লুইত কিৰণ দাস

শিক্ষা আৰু কৰ্মসূত্ৰে ঘৰৰপৰা বাহিৰলৈ অহা দশক হ’ল। অৱশ্যে বিহুৱে-সংক্ৰান্তিয়ে ঘৰলৈ গৈ থকা হয়। যোৱা হয় মানে গৈ পাই বিহুটো, ৰাসখন চাওঁ আৰু আকৌ ঘূৰি আহোঁ দুদিন সময় দিবলৈ আহৰি নিমিলে য’ত আমাৰ ঘৰ- পিছপৰা । এতিয়া ৰাস্তা-ঘাট ভাল হৈছে। দুই-এখন ভাল দোকান বহিছে। শিক্ষাৰ ক্ষেত্ৰটো অঞ্চলটো আগবাঢ়িছে। এতিয়া চহৰত থাকোঁ। সেইবাবে কিজানি পুৰণি সময়বোৰ পাগুলি ভাল লাগে।
বয়স প্ৰায় সাত-আঠমান হৈ থাকোঁতে টুনি নৈখন আছিল ভৰপূৰ। পানীৰে ওফন্দি থাকে। খৰালি বালিৰ চিকমিকনি, মোৱা মাছৰ ধেমালি- এই আটাইবোৰ কথা এতিয়া স্মৃতি। তেতিয়া পিছে গাঁৱৰ ৰাস্তা পকী হোৱা নাছিল। পোন্ধৰ চন মানত আমাৰ গাঁৱৰ ৰাস্তাৰ কাম আৰম্ভ হৈছে। তাৰ আগলৈকে এজাক বৰষুণতে গাঁৱৰ ৰাস্তাত বোকা উঠিছিল। আমি ¦³¨ললৈ যাওঁতে পেণ্ট কোছাই গৈছিলোঁ। কেইবাদিনো আলটিয়া বোকাত পিছল খাই ঘৰলৈ ঘূৰি আহিছোঁ। সকলোবোৰ স্মৃতি..তিতা, আকৌ ব’হাগৰ কথাকেই কওঁ। অসমীয়া সমাজখনৰ প্ৰাণটো যে বিহুত লুকাই থাকে সেই কথা তেতিয়া উপলব্ধি নকৰিলেও এতিয়া স্মৃতি সুঁৱৰি কৰিছোঁ। গাঁওখন অৰ্থনৈতিকভাৱে পিছপৰা আছিল। প্ৰায়খিনি মানুহেই দৈনিক হাজিৰা কৰে, মাছ মাৰে, শিক্ষিত দুই-এজনে দূৰৈত চাইকেল মাৰি টিউচন কৰে, দুই-এজনে যোৰহাটত থাকি বিভিন্ন ব্যৱসায় কৰে। চৰকাৰী চাকৰি মাত্ৰ চাৰিঘৰ। ব’হাগৰ উৰুকাৰ গধূলি গাঁৱত এটা উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছিল। এঘৰত বোলে মাখিয়তী গছ আছে, আন এঘৰত দিঘলতী। কোনোবা ঘৰত জাতিলাও নাই, “আহ ঐ, লৈ যাহি… ।” গৰু প্ৰতিটো পৰিয়ালতে আছিল। এনে লাগিছিল যেন পিছদিনা পুৱালৈ টুনি নৈখনে বাট চাই আছিল। টুনিৰ বুকুখন গাভৰু হ’ব। জাক জাক গৰুৱে গা ধুব। ডেকা ল’ৰাবোৰে গৰু গা ধুৱাই ভৰ নৈখনত জপিয়াই পৰিব। গাভৰুবোৰে চালনিত থকা লাও, বেঙেনা, কেৰেলা ডেকাবোৰৰ গালৈ দলিয়াব। তাৰ মাজৰ কোনোবা এজন প্ৰেমিকে পকেটতে লৈ যোৱা বেণী এডাল, পকেট পাৰফিউম (গোন্ধোৱা পেকেট) এটা গুজি দিব। নৈখন তাৰ সাক্ষী হৈ থাকিব…। গৈ থৈ পিছদিনা সেয়াই হয়গৈ। বছৰেকৰ এটা দিন গাঁৱৰ সকলোৱে নৈখনক দিয়ে, গৰুকেইটাক দিয়ে।
গাঁৱৰ পিছফালে এখন অটব্য হাবি আছে। এতিয়া তাত গছ সেৰেঙা। আগতে অকলে মানুহ সোমাবলৈকে ভয় কৰিছিল। গৰু বিহুৰ দিনা গীৱৰ ডেকাই হাৰিত সোমাই জমলাখুটি, নাহৰৰ পাত, বেলৰ শিপা, টিকণিবৰুৱা আনিবলৈ যায়। আমাৰ দেউতাও যায়। আনি ঘৰৰ দুৱাৰৰ ওপৰত লগাইহি। নাহৰ পাতত মন্ত্ৰ লিখি দুৱাৰৰ কোণত আঁৰি থয়। অৱশ্যে এনে পৰম্পৰাসমূহ এতিয়াও নথকা নহয়। এনেবোৰ পৰম্পৰাই মানুহখিনিক বান্ধি ৰাখে। আহুতলিৰ পথাৰত এডাল ভাঙৰ ডালি দুডাল কৰি দুঘৰে আলিত গুজি দিয়ে। এইখিনিতেই একতা।
লক্ষ্মীনন্দন বৰাৰ ‘সখা দামোদৰ’ গল্পটোলৈ গৰু বিহুৰ দিনা মোৰ মনত পৰে। ক্লাছ এইটত থাকোঁতে এই গল্পটো পঢ়ি মই অকলে উচুপি আছিলোঁ। এনে এখন ছবি এতিয়াও নেদেখা নহয়। মূল্যবৃদ্ধি, বানপানী, যন্ত্ৰ প্ৰৱেশ আদি বিভিন্ন কাৰণত গাঁৱৰ বহু মানুহে গৰুবোৰ বিক্ৰী কৰি দিলে। এতিয়া পাৱাৰ টিলাৰ, Îট্ৰক্টৰৰ দিন। সময় বাচি যায়। কিন্তু সেই শেষ নিশাৰ গৰুৰ গেঙনি, হালোৱাৰ চিঞৰ শুনিবলৈ নোপোৱা হোৱা বহুবছৰ হ’ল। এটা থাকিলে এটা নাথাকে। সময়ৰ লগত মিলি যাবলগীয়া হয়। অৱশ্যে গাঁৱত এতিয়াও হালবোৱা মানুহ আছে। হাল বাই পৰিয়াল পুহি থকা মানুহো আছে।
গৰু বিহুৰ গধূলি আগফালৰ পথাৰখনত জাক জাক ল’ৰা-ছোৱালীয়ে খৰাহী লৈ মানিমুনি, মাটিকান্দুৰি, দোৰোণ, জিলমিল শাক বুটলি ফুৰা ছবিখন স্পষ্টকৈ মনত আছে। পথাৰত দৌৰাই দৌৰাই গৰুৰ গাত মাখিয়তী মৰা, দীঘল দীঘলকৈ জয়ধবনি দিয়া- মনত পৰিছে। সোঁৱৰণিৰ বাহিৰে এতিয়া তাত একো নাই। সলনি হৈছে। কিছু কিছু এতিয়াও ৰৈ আছে। গৰুবিহুৰ গধূলি গাঁৱৰ পদূলিবোৰত এতিয়াও তুঁহ জুই ধোঁৱাই থাকে।
সলনি হৈছে যদি হুঁচৰি সংস্কৃতিৰ কিছু হৈছে। আগতে হুঁচৰি বুলি ক’লে কোনোধৰণৰ দাবী নাছিল। ধনী-দুখীয়া যিয়ে যিমান পাৰে দিছিল। আজিকালি সেইখিনি দাবীলৈ ৰূপান্তৰ হৈছে। বৰ বেছিদিনি হোৱা নাই অৱশ্যে। হুঁচৰি সংস্কৃতিটো এতিয়া মধ্যবিত্ত আৰু অভিজাত শ্ৰেণীৰ ওচৰলৈ গৈ আছে। যিসকল নিম্ন মধ্যবিত্তই লোককথাৰে এই পৰম্পৰাক ধৰি ৰাখিছিল তেওঁলোকক ওফৰাই আন এটা শ্ৰেণীলৈ হুঁচৰিক লৈ গৈছে। দেখি থাকোঁতেই।
গাঁওখন, টুনি নৈখন আৰু বহাগ..অলেখ স্মৃতিৰে ভৰপূৰ হৈ আছে মণিকোঠা। কৈ, লিখি শেষ কৰিব নোৱাৰি। এইবেলিও গুৱাহাটীৰ পৰা বাছেৰে আহি থাকোঁতে ভাবি আহিছোঁ। ঘৰত থাকিবলৈনো কেইদিন পাম! মানুহৰ বিহুৰ দিনাই উভতিব লাগিব। ৰাতি বাৰ বজালৈকে বাজি থকা ঢোলৰ শব্দ, পেঁপাৰ কিৰিলি শুনিবলৈ নাপাম। হুঁচৰি মাৰিবলৈ সন্ধিয়াই ওলাই যাবলৈ নাপাম। হুঁচৰিৰ শেষত বৰভোজ-…! হুঁচৰিৰ টকাৰে ভাওনা, ভাওনাৰ আখৰা…! ই এক সাংঘাটিক বিড়ম্বনা। চেপি ৰখা দুখ। গাঁৱৰ সহজ-সৰল মানুহখিনিয়ে ব’হাগৰ বিহুটিক সাদৰেৰে বুকুত ৰাখি থৈছে। অত পৰিৱৰ্তন হৈছে, বিহু গৈ ক’ৰবাত পাইছেগৈ। কিন্তু বহুক্ষেত্ৰত বিহুৰ মূল শিপাডাল যেন এতিয়াও গাঁওবোৰত লুকাই আছে। মানুহখিনিয়ে কষ্টেৰে ধৰি ৰাখিছে…

(লেখক ঃ সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, মিৰ্জা, কামৰূপ)