লুকুমণি গগৈ
ব’হাগ বিহুটি অসমীয়া জাতিটোৰ প্ৰাণ স্বৰূপ। বসন্ত কালৰ আগমনত উদ্যাপন কৰা অসমৰ মূল বিহু উৎসৱ ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়। সেউজীয়া কোমল কুঁহি পাতে বহাগৰ আগজাননী দিয়ে। গছ-লতিকাত কুঁহিপাত ওলাই প্ৰকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে। নতুন ফুল-পাতেৰে প্ৰকৃতি নদন-বদন হোৱা এই সময়ত কুলি-কেতেকীৰ মাতে সোণত সুৱগা চৰায়। প্ৰকৃতিৰ নতুন পৰশত নতুনক আদৰিবলৈকে চ’ত-বহাগ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা ব’হাগ বিহুটি আৰম্ভ হয় আৰু ব’হাগ মাহৰ ছয় তাৰিখ অৰ্থাৎ সৰ্বমুঠ সাতদিন ধৰি পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া নাম আছে — ১) গৰু বিহু, ২) মানুহ বিহু, ৩) গোসাঁই বিহু, ৪) তাঁতৰ বিহু, ৫) নাঙলৰ বিহু, ৬) জীয়ৰী বা চেনেহী বিহু আৰু ৭) চেৰা বিহু।
প্ৰকৃতিৰ পৰিৱৰ্তনৰ এক সুন্দৰ সময়ত পালন কৰা হেতু বহাগ বিহুৰ লগত প্ৰকৃতিৰ সম্পৰ্কও অভিন্ন। এই বিহু পালনৰ সময়ত জেতুকা-বৰ্হমথুৰিকে আদি কৰি প্ৰকৃতিৰ কেতবোৰ উদ্ভিদৰ বিশেষ গুৰুত্ব আৰু বৈশিষ্ট্য আছে।
জেতুকা আৰু বৰ্হমথুৰি ঃ
ব’হাগ বিহুৰ লগত সম্পৰ্ক থকা উদ্ভিদৰ ভিতৰত বিহুৱতী বা ৰূপ চৰোৱা জেতুকা আৰু বৰ্হমথুৰিৰ ব্যৱহাৰ সৰ্বাধিক। বাৰ মাহে জেতুকা পাত থেতেলি হাত-ভৰি-নখ আৰু চুলিত ৰং লগোৱা কামতহে যে জেতুকা ব্যৱহৃত হয় তেনে নহয়। অসমীয়া সমাজত জেতুকা বৰ আদৰৰ বস্তু। ব’হাগ বিহুৰ সময়ত নাচনী তথা জীয়ৰী-বোৱাৰী সকলে জেতুকা পাতৰ ৰঙেৰে দুহাত বুলাই লয়। বিশেষকৈ গৰু বিহুৰদিনাখন লগাই লোৱা জেতুকাৰ ৰসে ঔষধিৰ কাম কৰে, লোক বিশ্বাস আছে সেইদিনা জেতুকা হাত-ভৰিত লগালে ছালৰ বেমাৰতো নহয়েই বৰঞ্চ ই বসন্ত আইৰো প্ৰতিষেধকৰ, কাম কৰে।
জেতুকাৰ বৈজ্ঞানিক নাম হৈছে Lawsonia inermis ই Lythraceae family ৰ অন্তৰ্ভূক্ত। ইয়াক ইংৰাজীত ক্সHenaক্স সংস্কৃতত “মদয়ন্তীকা” আৰু হিন্দীত “মেহেন্দি” বুলি কয়। জেতুকা এবিধ গুল্ম জাতীয় গছ ইয়াক সমগ্ৰ ভাৰততে পোৱা যায়।
বৰ্হমথুৰি বা বহুমথুৰি দীঘল পাতেৰে বসন্তত থুৰি মেলা এবিধ আওকাঠী গছ। বৰ্হমথুৰি চোৱাই (তামোলৰ লগত বা শুদাই) ললে জিভাৰ লগতে ওঁঠো ক’লা পৰি গাভৰুৰ ৰূপ দুগুণে বঢ়ায়। আগৰ দিনত বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াৰ বৰ আদৰ আছিল। বিহুৰ বতৰত বৰহমথুৰিৰে ওঁঠ বোলাই লোৱা হয়। ই এক প্ৰকাৰৰ আধুনিক লিপষ্টিকৰ প্ৰাকৃতিক ৰূপ বুলি ক’ব পাৰি।
ড০ লীলা গগৈৰ ‘বিহু এটি সমীক্ষা’ নামৰ গ্ৰন্থখনিৰ বিহুনামতো বৰ্হমথুৰিৰ উল্লেখ পোৱা যায় —
লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোতা নাই।
তাহানিতে ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰান্তীয় চিৰসেউজ অঞ্চলবোৰত এই উদ্ভিদ পোৱা গৈছিল যদিও বৰ্তমান সময়ত এনে উদ্ভিদ প্ৰায় বিলুপ্ত হৈছে। এই আপুৰুগীয়া উদ্ভিদ বিধৰ সংৰক্ষণ অতি প্ৰয়োজন।
নাহৰ ঃ
ব’হাগ বিহুৰ সময়ত বিশেষকৈ প্ৰথম ব’হাগৰ দিনা “দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে” এই মন্ত্ৰফাকি নাহৰ গছৰ পাতত লিখি গৃহস্থৰ ঘৰৰ দুৱাৰমুখত ৰাখিলে বৰষুণৰ পৰা ঘৰৰ একো অনিষ্ট নহয় বুলি এক জনবিশ্বাস আছে। নাহৰ গছৰ পাতৰ লগতে নাহৰৰ ফুলৰো বিহুত এক বিশেষ আদৰ আছে।
“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।”
এই মন্ত্ৰফাকি লিখা নাহৰ পাতখিলাৰ লগতে ঘৰৰ অপায় অমংগল দূৰ কৰাৰ অৰ্থে দুৱাৰমুখত বা ঘৰৰ চালিত গুঁজি থোৱা বস্তুখিনিক “জৈখিনি” নামেৰে জনা যায়।
নাহৰৰ ফুল দেখি নাচনীৰ গাতো তত্ নোহোৱা হয়। বিহু বিহু ভাৱক উন্মনা কৰি তোলে নাহৰৰ সুগন্ধই। উথপ্থপ্ লাগে নাচনীৰ গাত —
আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ।
আকৌ গায় —
ইফালে ঢোলৰ মাত সিফালে ঢোলৰ মাত
নাহৰ ফুল ফুলিবৰ বতৰ।
ঢোলৰ মাত শুনি থাকো কেনে কৰি
গছকত ভাঙি যাওঁ যতৰ।
নাহৰ ফুল নুফুলিলে যেন বহাগেই নাহে। তাৰেই উপমা পোৱা যায় এনেদৰে —
নপানী বঢ়া নাই
নাহৰ ফুল ফুলা নাই
বিহু বিহু লগা নাই গাত।
নাহৰ গছৰ ঔষধি গুণো আছে। সাপে খঁুটিলে নাহৰ পাত আৰু ফুল খাব লাগে। পাত আৰু ফুল পিহি খুঁট মৰা ঠাইত লগাব লাগে বুলি বিশ্বাস আছে। ভাৰত আৰু মালয়েছিয়া ইত্যাদি দেশত জৈৱিক ঔষধি ৰূপত ইয়াক ব্যৱহাৰ কৰাৰ উপৰিও সুগন্ধি ধূপকাঠি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। নাহৰ গছৰ ছালৰ ৰস গ্ৰহণ কৰিলে কেচুমুৰিয়া ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰি।
কপৌ ফুল ঃ
কপৌ ফুল বুলিলে বসন্তৰ চৌপাশ মুখৰিত কৰা অসমীয়া বাপতিসাহোন ৰঙালী বিহুটিৰ কোঁহে-কোঁহে অনেক স্মৃতি মধুৰ সম্পৰ্ক জড়িত হৈ থকা সৌন্দযৰ্্য বৰ্দ্ধক ফুলপাহকে বুজায়। অসমীয়া প্ৰাণ স্বৰূপ বহাগ বিহুৰ লগত কপৌ ফুলৰ মধুৰ সম্পৰ্ক আছে। সমগ্ৰ বিশ্বৰ লগতে আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অসমীয়া প্ৰাকৃতিক কোলাত কপৌ ফুল গাঁও-ভুই, হাবি-বননি, গছ-গছনিত সিঁচৰতি হৈ আছে। কপৌ ফুলৰ সৌন্দৰ্য অতি মনোৰম আৰু বিতোপন। কপৌ ফুল অসমীয়াৰ অতি চেনেহৰ। কপৌফুল অবিহনে আমাৰ বাপতিসাহোন ৰঙালী বিহুটি সম্পূৰ্ণ নহয়। ৰঙালী বিহুটিৰ অন্যতম প্ৰতীক হৈছে কপৌ ফুল। প্ৰকৃতি ৰাণীক মতলীয়া কৰা নানা তৰহৰ ফুল নাহৰ তগৰ ইত্যাদিৰ ভিতৰত কপৌ ফুলহে নাচনী বিহুৱতীৰ অতি প্ৰিয়। সেয়েহে বিহু গীতত কপৌ ফুলৰ বিষয়ে গোৱা হয় —
পাহাৰে ভৈয়ামে ঘুৰিলো ফুৰিলো
কপৌ ফুল এপাহিৰ বাবে,
কপৌ ফুল নাপালে বিহুকে নামাৰে
প্ৰতিজ্ঞা কৰিছে ধনে।
কপৌ ফুলৰ আকৰ্ষণীয় সুৱাসত মতলীয়া আমাৰ প্ৰত্যেক অসমীয়া। তাহানি বাপতিসাহোন ৰঙালী বিহুটিত অসমীয়া ডেকাই নাচনীক দিয়া কপৌ ফুল, অসমীয়া জীয়ৰীয়ে নিজ হাতে বৈ দিয়া বিহুৱানখন সঁচাকৈয়ে তুলনাবিহীন পৰম্পৰা আছিল অসমীয়া সমাজত সংস্কৃতি পৰম্পৰাৰ লগত কপৌ ফুল জড়িত। কপৌ ফুলে ৰঙালী বিহুৰ এক আদৰ্শৰ প্ৰতীক হিচাপে স্থান দখল কৰি আহিছে। ২০০৩ চনৰ ৪ এপ্ৰিল তাৰিখে কপৌ ফুলক জাতীয় ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। কপৌ ফুল কেৱল সৌন্দৰ্যৰ প্ৰতীক নহৈ যথেষ্ট ঔষধি গুণেৰে সমৃদ্ধ বুলি বিজ্ঞানীসকলে ইতিমধ্যে প্ৰমাণ কৰিছে। কপৌ ফুলৰ চাহিদা বিশ্বায়নৰ যুগতো বহু গুণে বাঢ়িছে। কপৌ ফুলৰ পৰা বিভিন্ন চাবোন, প্ৰসাধন সামগ্ৰী, তেল, মলম আদি প্ৰস্তুত কৰা হয়। তদুপৰি লোক বিশ্বাসমতে ঘৰৰ চৌহদৰ ভিতৰত যদি কপৌ ফুল থাকে তেন্তে ভূত-প্ৰেত আদিৰ ভয় নাথাকে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কপৌ ফুল পোৱা যায়। ঠাইভেদে ইয়াৰ নাম ৰূপ, ৰং আৰু আকাৰ ভিন্ন হয়। কপৌ ফুলৰ ৰং সাধাৰণতে বগা, পাতল গুলপীয়া, বেঙুনীয়া ইত্যাদি হয়। কপৌ ফুল বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, কইনাৰ কেশসজ্জা, বিয়া-বাৰু আদিত ব্যৱহাৰ কৰা পৰম্পৰা প্ৰচলিত হৈ আহিছে। মাধুৰ্যৰে ভৰা উদ্ভিদজোপাৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ প্ৰয়োজন।
দীঘলতী-মাখিয়তী ঃ
দীঘলতি-মাখিয়তী বিহুৰ অন্যতম উপাদান। এই দুবিধ উপাদানৰ অবিহনে গৰু বিহু সম্পূৰ্ণ নহয়। পৰম্পৰা ৰক্ষা কৰি অসমীয়াই অতিজৰে পৰা গৰু বিহুৰ বাবে দীঘলতী-মাখিয়তী সংগ্ৰহ কৰে। গৰু বিহুৰ দিনা সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন অসমীয়া মানুহে এবাৰ হলেও গুণগুণায় “দীঘলতী দীঘল পাত মাখি মাৰো জাত জাত” গৰু বিহু দিনাখন গৰুক দীঘলতী আৰু মাখিয়তী গছৰ ডাল পাতেৰে কোবাই কোবাই এইদৰে গোৱা পৰম্পৰা অতিজৰে পৰা চলি আহিছে। দীঘলতী আৰু মাখিয়তী গছ বীজাণুনাশক হোৱা বাবে এই গছবোৰেৰে গৰুক মাৰিলে গাৰ পৰা মাখি, মহ আদিবোৰ আঁতৰি যায়। সন্ধিয়া গৰু অহাৰ আগমূহুৰ্তত গৰু অহা পদূলি চোতাল আৰু গোহালিৰ মুখত বিহলঙনি, অগৰা আদি গছৰ লগত দীঘলতী-মাখিয়তী গছৰ ডাল-পাতত সংমিশ্ৰণ কৰি জাগ্ দিয়াৰ নিয়ম।
অসমীয়া সমাজৰ জনবিশ্বাস অনুসৰি মহ, মাখি, পোক পৰুৱা আদি এই ধোঁৱাৰ বাবে নোহোৱা হয়। ব’হাগ বিহুৰ অতিকৈ প্ৰয়োজনীয় দীঘলতী পাত বহুতো ঔষধি গুণেৰে ভৰপূৰ। অতি সম্প্ৰতি দীঘলতি আৰু মাখিয়তী উদ্ভিদৰ সংগ্ৰহত ব্যস্ত হৈ পৰিছে ৰাজ্যবাসীৰ লগতে বটদ্ৰৱাৰ চহা কৃষকসকল। উল্লেখ্য যে সাম্প্ৰতিক যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যাব খোজা এই দীঘলতী আৰু মাখিয়তী বটদ্ৰৱাৰ নতুন ভোগবাৰী সত্ৰৰ কৃষকে সযতনে সংৰক্ষণ কৰিবলৈ যত্ন কৰিছে। দীঘলতী গছৰ পাতৰ ৰস চৰ্মৰোগত বিশেষভাৱে উপযোগী। গ্ৰহণী, এন্দুৰীয়া ঘাঁ, প্ৰসৱ-বেদনা, কাহ-জ্বৰ আৰু হাপানী বা এজমাৰ উপশমৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। মুগা পলুৱে ইয়াৰ পাত খাই জীয়াই থাকিব পাৰে।
মাখিয়তী গছৰ কিছু ঔষধি গুণ ঃ
মাখিয়তী শিপাৰ ৰস মৃগীৰোগ, হিষ্টিৰিয়া আদিৰ বাবে উপকাৰী। খৰ সদৃশ চৰ্মৰোগতো ইয়াৰ শিপাৰ পৰা নিঃসৰিত ৰস লেপন হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি ইয়াৰ পাত বটি লেপন তৈয়াৰ কৰি ছালত লগালে বিভিন্ন চৰ্মৰোগৰ পৰা উপশম পোৱা যায়। জ্বৰ-কাঁহৰ বাবে এই গছৰ শিপা ভোটএৰাৰ শিপা, জালুক আৰু পিপলিৰ লগত খাব লাগে। পেট বিষ বা পেট কামুৰণিৰ বাবে এই গছৰ শিপা, তিতাভেকুঁৰী আৰু গোলনেমু একেলগে সিজাই তাৰপৰা প্ৰস্তুত কৰা ৰস খাব লাগে। তদুপৰি মাখিয়তী গছৰ শিপা আৰু পাতেৰে সৈতে তাৰ ফল (বিশেষকৈ ফলৰ বাকলি) পানীত তিয়াই থৈ ৰস উলিয়াই সেই ৰস নাকত দিলে মৃগী ৰোগত মূৰ্চা যোৱা ৰোগী সুস্থ হয়।
সাত শাকী ঃ
অসমৰ খাদ্য প্ৰণালীত শাকৰ গুৰুত্ব অপৰিসীম। অসমীয়া লোকসকলে পালন কৰা ব’হাগৰ সাতবিহুৰ যিকোনো এদিন খোৱাৰ পৰম্পৰাৰ পৰা এই সাত শাকী নামটোৰ উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে। এই প্ৰথাৰ তাৎপৰ্য্য এয়ে যে বছৰৰ এইখিনি সময়ত বাৰী বা দাঁতি-কাষৰীয়া পৰিৱেশত থকা গছ-লতিকাত নতুন পাতৰ সমাহাৰ ঘটে। তাৰে শতাধিক শাক গোটাই খোৱাটো সহজসাধ্য হয়। সাধাৰণতে গৰুবিহুৰ দিনা গধূলি শাকসমূহ একে লগে ভাজি খোৱাৰ নিয়ম। ঠাইভেদে যিকোনো এদিন খোৱা হয়। লোকবিশ্বাস অনুসৰি সেইদিনা সাধাৰণতে বিহু বা অখাদ্য বুলি গণ্য কৰা শাক-পাতশাকৰ সৈতে খালেও ই কোনো অপকাৰ নকৰে। সাত শাকত যে অকল শাক হে থাকে তেনে নহয়, সাত শাকত আমৰ মল, কঠালৰ মুচি, বেঙেনা, কেৰেলা, জাতিলাও আদিও থাকে। গৰুৰ বিহুৰ দিনা লাউ, বেঙেনা আদিৰে গৰু-গাইক গা ধুওৱা হয়। সেয়ে সাত শাকত এই পাচলি খোৱাৰ পৰম্পৰা। সাত শাক যে অকল পৰম্পৰা বা প্ৰথাৰ বাবেই খোৱা হয় তেনে নহয়, সাত শাক দেহৰ বাবেও উপকাৰী মহৌষধ, এই শাক পাচলিত বহু বেমাৰৰ প্ৰতিৰোধী গুণ আছে।
(লেখিকা ঃ প্ৰধান শিক্ষয়িত্ৰী, ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়)