পাপৰি গগৈ
বসন্ত আমাৰ সকলোৰে প্ৰিয় ঋতু। বসন্ত উৎসৱৰ বতাহে আমাৰ সকলোৰে মনত একেই প্ৰাণ চঞ্চলতা কঢ়িয়াই আনে। এক মুহূৰ্ত্তৰ বাবে এনেকুৱা এটা ক্ষণত আমি সকলো পাহৰি প্ৰকৃতিৰ বন্দনাত মুখৰিত হৈ পৰো, উৎসৱৰ আনন্দত মতলীয়া হওঁ। সপোন দেখো – ব’হাগে যেন আহি শান্তিৰ বাৰমাহী গীত জোৰকহি –
“বসন্ত মিলিল আৰাৱে
কোকিল বহয় মলয় বাও
ভ্ৰমৰ গুঞ্জৰী চিত্ত চোৰ কৰি ..”
…..
বসন্ত আহে – বসন্তৰ পৃথিৱীৰ সৈতে পুৰণি প্ৰেম। পৃথিৱী ৰুক্ষ হ’লেও, পৃথিৱীৰ ছাল শোটোৰা শোটোৰ হ’লেও পৃথিৱীৰ সৌন্দৰ্যই মেলানি মাগিলেও পৃথিৱী বসন্তৰ পুৰণি প্ৰেমিকা। আগলি কলাপাতৰ ৰং দেখি, নাহৰৰ ৰঙচুৱা কুঁহিপাত দেখি, আমৰ ফেহুঁৰূপী মল দেখি, এটা ভাটৌ আকাশেদি উৰি যোৱা দেখি, এটা কুলিয়ে ক’ৰবাৰ পৰা ৰিঙিয়াই মতা শুনি বসন্ত আহে। কিজানিবা পৃথিৱীয়ে আকৌ আবেগত উতলা হৈ বসন্তক মৰমেৰে আলিংগন কৰেই। ফাগুণৰ পছোৱা বতাহজাকত বসন্তৰ আগমনৰ বতৰা। যাৰ পৰশত প্ৰতিজন ডেকা-গাভৰুৰ হিয়াত হিল্লোল উঠে পীৰিতিৰ এক অবুজ আহ্লাদৰ আৰু সিৰাই সিৰাই প্ৰবাহিত হয় এক অনাবিল লহৰৰ।
ফাগুণে উপহাৰ দিয়া প্ৰাকৃতিক সৌন্দৰ্যৰে আমি জীৱনক অৰ্থময় কৰিব খোঁজো। ফুলৰ বৰ্ণাঢ্য বৰণ, অজস্ৰ শিমলু ফুলৰ ৰং ৰূপৰ বিশালতাৰে বসন্ত আহে। তাঁতৰ পাতত বহি, ঢোলৰ বৰতি টানি সাজু হৈ উঠো আমি – বসন্তক আদৰিবলৈ। সেমেকা শীতে শাঁত কৰি ৰখা হৃদয়ত প্ৰেমৰ উত্তাপ জাগে। কুঁহিপাতৰ কোমলতাই হৃদয় স্পৰ্শ কৰে। ডালে-পাতে মেলা কোমল কুঁহিপাতে প্ৰকৃতিক ন ৰূপ দিয়ে। উন্মনা ফাগুণে প্ৰকৃতিক উতলা কৰি তোলে। মুকলি পথাৰত অথবা নদীৰ পাৰত শিমলু গছৰ কমোৱা তুলাই ধেমালি আৰম্ভ কৰে। প্ৰকৃতিৰ সৈতে মানুহৰ মিলন ঘটায়, ইয়াৰ পৰাই আৰম্ভ হয় সৃষ্টিৰ পাতনি। প্ৰেম, আনন্দ. ৰং-ৰহইচৰ নতুন অনুভূতিয়ে ল’ৰাৰ পৰা বুঢ়ালৈকে প্ৰত্যেকজনৰ চিত্তত বন্যাৰ কল্লোল তুলিবলৈ আৰম্ভ কৰে। চ’ত মাহৰ আদিৰ পৰাই যাৰ মূৰ্ত প্ৰতিধ্বনি ঘটে ঢোলৰ চাপৰ শুনি, গচকত যঁতৰ ভাঙি এইফাঁকি বিহুগীতত –
আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ
ঢোলৰ মাতে শুনি ৰবকে নোৱাৰো
গচকত ভাঙি যাওঁ যঁতৰ।
বসন্ত ঋতুৰ পৰশত প্ৰকৃতি হৈ পৰে ন-কইনা। জান-জুৰি, নদ-নদীৰ কুলু কুলু ধ্বনি, কুলি-কেতেকীৰ সুৱদী মাতে প্ৰকৃতি ৰাণীক শেতেলীৰ পৰা জগায়। বসন্ত ঋতুৰ নিসৰ্গৰাণী হৈ পৰে অলৌকিক, অপূৰ্ব সৌন্দৰ্যৰ লাহৰী ললনা। অজান আহ্লাদত এনেকৈয়ে অসমীয়াৰ জাতীয় জীৱনৰ সবাতোকৈ প্ৰাণময় ৰং-ৰহইচৰ উৎসৱ, হিয়াৰ আমঠু ব’হাগ বিহু আহি অসমীয়াৰ হেঁপাহৰ চোতালত খোজ পেলায়হি।
উৰুৱা ফাগুণৰ সুৰুঙাৰে চ’তৰ বোকোচাত উঠি, চাওঁতে চাওঁতে ব’হাগ আকৌ পালেহি। ব’হাগক আদৰিবলৈ বছৰটো ৰৈ থাকে। ব’হাগ আহিছে। ব’হাগে আনিছে মন আৰু শৰীৰৰ মাজলৈ এটা অজান শিহৰণ আৰু অনুভৱ। এই অনুভূতিয়ে জগাই তোলে প্ৰেম, ভালপোৱা, শুভকামনা আৰু সম্প্ৰীতিৰ মানৱীয় হেঁপাহ। মানুহে মানুহক, মানুহে পৃথিৱীক আৰু মানুহে প্ৰকৃতিক এই হৃদয়বৃত্তিৰে সদায় ওচৰ চপাই ৰাখিব লাগিব। অন্তৰৰ এই কামনাকে লৈ আমি উছৱৰ মেলা পাতোঁ, প্ৰকৃতিৰ বুকুৰ মাজলৈ লৱৰি যাওঁ আৰু জীৱনক উপলব্ধি কৰোঁ। আমি যেন কেৱল প্ৰেমেৰেই জগতখন বান্ধি ৰাখিব পাৰোঁ। ব’হাগ আহক, প্ৰেমৰ ব’হাগ হওঁক আৰু সেই প্ৰেমে সকলো মানুহ আৰু বিশ্ব প্ৰকৃতিক একেডাল সূতাৰে অজৰ-অমৰ কৰি বান্ধি ৰাখক। ব’হাগ হওঁক প্ৰেম, আৰ্শীবাদ, প্ৰত্যাশা আৰু হাঁহি-কান্দোনেৰে সিক্ত আমাৰ বুকুৰ ব’হাগ। ৰঙালী বিহুক বতৰেহে সুৱাগুৰি তুলি আদৰি আনে।
হিয়া আকুহি দিয়া মাতেৰে প্ৰেমৰ কটকী কুলিজনীয়ে গছৰ কুঁহিপাতক কাণে কাণে কয় – বসন্তক কোনে আনে -?? গছে-বনে কয় – কুলিয়ে আনে। কুলিয়ে কৈ উঠে, – নহয় নহয়, গছৰ কুঁহিপাতে। বসন্তই হাঁহি হাঁহি কয় – দুয়োজনে দুয়োজনে।
প্ৰকৃতিৰ অনবদ্য উপহাৰস্বৰূপ বসন্ত ঋতুৰ পৰশত প্ৰাণ পাই উঠা এই বিহু উৎসৱ কালক্ৰমত হৈ পৰিল সমগ্ৰ অসমীয়া জাতিটোৰ প্ৰাণস্বৰূপ জাতীয় কৃষ্টি তথা জাতীয় উৎসৱৰ প্ৰতিকৃতি। বিহু উৎপত্তিৰ আদি হৈছে বসন্ত। যি মূলতঃ কৃষিভিত্তিক উৎসৱ।
যিয়েই নহওঁক, ডেকা-গাভৰুৰ যৌন-মিলন, প্ৰেম-বিৰহ, হ্ৰাদ-পীড়া, আবেগ-অনুভূতিৰ ইননি-বিননি আদি অতি নিবিড়ভাৱে অন্তনিৰ্হিত হৈ থকা ৰঙালী বা ব’হাগ বিহুৱেই হৈছে অসমীয়া জাতিৰ সবাতোকৈ প্ৰাণময় ৰং-ৰহইচৰ উৎসৱ।
(লেখিকা ঃ কবি আৰু সুলেখিকা, মিলন নগৰ, ঘিলামৰা)