ড০ শংকৰ পাটোৱাৰী
আজি ভালেমান বছৰৰ পৰা ব’হাগৰ আগমনৰ লগে লগে এই অভাজনলৈ বিভিন্ন স্থানৰ পৰা অনুৰোধ আহে লিখনি বিচাৰি। ব’হাগৰ উৎসৱটি পালন কৰাৰ উপলক্ষে উদযাপন সমিতি সমূহে বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰি ৰূপায়ন কৰিবলৈ উদ্যোগ লোৱাৰ লগতে একোখনিকৈ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ বাবেও পৰিকল্পনা কৰা দেখা যায়। এনে স্মৃতিগ্ৰন্থৰ বাবে লিখনি বিচাৰি কোনো কোনো সময়ত কিছুমান সমিতিয়ে আমাকো আন্তৰিক তাগিদা নকৰা নহয়। কিন্তু, বাস্তৱিকতে কথাটো এনে যে মই কোনো কালেই লিখক, প্ৰৱন্ধকাৰ জাতীয় লোক নাছিলোঁ। অথচ সাহিত্য মোৰ প্ৰিয় বিষয় হোৱা হেতুকে সাহিত্য চৰ্চা কৰাৰ মন এটা নথকাও নহয়। মই দীৰ্ঘদিন দিন ধৰি প্ৰধানকৈ গীত-ৰচনা কৰাৰ অনুশীলন কৰি আহিছোঁ। পিছে, এনে কাৰ্য সাহিত্য হয় নে নহয় সেয়াহে মই নেজানো। তৎস্বত্বেও, আজিলৈকে মই ভালেমান গীত ৰচনা কৰিলোঁ। গীতবোৰ কি হৈছে নেজানোঁ। অথচ কেতিয়াবা দুই-এক এনে পাঠক-শ্ৰোতা লগ নোপোৱা নহয় যি মোক গীত ৰচনা কৰা কাৰ্যত ব্ৰতী থাকিবলৈ আন্তৰিক প্ৰেৰণা দিয়ে। এটা কথা যে গীত ৰচোতা সকলক সাহিত্যিকৰ মৰ্যদা দিয়াৰ ক্ষেত্ৰত অসমত এতিয়াও হেমাহি কৰাৰ এক পৰিবেশ আছে। অন্যহাতে, গীতি-সাহিত্যৰ ক্ষেত্ৰত দেশ আৰু বিশ্বৰ পৰিৱেশ অসমৰ দৰে বুলি ক’ব নোৱাৰি। আচলতে, বিষয়টোৰ গভীৰলৈ গৈ কিঞ্চিত অনুধাৱন কৰিবলৈ যদি চেষ্টা কৰা হয় আমি অনুধাৱন কৰিব পাৰিম যে বিশ্বৰ ভিন্ন প্ৰান্তত লিখিত সাহিত্য সমূহে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে সকলো সাহিত্য মৌখিক ৰূপত আছিল। ছন্দময় এনে মৌখিক সাহিত্যবোৰ প্ৰধানকৈ– গীত-মাত, প্ৰবচন, শ্লোক, ফকৰা-যোজনা ইত্যাদি ভিন্ন ৰূপত আছিল যিবোৰ তথাকথিত অনামী নিৰক্ষৰ আৰু চহা লোকৰ দ্বাৰা সৃষ্টি হৈ আহিছিল। এনে সৃষ্টিবোৰ এটাৰ পিচত আনটো প্ৰজন্মলৈ মুখ বাগৰি চলি আহিছিল। পৰৱৰ্তী সময়ত গীত আৰু পদ্য প্ৰধান মৌখিক সাহিত্যৰ সমল আৰু উপাদানবোৰ আহৰন কৰি অগ্ৰগতি লাভ কৰা অসমীয়া আধুনিক গীতি-সাহিত্যক ‘বিশুদ্ধ’(?) সাহিত্যৰ পৰা নিলগাই ৰাখিব খোজা প্ৰৱণতা সুখদায়ক নহয় বুলি বোধ হয়। অৱশ্যে, ভাগ্য ভাল যে এই মানসিকতা বিশ্ব সাহিত্যৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। উদাহৰণ স্বৰূপে, আমাৰ কাষতে থকা ৰাজ্য পশ্চিম বংগৰ বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰক সাহিত্যৰ ন’বেল বটা তেওঁৰ গীতি-সাহিত্য “গীতাঞ্জলী”ৰ বাবে প্ৰদান কৰা হৈছিল। ২০১৬ চনত আমেৰিকান গায়ক বব ডিলানকো তেওঁৰ গীতৰ বাবে ন’বেল বটা প্ৰদান কৰা হৈছিল। আমাৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাই তেওঁৰ গীতৰাজিক সাহিত্যৰ এক উপাদান বুলি বিবেচনা নকৰাকলৈ এসময়ত কৰা আক্ষেপখিনি ১৯৬৩ চনৰ অসম সাহিত্য সভাৰ নাজিৰা অধিবেশনৰ সাংস্কৃতিক অধিৱেশন উদ্বোধন কৰি দিয়া তেওঁৰ ভাষণত প্ৰকাশ পাইছিল। এই প্ৰসংগত তেওঁ কৈছিল —
“অতি নম্ৰভাৱে, বহুদিন বুকুখন খুলি খুলি খোৱা ভাব এটিক আজি বিজ্ঞ সাহিত্যিক সকলৰ সমুখত ব্যক্ত কৰোঁ। আধুনিক অসমীয়া সাহিত্যক, বুৰঞ্জীবিদসকলে সুস্থ আৰু অৰ্থপূৰ্ণ গীতি সাহিত্যৰো বহু সময়ত সাহিত্যিক মূল্যাংকন কৰিবলৈ কুণ্ঠাবোধ কৰা আমাৰ চকুত পৰে। কিয়? ই হানিকৰ কাৰ্য নেকি? কিয়? গীতি-সাহিত্য ‘অশুদ্ধ’ সাহিত্য আৰু বাকীখিনি ‘বিশুদ্ধ’ সাহিত্য বুলি নেকি? গীতৰ বেয়াও বেয়া, কবিতাৰ বেয়াও বেয়া। পিছে, ভালখিনি, শক্তিশালীখিনি, সুন্দৰখিনিয়ে কি দোষ কৰিলে? গীতিকাৰ শংকৰদেৱ, গীতিকাৰ বিদ্যাপতি, গীতিকাৰ তুলসীদাস, গীতিকাৰ ৰবীন্দ্ৰনাথ, গীতিকাৰ জ্যোতিপ্ৰসাদ, গীতিকাৰ নজৰুল, গীতিকাৰ কাৰ্ল ছেণ্ডবাৰ্গে ‘অশুদ্ধ’ বা ‘অসুস্থ’ মাধ্যম বুলি জানো গীত লিখা আৰম্ভ কৰিছিল? আজিৰ অসমতেইতো বহুতো ‘বিশুদ্ধ’ সাহিত্যিকে ‘অশুদ্ধ’ গীতি-সাহিত্য ৰচনা কৰাৰ প্ৰচেষ্টা কৰি হাঁহিয়াতৰ পাত্ৰ হোৱাটো আমাৰ দৃষ্টিৰ পৰা সাৰিব পৰা নাই।”
সন্তোষজনক কথা যে আমি প্ৰত্যক্ষ কৰা কালছোৱাৰ ভিতৰতে পৃথিৱীৰ ভিন্ন প্ৰান্তত পূৰ্বৰ পৰাই সমাদৃত ভূপেন হাজৰিকাৰ গীতৰাজিক লৈ চিন্তা-চৰ্চা কৰাৰ ক্ষেত্ৰত আজিৰ অসমীয়াও পিচ পৰি ৰোৱা নাই। সাম্প্ৰতিক কালত অসমৰ ভালে কেইখন বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ গীত ৰাজিৰ ওপৰত গৱেষণামূলক কাম কাজ হৈ আছে। ৰাজ্যখনৰ বাহিৰৰ বিশ্ববিদ্যালয়তো দুই এক অনা-অসমীয়া লোকে ভূপেন হাজৰিকাৰ গীতত ভিন ভিন দিশ অন্বেষণ কৰি আছে যি কথা মোৰ জ্ঞাত। অতি সাম্প্ৰতিক কালত অসমৰ অলেখ মহাবিদ্যালয়ত ভূপেন হাজৰিকাৰ গীত আৰু আদৰ্শৰ ওপৰত ৰাষ্ট্ৰীয়/আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হোৱা দেখা যায়। মুঠতে মহান শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পৰৱৰ্তী কালত তেওঁক লৈ বিভিন্ন মহলত গ্ৰহণ কৰা তৎপৰতাৰ শেষ নাই। প্ৰতিমূৰ্তি নিৰ্মাণৰ কথাটো একাষৰীয়কে থলো।
ওপৰে ওপৰে চালে এনে লাগে ভূপেন হাজৰিকাৰ গীতি-সাহিত্যত নিহিত হৈ থকা চিন্তা ৰাশিৰে আমি, বিশেষকৈ অসমীয়াসমাজ খন যেন প্ৰতিক্ষণ উজ্জীৱিত হৈ আছো। কিন্তু, কথাবোৰ তেনে হয় জানো? সম্প্ৰতি দেখা যায় যে ভূপেন হাজৰিকাৰ জন্ম আৰু মৃত্যু দিৱস দুটি আমি উলহ-মালহেৰে উদযাপন কৰি নিৰ্দিষ্ট দিন কেইটাত তেওঁৰ গীতৰাজিৰ চৰ্চাৰে তেওঁক সোঁৱৰণ কৰোঁ। পিছে, এনে দিনবোৰত সুধাকণ্ঠৰ কোনখিনি গীতৰ চৰ্চা অধিক হয়,আমি কেতিয়াবা লক্ষ্য কৰিছোঁনে? ডাঙৰ ডাঙৰ reality show বোৰৰ জৰিয়তেও সুধাকণ্ঠৰ গীতৰাজিক মহিমাণ্ডিত কৰাৰ প্ৰয়াস কৰা দেখো। বাস্তৱিকতে, আমি সততে দেখা বিভিন্ন মাধ্যম যোগে ভূপেন হাজৰিকাৰ যি সমূহ গীতৰ বহুল চৰ্চা হোৱা দেখা যায় এনে গীতবোৰৰ সিংহভাগেই তথাকথিত নৰ-নাৰীৰ প্ৰেম সম্পৰ্কীয় গীত। “ভূপেন্দ্ৰ-সংগীত” প্ৰতিযোগিতাত কেতিয়াবা পৰিবেশন হোৱা কিছুমান কম প্ৰচলিত গীতৰ বাহিৰে আন আন পৰিবেশত কোনো অনুৰাগীয়ে সুধাকণ্ঠৰ গীত গাব লগা হ’লে যি কেইটা গীত পৰিবেশন কৰে তাৰ তালিকাখন তেনেই চুটি। এইবোৰ কথা প্ৰত্যক্ষ কৰি এনেলাগে যেন সৰহসংখ্যক অসমীয়াই প্ৰেমিক ভূপেন হাজৰিকা জনৰ বাদে তেওঁৰ গীতে যে অন্যান্য বহুতো গুৰুত্বপূৰ্ণ দিশো উন্মোচন কৰে সেই সম্পৰ্কে সজাগ নহয়। অথবা গীত বুলিলে সাম্প্ৰতিক সময়ত বুজনসংখ্যকে আজিকালি পুৰুষ-নাৰীৰ প্ৰেম বিনা এই পৃথিবীত যে আৰু কিবা বিষয় থাকিব পাৰে সেয়া চাগে তেওঁলোকে ভাবিবকে নোৱাৰে। অৱশ্যে, এই কথা অনস্বীকাৰ্য যে ভূপেন হাজৰিকা নিশ্চিতভাবে এক দুৰন্ত প্ৰেমিক আছিল। তেজ মঙহৰ মানুহ হিচাপে তেওঁ আন বহুতৰ দৰেই প্ৰেমত হাবুডুবু খাইছিল। এলানি বিশেষ গীতৰ বক্তব্যৰে তেওঁ তেওঁৰ গভীৰ ইন্দ্ৰিয়াসক্তিৰ বক্তব্য মুকলিকৈ প্ৰকাশ কৰিবলৈ কোনো দ্বিধাবোধ কৰা দেখা নগ’ল। বৰং ভিন ভিন গীতত যৌৱনক তেওঁ মুক্তভাবে বন্দনাহে কৰিছে। তেওঁৰ এনে প্ৰকাশভংগীত পাশ্চাত্য সাহিত্যৰ বহু নামজ্বলা কবি-সাহিত্যক, দাৰ্শনিকৰ চিন্তাৰ সতে মিল থকা দেখা যায়। উদাহৰণ স্বৰ\ূপে তেওঁৰ ‘গুপুতে গুপুতে কিমান খেলিম/ আলিংগনৰ এই খেলা’ গীতটিৰ কথাকে কব পাৰি। এই গীতটিত ভূপেন হাজৰিকাক GBS দৰে এজন iconoclast ৰ ৰূপত আত্মপ্ৰকাশ কৰা দেখা যায়। তদুপৰি Andrew Marvel ৰ To his coy mistress কবিতাটিৰ ভাবাৰ্থৰ সতেও এই গীতটিৰ বহুত মিল থকা দেখা যায়।
কিন্তু কথা হ’ল, ইমানৰ পিছতো সুধাকণ্ঠই তেওঁৰ প্ৰেম সম্পৰ্কত যি অভিমত দাঙি ধৰিছে সেয়াহে তাৎপৰ্যপূৰ্ণ। এই সম্পৰ্কত সুধাকণ্ঠই কয়, সকলোকে বিদায় দিলেও মোৰ জীৱনৰ পৰা বিদায় দিব নোৱাৰিলোঁ মোৰ সৃজনী মনৰ প্ৰেমক। এই প্ৰেম মোৰ জীৱনলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণেই আহিছে। মোৰ বাবে অকল নৰ-নাৰীৰ প্ৰেমেই প্ৰেম নহয়। মানৱপ্ৰেম, স্বদেশপ্ৰেম, সংগীতৰ প্ৰতি প্ৰেম—এই প্ৰেমবোৰো বিভিন্ন সময়ত আহিছে মোৰ জীৱনলৈ নতুন নতুন ৰূপত। সেয়েহে আমি দেখিবলৈ পাওঁ, নাৰী-পুৰুষৰ মাজত উদ্ৰেক হোৱা স্বাভাৱিক প্ৰেমক উপেক্ষা নকৰাকৈ দেশ, জাতি, মাটি, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আৰু সবাতোকৈ উৰ্ধত গৈ মানৱবন্দনাৰে সুধাকণ্ঠই যি সমূহ গীত ৰচনা কৰি পৰিবেশন কৰিছিল সেইখিনি গীতেহে তেওঁক পৃথিৱীৰ অন্যান্য গায়কতকৈ পৃথক কৰি এক সুকীয়া স্থানত উপৱিষ্ট কৰিছিল। অসমৰ প্ৰকৃতি, ইয়াৰ জনসাধাৰণৰ আশা-আকাংশা, পোৱা-নোপোৱাৰ বেদনা ইত্যাদি সমূহ তুলি ধৰিবলৈ যি সমূহ গীত সুধাকণ্ঠই সৃষ্টি কৰিছিল সেই গীতৰাজীয়ে তেওঁক অসমীয়া লোকৰ হিয়াৰ আমঠু কৰি তুলিছিল। এনে গীতবোৰেৰে তেওঁ যেন অসমীয়াৰ অভিভাৱক স্বৰূপ হৈ পৰিছিল। মুকুটবিহীনভাবে হদয়ৰ সম্ৰাট হৈ অসমীয়া জাতিটোৰ কণ্ঠ হৈ পৰা তেওঁৰ এইলানি গীত অৱশ্যে প্ৰকৃত অসমীয়াই হে হদয়ংগম কৰিব পাৰিছিল। উল্লেখযোগ্য যে ভূপেন হাজৰিকাৰ অসমীয়াত্ব বোধৰ তাৎপৰ্য অনুধাৱন কৰিব পৰাকৈ তেওঁ কেবাটাও গীতত এই সম্পৰ্কে স্পষ্ট অভিমত দি গৈছে। উদাহৰণ স্বৰূপে “অগ্নি যুগৰ ফিৰিঙটি”, “আমি অসমীয়া নহওঁ দুখীয়া”, “ৰিমজিম ৰিমজিম বৰষুণে নেপুৰ বজায় ক’ত”, “মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ” ইত্যাদি গীতবোৰৰ কথাকে উল্লেখ কৰিব পাৰি। এনেবোৰ গীতৰ মাজেৰে প্ৰতিফলন হোৱা সুধাকণ্ঠৰ অসমীয়াত্ব বোধৰ যি স্বৰূপ প্ৰকাশ ঘটিছিল তাৰ পৰা এইয়া পৰিষ্কাৰ হয় যে মহাপুৰুষ দুজনাৰ উপৰিও জ্যোতি-বিষ্ণুৰ আদৰ্শই সুধাকণ্ঠক অপৰিসীমভাবে প্ৰভাৱান্বিত কৰিছিল।
ভূপেন হাজৰিকাই অসম আৰু অসমীয়াৰ অতীত,বৰ্তমান আৰু ভবিষ্যত সম্পৰ্কে তেওঁৰ এলানি গীতৰ মাজেৰে অলেখ কথা অৱতাৰণা কৰিছে। অসমীয়া জাতিক উদ্দেশ্যি বক্তব্য ৰখাৰ একাধিক সন্ধিক্ষণত ব’হাগ আৰু ব্ৰহ্মপুত্ৰক তেওঁ সততে আহিলা হিচাপে লবলৈ পছন্দ কৰিছিল। ভূপেন হাজৰিকাই কিছুসংখ্যক পৰম্পৰাগত বিহু গীততো কণ্ঠ নিগৰাইছিল যদিও ব’হাগ অথবা বিহু সম্পৰ্কত তেওঁৰ কিছু মৌলিক চিন্তা চৰ্চা অন্য এলানি গীততো পোৱা যায়। এনেবোৰ গীত লৈ ব’হাগৰ বতৰত অসমৰ ইটো মূৰৰ পৰা আনটো মূৰলৈ বিভিন্ন বিহুতলীত তেওঁ সেইবোৰ পৰিবেশন কৰি ফুৰিছিল। এই গীতবোৰেৰে তেওঁ দৰ্শক-শ্ৰোতাৰ স’তে প্ৰত্যক্ষ ভাবে গণসংযোগ কৰি অসমীয়া সমাজখনৰ জাতীয় জীৱনৰ বহুবোৰ গুৰুত্বপূৰ্ণ সংবাদহে যেন তেওঁ বিলাই ফুৰিছিল। তাৎপৰৰ্্যপূৰ্ণ কথা যে আমেৰিকাত উচ্চ শিক্ষা সাং কৰি অসমলৈ উভটি অহাৰ পিচত গুৱাহাটীৰ লতাশিল খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে যি মঞ্চ-বিহু উদ্যাপিত হৈছিল তাত পৰিবেশনৰ হেতু ভূপেন হাজৰিকাই “ছাগৰ ছাল ছেলাবৰ ডবুৱা কটাৰী/পহুৰ ছাল ছেলাবৰ মিত / দেশৰ বুঢ়া-মেথা দায়ে নধৰিবি / গাই যাওঁ বতৰৰ গীত” এই গীতটি সৃষ্টি (১৯৫৪) কৰিছিল। গীতটিত স্বাধীনোত্তৰ কালৰ দেশবাসীৰ আশাভংগ আৰু দূৰৱস্থাৰ লগতে ছয় মহাযুদ্ধই সৃষ্টি কৰা যুদ্ধ-বিধবস্ত আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপট নিৰ্মাণেৰে তদানীন্তন সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পয়ালগা ছবি এখন তুলি ধৰা হৈছিল। সুধাকণ্ঠই এনে এটি প্ৰতিক্ৰিয়াশীল গীত ৰচনা কৰাৰ সংবাদ পাই ৰজাঘৰীয়াই তেওঁক গীতটো মঞ্চত পৰিবেশন কৰিব নিদিয়াৰ অভিযোগ তেওঁ নিজেই আত্মজীৱনীত ব্যক্ত কৰি গৈছে। ইয়াতে থমকি নৰৈ পৰৱৰ্তী সময়ত একেলেঠাৰিয়ে প্ৰায়বোৰ ব’হাগতে জাতিটোক তেওঁ একোটিকৈ ব’হাগীয় চিন্তাৰে সমৃদ্ধ গীত উপহাৰ দিছিল। এনে গীতবোৰৰ বক্তব্য গভীৰ মননশীল আছিল। ইয়াৰ ভিতৰত কেতবোৰ উল্লেখযোগ্য গীত হ’ল ‘বৰদৈ চিলানে সৰুদৈ চিলানে/অসমৰ আকাশৰ বৰ বৰ চিলা”, ‘আমি অসমীয়া নহওঁ দুখীয়া/ বুলি শান্তনা লভিলে নহ’ব, ‘ব’হাগ মাথো এটি ঋতু নহয়/নহয় ব’হাগ এটি মাহ’, ‘এই ব’হাগ জলন্ত অৰুণ/এই ব’হাগ দূৰন্ত তৰুণ’, ‘বিহুটি বছৰি আহিবা/ অসমী আইকে জগাবা’ ইত্যাদি। উল্লেখিত প্ৰতিটো গীতৰ বক্তব্যই ইয়াকে প্ৰতীয়মান কৰে যে সুধাকণ্ঠই ব’হাগক একমাত্ৰ ৰং-তামাচাৰ এক মনোৰঞ্জনৰ উৎসৱৰূপে গণ্য কৰা নাছিল। কাৰণ তেওঁৰ ব’হাগ আছিল অসমীয়া জাতিৰ আয়ুসৰেখা; ই যেন ‘জলন্ত অৰুণ’ৰ অপৰিসীম শক্তিৰ উৎস যি দেশৰ ‘দূৰন্ত-তৰুণ’গণক দেশমাতৃৰ সেৱাৰ বাবে উদ্বুদ্ধ কৰিবলৈ সমৰ্থ। ব’হাগৰ বতৰৰ সময়কণক সুধাকণ্ঠই অসমীয়া জাতিটোৰ বাবে বছৰটিৰ সবাতোকৈ উত্তম সময়বুলি বিবেচনা কৰি ‘বৰদৈ চিলানে সৰুদৈ চিলানে/অসমৰ আকাশত বৰ বৰ চিলা’– গীতটিত যিবোৰ জাতীয় প্ৰশ্নৰ অৱতাৰণা কৰি অসমীয়া জাতিৰ এক নিৰ্মম সমালোচকৰ ভূমিকাত অৱতীৰ্ণ হৈছে তাৰ সম্ভেদ লবলৈ সমসাময়িক তথাকথিত শিল্পীসকলৰ আহৰি নাই। আচলতে, সাম্প্ৰতিক সময়ত অসমত গঢ় লৈ উঠা গীতৰ যি এক পৰিবেশ তাত ভূপেন হাজৰিকাৰ গীতৰ প্ৰাসংগিকতা এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বিশেষকৈ ব’হাগী উৎসৱৰ কালছোৱাত যেতিয়া এই অভাজনক ভূপেন হাজৰিকাৰ গীতত ব’হাগ অথবা বিহুক লৈ কমিটি সমূহে লিখা প্ৰস্তুত কৰিবলৈ কয় তেতিয়া মোক বিভিন্ন কথাই জুমুৰি মাৰি ধৰে। এনেবোৰ কথা মুকলিকৈ ব্যক্ত কৰিলে তাৰ প্ৰতিক্ৰিয়া কি হ’ব মই অনুমান কৰিব পাৰো।
ব’হাগ বিহু এটি ঋতু ভিত্তিক উৎসৱ। এই উৎসৱটিৰ অন্তৰালত অসমৰ সমগ্ৰ জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধ খুৱাব পৰা যি এক শক্তি আৰু উপাদান আছে সেই সমূহ সাম্প্ৰতিক সময়ত অৱহেলিত হৈ ই মাথোঁ এক স্থ³ল আমোদ-প্ৰমোদ আৰু মনোৰঞ্জনৰ উৎসৱ! মেলা হৈ পৰাটো এক উদ্বেগজনক কথা। কিন্তু, এই কথাটো কোনে অনুধাৱন কৰে? আজিতো ক্ৰমাৎ ব’হাগত পৰম্পৰাগত লোকাচাৰ,ৰীতি-নীতি সমূহক কৰবাত দলিয়াই বহাগৰ ‘সাংস্কৃতিক সন্ধিয়া’ খনিকহে সবাতোকৈ আগস্থান দিয়া হয়। ঠিক আছে, সাংস্কৃতিক সন্ধিয়া খনিয়েই আমাৰ বাপতিসাহোন বিহুটিক ডাঙি ধৰক। কিন্তু আপুনি ভাৱেনে যে ব’হাগৰ সাংস্কৃতিক সন্ধিয়া সমূহৰ নামত যিবোৰ লাখটকীয়া তথাকথিত শিল্পীৰ সমাৱেশেৰে নিশাবোৰ ৰমৰমীয়া কৰিবলৈ উঠিপৰি লগা হয় সেইবোৰে প্ৰকৃততে ব’হাগ অথবা বিহুৰ প্ৰকৃত তাৎপৰ্য বহন কৰিবলৈ সক্ষম হৈছে?
(লেখক ঃ সহযোগী অধ্যাপক, ধেমাজি কমাৰ্চ কলেজ)