ড০ তৰুলতা বৰুৱা

বিহু অসমীয়াৰ সাংস্কৃতিক উৎসৱ। বিভিন্ন জাতি- উপজাতিৰ কৃষ্টি-সংস্কৃতিৰ সমন্বয় আৰু সংমিশ্ৰণত উদ্ভৱ হোৱা অসমৰ বাপতি সাহোন জাতীয় উৎসৱ হিচাপে বিহুৱে বিস্তাৰ লাভ কৰিছে। বিহুৰ এই বিস্তাৰ কেৱল যে অসমতে হৈছে এনে নহয়, সম্প্ৰতি দেশ-বিদেশলৈও এই উৎসৱ সঞ্চাৰিত হৈছে। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৬ খ্ৰীঃ ত আহোমসকলৰ ৰাজধানী শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত সমজুৱাভাৱে বিহু আয়োজনৰ পৃষ্ঠপোষকতা কৰি বিহু সংস্কৃতিৰ মৰ্যাদা দিয়াৰ লগতে বিভিন্ন জাতি-জনজাতিৰ মাজত সমন্বয়ৰ সৌধ নিৰ্মাণ কৰিছিল। ৰাজ পৃষ্ঠপোষকতাই বিহুক জনপ্ৰিয় কৰি তোলে আৰু লগতে পথাৰৰ বিহু পৰিৱৰ্তন হৈ গৃহস্থৰ চোতালে চোতালে হুঁচৰি গোৱা ৰীতি আৰম্ভ হয়। দেশে ৰাজনৈতিক স্বাধীনতা লাভ কৰাৰ পাছত জনসাধাৰণৰ মনত গণতান্ত্ৰিক মানসিকতা গঢ় লৈ উঠে আৰু বিহু আধুনিক মঞ্চলৈ গতি কৰে। গোলাঘাটৰ বেতিয়নীত মঞ্চ বিহু, মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত মঞ্চবিহু সংস্কৃতিৰ সূচনা হয়। গুৱাহাটীতো অসমৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত বিহু সন্মিলন অনুষ্ঠিত হয় আৰু ই মাইলৰ খঁুটিৰ দৰে সমগ্ৰ অসমতে বিয়পি পৰে।
বিহু অসমীয়া জাতীয় জীৱনৰ কৃষিমুখী গ্ৰাম্য সংস্কৃতি। বিভিন্ন ধৰণেৰে নামকৰণ কৰা হয় যদিও এটা নিৰ্দিষ্ট সময়ত পালন কৰা এই জন-উৎসৱ বৰ অসমৰ সকলো জনগোষ্ঠীৰে উমৈহতীয়া সম্পদ। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা এই বসন্ত উৎসৱক আমি বিভিন্ন ধৰণেৰে ভাগ কৰিব পাৰোঁ। ১) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বসন্ত উৎসৱ ২) অসমৰ বিভিন্ন সম্প্ৰদায়ৰলোকে পালন কৰা বসন্ত উৎসৱ আৰু ৩) আঞ্চলিক বসন্ত উৎসৱ। বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ভাৰতৰ বিভিন্ন ৰাজ্যত এই বসন্ত উৎসৱ উদযাপন কৰা হয়। ভাৰতৰ পঞ্জাৱত পালন কৰা বৈশালী, তামিলনাডুৰ পুংগল, হিমাচল প্ৰদেশৰ বিশু, মেঘালয়ৰ গাৰোৰ ৱাংগালা, অষ্ট্ৰেলিয়াৰ মৰুবাসীসকলৰ উৎসৱ, নিউগিনিয়াৰ বসন্ত উৎসৱ, চীন দেশৰ বৃষভ উৎসৱ আদি একো একোটা বসন্ত উৎসৱ। সেইদৰে অসমৰ বিভিন্ন স¥প্ৰদায়ৰ মাজত প্ৰচলিত বসন্ত উৎসৱ যেনে- বড়োসকলৰ বৈশাগু, ৰাভাসকলৰ বাইখু, মিচিংসকলৰ আলি-আঃয়ে-লৃগাং, দেউৰীসকলৰ বিচু, সোনোৱাল-কছাৰীসকলৰ বাইথ পূজা, তিৱাসকলৰ বিছু,টাই টুৰুংসকলৰ পয়চাংকেন আদি বিভিন্ন নামেৰে জনা যায়। এইবোৰৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ লোক একেলগ হৈ আঞ্চলিক ৰূপতো এই সাৰ্বজনীন বিহু উৎসৱ পালন কৰে। এই উৎসৱসমূহৰ ভিতৰত দক্ষিণ কামৰূপ আৰু দৰঙৰ সুঁৱৰি বা সুঁৱেৰি উৎসৱ, বজালী অঞ্চলৰ পাউৰা তোলা উৎসৱ, পাঠশালাৰ ডুবিৰ দেৱদাসী নৃত্য, অবিভক্ত দৰঙৰ ভঠেলি, বাঁহপূজা, পাচেতি, ঢকুৱাখনাৰ ফাটবিহু আদি অন্যতম। ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ এক বিস্তৃত অঞ্চলৰ আৰু বাৰেৰহণীয়া লোক-সংস্কৃতিৰ অদ্বিতীয় আৰু অনুপম চানেকি হ’ল ঢকুৱাখনাৰ ফাটবিহু। আঞ্চলিক বৈশিষ্ট্যৰে প্ৰাণোজ্জ্বল ফাটবিহু বৰ্তমান সমগ্ৰ অসমৰ লগতে অসমৰ বাহিৰতো জনাজাত হৈ পৰিছে। নৃত্য-গীতৰ সংযোগত লৌকিক ঋতুকালীন উৎসৱ হিচাপে ফাটবিহুৱে সেই অঞ্চলৰ কৃষ্টি-সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি আহিছে।
ফাটবিহু ৰং- ৰহইচেৰে পৰিপূৰ্ণ এক সংস্কৃতিৰ প্ৰতীক। ফাটবিহুৰ স্বতঃস্ফূৰ্ত প্ৰকাশ, প্ৰকৃতিৰ সৈতে সম্পৰ্ক, ফাটবিহুৰ বিহুনাচৰ অনন্য চৰিত্ৰ, ফাটবিহুতলীত বিভিন্ন জনগোষ্ঠীৰ মহামিলন আদি বৈশিষ্ট্যৰ উপৰি ফাটবিহুৰ বিহুনাম আৰু নাচোনভংগীত অঞ্চলটোৰ নদ-নদী, চাপৰি, কৃষি-কৰ্ম, শিল্প-সংস্কৃতি আদিৰো প্ৰতিফলন ঘটিছে। তদুপৰি পৰ্যটনস্থলী হিচাপে ফাটবিহুৱে পৰ্যটকসকলকো যথেষ্ট আকৰ্ষণ কৰি আহিছে।
ইতিহাসে গৰকা ঢকুৱাখনাৰ প্ৰাচীন নাম আছিল হাবুং। বৰ্তমান ঢকুৱাখনা, লখিমপুৰ জিলাৰ এটা অন্যতম মহকুমা। হাবুং শব্দটো অনাৰ্য শব্দ। ‘হা’ মানে বহল আৰু ‘বুং’ মানে ঠাই অৰ্থাৎ আহল বহল ঠাই।(১) আন এক অৰ্থত হাবুং মানে হ’ল পলসুৱা আদ্ৰভূমি।“যাতায়তৰ বাবে সুচল ৰাস্তা ঘাট নথকাত ৰজাৰ বিষয়াসকলে খাজনা আৰু কৰ-কাটল তুলিবলৈ ঢকুৱাখনালৈ সুকলমে আহিব পৰা নাছিল। এই অসুবিধা দূৰ কৰিবৰ বাবে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত চাৰিকড়ীয়া নৈ আৰু কঢ়া নদী সংযোগ কৰি এটি জান খান্দি সেই মাটিৰে নৈৰ পাৰ ওখকৈ বন্ধোৱা হৈছিল। সেই নতুন জানটোৰ নাম ‘ঢকুৱাখনা জান’ বুলি জনা যায়। জানটো ঢকুৱাখনাৰ পূবফালে অৱস্থিত। “ জানটো খন্দাত জলপথৰ সুবিধা হোৱাৰ উপৰি বানপানীৰ পৰা খেতিপথাৰ আৰু ঘৰ-বাৰী ৰক্ষা পৰিছিল। এই জানটো খান্দোতে তামোলৰ ঢকুৱাৰে মাটিবোৰ পাৰলৈ তোলা হৈছিল বাবে জানটোৰ নাম ‘ঢকুৱাখনা জান’ হয় আৰু সেই ঠাইখিনিক ঢকুৱাখনা বুলি জনা যায়।”(২) ঢকুৱাখনা অঞ্চলৰ লোকসকলে ৰঙালী বিহুটিক আদৰাৰ লগতে ইতিহাসে ঢুকি নোপোৱা দিনৰেপৰা নিজস্ব বৈশিষ্ট্য আৰু জাতীয় পৰম্পৰাৰে আন এক লোক উৎসৱ পালন কৰি আহিছে। এই লোক উৎসৱটিয়েই হ’ল ‘ফাটবিহু’। ‘ফাট’ শব্দটো টাইমূলীয় শব্দ। ‘ফাট’ বুলি ক’লে নৈৰ পাৰত সকলো লগ হৈ বেপাৰ -বাণিজ্য আৰু কৰ কাটল আদান প্ৰদান কৰা ব্যৱস্থাটোকে জনা যায়। ৰজাঘৰীয়া বিষয়াই যথাসময়ত যাতে সুচাৰুৰূপে কৰ-কাটল সংগ্ৰহ কৰিব পাৰে, তাৰ বাবে সকলো আহি এই ফাটতে একত্ৰিত হৈছিলহি। কৰ সংগ্ৰহ কৰিবলৈ অহা ৰজাঘৰীয়া, ডা-ডাঙৰীয়া, বিষয়াসকলক মনোৰঞ্জন দিবলৈ ফাটত সমৱেত বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে বিহুৰ সময়ত নৃত্য-গীতৰ আয়োজন কৰিছিল আৰু ইয়াৰ পৰাই পৰৱৰ্তী সময়ত ফাটবিহুৰ নামটো প্ৰচলিত হৈ পৰে। এই নৃত্য-গীত চাৰিকড়ীয়া নৈৰ পাৰৰ কঁহুৱা, ঝাওবনৰ মাজে মাজে বৰগছ, আঁহত গছ, চেগুন গছ, শিশুগছ আদিৰ তলে তলে চলিছিল। এই চাৰিকড়ীয়া বিভিন্ন জাতি-জনজাতিৰ মিলন থলী, আনন্দ-ধেমালীৰ উৰ্বৰা ভূমি।
ফাটবিহুৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতামত পোৱা যায়।
১) আহোম ৰজাৰ দিনত ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ বিহু চাবলৈ বহু দূৰ দূৰণিৰ পৰা লোকে লোকাৰণ্য হৈছিল। ফলত বিহুতলীত ফাট মেলিছিল। তেতিয়াৰ পৰাই এই বিহুৰ নাম ফাটবিহু হয়।
২) অন্য এক জনশ্ৰুতিৰ মতে, সমাজৰ উচ্চ বৰ্ণৰ পৰা কিবা কাৰণত ফালৰি কাটি আহি বিহু পতাৰ বাবে এই বিহুক ফাটবিহু বোলে।
৩) আহোম ৰজাৰ দিনত চাৰিকড়ীয়াৰ পাৰত এটা ফাট বা ঘাট আছিল। সেই সময়ত সেই ফাটটোক পানী ফাট নামেৰে জনা গৈছিল আৰু তাত কৰ-কাটল, ৰাজহ আদি সংগ্ৰহ কৰা হৈছিল। ইয়াৰ উপৰিও ব’হাগ বিহুৰ সপ্তম দিনা সমূহ জনসাধাৰণে একত্ৰিত হৈ বিহু মাৰিছিল। ফাটত অনুষ্ঠিত হোৱা বাবে এই বিহুক ফাট বিহু বুলি কোৱা হৈছিল।
৪) ম’হঘুলি চাপৰিত বিহু মাৰি থাকোঁতে বহু ডেকা-গাভৰুৱে বিহুতলীৰ পৰা পলাই ফাট মাৰি যোৱাৰ বাবেও এই বিহু ফাটবিহু নামেৰে জনাজাত হয়।
৫) ম’হঘুলি চাপৰৰি বিহুত বিহুৱা- বিহুৱতীয়ে নাচোঁতে বসুমতী ফাটো ফাটো হয় বাবে এই বিহুক ফাটবিহু বুলি কোৱা হয়।
এই মতবাদ সমূহৰ পৰা জানিব পাৰি যে ১৬শ শতিকাত আহোম ৰজাৰ দিনত চাৰিকড়ীয়া নৈৰ ফাটত প্ৰথম ফাটবিহু আনুষ্ঠানিকভাৱে উদযাপিত হয়। বিভিন্ন কাৰণত ফাটবিহুৰ যতি পৰে যদিও ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ই পুনৰ প্ৰাণ পাই উঠে। ‘১৯৪৮ চনত পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকফাটবিহু ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰে যদিও ১৯৯৬ খ্ৰীঃৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ লানি লানি শিশু গছৰ তলত স্থায়ী মুকলি মঞ্চত ফাটবিহু অনুষ্ঠিত কৰে।’(৩)
ফাটবিহু এক ঐতিহ্যমণ্ডিত সাংস্কৃতিক উৎসৱ। বিশ্বায়নৰ প্ৰভাৱত গা কৰি উঠা নগৰীয়া বিহু মঞ্চৰ কৃত্ৰিমতাৰ পৰা ফাটবিহুত পৰিৱেশন কৰা নৃত্য-গীত, সাজ-সজ্জা আদি বহুপৰিমাণে পৃথক হৈ বৰ্তমানো স্বকীয়তাৰ পৰিচয় দিছে। সেয়ে গৌৰৱময় ইতিহাস, সাংস্কৃতিক ঐতিহ্য আৰু নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ ফাটবিহুতলী গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় পৰ্যটনস্থল হিচাপে পৰিগণিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা বহন কৰিছে। পৰ্যটন সম্পৰ্কে ড০ জিভাদিনে মন্তব্য দিছে এনেদৰে-
‘পৰ্যটন হ’ল এক সামাজিক আন্দোলন। পৰ্যটকক জিৰণি, পৰিৱৰ্তিত স্বাদ আৰু সাংস্কৃতিক প্ৰয়োজনীয়তাৰ সন্তুষ্টি প্ৰদানেই ইয়াৰ উদ্দেশ্য।’(৪) পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে ফাটবিহু আজিও স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ। ই হাবুঙৰ থলুৱা বিভিন্ন জাতি-জনজাতিৰ মিলনভূমি, আনন্দ-উল্লাসৰ উৰ্বৰাভূমি। তদুপৰি ই গণ-সংস্কৃতিৰ এক মনোৰম দিশ। ফাটবিহুত যিহেতু গছৰ তলতেই বিহু অনুষ্ঠিত হয়, গতিকে ৰাইজে ব’হাগৰ দুপৰীয়াৰ গৰমকো নেওচি বিহু উপভোগ কৰে। ফাটবিহুতলীত বিহু পৰিৱেশন কৰোঁতে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক। বিহুৰ মূল বাকৰিত বিহুৰ লগত জড়িত বিষয়ববীয়া, সদস্য, শিল্পী, দৰ্শক আদিয়ে জাতীয় সাজপাৰ পৰিধান নকৰাকৈ ফাটবিহুতলীত প্ৰৱেশ কৰিব নোৱাৰে। সেইদৰে বিহুতলীত নাচনীসকলে খোপাত কোনো ধৰণৰ কৃত্ৰিম ফুল ব্যৱহাৰ নকৰে। গতিকে ফাটবিহুত বৰ্ণময় নিজা পোছাক-পৰিচ্ছদ পৰিধান কৰি বিহুতলীত মুকলি বিহু প্ৰদৰ্শনৰ সু-শৃংখলিত ব্যৱস্থাই যি নৈসৰ্গিক দৃশ্যৰ সৃষ্টি কৰে, সেই দৃশ্যই পৰ্যটকক বাৰে বাৰে আকৰ্ষণ কৰে। ফাটবিহুৰ আন এটা বৈশিষ্ট হ’ল- মুকলি বিহু প্ৰতিযোগিতা। সাম্প্ৰতিক কালত গঢ় লৈ উঠা বিহু মঞ্চৰ কৃত্ৰিমতাৰ পৰা ই গীত-নৃত্য, সাজ-সজ্জা আদিৰ ক্ষেত্ৰত মুক্ত। ফাটবিহুৰ মুকলি প্ৰতিযোগিতাসমূহ বৰ্তমানো গছৰ তলতেই পতা হয়। তদুপৰি চাৰিকড়ীয়া নৈৰ পাৰৰ গছ-গছনিৰে ভৰা ম’হঘূলি চাপৰিত মাটিৰে ওখকৈ ঢিপ সজা এডোখৰ প্ৰাকৃতিক স্থানক ফাটবিহুৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰা হয়। বিভিন্নগোষ্ঠী বা জাতি আৰু বিভিন্ন অঞ্চলৰ পৰা অহা বিহুৱা দল সমূহে স্বকীয় নীতি-নিয়মেৰে বিহু প্ৰদৰ্শন কৰে। ‘বিহুৱাসকলে কৃষিকাৰ্যৰ সঁজুলিসমূহো ফাটবিহু থলীলৈ লৈ আনে। কৃষি জীৱনৰ লগত জড়িত বিভিন্ন ভংগীমাৰে বিহুৱাবোৰে পেঁপা বজায়। মাটিত বাগৰি বাগৰি, গছ আৰু পথাৰৰ চাঙত উঠাৰ ভংগী কৰি, ম’হৰ পিঠিত উঠাৰ মুদ্ৰা দেখুৱাই পেঁপা বজোৱা দৃশ্য ফাটবিহুৰ বাদে অসমৰ আন ঠাইৰ বিহুত পাবলৈ নাই। গাভৰুবোৰে নাচোঁতে হাতেৰে গছৰ পাতৰ দৰে যি মুদ্ৰাৰ সৃষ্টি কৰে, সেয়াও ফাটবিহুৰ নাচনীৰ অন্যতম বিশেষত্ব।’(৫) অতীতৰ দেউৰী, মিচিং সকলেহে কেৱল ফাটবিহু মাৰিছিল যদিও পিছলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণেৰে ফাটবিহুক অধিক মৰ্যাদাপূৰ্ণ কৰি তোলে। ই এক ধৰ্ম-নিৰপেক্ষ উৎসৱ। কাৰণ ফাটবিহুত কোনো দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ পূজা-অৰ্চনা কৰা নহয়। ইয়াত পৰিৱেশন কৰা বিহুগীতসমূহেও ফাটবিহুৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ মহৎ ঐতিহ্য দাঙি ধৰে।
ফাটবিহুত পৰিৱেশন কৰা বিহুনামবোৰতো স্বকীয় বৈশিষ্ট্য ফুটি উঠা দেখা যায়। এই বিহুগীতসমূহৰ জৰিয়তে ঢকুৱাখনা অঞ্চলৰ বিভিন্ন জনগোষ্ঠীসমূহৰ জনবিশ্বাস, ৰীতি-নীতি, সামাজিক-সাংস্কৃতিক আদি দিশ ফুটি উঠে —
ম’হঘুলিৰ কাষৰে চাৰিকড়ীয়া নৈখন
নহয় আন নৈৰ সমান
অসমীয়া কৃষ্টি নেৰিবা সমনীয়া
নৰ’ব জাতিৰে মান।
ফাটবিহু হৈছে সমন্বয়ৰ প্ৰতীক। ম’হঘুলি চাপৰিত সকলো জনগোষ্ঠীয়ে একেলগ হৈ বিহু পৰিৱেশন কৰাৰ বাবে ইটো জনগোষ্ঠীৰ বিহুনামৰ লগত সিটো জনগোষ্ঠীৰ বিহুনামৰ সুৰৰ সম্পৰ্ক দেখা যায়। ফাটবিহুৰ বিহুনামৰ সুৰে অই নিঃতমৰ আৰু দেউৰী জনগোষ্ঠীৰ বিহুগীতক প্ৰভাৱ পেলায়।
ফাটবিহু যিহেতু এক ঐতিহ্য, গতিকে এই বৰ্ণিল উৎসৱটোৱে গোটেই জিলাখনৰ ঐতিহ্যক প্ৰতিফলিত কৰিছে আৰু বৰ্তমান ই অসমৰ জাতীয় সম্পদ হিচাপে পৰিগণিত হৈছে।
টকা বিহুৰ প্ৰতিযোগিতাও ফাটবিহুৰ অন্যতম বৈশিষ্ট। এই বিহু টকা নামৰ বাঁহেৰে তৈয়াৰী বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হয় বাবে ইয়াক টকাবিহু বুলি কোৱা হয়। এই বিহুত জীয়ৰী-Îবাৱাৰীসকলে টকা আৰু গগণা বজাই গছৰ তলত বিহুনাম যোৰে।
ফাটবিহু ঢকুৱাখনাৰ এক সম্প্ৰীতিৰ মহোৎসৱ। এই অঞ্চলৰ প্ৰতিজন লোকৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত হৈ আছে ঐতিহ্যমণ্ডিত ফাটবিহুৰ প্ৰীতি। বৰ্তমান তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপিত ফাটবিহু বিংশ শতিকাৰ শেষ দশকৰ পৰা প্ৰচাৰ আৰু প্ৰসাৰ হোৱাত অসমৰ বিভিন্ন ঠাইৰ পৰা এই বিহু চাবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰেহি। বৰ্তমান এই বিহু হৈ পৰিছে জাতি গঠন প্ৰক্ৰিয়া সমন্বয়ৰ কেন্দ্ৰ ভূমি। তদুপৰি ই ঢকুৱাখনাৰ সভ্যতা-সংস্কৃতি গঢ়ি তোলাৰ লগতে আৰ্থ-সামাজিক দিশতো প্ৰভাৱ পেলাইছে। শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক মূল্যবোধৰ উপৰি পৰ্যটনৰ এক সুকীয়া অৰ্থনৈতিক গুৰুত্ব আছে। পৰ্যটকসকলেই পৰ্যটন উদ্যোগৰ মূল চালিকা শক্তি। সেয়ে ঘৰুৱা বা দেশী পৰ্যটক হ’লেও ইয়াৰ সংখ্যা বৃদ্ধিয়ে ঢকুৱাখনাত ফাটবিহুক কেন্দ্ৰ কৰি গঢ়ি উঠা অৰ্থনীতিৰ কলেৱৰ বৃদ্ধি কৰিছে। ফাটবিহুৰ উপৰিও পৰ্যটকৰ ভিন্নৰুচিৰ চাহিদা পূৰণ কৰিব পৰাকৈ ঢকুৱাখনা অঞ্চলটো যথেষ্ট সমৃদ্ধিশালী। উদাহৰণস্বৰূপে, এই অঞ্চলত উৎপাদিত মুগা শিল্পই এই কথা প্ৰতিপন্ন কৰে।
ফাটবিহুক আধুনিকতাৰ আঁচোৰ নপৰাকৈ কেৱল অসমতেই নহয়,সমগ্ৰ ভাৰততে এক সাংস্কৃতিক উৎসৱ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৃথিৱীৰ সকলো বস্তুৰে পৰিৱৰ্তন হয়। ফাটবিহুৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিৰ প্ৰভাৱে ফাটবিহুকো প্ৰভাৱান্বিত কৰিছে। তদুপৰি প্ৰলয়ংকৰী বানপানী আৰু গৰাখহনীয়ায়ো ইয়াত যথেষ্ট প্ৰভাৱ পেলাইছে। বাণিজ্যিকীকৰণৰ কৰাল গ্ৰাসত পৰিও ফাটবিহুৱে স্বকীয়তা বৰ্তমান বজাই ৰাখিবলৈ সক্ষম হৈছে। সেয়ে ফাটবিহুত আজিও তথাকথিত বিহু কুঁৱৰী, বিহুৰাণী, বিহু সম্ৰাজ্ঞী আদি প্ৰতিযোগিতা অনুষ্ঠিত নহয়। কালচাৰেল শ্ব’, নাইট ফাংচন আদি অনুষ্ঠানৰ পৰাও ই মুক্ত। পৰ্যটনস্থলী হিচাপে অনৈক্যৰ মাজত ঐক্যৰ সমাৱেশ ঘটা ফাটবিহুৰ বাকৰিত জাতিগত, ভাষাগত, কৃষ্টিগত ক্ষেত্ৰত ভাতৃঘাটী সংঘাতে কেতিয়াও মূৰ তুলি উঠা নাই। এইবোৰ কাৰণতে ই স্বমহিমাৰে আজিও উদ্ভাসিত হৈ আছে।
“সাংস্কৃতিক পৰ্যটন হিচাপে ফাটবিহু” শীৰ্ষক আলোচনাৰ পৰা কেতবোৰ সিদ্ধান্তত উপনীত হ’ব পৰা যায়। সেয়া হৈছে —
১) সময়ৰ সৈতে খাপ খুৱাই এই অনুষ্ঠানৰ আয়োজন কৰিলেও কিছুমান পৰম্পৰাগত নীতি ফাটবিহু উদযাপন কৰোতে ঢকুৱাখনা অঞ্চলৰ লোকসকলে কঠোৰভাৱে পালন কৰি আহিছে। ফলস্বৰূপে ফাটবিহু পৰ্যটকৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে।
২) বৰ্তমানৰ ফাটবিহুৰ আকৰ্ষণীয় বিষয় হৈছে তৃতীয় দিনা অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত অন্তৰ্ভূক্ত কৰা প্ৰতিবছৰৰ নতুন অনুষ্ঠান আৰু¸ চিন্তাধাৰাৰে প্ৰস্তুত কাৰ্যসূচীয়ে ফাটবিহুৰ কলেৱৰ যে দিনক দিনে বৃদ্ধি কৰিছে তাকে সূচায়।
৩) ফাটবিহুক বিশ্ব দৰবাৰলৈ উলিয়াই নিবৰ বাবে ২০১৬ বৰ্ষত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আধুনিক তথ্য ভঁৰাল (ৱেবচাইট) মুকলি কৰাৰ প্ৰয়াস অতি প্ৰশংসনীয়।
৪) ফাটবিহুকে কেন্দ্ৰ কৰি ঐতিহাসিক বাসুদেৱ থান, গৰখীয়া দৌল, হাৰ্হি দেৱালয়, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জৈন মন্দিৰ, সমীপৱৰ্তী নৰোৱা থান, ঘুগুহা দৌল, বৰদৈবাম পক্ষী উদ্যান, পাট-মুগাৰ শিল্প আদিয়ে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা বহন কৰিছে।
সম্প্ৰতি দেশ-বিদেশৰ অগণন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱা ফাটবিহুৱে ঢকুৱাখনাক কৰি তুলিছে অপৰূপ সৌন্দৰ্যৰ অধিকাৰী, চিৰ-সেউজ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। অসমৰ সকলো লোক পৰিৱেশ্য কলাৰ দৰে ফাটবিহুৰো এটা সুদীৰ্ঘ আৰু সুসমৃদ্ধ পৰম্পৰা আছে। ই ধৰ্ম নিৰপেক্ষ উৎসৱ। ইয়াত সকলো ধৰ্মাৱলম্বী মানুহে অংশগ্ৰহণ কৰিব পাৰে। ম’হঘূলি চাপৰিৰ ফাটবিহুৱে বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহৰ মনত এক সজীৱ পৰিৱেশ গঢ়ি তোলাৰ লগতে কৃষ্টি-সংস্কৃতিৰ সাৱলীল প্ৰকাশো ঘটায়। পূৰ্বপুৰুষে দেখুৱাই থৈ যোৱা ফাটবিহুৰ পৰম্পৰাক আজিও উত্তৰ পুৰুষে বিভিন্ন জাতি-জনজাতিৰ মিলনতীৰ্থ হিচাপে প্ৰতিবছৰে পালন কৰে। মুঠতে অসমৰ অন্যান্য থলুৱা ফাটবিহুৱেও বিহুৰ অতীত পৰম্পৰা আৰু বৈশিষ্ট ৰক্ষা কৰি অসমীয়া সংস্কৃতিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সংস্কৃতিৰ দৰে ফাটবিহুৱেও বিহুৰ অতীত পৰম্পৰা আৰু বৈশিষ্ট ৰক্ষা কৰি অসমীয়া সংস্কৃতিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সংস্কৃতিৰ দৰে ফাটবিহুৱেও বিহুৰ অতীত পৰম্পৰা আৰু বৈশিষ্ট ৰক্ষা কৰি অসমীয়া সংস্কৃতিত স্থান লাভ কৰিবলৈ সক্ষম হৈ থলুৱা সংস্কৃতিৰ দৰে ফাটবিহুৱেও বিহুৰ অতীত পৰম্পৰা আৰু বৈশিষ্ট্য ৰক্ষা কৰি অসমীয়া সংস্কৃতিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰসংগ টীকা-

১) ইছমাইল হোছেইন ঃ ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্য, পৃঃ ১৮
২) প্ৰদীপ দত্ত ঃ ঐতিহ্য আৰু পৰম্পৰা, পৃঃ ৮০
৩) বিপুল গগৈ(সম্পা.) ঃ বিহুৱান, সপ্তবিংশ সংখ্যা, পৃঃ ১৭
৪) অতনু গগৈ ঃ পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চল, পৃঃ ১১
৫) ইছমাইল হোছেইন ঃ ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্য, পৃঃ ৩৫
গ্ৰন্থপঞ্জী-
¨ গগৈ, অতনু ঃ পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চল, (২০০৬, জুন) ঃ বাণী মন্দিৰ,
গুৱাহাটী।
¨ গগৈ, প্ৰবীণ ঃ বিহুৰ দস্তাবেজ, (২০১৭, প্ৰথম প্ৰকাশ) ঃ ৰেখা প্ৰকাশন,
পাণবজাৰ, গুৱাহাটী
¨ পেগু, নৱ কুমাৰ(সম্পা.) ঃ ধেমাজি-ঢকুৱাখনাঃ মাটি আৰু মানুহ,(২০১৫, নৱেম্বৰ, প্ৰথম প্ৰকাশ) ঃ অসম কলেজ শিক্ষক সংস্থা, গুৱাহাটী।
¨ সভাপণ্ডিত, হিৰণ্য আৰু অৰবিন্দ ৰাজখোৱা(সম্পা.)ঃ লক্ষীমপুৰ,(২০১৮, এপ্ৰিল) ঃ লক্ষীমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, লখিমপুৰ।
¨ হোছেইন, ইছমাইল ঃ ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্য, (২০১০, ডিচেম্বৰ)ঃ জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী।
আলোচনী-
¨ গগৈ, বিপুল(সম্পা.) ঃ বিহুৱান, সপ্তবিংশ সংখ্যা, ২০১৬ বৰ্ষ
¨ চমুৱা, জিতু কুমাৰ(সম্পা.)ঃ বিহুৱান, দ্বাবিংশ সংখ্যা, ২০১১ বৰ্ষ
¨ বৰুৱা, হেমন্ত কুমাৰ(সম্পা.)ঃ বিহুৱান, চতুবিংশ সংখ্যা, ২০১৩ বৰ্ষ
¨ বুঢ়াগোহাঞি, ইন্দিবৰ(সম্পা.)ঃবিহুৱান, ষষ্ঠবিংশ সংখ্যা, ২০১৫ বৰ্ষ
¨ সন্দিকৈ, অমিয় কুমাৰ(সম্পা.)ঃবিহুৱান, অষ্টবিংশ সংখ্যা, ২০১৭ বৰ্ষ

(লেখক ঃ সহকাৰী অধ্যাপক, নৰ্থ বেংক কলেজ, ঘিলামৰা)