনগোষ্ঠীৰ মাজতো এই ডাইনী বিশ্বাস আছে আৰু সেই সমাজসমূহতো এই বিশ্বাসে সামাজিক শৃংখলতাত ব্যাঘাত জন্মাইছে। ইয়াৰ বিপৰীতে আহোমসকলৰ মাজত ডাইনী বিশ্বাসৰ প্ৰচলন নাই কাৰণে এনেধৰণৰ বিশৃংখলতা তেওঁলোকৰ মাজত দেখিবলৈ পোৱা নাযায়।
আহোম, দেউৰী আৰু মিচিং দুয়োখন সমাজতে প্ৰচলিত কিছুমান লোকবিশ্বাসৰ আকৌ কোনো যুক্তিগ্ৰাহ্য কাৰণ নাই যদিও সেইসমূহৰ সামাজিক মূল্যও কিন্তু কম নহয়। সেইবোৰ লোকবিশ্বাসে যুগ যুগ ধৰি লোকমন আৰু শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰি আহিছে। সেয়েহে যুক্তিতকৈ বিশ্বাসক বেছি প্ৰাধান্য দিয়া লোকমনে এইবোৰ বিনা প্ৰতিবাদেৰে মানি আহিছে। আনহাতে কিছুমান লোকবিশ্বাসে সমাজক বিপথে পৰিচালিত কৰিছে আৰু সমাজৰ উন্নতিত বাধাৰ সৃষ্টি কৰিছে। এনে লোকবিশ্বাস সমাজে পৰিহাৰ কৰা বাঞ্ছনীয়।
প্ৰসঙ্গ টোকা ঃ
১। বৰুণ কুমাৰ চক্ৰৱৰ্তী ঃ লোক-বিশ্বাস ও লোক-সংস্কাৰ, পৃ. ৩২
২। শান্তনু কৌশিক বৰুৱা (সংগ্ৰাহক) ঃ বিজ্ঞান কি কিয় কেনেকৈ কোন আৰু কেতিয়া, পৃ.২
৩। পূৰ্বোউল্লিখিত, পৃ.৪৩

(লেখক ঃ জ্যেষ্ঠ সহকাৰী অধ্যাপক, নৰ্থ বেংক কলেজ, ঘিলামৰা)