পাৰিজাত গগৈ
প্ৰথম স্তৱক
কুঁহিপাতৰ কথা
১। “চ’তৰ ৰ’দ বৰ চোকা”
গাঁৱৰ কথাবোৰ সুকীয়া । গাঁৱৰ অনুভৱক জীপাল কৰিবলৈ চ’তৰ চোকা ৰ’দজাকে চোতাল গছকেহি । শিপিনীক সুখী কৰিব পৰা এচোতাল উন্মাদ ৰ’দ-চ’তৰ । চ’তৰ শেষৰটো চোকা ৰ’দতে তাঁত যুটি কটাৰ কথা । তাঁতশালৰ দোৰপতিৰ খৰ খোজত চমুৱাই আহে শালৰ শেষৰখন গামোচা । ব’হাগৰ পোহনীয়া সপোনটোৱে শিপিনীৰ তোলোঠাত মেৰখাই পৰে । ঘাম সৰে সুখৰ, ঘাম সৰে প্ৰেমৰ । কণপেহীৰ বিহুৰ আখলতো চিনাকি চিনাকি এটি পুৰণি গোন্ধ । বঢ়োৱা ধানৰ এটি ফুৰফুৰীয়া গোন্ধ । ধানত ফুট উঠে । তিনি চৰুকৈ চকোৱা ধান । চ’তৰ চোকা ৰ’দটো বোকোচাত লৈ পেহীৰ হাতৰ ৰইনা ঘূৰে চোতালৰ ইমূৰৰ পৰা সিমূৰলৈ । এইজাক ৰ’দতে সান্দহৰ ধানখিনি শুকুৱাব লাগিব- “নাতি-নাতিনীহাল বিহুত গাঁৱৰ ঘৰলৈ অহাৰ কথা। কথাষাৰ ভাবিয়েই পেহীয়ে আকৌ এবাৰ ৰ’দজাক আপোন কৰি ললে । চ’তৰ চোকা ৰ’দ জাকৰ ভেমটো দুগুণে বাঢ়ে ।
দ্বিতীয় স্তৱক
কুঁহিপাতৰ কথা
২। “চ’তৰ শেষত বৰদৈচিলা মাকৰ ঘৰলৈ যায়”
চ’তৰ ৰ’দজাকৰ কাউৰী ঠেঙীয়া গপটো ভাঙিবলৈকে তাই আহে । আইৰ ঘৰলৈ যাবলৈ কাৰনো হেপাহ নাথাকে, পিছে মাকৰ ঘৰৰ পৰা লগত কিবা নিম বুলি তাই নাহে, দিম থম বুলিহে আহে । পুৱাই পুৱাই খবৰ আহিল- বৰদৈচিলা আহিছে । ভয়তে আটাইমখাই ঘৰৰ ঘাইখুটা, গোহালিৰ খুটা অথবা ঢেঁকী কঁতৰা যোৰলৈকে আবেগেৰে ৰচীৰ বান্ধ দিয়ে, কিজানিবা তাই সকলোবোৰ লৈয়ে যায়।
আকাশত মেঘ উঠে, জেঠুৱা মুগা পুহিবলৈ বেয়া । বতৰলৈ ভয় থাকে । তাতে বৰদৈচিলা জনী অহাৰ সপ্তাহটোতে খৰিকা ফুটিল। বগাকাইয়ে বতৰলৈ চাই চাই চুমনিত খৰিকা লগাইগৈ। দুই এদিনতে মুগা ছাঁই উৰিব । “চোমনিত ডাঙৰীয়া সকামভাগি এইবেলি ডাঙৰকৈ পাতিম, মাইকী মুখ দেখালৈকে বৰষুন আহিলেও ধুমুহা জাক নাহে যেন অ’ গোঁসাই”— বগাকাইয়ে মুখেৰে ভোৰভোৰাই বাটলুগুটি বনোৱাত লাগে । বাটলু গুটিখিনি মিহি আৰু নিমজ হ’ব-মাটিখিনি ভাল, হাইঠা পথাৰৰ পৰা অনা ।
বৰষুণ এজাক আহিব ছাগে’ ।
তৃতীয় স্তৱক ঃ
ব’হাগৰ কথা-
৩। “কৈ নো কৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুৰে কথা”
কথামতেই পদূলিৰ ধূলি সেমেকাই বৰষুণ জাক আহিল । সুখী হ’ল গছবোৰ, সুখী হ’ল এজাক ব’হাগী চৰাই । মুনহঁতৰ বাৰী ঢাপৰ বুঢ়া আম জোপাও সুখী হ’ল । এইবাৰ একুৰি এপাহ কপৌ ফুলিছে, ফুল কেইপাহ দীঘল। মানিকীৰ খোপাত আটিব চাগে-তাইৰ চুলিকোচাও দীঘল।
মাফেৰীহঁতৰ দমকলৰ পাৰৰ জেতুকা জোপালৈ জীয়ৰিৰ পৰা বোৱাৰীলৈকে চকু । পটাৰ গুটিয়ে কলপতীয়া সপোনটো জেতুকাবুলীয়া কৰি তোলে ।
“আজিও নৈৰ ঘাটলৈ ওলোৱা দেৰি হল।” অই সোণমইনা- চাক কেইটা ধৰ, খোজ খৰ কৰ । ভেবেলহঁতৰ গৰু নি নৈত নমালেগৈয়ে ছাগে”। পুতুকাইৰ মাতটো গহীন- বয়সৰ মাত।
বিহু বিহু লগা এটা পোহনীয়া সুখৰ আৰম্ভণি- গৰুবিহু । সন্ধিয়ালৈ দীঘলতি, মাখিয়তী আৰু তুহঁ গুড়িৰ পুৰা পুৰা গোন্ধটোৱে চুবুৰীৰ পদূলীবোৰ চহকী কৰি গ’ল । তাৰ পাছৰখিনি সময় সকলোৰে পৰিচিত । গাঁৱৰ হুঁচৰিযোৰালৈ ৰৈ থকা গৃহস্থৰ সাঁচতীয়া সুখ কণ, বছেৰেকলৈ পোৱা ৰাইজৰ আশীৰ্বাদ কণ- এইবোৰ অনুভৱৰ আকৌ নকৈ উজান উঠে।
ৰাতিলৈ হুঁচৰি। ঢোলৰ চাপৰত, বিহুনামত, পেঁপাৰ মাতত সুখ পোৱা আমিবোৰ হেৰাই যাওঁ নিজৰ মাজত । বছৰজুৰি ধোঁৱা চাঙত ওলোমাই থোৱা বগেন মহাজনৰ পুৰণি গেছ লাইটটো মজিয়ালৈ নামে, গেছ স্ত’ভটোত তেল সোমায়, পাম্প সোমায়, মেন্থল জ্বলে। নাচনীকেইজনীৰ মুখত প্ৰাপ্তিৰ পোহৰ। চোতালে চোতালে বগায়-এফাকি বন গীত লৈ । বিহুত বুৰ যায় এখন গাঁও, এখিনি ৰাইজ একেলগে। বিহু বিনন্দীয়া ।
(বিঃ দ্ৰঃ কথাবোৰ মোৰ সোঁৱৰণিৰ মনপটৰ পৰা লোৱা- যিবোৰে এতিয়াও মোক শৈশৱলৈ ঘুৰাই আনে । ইয়াত কাল্পনিক কথা তিলমানো নাই । স্মৃতি ৰোমন্থনৰ প্ৰয়াস মাথোন।)
(লেখিকা ঃ কবি আৰু সাংস্কৃতিক কৰ্মী, ঘিলামৰা)