মনালিছা বুঢ়াগোহাঁই

ৰাজনৈতিক প্ৰয়োজনত ভাগ ভাগ পৃথিৱীৰ ভূখণ্ডক সামৰি গোটেই পৃথিবীক বাণিজ্যিকভাৱে এক কৰাৰ প্ৰয়োজনতে গোলকীকৰণৰ সৃষ্টি। পাৰস্পৰিক নিৰ্ভৰশীলতাৰ জৰিয়তে বিশ্ব অৰ্থনীতিক ৰূপান্তৰ কৰাৰ এই প্ৰক্ৰিয়াত সামাজিক আৰু সাংস্কৃতিক সীমাৰেখাও ভাঙি যায়। তথ্য-প্ৰযুক্তিৰ অভুতপূৰ্ব উন্নয়নে দৈনন্দিন জীৱনপ্ৰণালীৰ পৰিৱৰ্তন সাধন কৰি পৰম্পৰাত হেঁচা প্ৰয়োগ কৰাৰ ফলত আৰু বিশ্বৰ নিজ সাংস্কৃতিক চিন্তাধাৰাক সামৰি তথাকথিত আধুনিকতাৰ জোৱাৰত উটি যোৱাৰ মানসিকতাই সাংস্কৃতিক গোলকীকৰণৰ অন্যতম কাৰক বুলি অসমীয়া সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত ক’ব পাৰি।
অতীজৰে পৰা অসমীয়া সমাজে এছোৱা সময় ধৰ্মীয় পৰিকাঠামোৰে আবদ্ধ এক চিন্তাধাৰাৰে জীৱন অতিক্ৰম কৰি আহিছে। মোক্ষ বা নিৰ্বাণৰ পৰা মৃত্যুৰ পাছত এখোজো লৰচৰ হ’ব নোখোজা অসমীয়াই সেয়ে বলি-বিধানৰ পৰা নাম-কীৰ্তনলৈকে যেতিয়াই যিটো পাইছে মাত্ৰ গ্ৰহণ কৰিছে। বৌদ্ধ ধৰ্মবিষয়ক ৰচনাৰে আৰম্ভ হোৱা প্ৰাচীন অসমীয়া সাহিত্যৰ ধাৰা শেষ হোৱাৰ লগে লগে খ্ৰীষ্টান ধৰ্মবিষয়ক ৰচনাৰে আধুনিক সাহিত্যক আদৰিছে। নিজ মাতৃভাষা থাকোঁতেও এছোৱা কাল বেলেগ একোটা ভাষাক শিক্ষাৰ মাধ্যম কৰি লৈছে। আভিজাত্যৰ চিনাকি দিবলৈ কেতিয়াবা যদি বাংলা শিকিছে, কেতিয়াবা ইংৰাজী নতুবা হিন্দী। পাশ্চাত্যৰ চিন্তা অসমীয়া মানুহে প্ৰকৃত আভিজাত্যৰ চিন হিচাপে গ্ৰহণ অথবা অনুকৰণৰ এক মুহূৰ্ত্তও পলম কৰা নাই। জাতীয়তামুখী চিন্তা আৰু বিদেশী প্ৰীতিৰ সংঘাতেৰে অসমীয়াৰ জাতিপ্ৰেম জাগ্ৰত কৰিব বিচাৰিলেও পৰৱৰ্তী সময়ত তাৰ চোক পাহৰি যাবলৈ অলপো সময় নলগায়। গতিকে গোলকীকৰণ অসমীয়াৰ বাবে আশীৰ্বাদ।
অসমীয়াৰ আবেগ প্ৰকাশৰ এক অন্যতম মাধ্যম বিহু। উৰ্বৰতা বৃদ্ধিৰ কৰ্ষণেৰে আৰম্ভ হোৱা অসমীয়াৰ এই আবেগ। পৃথিৱী, নাৰী আৰু উদ্ভিদ — সৃষ্টিৰ শক্তিৰে সকলো মহীয়ান। এই দৃষ্টিভংগীৰে আৰম্ভ হোৱা গছতলৰ বিহুৰ শিকলি স্বৰূপ হৈ পৰিল পৰিৱৰ্তিত সমাজ। আৰ্থ-সামাজিক বিকাশ আৰু সভ্যতাৰ পোহৰে গছতলৰ পৰা মানুহক চোতাললৈ আৰু চোতালৰ পৰা মঞ্চলৈ লৈ আহিবলৈ বৰ বেছি সময় নলগালে।
চকলা টেঙাটি অকলৈ নাখাবি
আমাকো এচকল দিবি
বিহু মাৰিবলৈ অকলৈ নাযাবি
আমাকো লগতে নিবি
এতিয়াৰ মঞ্চলৈ নাচনীৰ লগত ঢুলীয়া যোৱাৰ চুক্তি বেলেগ হ’ল। অতীজৰ মানুহে কোনো কৰ্মৰ সমিধান বিচাৰি কাল্পনিক মাধ্যমেৰে প্ৰতিকাৰৰ উপায় সন্ধানৰ ফলতেই পৰম্পৰাগতভাৱে বৈ অহা লোকবিশ্বাস বা লোকাচাৰবোৰৰ সৃষ্টি। গৰু বিহুৰ সমস্ত পৰম্পৰা লোকবিশ্বাসৰ আধাৰতে সৃষ্ট। কৃষি পৰম্পৰাত গৰুৰ স্থান তথ্য-প্ৰযুক্তিয়ে প্ৰায়ে নোহোৱা কৰি পেলোৱাৰ ফলত গৰু গা ধুওৱাৰ নৈ বা পুখুৰী দমকললৈ আহিবলৈ বৰ বেছি সময় নালাগিল। প্ৰজন্মৰ পৰিৱৰ্তনে লোকবিশ্বাস বা লোক পৰম্পৰাৰ জ্ঞান সীমিত কৰি আনিলে। এশ এবিধ শাক বিচাৰিবলৈ নগৰমুখী সভ্যতাত বিশ্বাসৰ অভাৱ হ’ল।
কিছুমান বিহুগীতত প্ৰেমৰ লগে লগে আনুষংগিকভাৱে কৃষিজ্ঞানৰো দিহা দেখা পোৱা যায়।
আহু ধান কৰিবা হায়ৈ জীৱন কমলা
জেওৰা ভেটিবা হায়ৈ জীৱন কমলা
তেতিয়াহে আহুধান পাবা জীৱন কমলা
মৰম যাচিছিলা
এৰিব নোৱাৰা কৰি
ছোৱালী লাগিব হায়ৈ জীৱন কমলা
অহা-যোৱা কৰিবা হায়ৈ জীৱন কমলা
তেতিয়াহে ছোৱালী পাবা জীৱন কমলা ………
পৰিৱৰ্তিত সমাজ জীৱনে কোনোবাখিনিত এই প্ৰসংগবোৰ আওপুৰণি কৰি পেলাইছে। মানুহৰ জীৱনক চোৱাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনে সামগ্ৰিক জীৱনযাত্ৰাকে সলাই পেলোৱাৰ লগে লগে সাংস্কৃতিক চিন্তা-চৰ্চাবোৰো সেই অনুযায়ী নতুন হৈ পৰিল।
বিহুগীত আৰু নাচৰ লগত সৃষ্টিশীলতাৰ প্ৰসংগটোও জড়িত হৈ আছে। ব্যক্তিৰ বিবেচনা শক্তি, ব্যুৎপত্তি প্ৰদৰ্শন, শ্ৰেষ্ঠতা প্ৰদৰ্শনৰো এক আহিলা আছিল কৃষিজীৱি অসমীয়াৰ। শৰীৰ আৰু মনৰ বিকাশ, সৃষ্টিৰ অতুলনীয় আনন্দ, আগন্তুক কৃষি কৰ্মৰ এক সম্ভাৱনাপূৰ্ণ আৰম্ভণি আৰু যৌৱনৰ বাসনা — এই সকলোবোৰৰে মাধ্যম আছিল বিহু।
এ চম্পা ল’বানে মোক হালোৱা
এ চম্পা গোবৰ-জাবৰ পেলোৱা
এ চম্পা ভাত দিবা চোতালত
এ চম্পা বাৰীৰ কলেপাতত
— তথাপিও অন্তৰৰ প্ৰেম যাৰ প্ৰতি, তাৰ আশে-পাশে থকাৰ যি হেঁপাহ সি জীয়াই থকাৰ সম্বল হ’ব পাৰে —
দাঁতৰ জিলিকনি মুখৰ মিছিকনি
নাচে কলিজা খাই
মাগুৰ বৰণীয়া কঁকাল খামুচীয়া
তাতে বন্দী হ’লো মই।
— কোনোবা ৰোমান্টিক কবিৰ কল্পনাৰ প্ৰেয়সীৰ ৰূপ অংকনৰ সমানেই মধুৰ বিহুৱা ডেকাৰ এই অনুভৱ।
সময় গতিশীল। কৃষিয়েই একমাত্ৰ জীৱিকাৰ সম্বল হৈ কৃষি-কৰ্ম সামৰি স্বস্তিৰ জীৱন কটোৱাৰ পৰিৱেশ আঁতৰিল। জীৱন নিৰ্বাহৰ মান সলনি হ’ল। শিক্ষাৰ প্ৰসাৰ ঘটিল। পৰম্পৰাগত বিহুক মানুহে মঞ্চলৈ তুলি আনিলে। বৰ্তমান মঞ্চৰ বিহু আৰু হুঁচৰি গাই ঘৰে-ঘৰে আশীৰ্বাদ দিয়াৰ পৰম্পৰা চলি আছে। গাঁৱৰ ভাওনা-সবাহৰ চান্দা, নামঘৰ নিৰ্মাণৰ খৰচ আদিকে ধৰি বিভিন্ন প্ৰয়োজন পূৰণ বিহুৰ হুঁচৰি গাই কৰাৰ প্ৰচেষ্টা দেখা যায়। গণ মাধ্যমসমূহৰ প্ৰসাৰে মঞ্চ বিহুৰ পৰিসৰ বঢ়ালে। উৰ্বৰতাৰ প্ৰতীক এই কৃষ্টি মনৰ আনন্দ আৰু ভৱিষ্যত কল্পনাৰ আঁকৰ আছিল; লাহে লাহে সকলোতে নিয়মৰ শৃংখল পিন্ধোৱা হ’ল। নাচনীৰ লয়লাস, কণ্ঠ, ঢুলীয়াৰ চেও সকলোতে নিয়মৰ শিকলি লাগিল। অৰ্থনৈতিক যোগাৰৰ ধামখুমীয়াত বিহু অৰ্থ উপাৰ্জনৰো মাধ্যম হৈ পৰিল। নীতি-নিয়মৰ আলোচনাৰ প্ৰসংগলৈ যোৱাৰ ধৃষ্টতা নকৰোঁ, সেইবিষয়ক জ্ঞানো সীমিত। পৰিৱৰ্তনৰ গৰাহত আৱদ্ধ নিবাসী হিচাপে মঞ্চৰ বিহু আমাৰো আনন্দৰ উৎস। কুলিৰ মাতৰ পূৰ্বেই বিহুৰ বতৰা গণ মাধ্যম অথবা বিহুৰ কমিটিসমূহে দিয়াৰ বতৰ এয়া। তথাপিও বিহু বুলিলে গা সাতখন-আঠখন কৰাৰ অৰ্থ বুজি পাওঁ। বিহুক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়োজনত কোটি কোটি অৰ্থৰ বিনিময়ত বিশ্ব ৰেকৰ্ড কৰাৰ ৰাজনৈতিক মন্ত্ৰণা সীমিত জ্ঞানেৰে যদিও বুজি নাপাওঁ এতিয়াও কপৌপাহি দেখিলে দেহ-মন আন্দোলিত হৈ উঠাৰ উমান পাওঁ। এয়া অসমীয়া হোৱাৰে ফল।

(লেখিকা ঃ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী, নৰ্থ বেংক কলেজ, ঘিলামৰা)