ড০ গীতাঞ্জলি বৰুৱা
অসমীয়া সমগ্ৰ সত্তাটোৰ প্ৰাণস্বৰূপ হৈছে ব’হাগ বিহু। ফাগুনৰ সমীৰে লঠঙা কৰি যোৱা প্ৰকৃতিৰ বুকুত ব’হাগ মাহৰ আগমনত ঠাই লয় ন-ন কুঁহিপাতে। বিহু অসমৰ খাটিখোৱা জনগনৰ লগত সংপৃক্ত। বিহুৰ জৰিয়তে অসমৰ লোককৃষ্টি, আই বসুমতীৰ উৰ্বৰতা বৃদ্ধি, আগন্তুক কৃষিৰ প্ৰাচুৰ্য্য আৰু অসমীয়া নৱবৰ্ষৰ প্ৰতি আদৰণি জনোৱা হয়। এই বিহু সাত দিন পৰ্যন্ত চলে। ইয়াক ব’হাগৰ সাত বিহু বুলিও ক’ব পৰা যায়। এই সাতবিহু হৈছে — গৰু বিহু , মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু বা চেনেহী বিহু, চেৰা বিহু। বিহু অসমীয়া লোক-সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ। বিহু অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, সাজ-পোছাক, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, বিভিন্ন বাদ্যযন্ত্ৰ, চহা জীৱনৰ তামোল-পাণ, খোৱা-বোৱা, আ-অলংকাৰ, আদি উপাদানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বিহু উৎসৱৰ বুকুতে অসমীয়া জাতীয় জীৱন আৰু অসমীয়া সংস্কৃতিৰ সমল দেখিবলৈ পোৱা যায়। উচ্চ-নীচৰ প্ৰাচীৰ নমনা বিহুৱে কঢ়িয়াই ফুৰিছে সঁচা ভাতৃত্ববোধ, শ্ৰদ্ধা, মৰম, চেনেহ আৰু শান্তিৰ বন্যা। বিহুৰ পৰশতে প্ৰাণ পাই উঠে অসমৰ প্ৰকৃতি, নদ-নদী, জান-জুৰি আৰু পৰ্বত-পাহাৰ। প্ৰতিজন অসমীয়াৰ মনৰ কোঁহে-কোঁহে সোমাই থকা এটি সত্বাৰ নামেই হ’ল বিহু, যি অসমৰ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক, লোকজীৱনৰ বুনিয়াদ আৰু লোক-সংস্কৃতিৰ দাপোণ স্বৰূপ। বৃহত্তৰ অসমীয়া জাতিটোক জীয়াই থকাৰ সাৰ-পানী যোগাই আহিছে এই বিহুৱে। বিহুৱে পাহৰায় জাতি, ধৰ্ম, বৰ্ণ, গোষ্ঠীৰ সংকীৰ্ণতা আৰু আঁতৰাই পেলায় ধনী-দুখীয়াৰ মাজৰ প্ৰভেদ। নানা জাতি-উপজাতিৰ মিলনস্থলী, বিভিন্ন ধৰ্ম আৰু ভাষাৰ সংমিশ্ৰণেৰে ব্যাপ্ত বিশাল অসমীয়া সমাজখনক একতাৰ এনাজৰীৰে অতীজৰে পৰা এতিয়ালৈকে বান্ধি ৰখাৰ ক্ষেত্ৰত বিহুৰ অৱদান হৈছে প্ৰায় সাগৰ সদৃশ। বিহু বৰ্তমান কেৱল অসমতে আবদ্ধ হৈ থকা নাই। ই দেশ-বিদেশত থকা প্ৰৱাসী অসমীয়াসকলকো একত্ৰিত কৰি ৰাখিছে। বিশ্ব দৰবাৰত অসমীয়াৰ বিহুৱে স্থান লাভ কৰিছে। বিহু ভাৰতবৰ্ষৰ বিভিন্ন স্থানতো অসমীয়া মানুহৰ অন্যতম সাংস্কৃতিক পৰিচয় হৈ পৰিছে।
অষ্টাদশ শতিকাৰ আৰম্ভণিত স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক সাঙুৰি লৈ একতা-সম্প্ৰীতিৰ ডোলেৰে বান্ধি বিহুটিক চহা জীৱনৰ মাজৰ পৰা ৰাজপৃষ্ঠপোষকতাৰে ৰংঘৰৰ বাকৰিত আনুষ্ঠানিকভাৱে সামাজিক মৰ্যাদা প্ৰদান কৰিলে। বিহুক মঞ্চলৈ আদৰি আনে ১৯৪১ চনত শিৱসাগৰত। সেই সময়ত মহেশ্বৰ নেওগৰ দৰে কেইগৰাকীমান বিশ্ব-বিশ্ৰুত অসমীয়াই গছতলৰ পৰা বিহুটিক মঞ্চমুখী হোৱাৰ বাট সূচনা কৰিলে। তাৰপাচতে মঞ্চ বিহুৱে সমগ্ৰ অসমজুৰি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। অসমৰ সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাই ১৯৫২ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত মঞ্চ বিহুৰ শুভাৰম্ভ কৰে । ৰঙালী বিহুৰ মঞ্চত বিহুৰ উপৰিও নানা সাংস্কৃতিক উপাদানে বিহুক সমৃদ্ধ কৰিলে। çুমুৰ, ৰাভা, তিৱা, মিছিং, বাগুৰুম্বা, খেৰাই, দেওধনী আদি নানা জনগোষ্ঠীয় নৃত্য মঞ্চলৈ আহিল। নানা ৰূপান্তৰৰ মাজেদি আদিম অৱস্থাৰ পৰা বৰ্তমানলৈ বিহুৰ উৎসাহ উদ্দীপনাৰ লানি নিচিগা ফল্গুধাৰা বৈ গৈছে । সময়ৰ সোঁতত অসমতো পশ্চিমীয়া ধৰণে মঞ্চ ব্যৱহাৰ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহৰ প্ৰদৰ্শন আৰম্ভ হ’ল। তাহানিৰ মুকলি পথাৰ আৰু গছৰ তলৰ বিহুৱে এতিয়া দূৰদৰ্শন-ইন্টাৰনেটতো প্ৰৱেশ কৰিলে। বিশ্বায়নৰ যুগত, ইন্টাৰনেটৰ মাধ্যমেৰে অসমৰ বিহুতলীত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ অনুষ্ঠানসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত সিচঁৰতি হৈ থকা অসমীয়া লোকসকলে উপভোগ কৰিব পাৰিছে। বিহুৱে প্ৰৱাসী অসমীয়া লোকসকলৰ জৰিয়তে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশৰ মঞ্চও কঁপাবলৈ সক্ষম হ’ল। বিহুক সাংস্কৃতিক চেতনাৰ লগতে জাতীয় চেতনা উদ্দীপনৰো অন্যতম এক বাহক হিচাপে অভিহিত কৰিব পৰা যায়। সমাজ পৰিৱৰ্তনশীল আৰু সময় গতিশীল। পৰিবৰ্তন সময়ৰ আহ3ান। সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া জাতিৰ স্বাভিমান বিহুৰ ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। ইয়াৰে কিছুমান নেতিবাচক আৰু কিছুমান ইতিবাচক। ৰূপান্তৰ সমাজৰ উন্নতিৰ হকে নিশ্চয় কাম্য। পৰিস্থিতি আৰু সময়ৰ লগত খাপ খুৱাই মিলাই ৰাখিব পাৰিলেহে আমাৰ কলা কৃষ্টিসমূহ জীয়াই থাকিব। মানুহৰ যান্ত্ৰিক জীৱনযাত্ৰাত কৰ্মৰ তাগিদাত নগৰমুখী হোৱাৰ ফলত প্ৰতিটো বিহু বা উৎসৱত গাঁৱৰ ঘৰখনলৈ যাবলৈ সম্ভৱ নহবও পাৰে। নগৰৰ মঞ্চ বিহু হোৱাৰ পিছত তেঁওলোকে নিজৰ বিহুটি উদ্যাপন কৰাৰ সুবিধা লাভ কৰিলে আৰু লগতে নতুন প্ৰজন্মও সংস্কৃতিৰ সৈতে চিনাকী হ’ব পাৰিলে। আজিকালি শিক্ষানুষ্ঠান সমূহতো প্ৰাক্ বিহু উদ্যাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ জৰিয়তে বিহুসংস্কৃতিৰ লগত জড়িত হৈ পৰে। নিশ্চয়কৈ ই বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ এক ইতিবাচক দিশ। মঞ্চ বিহু হোৱাৰ পিছত আমাৰ শিল্পীসকলৰো অৰ্থনৈতিক দিশত নিশ্চয় সহায় হয়। তদুপৰি যদিহে অসমৰ গাঁৱে-ভূঞে বিহু সংস্কৃতিৰ সাধনাত বৰ্তি জীৱন পাৰ কৰা শিল্পীসকলক বিহুৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই তেওঁলোকৰ প্ৰতিভা আৰু তেওঁলোকৰ হাতত থকা বিহুগীত-নৃত্যৰ সমলসমূহ ৰাইজৰ আগত প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে, নিশ্চিতভাৱে উঠি অহা প্ৰজন্মই প্ৰকৃতাৰ্থত বিহু সম্পৰ্কত কিছু সম্যক জ্ঞান লাভ কৰাৰ সুযোগ লাভ কৰিব আৰু বিহু সংস্কৃতিৰ উত্তৰণত নিশ্চয়কৈ ই এক বলিষ্ঠ পদক্ষেপ হ’ব। বৰ্তমান অৱশ্যে কিছু নিউজ চেনেলে তেঁওলোকৰ চেনেলত তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
কোনো কোনো সময়ত আধুনিকতাৰ কৰাল গ্ৰাসত পৰিয়েই হওক বা পশ্চিমীয়া সংস্কৃতিৰ সংযোজন ঘটাৰ ফলতে হওক বাপতিসাহোন বিহুৰ স্বকীয়তা যেন কিছু ম্লান হৈছে তেনে অনুভৱ হয়। আগৰ সাত বিহু এতিয়া ব’হাগৰ পৰা জেঠ-আহাৰলৈ পৰ্যবেক্ষিত হ’ল। বিহুৰ ৰীতি-নীতি পৰম্পৰা সেয়াও যেন ধোঁৱাচাঙত উঠিল। অসমৰ সংস্কৃতিৰ বৰ্ণিল পথাৰখনত কিছুমান অপসংস্কৃতি আৰু বিশৃংখলতাৰ পয়োভৰ ঘটা পৰিলক্ষিত হ’ল। চুবুৰিয়ে-চুবুৰিয়ে বিহু অনুষ্ঠান পাতি জাতীয় পৰম্পৰাক ৰক্ষা কৰাটো বহুতৰ বাবে পেছাত পৰিণত হৈছে। এচাম লোকে ৰাজপথত বাটৰুৱাৰ পৰা ৰঙালী বিহুৰ নামত যান-বাহন আগচি দাবি-ধমকি দি হ’লেও চান্দা তোলাত ব্যস্ত হৈ পৰে। ৰাইজে ইচ্ছা অনুযায়ী, সাধ্য অনুসৰি যি চান্দা দিয়ে তাতে সন্তুষ্ট নহৈ জোৰ-জবৰদস্তি কৰি চান্দা তোলাটো আমাৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। আনহাতেদি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গীতৰ জৰিয়তে কৈ গৈছিল- ‘বৰদৈচিলাজনী অসমলৈ আগতে আহিছিলে, আহি হিলদল ভঙা এটি মন দিছিলে, নানা জাতি উপজাতি একে কৰিছিলে, আজি বছৰেকৰ মূৰত তাই আহে আৰু যায়, অসমীয়া মনটোত থিতাপি নলয়’। ৰঙালী বিহুটিৰ বৰদৈচিলাৰ সৈতে আছে অভিন্ন সম্পৰ্ক। কিন্তু সময়ৰ কোবাল সোঁতত এই সম্বন্ধ নোহোৱাৰ দৰেই হৈছেগৈ। এতিয়া বৰদৈচিলা গ’লেও বিহু থাকে। সাতবিহু গৈ এক-দুই মাহ চলে। তদুপৰি পুঁজিপতিৰ পৃষ্ঠপোষকতাত আজিৰ বিহুক ব্যৱসায়িক মঞ্চলৈ ৰূপান্তৰিত কৰি পেলালে।
সভ্যতাৰ উত্তৰণ ঘটায় সংস্কৃতিৰ আদান-প্ৰদানে। কিন্তু প্ৰচাৰমুখী মানসিকতাই কোনো সময়ত চৰম বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে অসম চৰকাৰে এইক্ষেত্ৰত কিছু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী পৃষ্ঠপোষকতাত বিহুক বিশ্বজনীন কৰা, ব’হাগৰ ভিতৰত বিহু শেষ কৰিবলৈ ৰাইজক আহ3ান জনোৱা আদি পদক্ষেপ সমূহ উল্লেখযোগ্য। প্ৰকৃত বিহুটোক বিকৃত কৰি ব্যৱসায়িক মুনাফা আদায় কৰাতকৈ তাৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি পালন কৰাটোহে ডাঙৰ কথা।
কিছুদিনৰ আগতে অসমীয়াৰ মৰমৰ দীঘ-বাণীৰে সজোৱা হেঁপাহৰ বিহুৱানখন অসমৰ বাহিৰৰ কটন মিলৰ পৰা আহি ফাগুনৰ মাজভাগতে চহৰৰ অভিজাত শ্বপিং মল আৰু ক্লথ ষ্টোৰৰ শ্ব’কেছত ঠাই লৈছিলহি যদিও চৰকাৰী পৃষ্ঠপোষকতাত সি যেনিবা ক্ৰমান্বয়ে নাইকিয়া হৈ পৰিল। আজি চ’তৰ শেষত ঢেঁকীৰ মাত শুনিবলৈ পোৱা নাযায়। গৃহিনীসকলে বজাৰৰ পৰা কিনি অনা জা-জলপান, পিঠা-পনাৰ লাৰু আদিৰ পেকেটবোৰেৰেই ‘পৰৰ পিঠাৰে বিহু’ পাতে। অৱশ্যে এই ক্ষেত্ৰত এফালৰ পৰা কিন্তু এটা ধনাত্মক দিশো নথকা নহয়। পিঠা-পনা বনাই বিক্ৰী কৰি আমাৰ আত্মসহায়ক গোট বিলাকৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি হৈছে। তদুপৰি বহুতে আকৌ অসমীয়া পিঠা-পনাৰ সলনি হোটেলৰ পৰা কিনি অনা নানা সুস্বাদু মিঠাইৰেই বিহুৰ কেইদিন অতিথি আপ্যায়ন কৰাও দেখা যায়। এতিয়া আৰু ঢোল-পেঁপা-গগনাৰ ধৰণী কঁপোৱা মাত শুনিবলৈ বৰপথাৰৰ মাজৰ যুৰীয়া আহঁতৰ তললৈ যাব নালাগে। যাব লাগে ৰং-বিৰঙৰ পোহৰে আবৰা মঞ্চৰ কাষলৈহে। বহু সময়ত দেখা যায় বিহুৰ মান-মৰ্যাদা,স্বকীয়তা পাহৰি কিছুমান বিহুমেলাত শিল্পীয়ে পৰিৱেশন কৰা গীতৰ তালে তালে সুৰাসক্ত লোকে মঞ্চৰ সন্মুখভাগলৈ আহি কৰা বহুৱালিবোৰ। যিয়ে এক বিকৃত পৰিৱেশ সৃষ্টি কৰে। আজিকালি আকৌ গীতৰ চেৱে-চেৱে বোকাত লুতুৰি পুতুৰি হৈ নচা অপসংস্কৃতিৰো সৃষ্টি হৈছে। সেয়া নিশ্চয়কৈ নিন্দনীয়। কেতিয়াবা আকৌ বিহু সংস্কৃতি ৰক্ষাৰ নামত চলা গীতৰ প্ৰতিযোগিতা আৰু কিছুমান গীতত প্ৰয়োগ কৰা অশ্লীল শব্দ গাঁঠনি আৰু নৃত্যই অসমীয়া কলা-সংস্কৃতিৰ প্ৰতি ভাবুকিৰো সৃষ্টি কৰিছে। বহু সময়ত বিহু সংস্কৃতিৰ মান যেন পশ্চিমীয়া বাদ্যযন্ত্ৰৰ অবাধ সংগতকৰণ আদিয়েও হ্ৰাস কৰিছে তেনে অনুমান হয়।
আজি বিহুক কেন্দ্ৰ কৰি আমাৰ সমাজত যিবিলাক নেতিবাচক চিন্তা-চৰ্চা বা অপসংস্কৃতি গঢ় লৈ উঠিছে, সেইসমূহ আঁতৰাই জাতিটোৰ সুস্থ চিন্তা-চেতনাক উৰ্ধ্বত ৰাখি প্ৰতিজন অসমীয়াই আন্তৰিকতাৰে অসমীয়া সংস্কৃতি বজাই ৰাখিবলৈ চেষ্টা কৰাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে। আমি পাহৰিব নালাগে যে বিহুৰ অন্তৰ্নিহিত তাৎপৰ্যই হ’ল অসমীয়া জাতি, অসমীয়া সংস্কৃতিৰ দাপোণস্বৰূপ। এনে প্ৰেক্ষাপটত বিহুৰ বিনন্দীয়া ৰূপ, ইয়াৰ ঐতিহ্য আৰু পৰম্পৰাগত ৰীতি-নীতি ৰক্ষা কৰি উঠি অহা ভবিষ্যৎ প্ৰজন্মলৈ শুদ্ধ ৰূপত প্ৰৱাহিত কৰাৰ ক্ষেত্ৰত সফল হ’ব পাৰিম। শেষত, লুইতপৰীয়া অসমীয়া সমাজৰ বাৰেৰহণীয়া কলা কৃষ্টি আৰু ঐশ্বৰ্যশীল সভ্যতাৰ কাৰকসমূহ যেন নিখুঁত ৰূপত অসমী আইৰ বুকুত অনন্ত কাললৈ ৰৈ বৈ যায়, সেয়া প্ৰতিগৰাকী অসমীয়াই নিশ্চয় আশা কৰিব।
(লেখক ঃ সহযোগী অধ্যাপক, নৰ্থ বেংক কলেজ, ঘিলামৰা)