চ’ততে কান্দিলে
চতুৱা চৰায়ে
ব’হাগত কান্দিলে কুলি।
সঁকৰাতিৰ দিনাখন
কেতেকীয়ে কান্দিলে
বিহুটি আহিলে বুলি।।

বসন্তৰ আগমণত উদ্‌যাপন কৰা ব’হাগ বিহু বা ৰঙালী বিহু অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমণত যেতিয়া প্ৰকৃতি নতুন ৰূপেৰে জিলিকি উঠে তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে। বিহু হ’ল যৌৱনৰ উৎসৱ। বিহু হ’ল কৃষি সংস্কৃতিৰ লগত সম্পৰ্কিত উৎসৱ। যৌৱনৰ লগত উৰ্বৰতাৰ সম্বদ্ধ আছে বুলি বিশ্বাস কৰা হয়। ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বদ্ধ আছে। কৃষকৰ নাঙলৰ সীৰলুত সৃষ্টি হোৱা কৃষিকাৰ্যৰ দ্বাৰা বিহু কৃষ্টিৰ উৎপত্তি হৈছে। পথাৰৰ বিহুৱে বহুদূৰ অতিক্ৰম কৰি আহি কালক্ৰমত কেৱল গাঁৱতে নহয় অসমৰ সৰ্বত্ৰ প্ৰসাৰিত হৈছে। বিশ্ব দৰবাৰলৈকো আগবাঢ়ি গৈছে। আনুমানিক ১৯৫৯-৬০ চন মানত আৰম্ভ হোৱা ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিয়ে আহি আহি ৬৫ বছৰত ভৰি দিলেহি। যদিও এই বিহু সন্মিলনখনি প্ৰথমে ‘ঘিলামৰা আঞ্চলিক বিহু সন্মিলন’ নামেৰে আৰম্ভ হৈছিল, ১৯৯৯ চনত ইয়াক ‘ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন’ নামেৰে নামকৰণ কৰা হয় আৰু বিহু সন্মিলনখনি প্ৰতি বছৰে সুচাৰুৰূপে উদ্‌যাপন কৰিবলৈ এখনি স্থায়ী গঠন কৰা হয়। তেতিয়াৰ পৰা এই ধাৰা অক্ষুন্ন ৰাখি যোৱা জানুৱাৰী, ২০২৪ মাহত পূৰ্ব সমিতিখনৰ কাৰ্যকাল সমাপ্ত হোৱাত এখন ৰাজহুৱা সভাই তিনিবছৰীয়া কাৰ্যকালৰ বাবে শ্ৰী উত্তম হাজৰিকাক সম্পাদক আৰু অন্য বাৰজন সদস্য-সদস্যাক লৈ অধীনক সভাপতি ৰূপে নিৰ্বাচিত কৰি এখন নতুন স্থায়ী সমিতি গঠন কৰি দিয়ে। আমাৰ সমিতিয়ে দায়িত্ব ভাৰ গ্ৰহণ কৰি প্ৰথমখন কাৰ্যনিৰ্বাহকত ভৱিষ্যতৰ দিনত স্থায়ী সমিতিয়ে কৰিব লগা হস্ৰকালীন আৰু দীৰ্ঘকালীন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। সেই সমূহৰ ভিতৰত প্ৰথমতে ৰঙালী বিহুত দৰ্শকৰ বৰ্দ্ধিত উপস্থিতি তথা সহযোগৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন খন স্থানান্তৰিত কৰিব পৰাকৈ ঘিলামৰা মিলন নগৰত প্ৰায় ৮ বিঘা মানৰ চৰকাৰী ভূমিখণ্ড অধিগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ভূমিখণ্ডত এটি মঞ্চ নিমাৰ্ণ কৰাৰ লগতে পৰিকল্পিতভাৱে বিহুৰ সৈতে জড়িত হৈ থকা গছ-গছনি ৰোপণ কৰি প্ৰাকৃতিক পৰিৱেশত বিহু অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আনপিনে ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি যোৱা ৬৪ টি বছৰে উদ্‌যাপিত হৈ আহিছে যদিও ইয়াৰ এটি স্বকীয় বৈশিষ্ট্য ডাঙি ধৰাৰ উদ্দেশ্যে এই বছৰৰ পৰা হুঁচৰি প্ৰতিযোগিতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এই প্ৰতিযোগিতাৰ পুৰস্কাৰ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পূৰ্বতে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এটি ৱেবচাইট আছিল যদিও সময়মতে ইয়াৰ কাৰ্যকালৰ ম্যাদ বৃদ্ধি নকৰাত এই চাইটটি বন্ধ হৈ গৈছিল। সেয়েহে পুনৰ নতুনকৈ বেৱছাইটি মুকলি কৰা হৈছে। আনহাতে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই পৰ্যন্ত কোনো লিখিত সংবিধান নাই। সেয়ে এখন সংবিধান প্ৰস্তুত কৰিবৰ বাবে এখনি সংবিধান খচৰা কমিটি গঠন কৰা হৈছে। লগতে স্থায়ী সদস্য আৰু সাধাৰণ সদস্যৰ অৰ্ন্তভূক্তিৰে স্থায়ী সমিতি পৰিসৰ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। সংবিধানখন প্ৰস্তুত হোৱাৰ পিছতে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি চৰকাৰীভাৱে পঞ্জীয়ন কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰী পঞ্জীয়ন হোৱাৰ পিছতে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদ্‌যাপন কৰিবলৈ আগবঢ়োৱা দান-বৰঙণিৰ বাবদ দাতাসকলে যাতে আয়কৰৰ পৰা ৰেহাই পায় তাৰ ব্যৱস্থা কৰিবলৈ প্ৰক্ৰিয়া গ্ৰহণ কৰা হ’ব। ইয়াৰ লগতে অহা বৰ্ষৰ পৰা ঘিলামৰাৰ সকলোবোৰ গাঁৱক সামৰি হুঁচৰিৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈও স্থিৰ কৰা হয়। ইতিমধ্যে স্থায়ী সমিতিৰ উদ্যোগত ঘিলামৰা ই-লাইব্ৰেৰীত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিভিন্ন প্ৰতিযোগিতাত বিচাৰক হিচাপে বিচাৰ কাৰ্যত জড়িত হৈ থকা বিচাৰকসকলক সমবেত কৰি ‘বিহু বিচাৰক সমাৱেশ’ অনুষ্ঠিত কৰা হৈছে, যাতে নিৰপেক্ষ আৰু নিখুঁত বিচাৰেৰে কেন্দ্ৰীয় ৰঙালী বিহুৰ মানদণ্ড অক্ষুণ্ণ ৰখাত দায়বদ্ধতা প্ৰকাশ কৰে। সদৌ শেষত ২৩, ২৪ আৰু ২৫ এপ্ৰিল, ২০২৪ তাৰিখত অনুষ্ঠিতব্য ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত সমূহ ঘিলামৰাবাসীৰ সক্ৰিয় সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ। ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন খনি দুনিৰ্বাৰ গতিৰে আগবাঢ়ি যাওঁক। সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিলোঁ।

হিৰণ্য হাজৰিকা
সভাপতি
স্থায়ী সমিতি
কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ঘিলামৰা।