হিমা জ্যোতি ডেকা

বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্ৰাণ
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।
জাতীয় উৎসৱ বিহু অসম আৰু অসমীয়াৰ প্ৰাণ। বিহু অসমৰ উজনি-নামনি, পৰ্বত-ভৈয়াম সকলো ঠাইতে সমাদৃত। ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু এই তিনিওটা উৎসৱেই কৃষিভিত্তিক। কৃষিজীৱিসকলৰ উপৰিও আন সকলো শ্ৰেণীৰ অসমীয়াই জাতীয় উৎসৱ হোৱা হেতুকে এই তিনিওটা বিহুৱে পালন কৰে।
এই লিখনিত উজনি অসম বুলি কওঁতে লখিমপুৰ জিলাৰ আৰু নামনি অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙালী বিহুৰ মাজত থকা পাৰ্থক্য অলপ উনুকিয়াব খুজিছোঁ। সকলো ঠাইতে বিহু পালনৰ মূল আচাৰ পদ্ধতি একেই যদিও অঞ্চল বিশেষে বিশেষকৈ উজনি আৰু নামনিৰ বিহুৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়।
চ’তৰ সংক্ৰান্তিৰ দিনা ‘গৰু বিহু’ পালন কৰা হয়। ইয়াকে নামনিত গৰু বিহুৰ লগতে প্ৰথম বিহু আৰু ব’হাগৰ এক তাৰিখে পালন কৰা “মানুহ বিহু’ক কামৰূপত “দ্বিতীয় বিহু” বুলি কোৱা হয়। কামৰূপত বিহুৰ পৰিৱৰ্তে “দোমাহী” বা “দুমাহী” শব্দৰ প্ৰয়োগ বেছিকৈ হোৱা দেখা যায়। “গৰু বিহু”ক “দোমাহী” আৰু মানুহৰ বিহুক “বৰ দোমাহী” বুলি কোৱা হয়। নামনি অসমত তুলনামূলক ভাৱে ব’হাগ বিহুৰ পৰিৱৰ্তে “মাঘ বিহু”’ৰ গুৰুত্ব বেছিকৈ দেখা যায় আৰু উজনিত মাঘ বিহুৰ পৰিৱৰ্তে “ব’হাগ বিহু”ৰ গুৰুত্ব অতি বেছিকৈ দেখা যায়।
নামনি অসমত ধৰ্মীয় প্ৰসংগৰ ওপৰত গুৰুত্ব আৰোপ কৰিহে ব’হাগৰ দোমাহী পালন কৰাৰ নীতি আছিল। উজনিৰ দৰে বিহু মৰা বা বিহু নাচৰ ৰীতি নাছিল। কিছু বছৰ আগৰ পৰাহে বিহুনাম আৰু নৃত্যই নামনি অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে শিপাইছে বুলি ক’লেও বেছিকৈ কোৱা নহয়।
ৰং-ৰইচৰ বিহু ৰঙালীত বোৱনীসকলে যেনেকৈ ফুলাম গামোছা, চাদৰ আদি বিহুৰ কাপোৰৰ বোৱা কটা কাম শেষ কৰিবলৈ উঠিপৰি লাগে ঠিক তেনেকৈ গৃহিনীসকলেও পিঠা-পনা, লাৰু আদি তৈয়াৰ কৰিবলৈ ব্যস্ত হৈ পৰে। আনফালে মতা মানুহে লাউ-ঠেকেৰা, বেঙেনা, দীঘলতি, মাখিয়তি আদি সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে। গৰু বিহুৰ দিনা গৰুক বিহুৱান (কামৰূপত বিহান) দিবৰ বাবে নতুন পঘা বা দৰখ (উজনিত এৰাল) বনোৱাত ব্যস্ত হৈ পৰে। কৃষিজীৱি অসমীয়াৰ প্ৰধান সম্বল গৰু হোৱা হেতুকে প্ৰথম বিহুটো হ’ল “গৰু বিহু”। গৰু বিহুৰ দিনা ৰাতিপুৱাই দীঘল শলাত লাউ-বেঙেনাৰ টুকুৰা কৰি মালা গঠা হয়। সৰিয়হৰ তেল কোৰোকাত লৈ গৰুৰ শিঙ-খুৰা আদিত দিয়াৰ উপৰিও ছাগলীৰ শিঙটো তেল সানে। গৰুৰ সেইদিনা যথেষ্ট আদৰ যত্ন লোৱা হয় আৰু তেল, মাহ, হালধি সনাৰ পিছত গৰুবোৰ ওচৰৰ নৈ-পুখুৰী আদিত গা ধুৱাবলৈ লৈ যায়। গৰু-ছাগলীক লাউ-বেঙেনা খাবলৈ দিয়া হয় আৰু শলাত গঁঠা মালাবোৰ কোবাই গাই যায়।
(নামনিত) লাউ খা বাঙনা (বেঙেনা) খা
বছৰে বছৰে বাঢ়ি যা
দীঘলতি দীঘল পাত
গৰু চাৰে জাত জাত
মাৰে সৰু বাপেৰে সৰু
তই হবি মস্ত গৰু।
(আজিৰ আধুনিক যুগত গৰুৰ পৰিৱৰ্তে খেতিত Îট্ৰক্টৰৰ ব্যৱহাৰ বেছিকৈ হোৱা দেখা যায় আৰু গাঁৱে-ভূঞে গৰু পুহিবলৈ প্ৰায় মানুহে এৰি দিয়াৰ নিছিনাই হৈছে। সেয়েহে এতিয়া গৰু নৈ, বিল-পুখুৰী আদিত নিয়াৰ পৰিৱৰ্তে ঘৰতে এজনী বা দুজনী গাই গৰুক বহুতে ঘৰতে মটৰেৰে গা ধুওৱা দেখা যায়।)
গধূলি গৰু অহাৰ আগে আগে গলি ঘৰ (গোহালি ঘৰ) ৰ দুৱাৰ মুখত ঢেকীয়া, ধান খেৰ, তুঁহ, বনগুটি, পাচতিয়াৰ পাত, অগৰু আদিৰে জাগ প্ৰস্তুত কৰি থোৱা হয়। গৰু যেতিয়া গধূলি ঘৰত সোমাব তেতিয়া গৃহস্থনীয়ে গৰুৰ ঠেঙত ভক্তিভাৱে পানী ছটিয়াই দি গৰুৰ বাবে বনোৱা পিঠা খাবলৈ দিয়ে। গৰুক নতুন পঘাৰে বিহান (বিহুৱান) বন্ধা হয় আৰু জাগত জুই দি বিচ দিয়ে। ম’হ-ডাহ খেদাৰ লগতে সেইদিনা বিচনিৰে জাগ বিচি দি প্ৰথম বিচনিৰ ব্যৱহাৰ কৰা দেখা যায়। গৰু বিহুৰ কিছু কিছু সাদৃশ্য উজনি আৰু নামনিত পৰিলক্ষিত হোৱা দেখা যায়। নামনি অসমত গৰু বিহুৰ দিনা কোনো ব্ৰাহ্মণৰ দ্বাৰা গো-লক্ষ্মীৰ পূজা কৰা ৰীতি এটিৰো প্ৰচলন আছে। গৰু বিহুৰ দিনা নাঙল, যুঁৱলি, মৈ আদি খেতিৰ সঁজুলিবোৰ ধুই পৰিষ্কাৰ কৰি খেতিয়কসকল খেতিৰ বাবে প্ৰস্তুত হয়।
দ্বিতীয় বিহু বা মানুহ বিহুৰ দিনা মানুহে গাত তেল মাহ-হালধিৰে গা ধুই বিহুৱান লয়। সৰুৱে ডাঙৰক ভৰি চুই আশীৰ্বাদ লয় আৰু বিহুৱান দিয়াৰ নিয়ম আছে। সৰু ছোৱালীবোৰে গাঁৱত ঘৰে ঘৰে গৈ বিহু গাই নাচে আৰু গৃহস্থই যি দিয়ে পইচা-চাউল সংগ্ৰহ কৰি ভোজ ভাত খাই স্ফুৰ্টি কৰে। সাধাৰণতে নামনিত গৃহস্থক আশীৰ্বাদ দি শৰাই লোৱা প্ৰথা দেখা নাযায়। উজনিত ডেকাৰ পৰা বৃদ্ধলৈকে বিহু নচা আৰু গৃহস্থক সুন্দৰকৈ আশীৰ্বাদ দি শৰাই লোৱা প্ৰথা আছে।
হুঁচৰি গোৱা ৰাইজে উজনিত আশীৰ্বাদ দিয়ে এইদৰে —
এটা বাটিত নহৰু এটা বাটিত পনৰু
এটা বাটিত খুতৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ।
গৃহস্থ কুশলে থাক।
সাজ-পাৰৰ ক্ষেত্ৰতো উজনি আৰু নামনিত পাৰ্থক্য দেখা যায়। নামনিত বিহু নাচোতে সাজ-পাৰ, আ-অলংকাৰ তেনে ধৰা-বন্ধা নিয়ম নাই (মাঘ বিহুৰ কথা সুকীয়া)। উজনিতহে ৰিহা-মেখেলা পৰিধান কৰা দেখা যায়। উজনি আৰু নামনিৰ বিহুগীতৰ সুৰ, নাচ-গানৰ ভংগিমা, বিষয়বস্তু আদিৰ পাৰ্থক্য দেখা যায়।
আগৰ দিনত বিহু সাত দিন ধৰি পালন কৰা হৈছিল যেনে — গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, কুটুম বিহু, চেনেহী বা তাঁত বিহু, নাঙল বিহু আৰু চেৰা বিহু। ঠাই ভেদে বিহুৰ ভাগসমূহ বেলেগ বেলেগ হোৱা দেখা যায়। বৰ্তমান সময়ত নামনিত প্ৰথম দুদিনৰ বিহুহে পালন কৰা দেখা যায় আৰু মঞ্চ বিহু তিনি চাৰিদিন ধৰি পতাৰ উপৰিও ব’হাগী বিদায় আদি অনুষ্ঠানো ব’হাগৰ শেষলৈকে জেঠৰ আৰম্ভণিলৈকে দেখা যায়।
সাত বিহুৰ দিনাখন “সাত শাক তোলা” বা “সাতশাকী খোৱা” প্ৰথা এটা কামৰূপত আছে। জাক জাক জীয়াৰী-বোৱাৰীয়ে হাতে হাতে চালনি-খৰাহি লৈ ৰাতিপুৱাতে মুকলি পথাৰলৈ গীত গাই গাই শাক-শুকতি তুলিবলৈ যায়। শাক তোলোঁতে জেতুকা বিচাৰি পোৱাটো হেনো সৌভাগ্যৰ চিন। শাক-শুকতি তোলা গীতৰ বচনৰ ভিতৰত আছে —
শান্তি সীতাই শাক তুলে এ
বুন বাছি বাছি
শাকৰ মাজত জেতকা (জেতুকা) পাইচা
থৈবা সাচি সাচি।।
সাত বিহুৰ দিনাখন সাতখন আঞ্জা বা সাতবিধ শাকৰ ব্যঞ্জন বনোৱা হয় অন্যহাতে উজনিত এশ এবিধ শাকৰ আঞ্জা খোৱা প্ৰথা প্ৰচলিত।
নামনিত বিহুগীত যে নাছিল এনে নহয় কিন্তু উজনিৰ নিচিনা বিহুগীত বা বিহুনাচৰ প্ৰচলন নাছিল। বৰ্তমান সময়ত উজনিৰ বিহুগীত, বিহুনৃত্য, সাজ-পোছাক, আ-অলংকাৰ, বাদ্যযন্ত্ৰ আদিকে ধৰি বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাত কামৰূপ তথা নামনি অসমতো সমাদৃত হ’বলৈ ধৰিছে।
শেষত কৈনো কৈ থাকিলে ওৰকে নপৰে উজনি-নামনিৰ কথা —
চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে
আমাৰে বিহুৰ কথা।
বিহুৰে বিৰিণা পাতে সমনীয়া ঐ
বিহুৰে বিৰিণা পাত,
বিহু থাকে মানে বিহুকে বিনাবা ঐ
বিহু গ’লে বিনাবা কাক।
সহায়ক গ্ৰন্থপঞ্জী ঃ
১। প্ৰফুল্ল দত্ত গোস্বামী সম্পাদিত ব’হাগ বিহুৰ বাৰেবৰণীয়া ছবি।
২। স্মৃতি গ্ৰন্থ – ২০২৩, বিহু উৰুৱা সন্মিলনৰ সোণালী জয়ন্তী মহোৎসৱৰ “চামপৰা”।
৩। নিৰ্মল প্ৰভা বৰদলৈ, অসমৰ লোক সংস্কৃতি।
৪। নবীন চন্দ্ৰ শৰ্মা, অসমীয়া লোক সংস্কৃতিৰ আভাস।

(লেখক ঃ গ্ৰন্থাগাৰিক, নৰ্থ বেংক কলেজ, ঘিলামৰা)