মুনলীমা গগৈ

বৰ্তমান সময়ত অসমীয়া সংগীত জগতখনত নিতৌ নতুন নতুন সংগীত শিল্পীৰ আগমন ঘটিছে। সম্প্ৰতি অসমীয়া সংগীত জগতখনত কিছু-কিছুৱে নিজৰ ভাষা-সংস্কৃতিৰ গৰিমা অক্ষুন্ন ৰাখি, শব্দৰে শালীনতা বৰ্তাই ৰাখি, নিজৰ অভিনৱ প্ৰতিভাৰে স্বকীয়তা বজাই ৰাখি ন-ন সৃষ্টিৰাজিৰে সুৱাস বিস্তাৰিত কৰি সংগীতৰ গুৰি শিপাডাল খামুচি ধৰি অসমীয়া সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। তাৰ মাজতে আকৌ একে সময়তে এচামৰ সংগীত নাইবা গীতৰ কথাই সকলো সীমা অতিক্ৰম কৰি অসমীয়া সংগীত জগতখনক তচ্‌নচ্‌ কৰি পেলাইছে।
লিখনিৰ আৰম্ভণিতে এটা কথা স্পষ্ট কৰি দিব বিচৰা হৈছে যে, এই লেখাটো কাৰোবাক সমালোচনা কৰি তেঁওলোকক সামাজিক নতুবা ব্যক্তিগত ভাৱে আক্ৰমণ কৰি মনোকষ্ট দিয়াৰ উদ্দেশ্য তথা লক্ষ্য আমাৰ নহয় আৰু সেই ধৃষ্টতাও আমাৰ নাই। কেৱল “সমালোচনা কৰিবৰ বাবে সমালোচনা” কৰা নাই।
যোৱা কিছুবছৰৰ পৰা এটা কথা লক্ষ্য কৰিছোঁ যে, বিশেষকৈ আশীৰদশক অথবা নব্বৈ দশকৰ যিবোৰ বিহুগীত সেইগীতবোৰ প্ৰধানকৈ গীতিকাৰ সকলৰ মনৰ ভাৱ বা তেওঁলোকৰ যি চিন্তা-চেতনা, শব্দৰ যি সুন্দৰ বিন্যাস সঁচাকৈ প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়ত চাপ বহুৱাৱলৈ সক্ষম হৈছিল। সেই গীতবোৰৰ কথা-সুৰ তথা প্ৰকৃতিৰ যি নান্দনিক বৰ্ণনা সেয়া সঁচাই অতুলনীয়।
বিহুৰ সৈতে জড়িত আশী-নব্বৈ দশকৰ কেইগৰাকীমান নমস্য ব্যক্তিৰ নাম নল’লে লেখাটো আধৰুৱা হৈ ৰ’ব। বিশেষকৈ সকলো শ্ৰো¸তা ৰাইজৰ মনত ৰেখাপাত কৰা সেইসময়ৰ ভূপেন উজীৰ, সোমনাথ বড়া (ওজা), নিপুল দত্ত কলিতা, মহানন্দ মজিন্দাৰ বৰুৱা, খগেন গগৈ, বিপুল চেতিয়া ফুকন, ৰুবুল বৰা, প্ৰদীপ শইকীয়া, নলীন হাজৰিকা, বিমান বৰুৱা, পঙ্কজ বৰদলৈ আদিৰ নাম এইখিনিতে উল্লেখ কৰিব পাৰি। মধ্যভাগত অনুপম শইকীয়া, মানস ৰবিন, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, সীমান্ত শেখৰ, মৌচম গগৈ আৰু নৱ চেতিয়াই ভালে কেইটি কেচেট পৰিচালনা কৰিছিল।
অৱশ্যে সেই কেচেটৰ দিন বৰ্তমান নোহোৱা হ’ল। অডিঅ’ৰ পৰা ভি.চি.ডি.লৈ তাৰ পিছত সকলোবোৰ পাহৰণিৰ গৰ্ভত বিলীন হ’ল। বৰ্তমান মাথো কোনোজনে বছৰত এটি গীতহে ‘উপহাৰ’ দিয়ে। তাকো অপেক্ষা কৰে মোবাইলত লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰালৈ। সেই সময়ছোৱাত মহিলা কণ্ঠ-শিল্পী হিচাপে নিতুমণি বড়া, সন্ধ্যা মেনন, শান্তা উজীৰ, মিতালী চৌধুৰী, ভিতালী দাস, তৰালী শৰ্মা, চয়নিকা দত্ত, নিৰ্মালী দাস, সুবাসনা দত্ত, কাশ্মিৰী শইকীয়া, বৰ্ণালী কলিতাই বিশেষভাৱে অৰিহনা আগবঢ়াইছিল। বিশেষকৈ “কাৰ লগত কাৰ জুতি” এই কথাষাৰ মন কৰিব লগীয়া। “জুবিন, কৃষ্ণমণি আৰু ভিতালী” “অনুপম আৰু বৰ্ণালী”, “সীমান্ত, মৌচম আৰু সুবাসনা”, “মহেন্দ্ৰ হাজৰিকা আৰু সন্ধ্যা মেনন” বিশেষভাৱে উল্লেখযোগ্য।
নবৈবৰ দশকৰ বিহুগীত সমূহৰ এটা স্বকীয় বৈশিষ্ট্য বিশেষভাৱে মন কৰিবলগীয়া। উদাহৰণস্বৰূপে ৰুবুল বৰাৰ পৰিচালনাৰে কৃষ্ণমণি নাথ আৰু কৃষ্ণমণি চুতীয়াৰ “সোনমইনা” কেচেটৰ “নল বিৰিণাৰ পাতে, এতোলা সোনেৰে”, “ভনিটি ঔ তেতেলীপতীয়া”, “এপাহ ফুল ভাল লাগে”, ৰঞ্জিত গগৈৰ “অ’ জুৰিমাই”, শোনিত গগৈৰ কথা-সুৰেৰে জুবিন গাৰ্গৰ কণ্ঠত “আলহী হৈ আহিম এদিন” ইত্যাদি ধৰণৰ গীতবোৰে অসমীয়া সমাজ জীৱনৰ তথা প্ৰকৃতিৰ মনোমোহা-নান্দনিক বৰ্ণনাৰ ওপৰিও অসমীয়া সমাজৰ “বিবাহ’ৰ যি প্ৰাসঙ্গিকতা, পৰম্পৰা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, পৰিয়ালৰ প্ৰত্যেকৰে দ্বায়িত্ববোধ, মৰম-চেনেহ ইমান নিখুঁত ৰূপত ৰূপায়িত কৰিছে যে, ভাবিলে মন-প্ৰাণ পুলকিত হৈ যায় আৰু যাৰ সাঁচ অদ্যপি বিদ্যমান।
একে সময়তে জয়ন্ত সোণোৱালৰ পৰিচালনা আৰু দুলু দাসৰ প্ৰযোজনাত জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথমটো বিহুগীতৰ কেচেট “উজান-পিৰিতি”, ইয়াতেই ‘দোভাগ ৰাতি ঐ নাচনী’ শীৰ্ষক বিহুগীতটি জুবিন গাৰ্গৰ প্ৰথমটো বিহুগীত। শেহতীয়াকৈ বিপীন চাউদাং আৰু ৰাজীৱ শদিয়াই অসমীয়া সংগীতলৈ যি অৱদান আগবঢ়াইছে সেইয়াও শলাগ ল’বলগীয়া। বিপিন চাউদাঙৰ “বাতি ভৰাই চিৰা খাবি” শীৰ্ষক গীতটিয়ে এটা সময়ত যদিও বিতৰ্কৰ মাজত সোমাই পৰিছিল, পাছত অৱশ্যে একেখিনি শ্ৰোতাই গ্ৰহণ কৰা দেখা গ’ল। ৰাজীৱ শদিয়াৰ “আকৌ নিৰ্বাচন”, ‘বৰঘৰত সুমালে”, অসম আজি ‘ৰসাতলে গ’ল” “তেজত উঠিছে পিৰপিৰণি”, “তই কাৰ বাবে” , আহ অই ওলাই আহ’ আদি গীতবোৰত আমি প্ৰতিবাদী কণ্ঠ তথা স্বদেশৰ প্ৰতি দায়বদ্ধতা থকা এজন সচেতন শিল্পীক বিচাৰি পাঁও।
এই আলোচনাত মাথোঁ কেইগৰাকীমান প্ৰতিনিধিমূলক গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, পৰিচালকৰ গীতৰ বিষয়েহে আলোচনা কৰা হৈছে। সেই সময়ছোৱাত সবাতোকৈ চৰ্চিত এগৰাকী কণ্ঠশিল্পী হ’ল ‘জুবিন গাৰ্গ’। বিশেষকৈ কেচেটৰ বজাৰখনত তেওঁ প্ৰায় হাজাৰৰো অধিক বিহুগীতৰ কেচেটত কণ্ঠদান কৰিছে। বিংশ শতিকাৰ শেষৰ ফালে অথবা একবিংশ শতিকাৰ মধ্য ভাগতো তেখেতৰ জনপ্ৰিয়তাৰ কমি যোৱা নাই অথবা ক’ব পাৰি ‘জুবিন গাৰ্গ’ৰ অবিহনে বিহুগীতৰ বজাৰখনেই অচলাৱস্থাৰ দৰে। সু-খবৰ যে, শেহতীয়াকৈ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ে ২০২৪ বৰ্ষত তেখেতক ‘সূৰ্যকণ্ঠ’ উপাধিৰে সন্মানিত কৰিলে।
বৰ্তমান সময়ত বিহুগীতৰ পূৰ্বৰ ধাৰাটোৰ যথেষ্ট পৰিমানে পৰিবৰ্তন দেখা পোৱা গৈছে। বিহুগীতৰ কথা-সুৰ, বাদ্যযন্ত্ৰত অভূতপূৰ্ব পৰিবৰ্তন আহিল। অৱশ্যে সময় আৰু মাধ্যমৰ পৰিবৰ্তনক স্বীকাৰ কৰিবই লাগিব। তাহানিৰ বিহুগীতবোৰ স্বতঃস্ফুৰ্ত আছিল। এতিয়া পৰিচালক, প্ৰযোজকৰ ‘তাগিদা’ত গীত লিখা হয়। নিৰ্দ্দিষ্ট নীতি-নিয়মৰ মাজত গীত লিখিবলগীয়া হোৱাত বিহুগীতৰ বৈশিষ্ট্য বহুখিনি পৰিবৰ্তন হৈছে। ‘পুৰুষ’ আৰু ‘মহিলা’ৰ বাবে পৃথককৈ গীত লিখা পৰম্পৰা আৰম্ভ হ’ল। ‘নাৰী’ আৰু ‘পুৰুষ’ৰ অনুভূতিৰ মাজত যেন কোনো পাৰ্থক্য দেখা পোৱা নাযায়।
পুৰণি বিহুগীতবোৰত ‘প্ৰেম’ যেনেদৰে আছিল, ঠিক সেইদৰে প্ৰকৃতিৰ বিভিন্ন উপাদান সমূহেও প্ৰাধান্যতা লাভ কৰিছিল। অসমীয়া গ্ৰাম্য ভাৱ-ভাষা, সমাজ-জীৱন, লোক-জীৱন, কৃষি সম্পৰ্কীয় কথা-বাৰ্তা, পাহাৰ ভৈয়াম, নৈ, বিল, জান-জুৰি-নিজৰা সম্পৰ্কীয় বহু কথা বৰ্তমানৰ গীতবোৰত পাবলৈ নোহোৱা হ’ল। ইয়াৰ ফলশ্ৰুতিত বিহুগীতে নিজস্বতা হেৰুৱাই মাথোঁ মধ্যবিত্ত শ্ৰেণীৰ প্ৰেম-প্ৰণয়ৰ ভাৱ-প্ৰকাশক গীত হিচাপেই আত্মপ্ৰকাশ কৰিবলৈ ধৰিলে। বিশেষকৈ বিহুগীতৰ ‘তাল’ পূৰ্বতকৈ বহুগুণে সলনি হ’ল। পৰিতাপৰ কথা যে, এতিয়া ‘গীতৰ লয়-তাল’ গীতৰ কথাই নকয়, “মিউজিকেহে” গীতৰ কথা সুৰ কেনে হ’ব তাক নিৰ্দ্ধাৰণ কৰে।
উল্লেখযোগ্য যে, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰো কিছু কিছু গীতত “আত্মকেন্দ্ৰিকতা”ৰ উমান শ্ৰোতা ৰাইজে নোপোৱা নহয়। হ’লেও কাব্যিকতা তথা ভিন্নধৰণৰ উপমা অলংকাৰ প্ৰয়োগৰ মাত্ৰাত সেইবোৰ তল পৰি ৰয়। নৱ-প্ৰজন্মৰ গীতিকাৰ তথা কণ্ঠশিল্পী সকলৰ ‘আত্মকেন্দ্ৰিক’ ধাৰণাটো কিমান দিনলৈ থাকে সেইয়া সঠিক ভাৱে ক’ব পৰা নাযায় যদিও এটা অনুমান কৰিব পাৰি যে, এই প্ৰৱণতাই যে অসমীয়া গীতি-সাহিত্যৰ বিস্তৰ ক্ষতি সাধন কৰিব সেইয়া নিশ্চিত।
গীতিকাৰজনেই যেতিয়া সুৰকাৰ, পৰিচালক, প্ৰযোজক, কণ্ঠশিল্পী সকলো হয়, অৰ্থাৎ একেজনেই যদি সকলোবোৰৰ মুখ্য কেন্দ্ৰবিন্দু হৈ পৰে তেনেহ’লে সেয়া কি হ’ব পাৰে, সহজেই অনুমেয়। এটা কথা আমি মানি ল’বই লাগিব এয়াই যে, যি কেইগৰাকী শিল্পীৰ কথা বৰ্তমান ক’ব খোজা হৈছে, নৱ-প্ৰজন্মৰ মাজত তেঁওলোকৰ জনপ্ৰিয়তা কম হৈ যোৱা নাই, বৰঞ্চ বাঢ়িছেহে। তেওঁলোকৰ সকলোবোৰ গীতেই যে ‘আত্মকেন্দ্ৰিক’ সেয়াও শুদ্ধ নহয়। মাথো প্ৰাসঙ্গিকতা আহিছে ‘এই সময়, সেই সময়’ৰ। কৰ’বাত, কোনোবাখিনিত কিবা এটাৰ যে অভাৱ হৈছে সেয়া অনুভৱ হৈছে। সকলোবোৰ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে, আশী নবৈব কিম্বা একবিংশ শতিকাৰ মধ্য ভাগৰ চিন্তা-চেতনা তথা কথা-বতৰাবোৰ ভাবিবৰ যেন সময় আহিপৰিছে। ভৱিষ্যতৰ প্ৰতি এয়া কেনেধৰণৰ সংকেত অথবা নৱ-প্ৰজন্মৰ প্ৰতি তেঁওলোকৰ দ্বায়িত্ব আৰু সজাগ-সচেতনতা কিমান আছে। কেইটামান মাথোঁ উদাহৰণ দিলেই উপৰোক্ত কথাখিনিৰ স্পষ্টতা আৰু সত্যতাৰ আভাস হয়তো পোৱা যাব। উদাহৰণস্বৰূপে, দেৱজিত বড়া, ভৃগু কাশ্যপ, ৰিদীপ ৰংকীট, নীল আকাশ, কুসুম কৈলাস, মKটুমনি শইকীয়া, গীতালী কাকতি, গীতাঞ্জলী দাস, এওঁলোকে কি কৰিছে জানেনে? “ফেচবুকত চাবা দেই”, “সেইবুলি কুসুম কৈলাশক বেয়া পালে ন’হব”, “নীল আকাশক দুখ দিলে নহ’ব”, “ৰিদীপ ৰংকীটৰ কি হ’ব”, “ভৃগু কাশ্যপ ক বেয়া পালে নহ’ব”, “মKটুমনি আমি মণ্টুমনি”, “মই তেজপুৰৰ জীয়ৰী”, “নামেনো গীতাঞ্জলী” এই যে গীতবোৰ। এনে ভাৱ হয় যেন এই গীত মাতবোৰে অসমীয়া সংগীতলৈ, বিশেষকৈ “বিহুগীত”ৰ ক্ষেত্ৰখনলৈ যেন এক ‘অশনি’ সংকেত কঢ়িয়াই আনিছে তেনে এক ধাৰণা হয়।
লক্ষ্যণীয় কথাটো হ’ল, এইবোৰ যেন ‘বিহুগীত’ নহয় নিজৰ নাম ‘জাহিৰ’ কৰা এক অঘোষিত প্ৰতিযোগিতা। কোনোধৰণৰ ‘অনুপ্ৰাস-অলংকাৰ’ নোহোৱা, লোক সংগীতক ধূলিস্যাৎ কৰা, গীতি সাহিত্যক জলাঞ্জলি দিয়া, এয়া কেনেধৰণৰ প্ৰৱণতাই নৱ প্ৰজন্মক গ্ৰাস কৰিছে, অনাগত দিনবোৰত সেয়া সুধী সমাজে বিচাৰ-বিশ্লেষণ কৰিব।
তেঁওলোকৰ মঞ্চ উপস্থাপনৰ প্ৰায়োগিক চাতুযৰ্্য, বাকপটুতা ৰাইজৰ কাষ চপাৰ কৌশল, যিয়েই নহঁওক কিয়, কোনো হৃদয়বান শ্ৰোতাৰ ‘মন-স্পৰ্শ’ কৰিব নোৱাৰা এই গীতবোৰক অসমৰ ৰাইজে কিমান দিনলৈ মনত ৰাখিব সেয়াও লক্ষ্যণীয় হ’ব। ক্ষণিক সময়ৰ আনন্দ-উল্লাসত মত্ত হোৱাৰ বাহিৰে এইবোৰ যে কেতিয়াও চিৰস্থায়ী নহয়, সেয়া নিশ্চিত।

(লেখিকা ঃ সহঃ শিক্ষয়িত্ৰী, ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়)