আইমণি গগৈ
প্ৰতিজন অসমীয়াৰ তেজত প্ৰৱাহিত হৈ থকা এজাক উতলা তেজৰ নাম ব’হাগ। স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণ এছাটি চিৰ নতুন আৱেগৰ নাম ব’হাগ। ব’হাগ বিহু – এই জাতীয় উৎসৱটিৰ বুকুতে অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱনৰ আটাইতকৈ বেছি সমল পোৱা যায় বাবেই বিহুক অসমীয়া লোক সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ হিচাপে গণ্য কৰা হয়। প্ৰকৃত পক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণ, পিন্ধন-উৰণ, খেতি-বাতি, খোৱা-বোৱা, চিন্তা-কল্পনা আদি এনে এটা দিশ নাই যি সমূহ বিহুৰ মাজেদি প্ৰতিফলিত হোৱা নাই। তাৰ লগে লগে বিহুৱে সামাজিক ঐক্য সম্প্ৰীতি আৰু জাতীয়তাবোধ সৃষ্টিত মহত্ত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। হেঁপাহৰ বিহুটিয়ে যি উচ্ছাস প্ৰীতি আৰু আনন্দময়তাৰ সৃষ্টি কৰে বোধকৰোঁ আন কোনো উৎসৱেই সেই সৃষ্টি কৰিব নোৱাৰে। যুগে যুগে বিহুৰ সৈতে অসমীয়া মানুহৰ এক সুগভীৰ আবেগিক সম্পৰ্ক জড়িত হৈ আহিছে। আমাৰ বিহু ভাঙোতা নাই বুলি চামে চামে ডেকা গাভৰুৱে বিহুৰ সৈতে আত্মীয়তা ঘোষণা কৰিছে। বিহু মানেই আনন্দ, উলাহ, মৰম, চেনেহ, ভাতৃত্ব, বন্ধুত্বৰ উৎস। বিহু উৎসৱে নৃত্য-গীত আৰু সামাজিক সাংস্কৃতিক পথাৰখন পোহৰাই তোলাৰ লগতে নিজস্ব স্বাভিমান আৰু জাতীয়তাবোধৰ বৈশিষ্ট্যৰে সমুজ্জল বৃহত্তৰ অসমীয়া সমাজ জীৱনক মহীয়ান কৰি তুলিছে। আচলতে বিহুৰ গাত ভেঁজা দিয়েই অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱন আগবাঢ়ি আহিছে আৰু অনাগত দিনবোৰতো আগবাঢ়ি যাব লাগিব বুলি আমি আশা কৰোঁ।
পৰিৱৰ্তিত সময় আৰু সমাজ ব্যৱস্থাৰ সৈতে খোজ মিলাই আমাৰ বুকুৰ আমঠু বিহুটিও ৰূপান্তৰ বা বিৱৰ্তনৰ পথেৰে আগুৱাই আহিল। সময় গতিশীল। এই গতিশীলতাত সমাজত ৰীতি-নীতি পৰম্পৰা জীৱন ধাৰাৰ প্ৰক্ৰিয়াৰো পৰিৱৰ্তন হয়। গতিকে সংস্কৃতিৰ পৰিৱৰ্তন হোৱাটো অনিবাৰ্য। পৰিৱৰ্তনৰ কোৱাল সোঁতত পৰি অসমীয়া বাপতিসাহোন বিহুটি আজি এক আড়ম্বৰপূৰ্ণ সুবৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। একালৰ বৰ পথাৰৰ যুৰীয়া আঁহতৰ তলৰ বিহু চোতাল গৰকি এটাসময়ত মঞ্চলৈ উঠিল। এতিয়া ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিয়পি পৰিল। এটা কথা ঠিক যে আধুনিক নগৰকেন্দ্ৰিক সংস্কৃতিৰ প্ৰভাৱে গ্ৰাম্যাঞ্চললৈ বাট পোনোৱাৰ লগে লগে বিহুৰ গাত এটাৰ পিছত আনটো আঁচোৰ পৰিবলৈ ধৰিছে। বিহুৰ নামত কিছুমান বিজাতৰীয়া অপচিন্তা আৰু অন্ধ অনুকৰনে অধিক গুৰুত্ব পাইছে। যাৰ বাবে অসমীয়া সমাজ জীৱনৰ মৰ্যাদাৰ ভেঁটিটোত কেনা লাগিবলৈ আৰম্ভ কৰিছে। আধুনিকতাৰ পোছাক পিন্ধি আজি বিহু সংস্কৃতি এনে এটা অৱস্থাত উপনীত হৈছে হি যে নৱপ্ৰজন্মৰ বাবে এটা অন্ধকাৰ ভৱিষ্যত নিশ্চিত হোৱা যেন অনুভৱ হৈছে।
অসমীয়া সংস্কৃতিৰ ভঁৰাল অতীজৰে পৰা চহকী। সেই ভঁৰালৰ পৰা মুঠি মুঠিকৈ সম্পদসমূহ বিশ্বৰ চাৰিওফালে সিঁচি দি ও শেষ কৰিব নোৱাৰি। তেনে এক মহান কামত হাত উজান দিয়া হাতৰহে আজিকালি অসমত বৰ অভাৱ। হকে বিহকে অতি নিকৃষ্ট শব্দ, বাক্য সন্নিবিষ্ট কৰি গীতিকাৰ আৰু গায়ক হ’বলৈ গৈ এচাম তথাকথিত শিল্পীয়ে অসমবাসীক অপমান কৰাৰ লগতে অসমৰ জীৱিত তথা মৃত সন্মানীয় শিল্পী সকলক দুৰ্ঘোৰ অপমান কৰিবলৈ উঠি পৰি লাগিছে। সেই সকলক উৎসাহিত কৰা অসমীয়াৰ সংখ্যাও কিন্তু নিচেই তাকৰ নহয়। বিজাতৰীয়া গান, বিজাতৰীয়া বিহু, অশ্লীল শব্দ, বাক্যই অসমৰ চাৰিওফালে অনবৰতে ৰজনজনাই থকা দৃষ্টিগোচৰ হয়। তাহানিৰ সোণৰ অসমৰ আটাইবোৰ খুঁটাই এতিয়া বৃদ্ধলোকৰ দাঁত দুপাৰিৰ দৰে লৰিবলৈ লৈছে। দাঁতবোৰ সৰি ফোঁপোলা হোৱা অসমৰ মুখখন দেখিলেহে যেন সকলোৱে শান্তি লাভ কৰিব।
এচাম নতুন প্ৰজন্মৰ গায়কে পৰম্পৰাগত বিহুগীতত আধুনিক সাংগীতিক ধাৰণা ব্যৱহাৰ কৰি এনিশাৰ ভিতৰতে জনপ্ৰিয় হোৱা সস্তীয়া প্ৰতিযোগিতাত নামি পৰিছে । বৰ্তমান যুৱক-যুৱতীসকলৰ শেহতীয়া আকৰ্ষণ হৈছে ৰিলছ বনোৱা প্ৰৱণতা। এই প্ৰৱণতাই অসমীয়া সমাজক যে এদিন বাৰুকৈয়ে ক্ষতি কৰিব সেই কথা নিশ্চিত । ছোৱালীয়েই হওক বোৱাৰীয়েই হওক সকলোৱে কেৱল কেনেকৈ ভাইৰেল হ’ব পাৰোঁ বা লাইক, কমেণ্ট কিমান গোটাব পাৰোঁ সেই প্ৰতিযোগিতাত নামি পৰিছে। যি সকলে এই কাম কৰি আছে তেওঁলোকৰ সাজপাৰ আদব-কায়দা ইমানেই নিকৃষ্ট যে ক’বলৈ ভাষাৰ অভাৱ হৈ পৰে। এনে এচাম পুৰুষ আৰু নাৰীয়ে যিমান পাৰে সিমান অৰ্ধনগ্ন হৈ আমাৰ মৰ্যাদাপূৰ্ণ বিহুনামবোৰত নৃত্য কৰি সামাজিক মাধ্যমত এৰি দিয়া দেখিবলৈ পাওঁ। এনে ধৰণৰ ভিডিঅ’বোৰে আমাৰ সংস্কৃতিক বাৰুকৈয়ে ক্ষতি কৰিছে। সময়ৰ সৈতে একাকাৰ হৈ অসমীয়া জীয়াৰী-বোৱাৰীয়ে সকলোৰে সৈতে সমানে খোজ মিলাই আগবাঢ়ি যোৱাটোও অত্যন্ত জৰুৰী কথা। সিমানলৈকে সকলোবোৰ ঠিকেই আছিল। কিন্তু সেইবুলিয়েই জনপ্ৰিয়তাৰ ক্ষন্তেকীয়া দৌৰ প্ৰতিযোগিতাত ভাগ লোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই এচাম অসমীয়া জীয়াৰী-বোৱাৰীয়ে গাৰ কাপোৰ সোলোকাই উন্মুক্ত দেহাৰ প্ৰদৰ্শনৰ লগতে আপত্তিজনক অংগী-ভঙ্গীৰে সামাজিক মাধ্যম তোলপাৰ লগাবলৈ আৰম্ভ কৰিছে। এইবোৰ আমাৰ সমাজ খনৰ বাবে, নৱপ্ৰজন্মৰ বাবে এটাৰ ডাঙৰ সমস্যা হোৱা নাই নে? আমাৰ সংস্কৃতিক বিশ্ববাসীৰ আগত লজ্জিত কৰা হোৱা নাই নে?
সকলোৰে জ্ঞাত যে অসমীয়া মহিলাৰ সাজ-পোছাক অতি মাৰ্জিত। দেশৰ অন্য ৰাজ্যৰ ভিতৰত লেখত লবলগীয়া। কেতিয়াবা এনে লাগে যে এই সাজযোৰ যেন বিকৃত কৰিবলৈ বেছিদিন হয়তো ৰ’ব নালাগিব।
বিহু কৃষিভিত্তিক উৎসৱ। ই অসমীয়া সংস্কৃতিৰ জাতীয় চিন্তাক প্ৰকৃত ৰূপত প্ৰতিফলিত আৰু প্ৰতিনিধিত্ব কৰে। সেয়েহে আমি অনুভৱ কৰোঁ যে বিহুৰ স্বকীয়তা ৰক্ষা কৰাৰ স্বাৰ্থত বিহুক কৃষিভিত্তিক উৎসৱ হিচাপে জীয়াই ৰখাত সকলোৱে গুৰুত্ব দিব লাগে। এইখিনিতে আৰু এটা কথা অনুভৱ কৰোঁ যে বিহুমঞ্চত সাংস্কৃতিক সন্ধিয়াত কোন শিল্পীক আমন্ত্ৰণ জনোৱা হ’ব বা সাংস্কৃতিক সন্ধিয়া কিমান ৰাতিলৈকে চলিব আদি বিভিন্ন ধৰণৰ বিতৰ্কই বিহুৰ মাদকতাক সম্প্ৰতি ম্লান পেলাবলৈ আৰম্ভ কৰিছে। জনবিশ্বাস যে ৰঙালী বিহু ৰং-ৰহইচৰ উৎসৱ। তথাপিও বহু বিতৰ্ক আৰু মতানৈক্যৰ মাজেদি বিহুখন সামৰা দেখিবলৈ পাওঁ। আমি উপলব্ধি কৰা উচিত যে সম্প্ৰতি এই বিহুক লৈ আৰম্ভ হোৱা বিতৰ্কবোৰৰ পৰা জাতীয় উৎসৱটিক উদ্ধাৰ কৰিবলৈ অনতিপলমে অসমত এক গৱেষণালব্ধ আৰু প্ৰণালীবদ্ধ সাংস্কৃতিক বাৰ্তা প্ৰেৰণ কৰাটো খুবেই প্ৰয়োজনীয়।
সাংস্কৃতিক দৰ্শনত এটা কথা গুৰুত্বপূৰ্ণ — people are shaped by their culture and their culture is also shaped by them. অৰ্থাৎ মানৱ সভ্যতাক গঢ় দিয়ে সংস্কৃতিয়ে আৰু আনহাতেদি সংস্কৃতিক গঢ় দিয়ে মানৱে। আমি অনুভৱ কৰোঁ বৰ্তমান সময়ত অসমত সৃষ্টি হোৱা সাংস্কৃতিক প্ৰদূষণৰ বাতাবৰণত অসমীয়া জাতীয় জীৱনক সুস্থিৰ কৰি ৰখাৰ স্বাৰ্থত উক্ত বাক্যশাৰীৰ গুৰুত্ব অপৰিসীম।
(লেখিকা ঃ বিশিষ্ট সমাজকৰ্মী আৰু সাহিত্যকৰ্মী, ঘিলামৰা)