এলিনা শইকীয়া
প্ৰবাসী বুলিলে সাধাৰণতে যি নিজ দেশৰ ভৌগোলিক সীমাৰ বাহিৰত অৰ্থাৎ বিদেশত বাস কৰে সেইসকলকে বুজা যায়। বিভিন্ন ব্যক্তি প্ৰবাসী হোৱাৰ অন্তৰালত বিভিন্ন কাৰক জড়িত হৈ থাকে। যেনে — কৰ্মসূত্ৰে, শিক্ষাসূত্ৰে, বিবাহসূত্ৰে, ব্যৱসায়সূত্ৰে ইত্যাদি বিভিন্ন কাৰণত এগৰাকী ব্যক্তি নিজ দেশ ত্যাগ কৰি আন এখন দেশৰ বাসিন্দা হয়। ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰবাসীৰো বিভিন্ন শ্ৰেণী বিভাগ কৰিব পাৰি, যেনে—কোনোৱে হয়তো বিদেশত গৈ প্ৰতিষ্ঠা লাভ কৰিছে; কোনোৱে হয়তো উচ্চ শিক্ষাত ব্যস্ত হৈ আছে আদি। অৰ্থাৎ স্থায়ী প্ৰবাসী আৰু অস্থায়ী প্ৰবাসী —এই দুই ভাগত শ্ৰেণীবিভাগ কৰিব পাৰি। এইদৰে অসমৰো বহু লোক অসমৰ বাহিৰত বসবাস কৰি আছে। প্ৰবাসী অসমীয়া ভাৰতৰ ভিতৰতো আছে আৰু ভাৰতৰ বাহিৰতো বাস কৰি আছে। সকলোকে প্ৰবাসী অসমীয়া ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে। সেই সকলোৱে প্ৰবাসতো নিজৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিছে, বিপদৰ সময়ত ইজনে সিজনক সহায় কৰিছে আৰু অসমৰ কোনো সমস্যাৰ ক্ষেত্ৰত মাত মাতিছে বা ব্যক্তিগত বা সমূহীয়াকৈ নিজৰ অঞ্চলত কিবা প্ৰকল্পৰ কাৰণে কাম কৰিছে। তেনে এক প্ৰচেষ্টাৰে ফচল হৈছে বৰ্তমানৰ অসমীয়াত কথা-বতৰা গোট আৰু সাহিত্য আলোচনীখন। ইয়াৰোপৰি ৱিকিপেডিয়া, ভাষাৰ শিক্ষা আদিৰ ক্ষেত্ৰতো কাম কৰি আছে। এইদৰে এক অসমীয়া ‘diaspora’ ৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। প্ৰবাসত থাকিও নিজৰ শিপা নাপাহৰা প্ৰবাসী অসমীয়া সকলৰ মাজত দেশ অনুসৰি সংগঠিত একোখন সমাজ আছে আৰু এই সমাজসমূহৰ সামূহিক প্ৰচেষ্টাৰে প্ৰবাসী অসমীয়াসকলে অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতিৰ অনুশীলন অব্যাহত ৰাখিছে। অসমীয়া সাংস্কৃতিক পৰম্পৰাসমূহৰ পালন আৰু উদযাপনৰ ক্ষেত্ৰত এই সমাজসমূহৰ কাৰ্যপন্থাসমূহে প্ৰবাসী অসমীয়াৰ লগতে বিদেশী অনা-অসমীয়াৰ মাজতো এক আন্তৰিক স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিদেশী লোকসকলৰ এই পৰম্পৰাসমূহৰ উদযাপনত কৰা অংশগ্ৰহণে এই কথাক স্পষ্ট কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত সংগঠিত হৈ থকা গঠন হোৱা প্ৰবাসী অসমীয়া সমাজসমূহ এনেধৰণৰ—
ক) ছুইডেন অসম এছোচিয়েছন
খ) অসম এছোচিয়েছন, আন্দামান নিকোবৰ আৰু দ্বীপপুঞ্জ
গ) শান্তিনিকেতনবাসী অসমীয়া সমাজ(Assamese Society of Santiniketan)
ঘ) এনাজৰী মুম্বাই (The Assam Association of Mumbai )
ঙ) অসম মিলন
চ) The North-East Indian American Cultural Organisation, NEIACO, Newyork America
ছ) হায়দৰাবাদৰ প্ৰবাসী অসমীয়া আৰু অসমীয়া সাংস্কৃতিক সমিতি জ) অসম এছোচিয়েছন,আমেৰিকা
ঝ)Assamese Community in Bahrein
ঞ) তুৰ্কীৰ ৰাজধানী আংকাৰৰ হেচেটেপে বিশ্ববিদ্যালয়ত অসমীয়াৰ বিহু উদ্যাপন
ট) ইংলেণ্ডৰ ব’ষ্ট’ন
ঠ) কাটাৰ অসম সমাজ
ড) জাৰ্মানীৰ অসমীয়া সমাজ
ঢ) অসম এছোচিয়েছন দক্ষিণ আফ্ৰিকা
ণ) অসম সাহিত্য সভা, ইংলেণ্ড
ত) ইণ্ডিয়ানা আছামীজ এছোচিয়েছন আমেৰিকা
থ) উত্তৰ আমেৰিকাৰ প্ৰবাসী অসমীয়া সমাজ
দ) Assam Society of Iyerland
ধ) অসম মিলন, ইউৰোপ
ন) আছাম এছোছিয়েছন ছিংগাপুৰ
প) আছামিজ এছোছিয়েছন অৱ অষ্ট্ৰেলিয়া, ইত্যাদি।
অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত প্ৰবাসী অসমীয়াসকলে সংশ্লিষ্ট দেশসমূহত সামূহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়াসকলৰ লগতে ভাৰতবৰ্ষৰ বাহিৰৰ বিভিন্ন দেশত বাস কৰা প্ৰবাসী অসমীয়াসকলে অসমীয়া সংস্কৃতিৰ অন্তৰ্গত বিভিন্ন উৎসৱ-অনুষ্ঠান, পৰম্পৰা উদযাপন অব্যাহত ৰাখিছে আৰু ইয়াৰ লগতে সংশ্লিষ্ট দেশখনৰ সংস্কৃতিৰ লগত যাতে সমাহৰণ ঘটাব পাৰে তাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়। এইক্ষেত্ৰত বিভিন্ন প্ৰবাসী অসমীয়া সমাজ-সংগঠনসমূহৰ ভিতৰত অষ্ট্ৰেলিয়াৰ প্ৰবাসী অসমীয়াসমাজৰ প্ৰসংগ বিশেষভাৱে উল্লেখযোগ্য। অষ্ট্ৰেলিয়াৰ এই প্ৰবাসী অসমীয়া সমাজখনৰ মূল লক্ষ্যটো হৈছে অসম আৰু উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক বৃহত্তৰ অষ্ট্ৰেলিয়ান সম্প্ৰদায়ৰ লগত ভগাই লোৱা যাতে অসম তথা উত্তৰ পূব ভাৰতৰ পৰা যোৱা প্ৰবাসীসকল অষ্ট্ৰেলিয়াৰ বহুভাষিক বহু সাংস্কৃতিক সমাজখনৰ অংশীদাৰ হ’ব পাৰে। এই সংস্থাটোৱে কেইটামান কাৰ্যপন্থাক মুখ্যৰূপত উদ্দেশ্য ৰূপে গ্ৰহণ কৰিছে। সেইসমূহৰ ভিতৰত নৱপ্ৰজন্মক নিজৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সংবৰ্ধনত সহায় কৰা; বিহুৰ দৰে অনুষ্ঠান আয়োজন কৰি আৰু উত্তৰ- পূৰ্বাঞ্চলৰ অন্যান্য অনুষ্ঠানৰ আয়োজনত অংশগ্ৰহণ কৰি বৃহত্তৰ অষ্ট্ৰেলিয়া সমাজৰ মাজত নিজা সংস্কৃতিৰ প্ৰচাৰত সহায় কৰা; আদি অন্যতম। এওঁলোকৰ দ্বাৰা গগণা এখন অসমীয়া-ইংৰাজী দ্বিভাষিক বাৰ্ষিক আলোচনীও প্ৰকাশ কৰি আহিছে আৰু ইয়াৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ চৰ্চাত বিশেষ অৰিহণা আগবঢ়াই আহিছে। এওঁলোকৰ এটা নিজা ৱেবচাইটৰ সকলো কাৰ্যপন্থা প্ৰচাৰ হোৱা পৰিলক্ষিত হয়। ৱেবচাইটটো হৈছে — assaminaustralia.org.au ।
সেইদৰে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ সংস্থা আছাম এছোছিয়েছন ছিংগাপুৰ —এই সংস্থাটোৰ গঠনৰ উদ্দেশ্য নিৰ্ধাৰণৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত যে বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাক স্পষ্টৰূপত দেখিবলৈ পোৱা যায়। সংস্থাৰ মূল উদ্দেশ্য এনেধৰণৰ যে ছিংগাপুৰত থকা অসম আৰু উত্তৰ-পূব ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰচাৰ আৰু সংবৰ্ধন কৰা আৰু ইয়াৰ সদস্যসকলৰ বাবে সাংস্কৃতিক, সামাজিক, আৰু বিভিন্ন বিনোদনমূলক কাৰ্যকলাপৰ ব্যৱস্থা কৰা। (to foster and promote the culture, customs and traditions of communities of Assam and Northeast India in Singapore and provide cultural, social, and recreational activities for its members.)। উল্লেখযোগ্য যে নিৰ্দিষ্ট সংস্থাটো Ministry of Home Affairs, Singapore আৰু UEN T14ss0051h দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এটা সংস্থা। ইয়াৰ দ্বাৰা এই কথা প্ৰতীয়মান হয় যে অসমীয়া সংস্কৃতিৰ অৱস্থিতিক বিশ্বৰ প্ৰেক্ষাপটত ইতিমধ্যে প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত এই সংস্থাৰ বিশেষ অৰিহণা অনস্বীকাৰ্য।
আনহাতে উত্তৰ আমেৰিকাত থকা প্ৰবাসী অসমীয়া সমাজৰ গোটসমূহ বিশেষভাৱে উল্লেখযোগ্য। এইসমূহৰ ভিতৰত অনানুষ্ঠানিকভাৱে ১৯৬০ চনত নিউয়ৰ্কৰ নিউ জাৰ্ছিত স্থাপিত হোৱা অসম সংঘ আটাইতকৈ প্ৰাচীন। ১৯৭৩ চনত পুনৰ আনুষ্ঠানিকভাৱে ইয়াক গঠন কৰা হয়। অসম সংঘই প্ৰবাসী অসমীয়াসকলৰ লগত একত্ৰিত হৈ বনভোজ, ব’হাগ বিহু , ভোগালী বিহুৰ উদযাপন কৰে। ইয়াৰোপৰি শংকৰদেৱৰ তিথিও পালন কৰে। পৰৱৰ্তীসময়ত ১৯৮১ চনত সংঘৰ এখন সংবিধান প্ৰণয়ন কৰা হয় আৰু ইয়াক অসম সংঘৰ পৰিৱৰ্তে আছাম ছ’চাইটি অৱ আমেৰিকা (Assam Society of America) নামলৈ ৰূপান্তৰ ঘটাই গ্ৰহণ কৰা হয়। উত্তৰ আমেৰিকাৰ আন এটা মূল অসমীয়া সংস্থা হৈছে— আছাম এছোছিয়েছন অৱ নৰ্থ আমেৰিকা। এই স্থাৰ লগত জড়িতসকলৰ প্ৰচেষ্টাত অন্য দুটা সংস্থাৰ জন্ম হয় ১৯৮০ চনত। সেয়া হৈছে— আছাম ফাউণ্ডেছন অৱ নৰ্থ আমেৰিকা (Assam Foundation of North America) আৰু অসম সাহিত্য সভা, আমেৰিকা শাখা(Assam Sahitya Sabha, US Branch)। এই সংস্থাৰ পৰা ওলাই গৈ অন্যএচামে সুকীয়াকৈ এটা সংস্থাৰ গঠন কৰে আৰু সংস্থাৰ নাম ৰখা হয় United Assamese Organization of North America, UAONA । ১৯৯৬ চনত International Forum for Advancement of Assam ৰ গঠন হয়। (referrenceজ্ঞ httpsজ্ঞ!!www.assam.org!node!2383)।
সেইদৰে ইউৰোপৰ প্ৰবাসী অসমীয়া আৰু নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাৰ বাবে আয়োজন কৰা বছেৰেকীয়া অনুষ্ঠান অসম মিলন ৰ ভূমিকাও বিশেষভাৱে মনকৰিবলগীয়। আনহাতে অসমীয়া আয়াৰলেণ্ডৰ প্ৰবাসী অসমীয়াসকলৰ পালন কৰা বিহু উদযাপন পৰম্পৰাৰ লগত জড়িত অসমীয়াই পালন কৰা বিশেষ পৰম্পৰাৰ পালনো অব্যাহত ৰাখিছে। তেওঁলোকে হুচৰি গাই একলেগে নচাৰ লগতে কণী যুঁজো খেলি পৰম্পৰা ৰক্ষা কৰা পৰিলক্ষিত হয়। মনকৰিবলগীয়া যে এই পৰম্পৰাৰ উদযাপনত প্ৰবাসী অসমীয়াসকলৰ লগতে তুৰ্কী, স্পেইন, আয়াৰলেণ্ডৰ লোকসকলেও অংশগ্ৰহণ কৰা দেখা যায়। এয়া অসমীয়া জাতি তথা সংস্কৃতিৰ বাবে এক যোগাত্মক ইংগিত। এনে পাৰস্পৰিক অংশগ্ৰহণে ভৌগোলিক তথা জাতীয় সীমা অতিক্ৰমি অসমীয়া সংস্কৃতিৰ এক অবিেচ্ছদ্য অংগ বিহু পৰম্পৰাই বিশ্বৰ প্ৰেক্ষাপটত এখন সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ সাক্ষ্য বহন কৰিছে বুলি ক’ব পাৰি। যাৰ ফলত প্ৰবাসী অসমীয়াসকলৰ লগতে অনা-অসমীয়া প্ৰবাসীসকলেও বিহু গীত, নাচ, হঁচৰি আদি বিহু পৰম্পৰাৰ প্ৰতি আকৰ্ষিত হৈ সংযুক্ত হোৱাৰো প্ৰয়াস কৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ বিদেশী গীতিকাৰৰ দ্বাৰা অসমীয়া বিহু গীতৰ পৰিৱেশনে এই কথাক স্পষ্টৰূপত প্ৰতিপলিত কৰে। উল্লেখযোগ্য যে অসমীয়া তথা ভাৰতীয় শিল্পীৰূপে খ্যাত পাপন তথা অংগৰাগ মহন্তৰ লগত এফ্ৰ’-বিহু ফিউজনত সহযোগী শিল্পী হিচাপে সংগত কৰা আফ্ৰিকান সংগীত শিল্পী নিনিয়’লা(Niniola)ৰ অংশগ্ৰহণে অসমীয়া বিহুগীতক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মৰ্যাদা প্ৰদানৰ এক নিদৰ্শনৰূপে অভিহিত কৰিব পাৰি। এই ক্ষেত্ৰত অংগৰাগ মহন্তৰ ব্যক্তিগত প্ৰচেষ্টাক বিশেষভাৱে স্বীকাৰ কৰিবলগীয়া।
বিহু অসমীয়া জাতিৰ এক জাতীয় পৰম্পৰা। এই পৰম্পৰা পালনৰ লগত আনুষংগিক বহুতো পৰম্পৰা জড়িত হৈ থাকে। লগতে আচাৰ-অনুষ্ঠান, খাদ্যাভাস, নৃত্য, গীত আদিও নিৰ্দিষ্ট সাংস্কৃতিক বিশেষত্বসম্পন্ন। বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা প্ৰবাসী অসমীয়াসকলৰ বিহু উদযাপনে নিশ্চিতভাৱেই অসমীয়া সংস্কৃতিৰ এক বিশেষ উপাদানক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। যাৰ ফলত বিহুৱে এক আৰ্ন্তজাতিক স্বীকৃতি ইতিমধ্যে লাভ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত প্ৰবাসী অসমীয়া সমাজৰ সামূহিক প্ৰচেষ্টাৰ লগতে ব্যক্তিগত প্ৰচেষ্টা আৰু চৰকাৰী প্ৰচেষ্টাও বিশেষভাৱে উল্লেখযোগ্য। মনকৰিবলগীয়া যে বিহু উদযাপনৰ পৰম্পৰা পালনৰ জৰিয়তে বা অন্যান্য সাংস্কৃতিক পৰম্পৰা পালনৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিলেও এই ক্ষেত্ৰত যথেষ্ট সীমাৱদ্ধতাও লক্ষ্য কৰিবলগীয়া। এই কিছুমান কাৰকে ক্ৰিয়া কৰা স্বাভাৱিক। ভৌগোলিক দূৰত্বৰ ফলত স্বাভাৱিকভাৱে কিছুমান পৰিৱৰ্তনক গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ অসমীয়া জাতিৰ প্ৰকৃত সাংস্কৃতিক বিশেষত্বক এই সমাজসমূহে ৰক্ষা কৰি চলাত বাধা আৰোপ হোৱা যেন অনুভৱ হয়। অসমীয়াৰ সাত বিহুৰ পৰম্পৰাৰ ৰক্ষা এই প্ৰবাসী সমাজসমূহৰ বাবে স্বাভাৱিকভাৱেই এক অসম্ভৱ কথা। নিৰ্দিষ্ট খাদ্য পৰম্পৰাৰ পৰা আদি কৰি গীত, নৃত্য, হুঁচৰি আদিৰ প্ৰকৃত বিশেষত্বক বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰিবলৈ সক্ষম হোৱা নাই বুলিব পাৰি। অৱশ্যে বৰ্তমান সময়ত পাশ্চাত্য সংস্কৃতিয়ে অসমীয়া সংস্কৃতিক গ্ৰাস কৰি অহা বুলি দোষাৰোপ কৰাৰ সময়ত পাশ্চাত্য বা প্ৰবাসত অসমীয়া সংস্কৃতিৰ প্ৰসাৰে অসমীয়া সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি ইতিবাচক ইংগিত বহন কৰিছে।
তথ্য সংগ্ৰহৰ উৎসঃ
•httpsজ্ঞ!!www.assam.org!node!2383
•httpsজ্ঞ!!xahitya.org!xahitya-032022-editorial!
•ইন্টাৰনেট, ফেচবুক।
(লেখক ঃ সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, শদিয়া মহাবিদ্যালয়, চপাখোৱা, ৭৮৬১৫৭, তিনিচুকীয়া)