ৰাতুল বৰুৱা

পৃথিৱীত সেউজীয়া গছ-বন থাকিলেহে আমি জীৱবিলাক জীয়াই থাকিম। মানুহ অবিহনেও প্ৰকৃতি অনন্তকাললৈ জীয়াই থাকিব, কিন্তু প্ৰকৃতি অবিহনে মানুহৰ জীৱন প্ৰক্ৰিয়া অসম্ভৱ । মানুহৰ বিৱৰ্তনৰ ক্ষেত্ৰত প্ৰকৃতি সৃষ্ট অৰণ্যৰ গছ-লতা, তৰু-তৃণৰ ভূমিকা অপৰিসীম। খাদ্য, বস্তু, বাসস্থানৰ লগতে প্ৰকৃতিৰ সেউজ সম্ভাৰৰ পৰাই মানুহে ৰোগ নিৰাময়ৰ আঘোষ উপাদানো আহৰণ কৰিছে। প্ৰকৃতিৰ বুকুৰ প্ৰতিবিধ গছলতা, তৰু-তৃণ চিনাক্ত কৰা, তাৰ প্ৰকৃতি নিৰ্ণয় কৰা আৰু মানৱ দেহত তাৰ গুণাগুণ পৰীক্ষা কৰা–এই সকলোবোৰ মানৱ বিৱৰ্তনৰ মাজেৰে সম্পন্ন হৈ উঠিছে। প্ৰাচীন কালৰ পৰা উদ্ভিদ জগতৰ ফল-ফুল, ছাল-মূল, পাত-ৰস আৰু প্ৰাণী জগতৰ কিছু সংখ্যক প্ৰাণীৰ গাখীৰ, কণী, মাংস, ছবুল আনকি মল-মূত্ৰৰ ওঁষদি গুণৰ যোগেদি বেমাৰ-আজাৰৰ চিকিৎসা চলি আহিছে। আমাৰ সমাজৰ লোকবিশ্বাসত এনে কিছুমান ব্যৱস্থা আছে যি ব্যৱস্থাত সহজলভ্য ওষধি দ্ৰব্যৰ মাধ্যমত চিকিৎসক অবিহনেই চিকিৎসা কাৰ্য সম্পন্ন কৰা হয়। অনেক লোকৰ মুখে-মুখে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ এই দৰবৰ গুণাগুণসমূহ প্ৰৱাহিত হৈ আহিছে। বিস্বাস আৰু পৰম্পৰাৰ আধাৰত জনশ্ৰুতি মাজেৰে প্ৰচলিত এনে চিকিৎসা পদ্ধতি লোক-ঔষধি বা জনগোষ্ঠীয় ঔষধি হিচাপে পৰিচিত।
প্ৰকৃতিৰ প্ৰত্যেকজোপা উদ্ভিদৰ কিবা নহয় কিবা এটা ঔষধি গুণ আছে, যিবোৰৰ অধ্যয়ন এতিয়াও সঠিকভাৱে হোৱা নাই। অজ্ঞতা আৰু এলেহুৱা স্বভাৱৰ দোষত আমাৰ মানুহে এনেহেন সহজলভ্য বনা ঔষধিবিলাক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকা নাই। অথচ ঔষধি উদ্ভিদৰ বিষয়ে আমি আদিম যুগৰে পৰা তথ্য লাভ কৰি আহিছোঁ। ভাৰতীয় চিকিৎসাত ১০৪ বিধ গছ-গছনি বিশেষভাৱে প্ৰয়োজনীয় আৰু আমাৰ খাদ্য হিচাপে ব্যৱহাত বনপাত, শাক-পাচলি আৰু ফল-মূলবোৰও ঔষধি গুণেৰে পৰিপূৰ্ণ। লোক-ঔষধি কেতবোৰ উদ্ভিদৰ গুণাগুণ অতিশয় ফলপ্ৰসু। পেটৰ অসুখত মানিমুনি, মছন্দৰী বা মধুৰি পাত ওষধি হিচাপে ব্যৱহাৰ হয়। সৰু ল’ৰা-ছোৱালীৰ কাহ, পানীলগা জ্বৰত বচ আৰু নহৰু মালা গাঁঠি ডিঙিত পিন্ধায় । বসন্ত ৰোগৰ প্ৰতিষেধক হিচাপে মহানিমৰ পাত খায়। জ্বৰ মূৰত উঠিলে ছালকুঁৱৰী, জবাফুল আৰু পাত খুন্দি কপালত লগায়। জণ্ডিচ ৰোগত কুঁহিয়াৰ, কৰদৈ আদি বাধ্যতামূলক পথ্য হিচাপে গণ্য কৰা হয়। প্ৰসূতাৰোগত ভেদাইলতা, শুকলতি আৰু গাৰ বিষত পচতীয়া, এৰাপাত বা আকণপাত ব্যৱহাৰ কৰা হয়। উচ্চ ৰক্তচাপত ভোগালোকে নিয়মিতভাৱে নেফাফু খায়। সাধাৰণ কটা-ছিঙাত গোছোৱা বন, দুবৰি বন, কেঁহৰাজ খুন্দি আঘাত পোৱা অংশত লগায়। আমাৰ বাৰী-চোতালত, পথাৰ-সমাৰ আদিত হাতী খুতৰা, লচ্‌কচি, সৰু মানিমুনি, বৰ মানিমুনি, মেচাকি, পিৰালি পালেং, মেদেলোৱা বা বাৰী সুন্দৰী, সৰু টেঙেচী, বৰ টেেãচী, কচুলতি, ব্ৰাহ্মী, নেফাফু, মধু সোলেং, বাৱৰি, শকুলতি, দোৰণ বন, পদিনা, টেঙামৰা, মিঠামৰা, চকমৰা, চেংমৰা, মেটেকা ফুল, বন কুঁহিয়াৰ, দুপৰ টেঙা, এগেৰুৱা, ঢাপতিতা, টংলতি, কেহেৰু, ভেকুৰি গুটি, তেজমুৰি, মেজেঙা, ফুটকলা, মৰিচা, তৰাগঁজালি, জেতেলী পকা, পুনৌনুৱা, লেহেতি, মান ধনীয়া, জলকীয়া আদি। ইয়াৰ উপৰিও গ্ৰামাঞ্চল লোকৰ খাদ্য সম্ভাৰত বিভিন্ন ধৰণৰ বনশাক অন্তৰ্ভুক্ত হৈ আছে। গৰু বিহুৰ দিনা এশ এবিধ বনশাক একেলগে ভাজি খালে গোটেই বছৰটো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি বুলি লোকবিশ্বাস প্ৰচলিত আছে। বনশাকৰ কিছুমান কেঁচাই, কিছুমান সিজাই, কিছুমান পাতত দি আৰু কিছুমান আঞ্জা ৰান্ধি খোৱা হয়। এনেধৰণৰ কেইবিধমান বন শাক হ’ল– মাটিকান্দুৰী, পকমৌ, তিতাফুল, লাইজাবৰী, হেলঞ্চি, বন জালুক, টেঙেচি আদি। এনেদৰে বিভিন্ন ধৰণৰ কচু যেনে– বৰ কচু, দহি কচু, পানী কচু, এডলীয়া কচু, কলীয়া কচু, ওল কচু, তেলী কচু, গোন্ধ কচু, চেমা কচু, ডাইনী কচু, শিল কচু, ধমনা কচু, লচ কচু, টেকেলীয়া কচু, কণী কচু, আহিনীয়া কচু আদি। সততে ভাতৰ লগত খোৱা মেচাকি, মেজেঙা, নেফাফু, চেংমৰা, নলটেঙা, বাঘ আঁচোৰা, উৰিয়ামৰ কুঁহি, ভেদাইলতা, মছন্দৰী আদি গছ- বন, লতা-পাতে অজানিতে দৰৱৰ কাম কৰে। সেইদৰে তিতাফুল, শেৱালিফুল, ৰঙালাওৰ ফুল, কলডিলৰ ফুল, বকফুল, চজিনা আদিয়েও খাদ্যৰ লগতে ওষধৰ কাম কৰে। উদাহৰণস্বৰূপে তিতাফুল, শেৱালি কাহ আৰু জ্বৰত উচ্চ ৰক্তচাপত চজিনা আৰু গৰল ৰোগত কলডিল ঔষধি তালিকাত অন্তৰ্ভূক্ত। লোক-ঔষধি প্ৰস্তুতকৰণত উদ্ভিদৰ গুৰুত্ব অপৰিসীম। বৃক্ষ জাতীয় উদ্ভিদ যেনে- আমলখি, শিলিখা, ভোমোৰা, অৰ্জুন, ক’লা জামু, মণিচাল, মহানিম, বগা চন্দন, অশোক, বৰুণ, চালমোগৰা, কুঁজী থেকেৰা, তেজপাত, বনপিঠা, বকুল, ৰক্ত চন্দন, চজিনা, ৰুদ্ৰাক্ষ, বেল ইত্যাদি।
গু{j জাতীয় উদ্ভিদ যেনে- নৰসিংহ, তৰুৱা কদম, জবা, খৰপাত, জেতুকা, বকফুল, নেফাফু আদি শাক বন তৰাবাঘিনী, চাল কুঁৱৰী, ব্ৰাহ্মী শাক, অশ্বগন্ধা, নয়নতৰা আদি।
লতা জাতীয় উদ্ভিদসমূহ হ’ল– টুবুকি লতা, শগুণী লতা, শতমূল, ঘিলা, জালুক, পিপলি, পাহাৰী পিপলি ইত্যাদি।
পৰাশ্ৰয়ী উদ্ভিদ যেনে– কপৌফুল, ৰূপচকলীয়া আদি। জলজ উদ্ভিদসমূহ হ’ল– পদুম, নিকৰি, বছ, মোঠা গছ, ভেঁট, কলমৌ, লেহেতী শাক, দল, তৰালি, চেংমৰা ইত্যাদি।
অপতৃণ বুলি ধাৰণা কৰা ঘাঁহ বন জাতীয় অবাঞ্চিত অথচ উপকাৰী উদ্ভিদ হ’ল– দোৰোণ বন, নিলাজী বন, ৰঙা বিহলঙণি, হেঁকটীয়া মাহ, জাৰ্মানী বন, মৰলীয়া, বন ঘেঁহু, লতা কুঁহিয়াৰ, কলিয়া লতা, ধঁপাত তিতা, মেছেলৱা জেটুকি পকা, কণাশিমলু, টেঙেচী, দুবৰি বন, দলিচা ঘাঁহ আদি।
এনেদৰে থলুৱা ফল-মূল হ’ল– বগৰী, আহোম বগৰী, কৰদৈ, নুনী গুটি, চিৰাল, মৌচুমী টেঙা, জলফাই, তেতেলী, মধুৰী আম, ডালিম, আম, তৰমুজ, লিচু, সুমথিৰা টেঙা, নাৰিকল, অমিতা, আনাৰস, নাচপতি, নৰাবগৰী, জেতুলী পকা, খেজুৰ, আটলাচ, অমৰা, বগা জামু, ক’লা জামু, শিলিখা, আমলখি, ভোমোৰা, গছবেল, থেৰেজু, বিৰাজৰা, কাজিনেমু, গোলনেমু, ৰবাব টেঙা, চোকা টেঙা, চকলা টেঙা, জোল টেঙা, লেটেকু, হেলছ, জলফাই, লতাবেল, মিৰিকা টেঙা, কঠাল, কোটকোৰা, বেতগুটি ইত্যাদি।
সচৰাচৰ স্বাভাৱিকভাৱে গজি উঠা উদ্ভিবোৰে মানুহৰ দেহত পৃষ্টি, শক্তি বৃদ্ধি কৰে। অনাদি কালৰ পৰা
আয়ুৰ্বেদিক শাস্ত্ৰসমূহেও খাদ্য আৰু ঔষধৰূপে ব্যৱহাৰ হোৱা উদ্ভিদৰ গুণা-গুণ উল্লেখ কৰি আহিছে। ঋষি-মুনিবিলাকেও প্ৰকৃতিৰ মাজতে আশ্ৰম পাতি প্ৰকৃতি প্ৰদM শাক-পাচলি, ফল-মূল খাই নিৰোগী জীৱন পাৰ কৰিছিল। প্ৰকৃততে প্ৰকৃতিৰ চিৰসেউজীয়াতে জীৱবিলাকৰ খাদ্য, ঔষধ আৰু স্বাস্থ্য অন্তৰ্নিহিত হৈ আছে। আজিৰ পৰা ৫,০০০ বছৰৰ পূৰ্বে ভাৰতবৰ্ষৰ ঋষি¸-মুনিসকলে বনৌষধিৰ দ্বাৰা সৰু-বৰ ৰোগ নিৰাময় কৰি জীৱন যাপন কৰাৰ কথা আয়ুৰ্বেদ শাস্ত্ৰত লিপিবদ্ধ হৈ আছে। অথৰ্ৰ্ববেদত সকলো প্ৰকাৰৰ বনৌষধিৰ নিৰ্ণয় আছে। লক্ষ্মণ যেতিয়া শক্তিশেলত পৰে তেতিয়া সুখেন বৈদ্যই বিশল্যকৰণী, সঞ্জীৱনী আৰু মৃতসঞ্জীৱনী এই তিনি প্ৰকাৰৰ বনৌষধিৰে লক্ষ্মণক প্ৰাণদান দিছিল। এইবোৰেই আদি বনৌষধিৰ জ্বলন্ত প্ৰমাণ। এইবোৰ বনৌষধিয়েই আদিৰ পৰা যুগে যুগে, পুৰুষে পুৰুষে পৰম্পৰাগতভাৱে পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত ব্যৱহাৰ হৈ আছে। আমাৰ অসমতো অতীজৰে পৰা বন দৰৱ বা লোক-ঔষধি ব্যৱহাৰ কৰি মানুহ আৰু ঘৰচীয়া জীৱ-জন্তুৰ বিভিন্ন ৰোগ নিৰাময় কৰা পৰম্পৰা প্ৰচলিত হৈ আছে। অসমৰ লোক-চিকিৎসা ব্যৱস্থাত বৈদ্য, কবিৰাজ, বেজ আদিয়ে অৰিহণা আগবঢ়াই আহিছে।
এটা কথা স্পষ্ট যে, আমাৰ চৌদিশ-চৌপাশ মানুহ আৰু পোহনীয়া জীৱৰ সৰু-বৰ ৰোগ প্ৰতিৰোধকাৰী ঔষধি উদ্ভিদেৰে পৰিপূৰ্ণ। ঔষধি উদ্ভিদ প্ৰয়োগেৰে শাৰীৰিক তথা মানসিক উত্তৰণ ঘটোৱাটো আমাৰ জীৱনৰ বাবে অপৰিহাৰ্য। অসুখ-বিসুখ হ’লে চিকিৎসা কৰি আৰোগ্য হোৱাতকৈ ৰোগ প্ৰতিৰোধ কৰাটোহে যুক্তি সংগত। কাৰণ প্ৰতিকাৰতকৈ প্ৰতিৰোধ সদায় শ্ৰেষ্ঠ।

(লেখক ঃ এগৰাকী লোক-ঔষধি চিকিৎসক, প্ৰকৃতিপ্ৰেমী)