ৰঞ্জিতা হাজৰিকা চেতিয়া
গছৰ ডালত কপৌফুলে পাহি মেলিছে। আম গছে মলিয়াইছে। গছৰ ডালত পৰি কুলিজনীয়ে কু–উ–ও– কু–উ–ও– কৈ হিয়া মন পৰশি যোৱা মৌ মিঠা মাত মাতিছে । বিহুৱা-বিহুৱতীসকলে বিহুৰ আখৰা চলাইছে। গছে-বনে ন কুঁহিপাত মেলি ব’হাগ আহি পদূলি পোৱাৰ ইংগিত দিছে। সেয়েহে মোৰ মনলৈ অহা পুৰণি বিহুনাম দুফাঁকি মানকে তুলি দিলোঁ —
বিহুটি নামেৰে তিনিটি আখৰে
কোনে লিখি গ’লে শিলত,
ঘূণেও নধৰে মামৰেও নধৰে
জিলিকি থাকিব প্ৰাণত।
—
এজাৰৰ ডালতে অ’ কপৌফুল
কিয়নো তই ফুলিলি
আমৰে ডালতে অ’ কুলিটি
কিয়নো তই মাতিলি
আমাৰনো মন আমাৰনো মন
বলিয়া কৰি ।
—
পেঁপাটি বজাবৰ তিনিটি আঙুলি
মাজৰটি আঙুলি ল’ৰে,
বহোঁ তাঁতৰ পাটত চকু আলিবাটত
মাকো সৰি সৰি পৰে।
—
ম’হ মেলি গুৱালটি চাপৰি পালেগৈ
বাটত চিঙি খালে জৰা,
পাছৰটি গুৱালে উকিটি মাৰিলে
যঁতৰৰ নুঘূৰে শ’লা।
—
ৰিবৰিব কৰি বতাহজাকি বলিলে
চোতালৰ উৰুৱাই ধূলি,
শহুৰৰ পদূলিত তিনিপাক মাৰিলো
ম’তা ম’হ হেৰালে বুলি ।
—
ম’হতকৈ মোহনী নাই সমনীয়া
ম’হতকৈ মোহনী নাই,
তাতোকৈ মোহনী শহুৰৰ জীয়েক ঐ
নেদেখিলে তৰণি নাই।
—
মতা ম’হৰ বেজাৰত মাইকী ম’হ বিকিলো
কঁৰীয়া তুলিলো চাঙত,
তোমাৰে বেজাৰত ঘৰ-বাৰী এৰিলোঁ
সোমাওঁগৈ কোম্পানীৰ কামত।
—
ম’হে চাই কিনিবা টাকুৰী শিঙিয়া
যুঁজলৈ নকৰে ভয়,
ছোৱালী আনিবা মাগুৰ বৰণীয়া
কামলৈ নকৰে ভয়।
—
কাঁহৰে বাটিতে মাটি মাহ তিয়ালোঁ
উফন্দি এবাটি হ’ল,
গাঁৱৰ ডেকা মখাক খাবলৈ মাতিলোঁ
আটাইবোৰ জহনিত গ’ল ।
—
হাতী বুঢ়া হ’ল মাউতৰ দুখতে
গৰু বুঢ়া হ’ল হালত,
তুমি বুঢ়ী হ’লা মাৰাৰ ঘৰতে
নিদিলে যৌৱনৰ কালত।
—
পানীত জিকে মিকে পানীৰে পৰুৱা
ফুলৰ জিকে মিকে পাহি,
চেনাই জিকে মিকে চিকুনকৈ দেহাটি
মুখতো নুগুছে হাঁহি।
—
তোৰে মান চাতৰী নাই অ’ লাহৰী
তোৰে মান চাতৰী নাই,
মোলৈ আহিম বুলি চলনা কৰিলি
জেপৰ খিলি তামোল খায়।
—
ঘৰতো নবহে মনে মোৰ চেনাই ঐ
পথাৰতো নবহে মন,
শিমলু তুলা বোৰ যেনেকৈ উৰিছে
সেইদৰে উৰিছে মন।
—
ধানে দায়ে গ’লোঁ পাছলৈ নাচালোঁ
থাকি গ’ল চেনেহী থোক,
লুইতে যি দৰে এসুঁতি এৰিলে
সেইদৰেই এৰিলি মোক।
—
আহোঁতে দেখো ধন যাওঁতে দেখো ধন
বগী জামুকৰে পুলি,
খোৱাৰো নহ’লি পিন্ধাৰো নহ’লি
চকুৰে পোৰণি হ’লি।
—
হাতী হেৰুৱালো লিহিৰি বনতে
ঘোঁৰা হেৰুৱালো ৰণত
পাইয়ো হেৰুৱালো সৰগৰ মুকুতা
চোতালৰ দুবৰি বনত।
—
সোৱণশিৰিৰ পাৰলৈ গৈছিলো লাহৰী
সোণ কমাওঁগৈ বুলি,
নিৰাশ মনেৰে উভতি আহিলোঁ
হাতত লৈ এমুঠি বালি।
—
ফেঁচাই কুৰুলিয়াই ৰাতিকে নুপুৱাই
কপৌ কুৰুলিয়াই ডালত,
মোৰ ধনে কুৰুলিয়াই পদূলি মুখত ৰৈ
ঘনে পৰি থাকে মনত।
—
(লেখিকা ঃ শিক্ষয়িত্ৰী, মধ্য চামপৰা মধ্য ইংৰাজী বিদ্যালয়, ঘিলামৰা)