হিৰণ্ময়ী ভৰালী
পলাশৰ সাজ সলাই সেউজীয়া চাদৰ মেৰিয়াই ব’হাগে হঁহাৰ পৰতেই আকাশত মেঘে ধেমালি কৰিছে। ডাৱৰৰ অভিমানবোৰ বৰষুণ হৈ সৰিছে। নাহৰৰ কুঁহিপাতবোৰ জিৰ-জিৰ বতাহত কঁপিব ধৰিছে। টেঙা ফুলৰ গোন্ধ এটা নাকত লাগিছে। সেয়া ব’হাগ আহিছে। কপৌ, কেতেকী, নাহৰ, তগৰে গোটেইখন আমোলমোলাই আছে। সেয়া আৰু ক’ব লাগিছেনে? পিছে এইবেলি মোৰহে মনটো উৰুঙা-উৰুঙা লাগিছে। আপোন গাঁওখনলৈ ঘনে ঘনে মনত পৰিছে। মনৰ আৱেগ-অনুভূতি বোৰ প্ৰকাশ কৰিবলৈ ভাষা হেৰাইছে। তথাপি ব’হাগ বিহুৰ অনুভূতি প্ৰতিজন অসমীয়াৰ তেজে-তেজে, সিৰাই-সিৰাই বিয়পি আছে।
আচলতে এইবেলি ঘৰলৈ মনত পৰিছে বুলি কোৱা কথাষাৰৰ অৰ্থ হ’ল মানে ১০০০ গৰাকী যুৱতী এইবাৰ অসমৰ আকাশৰ তলত নাই। এটা বিশেষ কাৰণত (প্ৰশিক্ষণ) আমি আছোহি কৰ্নাটকত। সেয়া কথা এতিয়া বাৰু থাকক। এক দীঘলীয়া অভিজ্ঞতা। প্ৰকাশ কৰিবলৈ গ’লে আচল বিষয়ৰ পৰা ফালৰি কাটি কোনোবাখিনিহে পামগৈ। কিন্তু মনত যি অনুভৱে উকমুকাই আছে সেয়া প্ৰকাশ কৰিবলৈ যাওঁতেই এইখিনি কথাত আঁচোৰ এটা মাৰি যাব লগা হ’ল।
বাৰু যি কি নহওঁক এইখিনিতে অসমৰ বাহিৰত থকা যুৱক-যুৱতীসকললৈ জাতীৰ আয়ুসৰেখা ব’হাগ বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আজি দেখোন বেজাৰ এটিয়ে বুকুখনত চেপি-খুন্দি ধৰিছে। আপোন ঘৰখনৰ প্ৰতিটো চুক-কোণলৈ মনত পৰিছে। লগৰীয়া নাচনী কেইজনীক ছাগে এতিয়া বৰ ধুনীয়া লাগিছে। ঢুলীয়া, তালিয়া ককাইহঁতৰ গাত ততেই নোহোৱা হৈছে। ৰাতি বিহু কৰিবলৈ গৈ ৰাতিপুৱালৈকে নহা ককাইদেউহঁতক নবৌহঁতে গালি পাৰিছে। জা-জলপান, পিঠা-পনাৰ কথা নক’লেও হ’ব। মাক বা কোনে সহায় কৰিছে? “ঢেকী দিয়াৰ পৰা ঘৰ চাফা কৰা, ঘৰ মচা, পিঠা বনোৱা, জেতুকা পিচা, নাহৰৰ পাতত মন্ত্ৰ লিখা, এশ এবিধ শাক বুটলি অনা, গধূলি জাক দিয়া, হুঁচৰিজোৰা আহিলে আদৰা নিজৰ চোতালখনত মন খুলি নচা, শৰাই আগবঢ়াই ককাইহঁতৰ পৰা আশীৰ্বাদ লোৱা” এই আটাইবোৰ স্মৃতিয়ে বাৰুকৈয়ে কন্দুৱাইছে।
আদৰৰ কৃষ্টিভৱনটোৰ সন্মুখত বিহু উপভোগ কৰিবৰ বাবে আবেলিতে গৈ বহি থকাৰ ভিতৰত এগৰাকী আছিলো মই। প্ৰথমৰ পৰা শেষলৈকে বিহু চাই অহা মধুৰ দিনকেইটালৈ মনত পৰি বুকুখন অলপ বিষাইছে। আচলতে এইখিনি কথা প্ৰকাশ কৰিব লগীয়াকৈ বিশেষ একো নাই। ব’হাগ আমাৰ পৰিচয়। ব’হাগ আমাৰ হিয়াৰ আমঠু। ব’হাগে সদায়ে নতুন উদ্যম, প্ৰেৰণা, শক্তি কঢ়িয়াই আনে। জাতিৰ আয়ুসৰেখা ব’হাগ বিহুৰ কথা দুখিলামান কাগজতে লিখি বা কৈ শেষ নহয়। তথাপি আপোন মানুহখিনিৰ বাবে মোৰ মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিলোঁ।
শেষত প্ৰতিজন অসমীয়ালৈ বাপতিসাহোন চেনেহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ। ব’হাগে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ সুখ-শান্তি আৰু ন-উদ্যম। এফাঁকি বিহুগীতেৰে মোৰ সৰু অনুভৱৰ টোপোলাটি সামৰিব বিচাৰিছোঁ।
“দেহি ঐ বসন্ত আহিলে
কুলিয়ে মাতিলে
ঐ গছে বনে সলালে ঐ পাত।
বিহুৰে তলিতে ঢোল-পেঁপা
বাজিলে ঐ
ঐ বিহু বিহু লাগিছে গাত।”
(লেখিকা ঃ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী, নৰ্থ বেংক কলেজ, ঘিলামৰা)