কৰৱী বৰুৱা

বিহু এক সংগীতময় উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্বও অপৰিসীম। বাদ্যযন্ত্ৰবোৰৰ অবিহনে বিহুৰ মাদকতা যেন কল্পনাও কৰিব নোৱাৰি। বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ। অসমত প্ৰধানকৈ তিনিটা বিহু পালন কৰা হয়। বহাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু। ৰঙালী বিহুৰ আটাইতকৈ আকৰ্ষণীয় উপাদান হ’ল বিহুগীত। বিহুগীত গাঁওতে বা বিহুনৃত্য কৰোঁতে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ সংগত কৰা হয়। কিয়নো বিহুগীত আৰু বিহুনৃত্য বাদ্যযন্ত্ৰসমূহে প্ৰাণময় কৰি তোলে। বিহুৰ সৈতে জড়িত বাদ্যযন্ত্ৰবোৰ এনেধৰণৰ —
ঢোল ঃ
বিহুগীত আৰু বিহুনৃত্যৰ সৈতে একাত্ম সম্পৰ্ক থকা বাদ্য- ঢোল আমাৰ সকলোৰে পৰিচিত। আম, কঠাল, ক’লা জামু আৰু গমাৰি আদি গছৰ পৰা ঢোলৰ খোলাটো সজা হয়। দমৰা বা চেঁউৰী গৰুৰ ছালেই ঢোল বাবে উত্তম। বিহুঢোল দীঘলে ৪৫ চেঃ মিঃ আৰু ব্যাস প্ৰায় ৩০ ছেঃ মিঃ বা তাতকৈ অলপ বেছি হ’ব পাৰে। ‘মুচি’ সম্প্ৰদায়ৰ লোকসকল পূৰ্বৰে পৰা ঢোল নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত। ঢোলৰ প্ৰকাৰৰ ভিতৰত বিহুঢোল বা পাতি ঢোল আৰু ওজা ঢোলৰেই মুখ্য ভূমিকা থকা দেখা যায়। ঢোলৰ চেৱৰ শব্দ শুনি আইতা আজো ককাৰ দিনৰে পৰা গাই অহা এফাঁকি বিহুনাম এনেধৰণৰ —
“চ’তৰে শেষতে ব’হাগে পালেহি
গছে বনে সলালে ঐ পাত,
আজি বিহু তলিত ঢোলৰ গুম্‌ গুম্‌নি
নাচোঁ নাচোঁ লাগিছে গাত।”
পেপাঁ ঃ
অ’ জান ঐ পেপাঁৰে অমিয়া মাত,
পেপাঁৰ মাত এ শুনি ৰ’ব মই নোৱাৰোঁ
এৰি যাওঁ পেটৰে ভাত
পেপাঁ আমাৰ সকলোৰে পৰিচিত। বিহু সংস্কৃতিৰ বৰঘৰত ম’হৰ শিঙৰ পেপাঁটো লাইখুটা স্বৰূপ। ম’হৰ শিঙৰ পেপাঁত সুৰ তুলিবলৈ বিজুলী বাঁহৰ আগৰ পৰা চাৰি আঙুলমানৰ এপাব বাঁহ কাটি তাত বিন্ধনাৰে চাৰিটা বিন্ধা উলিয়াই লোৱা হয়। এই নলীচা ডালৰ এফালে নল আৰু এফালে গাঁঠি থকা পাব এটা পাতলকৈ ফালি ‘চুপহি’ সাজি মুখেৰে ফুঁ দি বজোৱা হয়। এই চুপহিৰ ফলা অংশ মুখেৰে ফুঁ দিলে পেঁ পেঁ কৈ পেপাঁৰ অমিয়া সুৰ বাজি উঠে।
তাল ঃ
বিহুত ব্যৱহাৰ কৰা আন এবিধ বাদ্য হ’ল তাল। এই বিধ বাদ্য ধাতুৰে নিৰ্মিত। নৃত্যগীতত তাল ৰাখিবৰ বাবে এই বিধ বাদ্য ব্যৱহাৰ কৰা হয়। বিহুৰ বাবে তাল এবিধ অতি অপৰিহাৰ্য্য বাদ্য। ঢোলৰ লগত তালযোৰ ব্যৱহাৰ নকৰিলে ঢোলৰ চেওবোৰ উকা হৈ পৰে। বিহুগীত আৰু নৃত্যত সাধাৰণতে তাল অকলে ব্যৱহাৰ কৰা নহয়। ইয়াক সদায় ঢোলৰ লগতহে সংগত কৰা হয়। তালযোৰে ঢোলৰ চেওবোৰক অধিক স্পষ্ট কৰাৰ লগতে শ্ৰুতিমধুৰ কৰে। তালৰ সৈতে জড়িত বিহুনাম এফাঁকি তলত তুলি ধৰা হ’ল —
তালত চাপৰ মাৰি তালীয়া ওলালে
বহি বৈ আছিলোঁ তাঁত,
টোপোলাৰ সেন্দুৰ টোপোলাতে থাকিলে
খাবলৈ নহ’লে ভাত।
গগণা ঃ
গগণা হ’ল বিহুৰ সৈতে জড়িত আন এবিধ বাদ্যযন্ত্ৰ। গগণা হ’ল ফুঁ দি বজোৱা বাদ্য। গগণাৰ সৈতে বহু অলিখিত প্ৰেমবিষয়ক কাহিনী জড়িত হৈ আছে। বিহুৰ পৰম্পৰা অনুসৰি ৰূপহী নাচনীয়ে কঁকালৰ খোঁচনিত লুকুৱাই হ’লেও, প্ৰিয়জনক মৰমৰ বিহুৱান খন নিদিয়ালৈকে যেনেকৈ হৃদয় শাঁত নপৰে, ঠিক তেনেকৈ বিহুৱা ডেকাটিয়ে হাতৰ টিপতে প্ৰেয়সীক নিজ হাতে সজা ‘লাহৰি গগণা’টো নিদিয়ালৈকে মন জুৰ নপৰে। সেয়ে বিহুনামত গাই —
আগলি বাঁহৰে লাহৰী গগণা
বহি তাঁতৰ পাটত বাওঁ,
আহে কি নাহে ঐ মোৰ ধন লাহৰী
চিৰি পাতি মঙলখন চাওঁ।
লাহৰী গগণাৰ উপৰিও আন এক প্ৰকাৰৰ গগনা আমাৰ মাজত প্ৰচলিত আছে। সেইবিধ গগণাক ‘ৰামধন গগণা’ বোলে। ৰামধন গগণা পুৰুষসকলে বজায়। লোকবিশ্বাস মতে, মুখচোকা তিৰোতাৰ তাঁত শালৰ পৰা ‘ব’ তোলা চূঙা চুৰ কৰি আনি গগণা সাজিলে তাৰ মাত ভাল হয়। যিমানে তিৰোতা গৰাকীয়ে গালি পাৰে সিমানে হেনো গগণাৰ মাত ভালকৈ ওলায়।
টকা ঃ
বিহুৰ নাচ গানক অধিক তালবদ্ধ আৰু উৎসাহ যোগোৱা এবিধ বিহু বাদ্য হ’ল নাচনীৰ অতিকৈ চেনেহৰ ‘টকা’ টি। জাতি বাঁহ আৰু বিজুলী বাঁহেৰে টকা নিৰ্মাণ কৰা হয়। টকাৰ সৈতে অনেক বিহুনাম আমাৰ মাজত প্ৰচলিত।
টকাৰ সৰু সৰু মাতে সমনীয়া
টকাৰ সৰু সৰু মাত,
টকাৰ মাতে শুনি ৰ’ব আমি নোৱাৰোঁ
এৰি যাওঁ পেটৰে ভাত।
বিহুনামৰ প্ৰাথমিক তাল আছিল হাত চাপৰি আৰু কালক্ৰমত হাত চাপৰিৰ ছন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল। টকাৰ প্ৰকাৰ বিলাক এনেধৰণৰ – পাতি টকা বা হাত টকা, বৰ টকা বা মাটি চকা আৰু জেং টকা বা ধৃতং টকা।
সুতুলি ঃ
সুতুলি মাটিৰে নিৰ্মিত এটি সুৰবাদ্য। এই ধৰণৰ বাদ্য বিলাকত জীৱ-জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়। সুতুলিৰ মাতত বৰষুণ আহে বুলিও অসমীয়া সমাজত এক লোকবিশ্বাস আছে। সুতুলি প্ৰধানকৈ তিনি প্ৰকাৰৰ – বটল সুতুলি, পিঠা সুতুলি আৰু পক্ষী সুতুলি। সুতুলি পিঠা আমাৰ সমাজত বিহুৰ সময়ত ঘৰে ঘৰে প্ৰচলিত এবিধ খাদ্য। সুতুলিৰ সৈতে জড়িত বিহুনাম বহুবোৰ আছে। তাৰে ভিতৰত —
কিনো দি ওমলাম তোকে ঐ ব’হাগী
কিনো দি ওমলাম ঐ তোক,
মাটিৰে সুতুলি বনাই লৈ আনিছোঁ
তাকে দি ওমলাম তোক।
ব্যৱসায়িক ভিত্তি ঃ
বিহুত ব্যৱহৃত প্ৰতিবিধ বাদ্যযন্ত্ৰই বৰ্তমান সময়ত এখনি বৃহৎ বজাৰ অধিকাৰ কৰি আছে। বিশেষকৈ বছৰৰ চ’ত বহাগ মাহ কেইটাত বৃহৎ পৰিমাণৰ বাদ্যযন্ত্ৰ নিৰ্মাণ আৰু বিক্ৰী হয়।
বিশেষকৈ ঢোল, পেপাঁ, গগণা, আৰু সুতুলিৰ ব্যৱসায়িক ভিত্তি বৰ্তমান লেখত লবলগীয়া। এচাম লোকে ঢোল বনাই বিক্ৰী কৰি এই মাহ কেইটাত অধিক ধন উপাৰ্জন কৰে। মুুচি সম্প্ৰদায়ৰ এটা জাতিয়ে অতীজৰে পৰা বৰ্তমানলৈকে ঢোলৰ নিৰ্মাণ কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হৈ দিন কটাইছে। ই আমাৰ বাবে ইতিবাচক কথা। বাদ্যযন্ত্ৰৰ নিজা বৈশিষ্ট্য অটুট ৰাখি সেইবোৰক বিশ্ব দৰবাৰত তুলি ধৰাত আমাৰ অসমীয়া জাতিৰ দায়িত্ব আছে। কিন্তু বিক্ৰেতা আৰু নিৰ্মাণ কৰোঁতা সকলে সদায় গুৰুত্ব দিবলগীয়া কথাটো হ’ল — প্ৰতিটো বাদ্যযন্ত্ৰৰ নিখুঁত নিৰ্মাণ শৈলীত। যাতে বাদ্যযন্ত্ৰবোৰৰ পৰিচয় কোনো দিনে বিকৃত নহয়। যদি বাদ্যযন্ত্ৰক ভিত্তি কৰি এটা পৰিয়াল তথা এখন ঘৰ আৰ্থিক দিশত টনকিয়াল হয় সেইটো এটা জাতিৰ বাবে এখন সমাজৰ বাবে গৌৰৱৰ বিষয়।
শেষত আমি আশা কৰিম, আমাৰ বাপোতিসাহোন ৰঙালী বিহু পূৰ্বৰ গৰিমাৰে অটুত থাকক। বাদ্যযন্ত্ৰবোৰ অসমৰ চুকে -কোণে গুঞ্জৰিত হৈ থাকক আৰু লগতে ইয়াৰ ব্যৱসায়িক ভিত্তিও অক্ষুণ্ণ থাকক।

(লেখিকা ঃ সহঃ শিক্ষয়িত্ৰী, মৰিগাঁও, অসম)