সংগীতা বৰা ভঁৰালী
ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে ৰুক্ষ প্ৰকৃতিয়ে ফাগুনী সাজ সলাই ন-সাজ পৰিধান কৰে। এই সময়খিনি প্ৰতিজন মানুহৰে প্ৰিয় হয়। চাৰিওফালে সুকোমল, সেউজীয়া, অনিন্দ্যসুন্দৰ পৰিৱেশ; মুকুতা হেন ন-বৰষুণজাকৰ লাহি পৰশত একলা-দুকলাকৈ পোখা মেলা লিহিৰি সেউজী পাতবোৰে মন-মগজু আন্দোলিত কৰি তোলে। কুঞ্জে কুঞ্জে প্ৰস্ফুটিত হোৱা বৰ্ণিল ফুলবোৰে কুঞ্জকুটীৰৰ সৃষ্টি কৰি সুগন্ধি-সুষমা প্ৰকৃতিত তোলে অমিয়া ঢৌ। সেয়েতো বিনন্দীয়া বসন্ত সদায়ে বৈভৱৰ।
বসন্ত কালত ফুলৰ গুৰুত্ব বেছি। বসন্তকালীন ফুলবোৰ ফুলি চৌপাশে সুন্দৰৰ মেলা পাতে। এই সময়ছোৱাত ফুলা ফুলৰ কথা ক’বলৈ যাওঁতে ৰূপহী অৰ্কিডসমূহৰ কথাই প্ৰথমে মনলৈ আহে। আমাৰ উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ধৰণৰ অৰ্কিডেৰে ভৰি আছে। নিজস্ব সৌন্দৰ্য আৰু মন-প্ৰাণ হৰা আকৰ্ষণৰ সৈতে অৰ্কিডক প্ৰকৃতিৰ অন্যতম সুন্দৰ সৃষ্টি বুলি গণ্য কৰা হৈছে। বহু কাল জুৰি অৰ্কিডে মানুহক মোহিত কৰি অহাৰ লগতে মানুহৰ দ্বাৰা সংগৃহীত আৰু সংৰক্ষিত হৈ আহিছে।
সাধাৰণতে ভবাতকৈ অৰ্কিডৰ পৃথিৱীখন বহু বেছি বিশাল। আমি সেই বিশাল পৃথিৱীখনৰ গভীৰতালৈ নগৈ আমাৰ কাষতে পোৱা কিছু সহজলভ্য অৰ্কিড, যেনে — কপৌ ,ভাটৌ, শালিকী, মেকুৰী খুজীয়া ভাটৌ আদি বিভিন্ন ধৰণৰ অৰ্কিডসমূহ সংগ্ৰহ কৰি আমি নিজৰ ঘৰখন শুৱনি কৰিব পাৰোঁ। অৰ্কিডসমূহ সাধাৰণতে বৰ্ষাৰণ্যৰ মাজত বা গছৰ ডালত বহি আৰ্দ্ৰ বতাহৰ পৰা আৰ্দ্ৰতা শোষণ কৰি ডাল-পাতৰ মাজেৰে সৰকি অহা কোমল সূৰ্যৰ পোহৰৰ মাজত থাকিবলৈ ভালপায়। এনে পৰিৱেশ অৰ্কিডৰ বাবে উপযুক্ত যদিও আমি অৰ্কিডৰ প্ৰেমত পৰি নিজৰ ঘৰ তথা বাগিচা শুৱনি কৰিবলৈ অৰণ্যৰ পৰা আনি ঘৰত ৰোওঁহি। তেতিয়া আমি অৰ্কিডৰ বাবে আদৰ্শ পৰিৱেশ সৃষ্টি কৰাটোত গুৰুত্ব দিব লাগিব। ঘৰ বা বাগিচাত অৰ্কিড ৰোৱাৰ সময়ত ইহঁতৰ থলুৱা বাসস্থানৰ বিষয়ে অধ্যয়ন কৰি লোৱাটো অতি জৰুৰী। পৰ্যাপ্ত পোহৰ, উষ্ণতা, আৰ্দ্ৰতা আৰু বায়ু প্ৰবাহ অৰ্কিড গছৰ স্বাস্থ্য আৰু শক্তি নিশ্চিত কৰাৰ মূল কাৰক। বেছিভাগ অৰ্কিডে উজ্জ্বল কিন্তু পৰোক্ষ পোহৰ পছন্দ কৰে; যদিও প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দিষ্ট পোহৰৰ প্ৰয়োজনীয়তা ভিন্ন হ’ব পাৰে। আমি ঘৰত অৰ্কিড ৰোওঁতে উপযুক্ত বৃদ্ধিৰ মাধ্যম নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয়, কিয়নো ই শিপাৰ সুস্থ বিকাশৰ বাবে প্ৰয়োজনীয় সমৰ্থন আৰু বায়ুমণ্ডল প্ৰদান কৰে। অৰ্কিডৰ বাবে ভালদৰে পানী নিষ্কাষণ কৰা,বায়ুমণ্ডলীয় মাধ্যম যেনে নাৰিকলৰ মোটা বাকলি, পাৰ্লাইট আৰু কয়লাৰে গঠিত বিশেষ মিশ্ৰণ থকাটো বাঞ্ছনীয়। ঘন মাটিৰ বা পৰম্পৰাগত পাত্ৰৰ মিশ্ৰণ এৰাই চলাটো অতি গুৰুত্বপূৰ্ণ; কিয়নো ই অতিৰিক্ত আৰ্দ্ৰতা ধৰি ৰাখিব পাৰে, ফলত অৰ্কিডৰ শিপা পচিব পাৰে। অৰ্কিড পাত্ৰত ভৰাই ৰাখোতে পানী জমা অৱস্থা ৰোধ কৰিবলৈ যথেষ্ট পৰিমাণে নিষ্কাষণ ফুটা থকা পাত্ৰ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। বহুতো অৰ্কিড গছ বা অন্য পৃষ্ঠত সংলগ্ন হৈ স্বাভাৱিকতে গজে। গতিকে শিপালৈ পৰ্যাপ্ত বায়ু প্ৰবাহৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয়। স্বচ্ছ পাত্ৰত অৰ্কিড ৰখাৰ ফলত শিপাৰ স্বাস্থ্য আৰু আৰ্দ্ৰতাৰ মাত্ৰা সহজে নিৰীক্ষণ কৰিব পৰা যায়।
সঠিকভাবে পানী দিয়াটোৱেই হয়তো অৰ্কিডৰ যত্নৰ আটাইতকৈ জটিল দিশ;কিয়নো অতিৰিক্ত পানীয়ে উদ্ভিদৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে । সাধাৰণ নিয়ম অনুসৰি অৰ্কিডক প্ৰতি ৭-১০ দিনৰ মূৰে মূৰে পানী দিলে ভাল আৰু সেই পানী ৰাতিপুৱা দিব লাগে। ৰাতি বা সন্ধ্যাৰ আগে আগে পানী দিলে পাত্ৰটোত পানী ৰৈ গৈ পিছত অৰ্কিডজোপাত ভেকুৰৰ সৃষ্টি হ’ব পাৰে।
অৰ্কিডৰ চালে চকুৰোৱা সৌন্দৰ্য, ৰং, আকৃতি আৰু আকাৰৰ বৈচিত্ৰ্যৰ বাবে ই বিশ্বজুৰি জনপ্ৰিয়। অৰ্কিডৰ সৌন্দৰ্যই মোহিত কৰিব নোৱৰা ব্যক্তি হয়তো খুব কমহে পোৱা যাব। ইয়াৰ মিঠা কোমল সুবাসে বসন্তৰ সময়খিনিক ৰাগি লগা কৰি তোলে। সময়ৰ লগে লগে বা চ’ছিয়েল মিডিয়াৰ প্ৰভাৱৰ বাবেই হওক আজিকালি প্ৰায় সকলোৱেই নিজৰ ঘৰখন অৰ্কিডৰ সৌন্দৰ্যৰে ভৰাই তুলিব বিচাৰে। বিভিন্ন ফুলৰ সজ্জাত, সজ্জাগত উদ্ভিদ হিচাপে, বিভিন্ন অনুষ্ঠানৰ উপহাৰ হিচাপেও প্ৰায়ে আমি অৰ্কিডৰ ব্যৱহাৰ কৰোঁ। যাৰ কাৰণে অৰ্কিডৰ ব্যৱসায়িক দিশটো চকুত লগা হৈ পৰিছে। অৰ্কিডৰ বজাৰখন অতি বৈচিত্ৰপূৰ্ণ আৰু গতিশীল। বহুতো দেশত বাণিজ্যিকভাৱে অৰ্কিডৰ খেতি কৰা হয়। দক্ষিণ-পূব এছিয়া,মধ্য আৰু দক্ষিণ আমেৰিকাত আৰু ইউৰোপৰ কিছুমান অঞ্চলত অৰ্কিডৰ উল্লেখযোগ্য উৎপাদন কেন্দ্ৰ আছে।
আমাৰ আশে-পাশেও অৰ্কিডৰ এখন খুচুৰা বজাৰ আমি দেখিবলৈ পাওঁ। ফুল বিক্ৰেতা, বাগিচা কেন্দ্ৰ, অনলাইন প্লেটফৰ্মকে ধৰি বিভিন্ন মাধ্যমেৰে আজিকালি অৰ্কিড বিক্ৰী কৰা হয়। অৰ্কিডৰ প্ৰকৃতি আৰু অনুভূত মূল্যৰ বাবে ইয়াৰ মূল্য (দাম) আন ফুলতকৈ বেছি হয় যদিও এই বিশেষ বজাৰসমূহে অৰ্কিডৰ অনন্য আৰু বিৰল নমুনাৰ বাবে প্ৰয়োজনীয় মূল্য দিবলৈ কুণ্ঠাবোধ নকৰা অৰ্কিড অনুৰাগীক সেয়া যোগান ধৰি আহিছে। চ’ছিয়েল মিডিয়াৰ জৰিয়তে বহুতো ক্ষুদ্ৰ ব্যৱসায়ীয়ে অৰ্কিড ব্যৱসায়ৰ জৰিয়তে নিজৰ স্বাৱলম্বিতাৰ পথ বাচি উলিওৱা আমি নিজেই প্ৰত্যক্ষ কৰিছোঁ।
প্ৰকৃতিৰ অনুপম সৃষ্টিৰ মাজৰ অন্যতম এই অৰ্কিডসমূহে আমাৰ চৌপাশ, মন-সকলো ধুনীয়া কৰি ৰাখে। বসন্তৰ সময়খিনিত চাৰিওফালে ফুলি থকা অৰ্কিডৰ উজ্জ্বল, মিঠা, কোমল সুৱাসে মন প্ৰাণ হৰি নিয়ে। গতিকে একে আষাৰে ক’ব পাৰি যে অৰ্কিড বাসন্তী ব’হাগৰে নহয়; ই এক চিৰযুগমীয়া আলফুল হেঁপাহ। শীতে দহি থৈ যোৱা প্ৰকৃতিৰ মাজলৈ আহি ব’হাগী আনন্দত সোণত সুৱগা চৰালেও ইয়াৰ আবেদন অকল বাসন্তী ব’হাগতে সীমাবদ্ধ নহয়। এইখিনিতেই অন্যান্য বসন্তকালীন ফুলৰ লগত অৰ্কিডৰ পাৰ্থক্য।
(লেখিকা ঃ এগৰাকী উদ্যোগী মহিলা, ঘিলামৰা)