মৌচুমী বৰগোহাঁই
“মৰমৰ দীঘ দি চেনেহৰ বাণী লৈ
হেঁপাহৰ আচুৰে বোৱা
সপোনৰ গুটিৰে ফুলে তুলি তুলি
চালে চকু থৰ হোৱা….”
চেনেহৰ গুটি ফুলৰ বিহুৱানখনক লৈ কত যে হেঁপাহৰ আৱেগ জড়িত হৈ থাকে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি মাত্ৰ অনুভৱহে কৰিব পাৰি।
প্ৰকৃতিৰ অপৰূপ শোভাই দি যায় ব’হাগ অহাৰ বাতৰি। ব’হাগৰ আগজাননী মানেই ন-কুঁঁহিপাতৰ আগমণ, নাহৰ, তগৰ, কপৌৰ সুশোভিত সুগন্ধি। আমে মলিয়াই জীপাল কৰি তোলে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, মুখৰিত হৈ পৰে ঢোল-পেঁপাৰ শব্দৰে প্ৰাণ পাই উঠা প্ৰকৃতি প্ৰদত্ত বিহু নামসমূহ —
“আমে পাত সলালে চামে পাত সলালে
সলালে বৰগছে পাত
আমাৰে মইনাই বৰণটি সলালে
মুগা ৰিহাই লগালে গাত…”
বিহুৰ বতৰা লৈ কুলি-কেতেকীৰো উচ্ছাহৰ ঢল।
ফাগুন-চ’তৰ লঠঙা উৰুঙা মনবোৰক ৰঙীন কৰি তোলে ব’হাগৰ বাতৰিয়ে। দূৰণিৰ আগচোতালৰ পৰা ভাঁহি অহা খিটিক-খিটিক ঝংকাৰত লহৰিত হোৱা তাঁতশাল খনে নিজম দুপৰীয়াৰ নিৰ্জনতা ভাঙি হেঁপাহৰ গুটি ফুলেৰে প্ৰস্তুত কৰে আপোনজন আৰু জ্যেষ্ঠজনলৈ মৰমৰ বিহুৱানখন। তাঁতৰ শালত বহি শিপিনীসকলে গায় —
“হাতে মেলি বিহুৱান বলো সোণামুৱা
ভৰিৰে গৰকা বাওঁ,
নৈৰে ঘাটতে উঁকিটি শুনিলো
পানী আনিবলৈ যাঁও।।”
——
“খিটিক-খিটিক কৈ তাঁতে বৈ আছিলোঁ
দোৰেপতিৰ শুৱলা মাত,
বেলি চাই চাই বেলি ফুল বাছিলোঁ
কপাহী গামোচাৰ গাত।।”
——
ৰাতি দুপৰলৈ কাটি সুতলাহী
ধনলৈ বিহুৱান বলোঁ,
ৰঙাকৈ আচুৰে বাছি পাণেকটা
টিপতে লুকুৱাই থ’লো।।
——
চেনেহৰ বিহুৱানখনত লুকাই থাকে অজস্ৰ মৰম আৰু ভালপোৱাৰ এক এৰাব নোৱাৰা বান্ধোন…প্ৰকাশ পায় কল্পনাবিলাসিতা। মনত শিহঁৰিত হৈ উঠে এক অজানা শিহৰণ। ভাললগাবোৰ জাগি উঠে স্বতঃস্ফূৰ্তভাৱেই। মন-প্ৰাণ পুলকিত হৈ পৰে।
ব্যৱহাৰিক দিশৰ পৰা চাবলৈ গ’লে বিহুৱানখন মূলতঃ সবাতোকৈ আদৰণীয় আৰু সন্মানসূচক হিচাপে ব্যৱহত হৈ আহিছে। বিহুৰ দিনা জ্যেষ্ঠজনক সন্মান জনাবলৈ বিহুৱানখনেই অমূল্য উপহাৰ হিচাপে গণ্য কৰা হয়। বিহুৱানখনত আছে আন্তৰিকতা, মৰম আৰু শ্ৰদ্ধা। প্ৰেয়সীয়ে প্ৰেমিকক দিবলৈ চ’তৰ পৰাই প্ৰস্তুতি চলায় ৰঙা সূতাৰ গুটি ফুলৰ গামোচাৰ।
বিহুৱানৰ বাহিৰেও আমি গামোচাক বিভিন্ন নামেৰে নামাকৰণ কৰি আহিছোঁ। গামোচাৰ ইতিহাস বহু পুৰণি। পুৰণি কামৰূপ ৰাজ্যৰ ৰজা ভগদত্তই অসমীয়া শিপিনীৰে তৈয়াৰী গামোচাৰ ব্যৱহাৰৰ পৰাই বৰ্তমানলৈ গামোচাই যথেষ্ট সমাদৰ লাভ কৰি আহিছে। পৰম্পৰাগতভাৱে গামোচাখন যদিও অসমীয়া মানুহে গা-ধোৱাৰ পাছত গা মুচিবলৈহে ব্যৱহাৰ কৰে, তথাপি বিভিন্ন নামেৰে এই সম্পদ বিধক নামাকৰণ কৰা হৈছে, উদাহণস্বৰূপে বিহুৱান, দৰা বৰণৰ গামোচা, আনাকটা, গোঁসাই গামোচা, উকা গামোচা, তিয়নি গামোচা ইত্যাদি।
গামোচা অসমীয়া মানুহে সাংস্কৃতিক সন্মানৰ প্ৰতীক হিচাপেও ব্যৱহাৰ কৰে। যোৱা ২০২২ চনৰ ১৩ ডিচেম্বৰত ভৌগোলিক ও প্ৰদৰ্শন (পঞ্জীয়ন তথা সংৰক্ষণ) নিয়মৰ অধীনত ১৯৯৯ অনুসৰি ভাৰত চৰকাৰে আমাৰ হেঁপাহৰ গামোচাখন ভৌগোলিক উপদৰ্শন পঞ্জীয়ন (GI tag) ত সন্নিৱিষ্ট কৰে।
বিহু উৎসৱৰ লগত গামোচাৰ বিশেষ সম্পৰ্ক আছে। বিহুৰ দিনা চেনেহ আৰু সন্মান প্ৰদৰ্শন কৰি বিহুৱান যঁঁচা হয়। সেই বিহুৱান লৈ ডেকা-বুঢ়াই বিহুলৈ ওলাই যায়। ফুলাম বিহুৱানখনেই সংস্কৃতিৰ আপুৰুগীয়া সম্ভাৰ হিচাপে সমগ্ৰ বিশ্বৰ দৰবাৰতে চিনাকি দিবলৈ সক্ষম হৈছে। সাংস্কৃতিক শিপাডাল শক্তিশালী কৰি ৰাখিবলৈ হ’লে উৎসৱ-পাৰ্বনসমূহত, ক্ৰমান্বয়ে গোলকীকৰণৰ সংস্পৰ্শত নিজকে আঢ্যৱন্ত হিচাপে প্ৰদৰ্শন কৰিবলৈ পশ্চিমীয়া উদ্যোগৰ শিপাডালত বিলীন নহৈ জাতীয় ঐক্য, আধ্যাত্মিক আৰু সামাজিক মূল্যবোধেৰে জীয়াই থাকি জাতিটোক জীয়াই ৰাখিব লাগিব।
জাতীয় জীৱনৰ ধমনী ৰঙালী বিহুৰ ৰঙা সূতাৰ গুটি ফুলবোৰ আটোলটোলকৈ ৰখাৰ দায়িত্ব বৰ্তমান উঠি অহা প্ৰজন্মৰ। নিজস্বতা নেহেৰুৱাই অসমীয়াৰ তাঁতশালখন আৰু হেঁপাহবোৰ ধৰি ৰাখিবলৈ এতিয়াই প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক-ন’হলে ভূপেন হাজৰিকাই তেঁওৰ গীতত গোৱাৰ দৰে আমাৰ দায়িত্ব, মৰ্য্যাদা আৰু কৰ্তব্যক আওকাণ কৰিলে এদিন বিশ্বই আমাক বৰকৈ হাঁহিব।
(লেখিকা ঃ শিক্ষয়িত্ৰী, ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা)