যোগানন্দ গগৈ
অৱতৰণিকা ঃ
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন নামেৰে পৰিচিত এই বিহু সন্মিলনখনি লক্ষীমপুৰ জিলাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ঘিলামৰা কৃষ্টি ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হয়। এই বৰ্ষত সন্মিলনখনি ৬৫ সংখ্যক সন্মিলন হিচাপে অহা ইংৰাজী ২৩, ২৪ আৰু ২৫ এপ্ৰিল, ২০২৪ (১০, ১১ আৰু ১২ ব’হাগ)ত উদ্যাপিত হ’ব। সোৱণশিৰি ৰাজহ চক্ৰ আৰু ঘিলামৰা উন্নয়ন খণ্ডই ৯ টা গাঁও পঞ্চায়তক সামৰি লয় যদিও এই বিহু সন্মিলনখনে প্ৰধানতঃ ঘিলামৰা, বৰদৈবাম, দেৱলীয়া গাঁও পঞ্চায়ত আৰু দাঁতিকাষৰীয়া দক্ষিণ, বাংক্লেং, কেছেৰুগুৰি (বিলমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত), খঙীয়া চাপৰি, লগুৱাবড়া, বৰহমঠুৰিয়ণি, পেহিয়াতি, গুৰথালি (ঘূগুহা গাঁও পঞ্চায়তৰ অন্তৰ্গত) ধেনুখনা, বাটমাৰী (ধেনুখনা-বাটমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত) আদি অঞ্চলসমূহকো সামৰি লয়। বিহু সন্মিলনখনিত গাঁওসমূহৰ অংশগ্ৰহণলৈ দৃষ্টি ৰাখিলে দেখা যায় যে, ঘিলামৰা পঞ্চায়তৰ ১৩ খন গাঁও, বৰদৈবাম পঞ্চায়তৰ ২১ খন গাঁও, দেৱলীয়া পঞ্চায়তৰ ১৯ খন গাঁও আৰু সমীপৱৰ্তী প্ৰায় ১০ খন গাঁও সামৰি আনুমানিক ৬৩ খন গাঁৱৰ ৰাইজ আৰু যুৱক-যুৱতীয়ে সহযোগ কৰি আহিছে। সাম্প্ৰতিক সময়ত এই অঞ্চলত বহুকেইখন মঞ্চ বিহু উদ্যাপিত হোৱাত গাঁওসমূহৰ সহযোগিতা পূৰ্বতকৈ কিছু কম দেখা যায়। চৌষষ্টি বছৰীয়া ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে, বৰ্তমান ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন নামেৰে জনাজাত এই বিহু সন্মিলনখনি বৰভঁূইকপৰ প্ৰায় এটা দশকৰ পিছতে আৰম্ভ হৈছিল। সেই সময়ত নৈৰ পাৰত, আঁহতৰ তলত, মুকলি পথাৰত ডেকা আৰু গাভৰুসকলৰ বিহু তথা গৃহস্থৰ চোতালত হুঁচৰি গোৱা পৰম্পৰা আছিল যদিও আমাৰ অঞ্চলৰ বাবে মঞ্চ বিহুৰ ধাৰণা প্ৰায় নতুন আছিল। কঁঢ়া, কুমতীয়া আৰু চামপৰা নদীৰে পৰিৱেষ্টিত আমাৰ অঞ্চলটিত আঞ্চলিক ভিত্তিত ১৯৬১ চনত ৰাইদঙ্গীয়া গাঁও নামঘৰৰ ভেটিত ৰাজহুৱাকৈ বিহু সন্মিলন এখনি প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল। কোনো ব্যক্তিয়ে মত প্ৰকাশ কৰে যে, এই বিহুখনি ১৯৫৯ চনতেই উদ্যাপনৰ প্ৰস্তুতি আৰম্ভ হৈছিল। উদ্যাপন সমিতিৰ সভাপতি আছিল জালভাৰী গাঁৱৰ হৰিচন্দ্ৰ গগৈ আৰু সম্পাদক আছিল ৰাইদঙ্গীয়া গাঁৱৰ তীৰ্থনাথ বৰুৱা। ‘ঘিলামৰা আঞ্চলিক বিহু সন্মিলন’ নামেৰে উদ্যাপন কৰা এই বিহু সন্মিলনখনি সময়ৰ অগ্ৰগতিত ‘ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন’ হিচাপে আজিও জিলিকি আছে। ১৯৬১-৬২ চনৰ পিছত এই আঞ্চলিক বিহুখনি কলিতা গাঁও, ঘাঁহি গাঁও, ভকত গাঁও, আৰু চেতিয়া গাঁৱৰ মাজত থকা ‘দ পথাৰ’তো ঘিলামৰাবাসীয়ে উদ্যাপন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ঘিলামৰা উচ্চ মাধ্যমিক বিদ্যালয় (বৰ্তমান উচ্চতৰ)ৰ খেলপথাৰত অস্থায়ী মঞ্চ নিমাৰ্ণ কৰি যুৱ সমাজে ৰাইজৰ সহযোগত উলহ-মালহেৰে আঞ্চলিক বিহু সন্মিলনখনি অনুষ্ঠিত কৰিছিল। সেই স্থানত চাৰি-পাঁচ বছৰমান বিহুখন উদ্যাপন কৰিছিল। ৰাইজৰ সুবিধা অনুসৰি ঘিলামৰা আঞ্চলিক বিহু সন্মিলনখনি এনেদৰে ভিন্ন স্থানত উদ্যাপন কৰা হৈছিল।
বিংশ শতিকাৰ সত্তৰ দশকত ঘিলামৰাৰ সামগ্ৰিক উন্নয়নৰ বাবে ঘিলামৰা উন্নয়ন সমিতি গঠন হৈছিল। ঘিলামৰা শিশু উদ্যানত প্ৰায় ১৯৭৯ চনত ৰাইজে কাঠৰ খঁুটা, বাঁহ-বেত, খেৰেৰে ঘিলামৰা কৃষ্টি ভৱন গৃহ নিমাৰ্ণ কৰিছিল। এই সময়ছোৱাৰ ভিতৰতে ঘিলামৰা শিশু উদ্যানৰ বাকৰিলৈ ঘিলামৰা আঞ্চলিক বিহু সন্মিলনখনি স্থানান্তৰিত হ’ল। ইয়াৰ পিছৰে পৰা ঘিলামৰা উন্নয়ন সমিতিয়ে উদ্যোগ লৈ আঞ্চলিক বিহু সন্মিলনখনি আগুৱাই নিলে। শিশু উদ্যানৰ সন্মুখত থকা ডাঙৰ মজ গছজোপাৰ তলত ৰাস্তাৰ কাষত ফিল্ডলৈ সন্মুখ কৰি অস্থায়ী বিহুমঞ্চ নিমাৰ্ণ হৈছিল। এনেদৰে বহু বছৰ ঘিলামৰা আঞ্চলিক বিহু সন্মিলন উদ্যাপন কৰাৰ পিছত ১৯৯৯ চনৰ এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত সৰ্বসন্মতি সাপেক্ষে বিহু সন্মিলনখনিৰ পূৰ্বৰ নাম সলনি কৰি ‘ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন’ নামেৰে ৰাইজে নামকৰণ কৰে। সেই ৰাজহুৱা সভাতে বিহু সন্মিলনখনি প্ৰতি বছৰে সুচাৰুৰূপে উদ্যাপন কৰিবলৈ এখনি স্থায়ী সমিতি গঠন কৰা হয়। এই নিয়ম আজিও অব্যাহত আছে। ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ প্ৰথমখন স্থায়ী সমিতিৰ সভাপতি আছিল প্ৰয়াত তোষেশ্বৰ চেতিয়া আৰু সম্পাদক আছিল প্ৰয়াত পৰমানন্দ গগৈ। ২০০২-২০০৩ বিত্তীয় বৰ্ষত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী বিহু মঞ্চ এটি নিমাৰ্ণৰ আধাৰশিলা স্থাপন হয়। সেই সময়ৰ লক্ষীমপুৰ জিলা পৰিষদৰ সদস্য ৰত্নেশ্বৰ টাইদ ডাঙৰীয়াই জিলা পৰিষদৰ পুঁজি মঞ্চটি নিমাৰ্ণৰ বাবে আৱণ্টন দিয়ে। এই স্থায়ী মঞ্চটি নিৰ্মাণ কৰাত ঘিলামৰাৰ অন্যতম সমাজকৰ্মী পূৰ্ণানন্দ দত্ত, গুণ হাজৰিকা, দ্বীপেন হাজৰিকা, পৰমানন্দ গগৈ, সেই সময়ৰ ঘিলামৰা আৰক্ষী চকীৰ বিষয়া দ্বিপেন গগৈ আদি ব্যক্তিসকলে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। স্থায়ী বিহু মঞ্চটি নিৰ্মাণৰ কাম ২০০৪ চনত সম্পূৰ্ণ হয়। স্থায়ী বিহু মঞ্চটি নিৰ্মাণ হোৱাত ৰাইজৰ বহু দিনীয়া এটা সমস্যা সমাধান হ’ল। অৱশ্যে ২০২৩ চনত এই বিহু মঞ্চটি মেৰামতিৰ বাবে লক্ষীমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁয়ে জিলা পৰিষদীয় শিতানৰ পৰা পঁুজি আৱণ্টন দিয়ে। লক্ষীমপুৰ জিলাৰ বিহু মঞ্চসমূহৰ ভিতৰত এই মঞ্চটিও অন্যতম বুলিব পাৰি। ঘিলামৰা ৰাইজৰ সম্প্ৰীতি আৰু সমi¤য়ৰ স্থলী তথা অসমীয়া সংস্কৃতিৰ অন্যতম বাহক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি ঘিলামৰাবাসীৰ লগতে প্ৰবাসী ঘিলামৰীয়াৰ বাবে অন্যতম আকৰ্ষণ বুলিব পাৰি। ২০০৮ চনত বিহুখনিৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি বৰ্ষ পালন কৰি ২০০৯ চনত গৌৰৱোজ্বল সোণালী জয়ন্তী মহোৎসৱ পালন কৰা হয়। সোণালী জয়ন্তী বৰ্ষৰ সভাপতি আছিল তোষেশ্বৰ চেতিয়া আৰু সম্পাদক আছিল গোলাপ গোহাঁই। বৰ্ণাঢ্য ভাৱে আয়োজন কৰা সোণালী জয়ন্তী উদ্যাপনৰ কাৰ্যসূচীত অসমৰ লোক-সংস্কৃতিৰ অন্যতম গৱেষক ড০ অনিল শইকীয়া, বিশিষ্ট লেখক ইছমাইল হুছেইন, বিশিষ্ট সাহিত্যিক ড০ প্ৰবীন শইকীয়া, উমেশ চেতিয়া, ড০ শিৱপ্ৰসাদ গগৈ, খগেশ্বৰ পেগু, ধৰ্মকান্ত মিলি আদি ব্যক্তিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল।
অনুভৱৰ স্বৰলিপি ঃ
পূৰ্বাপৰ চলি থকা কিছু কাম বা পৰম্পৰা পৰিৱৰ্তিত পৰিৱেশ-পৰিস্থিতি আৰু সময়ৰ আহ্বানত সাল-সলনি হয়। সমাজে সেইখিনিক আদৰি লয়। কৃষ্টি সংস্কৃতিলৈও এনে পৰিৱৰ্তন বা পৰিবৰ্ধন আহে। বসন্ত আগমনৰ বাতৰিত মুকলি পথাৰত, নৈৰ পাৰত, গছৰ তলত চ’ত মাহৰ মাজভাগত আৰম্ভ হোৱা ডেকা-গাভৰুৰ বিহুৱে আজি সাজ সলাইছে। বছেৰেকৰ বিহুত গৃহস্থৰ চোতালত গাঁৱৰ হুঁচৰি দলৰ পদধূলা, কুশল-মঙ্গলৰ আশীৰ্বাদ দিয়া পৰম্পৰা সীমিত হৈ আহিছে। মঞ্চ বিহু, বিহু সন্মিলন, বিহু উৰুৱা, বহাগী বিদায় আদি অনুষ্ঠানসমূহ বৃদ্ধি হৈছে যদিও ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি আমি আওকনীয়া হৈছো। অতীজৰে পৰা ঘিলামৰা অঞ্চলটো সাংস্কৃতিকভাৱে অতি চহকী। অন্যান্য কৃষ্টি-সংস্কৃতিৰ লগতে উত্তৰ প্ৰজন্মই ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনৰ ঐতিহ্য, পৰম্পৰা আৰু নিয়ম-নীতিসমূহ জ্ঞাত হ’ব পৰাকৈ তথা অনাগত সময়ত এই অনুষ্ঠানটিক অধিক উজ্জীৱিত কৰাৰ আশাৰে এই লেখাটিত সন্মিলনখনিৰ এটি ৰূপৰেখা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।
বিহু সন্মিলনখনিৰ ৰীতি-নীতি আৰু পৰম্পৰা ঃ
(ক) সমিতি গঠন প্ৰক্ৰিয়া ঃ-
বিহু সন্মিলনখনি উদ্যাপন কৰিবলৈ পূৰ্বতে ৰাইজৰ সহযোগত এখন উদ্যাপন সমিতিগঠন কৰি লৈছিল। ব’হাগ মাহৰ প্ৰথম সপ্তাহত দুদিনীয়াকৈ বিহু সন্মিলনখনি উদ্যাপন কৰিছিল। ঘিলামৰা উন্নয়ন সমিতিয়ে উদ্যোগ লোৱাৰ পিছত চ’ত মাহত উন্নয়ন সমিতিয়ে ৰাজহুৱা সভা আহ্বান কৰি উদ্যাপন সমিতি গঠন কৰি দিছিল। ১৯৯৯ চনত ৰাজহুৱা সভাই বিহু সন্মিলনখনিৰ এখন স্থায়ী সমিতি গঠন কৰে। এই পৰম্পৰা আজিকোপতি প্ৰচলিত হৈ আছে। ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া। সদস্যৰ সংখ্যা ১১ ৰ পৰা১৫ জনৰ ভিতৰত হয়। স্থায়ী সমিতিৰ উদ্যোগত প্ৰতি বছৰে উদ্যাপন সমিতি আৰু কৰ্ণধাৰ সমিতি গঠন কৰি দিয়ে। উদ্যাপন সমিতিয়ে সুবিধা অনুযায়ী উপ-সমিতিসমূহ গঠন কৰে। মূল-মূল উপ-সমিতিসমূহ এনেধৰণৰ— প্ৰচাৰ, তোৰণ, মঞ্চ-মণ্ডপ, সাংস্কৃতিক, অতিথি আপ্যায়ন, স্মৃতিগ্ৰন্থ, পতাকা উত্তোলন, শোভাবৰ্ধন, খাদ্য, স্বেচ্ছাসেৱক, পঞ্জীয়ন, পোহৰ, শোভাযাত্ৰা, ক্ৰীড়া, প্ৰদৰ্শনী ইত্যাদি। উপ-সমিতিসমূহে উদ্যাপন সমিতিক সহযোগিতা আগবঢ়ায়।
(খ) বিহু উদ্যাপনৰ তাৰিখ ঃ-
পূৰ্বতে এই বিহু সন্মিলনখনি ব’হাগ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ২ দিনীয়াকৈ উদ্যাপন কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত বহাগ মাহৰ প্ৰথম পষেকৰ ভিতৰত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা পৰম্পৰা গঢ় লৈ উঠিল। ২০০১ চনৰ পৰা ৰাজহুৱা সভাত সাতবিহুৰ ভিতৰতে সন্মিলনখনি উদ্যাপন কৰিবলৈ স্থিৰ কৰি ৫, ৬ আৰু ৭ ব’হাগত প্ৰতি বছৰে ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যাপন তাৰিখ নিৰ্দিষ্ট কৰা হয়। এই নিয়ম বৰ্তমানেও প্ৰচলিত হৈ আছে। কিন্তু এই বৰ্ষত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাত ৫ দিন পিছুৱাব লগা হ’ল। অনাগত সময়ত বিহুখনি নিৰ্দ্ধাৰিত তাৰিখতে অনুষ্ঠিত হ’ব।
(গ) আৰ্থিক দিশ ঃ-
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পুঁজিৰ কোনো স্থায়ী উৎস বৰ্তমানলৈকে নাই। বিহুপ্ৰেমী শুভাকাংক্ষী ৰাইজৰ দান-বৰঙণি আৰু প্ৰয়োজনীয় বয়-বস্তু অনুদানেৰে বিহুখন সাফল্যমণ্ডিত ভাৱে উদ্যাপন কৰা হয়। বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ আৰু নগদ ধনৰ মাননী দাতা হিচাপে ৰাইজে আগবঢ়ায়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ পৰা ন্যূনতম পঞ্জীয়ন মাচুল লোৱা হয়। কোনো বছৰত পুঁজি ঘাটি হোৱাৰ বিপৰীতে কোনো বছৰত ৰাহি হোৱাও পৰিলক্ষিত হয়। ঘাটি বাজেট হ’লে উদ্যাপন সমিতিৰ বিষয়ববীয়াই নিজৰ মাজতে সংগ্ৰহ কৰি ঘাটি পূৰণ কৰে। আনহাতে ৰাহি হোৱা ধনৰাশি স্থায়ী সমিতিৰ নামত অসম গ্ৰামীণ বিকাশ বেংক, ঘিলামৰা শাখাত থকা বেংক একাউণ্টত জমা ৰাখে। বিগত দুটা বৰ্ষত অসম চৰকাৰে বিহু উদ্যাপন সমিতিলৈ আগবঢ়োৱা ১,৫০,০০০.০০ (এক লাখ পঞ্চাশ হেজাৰ) টকাৰ অনুদান এই বিহুখনে লাভ কৰিছে। এই বৰ্ষতো অসম চৰকাৰৰ অনুদানৰ ধনৰাশি এই বিহু সন্মিলনখনিয়ে নিশ্চয় লাভ কৰিব।
(ঘ) প্ৰতিযোগিতাসমূহ ঃ-
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিত সাংস্কৃতিক প্ৰতিযোগিতাৰ উপৰি ব’হাগ বিহুত অনুষ্ঠিত হোৱা পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত হয়। সেই প্ৰতিযোগিতাসমূহ হৈছে- ১/ হুঁচৰি ২/ মুকলি বিহু ৩/ টকা বিহু ৪/ বৰ বিহুৱতী ৫/ বৰ বিহুৱা ৬/ বিহুৱতী ৭/ সৰু বিহুৱতী ৮/ সৰু বিহুৱা ৯/ ঢোল বাদন (উচ্চ, মধ্য আৰু নিম্ন) ১০/ শ্ৰেষ্ঠ পেঁপুৱৈ ১১/ টেকেলী ভঙা ১২/ ৰচী টনা (মহিলা) ১৩/ ভলীবল ১৪/ চিত্ৰাংকন (উচ্চ আৰু নিম্ন) ১৫/ শোভাযাত্ৰা (অংশগ্ৰহণকাৰী কৃষ্টি-সাংস্কৃতিক দলৰ মাজত) ১৬/ পিঠা-পনা ইত্যাদি।
পূৰ্বতে এই বিহু সন্মিলনখনিত দ্বৈত বিহুনাচ, বনগীত, বিহুগীত, বাঁহী বাদন আদি প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল। সেই সময়ত দ্বৈত বিহুনাচ প্ৰতিযোগিতাটি অতি আৰ্কষণীয় আছিল। ল’ৰা-ছোৱালীয়ে যোৰ পাতি যুৰীয়া বিহুনাচ নাচিছিল। আনুমানিক ২০০২ চনৰ পৰা বোৱাৰীসকলে অংশগ্ৰহণ কৰিব পৰাকৈ বোৱাৰী টকাবিহু নামৰ এটি প্ৰতিযোগিতাও এই বিহুখনত অন্তৰ্ভূক্ত হৈছিল। কিছু বছৰৰ পিছত জীয়ৰী আৰু বোৱাৰী টকাবিহু একেলগে অনুষ্ঠিত হ’বলৈ ধৰিলে।
(ঙ) প্ৰতিযোগিতা সম্পৰ্কীয় নিয়মাৱলী ঃ-
গ্ধ এই বিহু সন্মিলনখনিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ বাবে উদ্যাপন সমিতিয়ে নিৰ্দ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰত অস্থায়ী কাৰ্যালয়ত, ফোনযোগে অথবা এই বিহু সন্মিলনখনিৰ অফিচিয়েল ৱেবছাইট bihu.glmruc.in অনলাইন যোগে নাম পঞ্জীয়ন কৰিব লাগে।
গ্ধ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এটি অতি আকৰ্ষণীয় প্ৰতিযোগিতা হ’ল ‘হুঁচৰি’। এই প্ৰতিযোগিতাত কেৱল পুৰুষেহে অংশগ্ৰহণ কৰিব পাৰে। এটি হুঁচৰি প্ৰতিযোগী দলৰ সদস্যৰ সংখ্যা ন্যূনতম ১৮ জন হ’ব লাগিব। পূৰ্বতে এই হুঁচৰি প্ৰতিযোগিতাত কেৱল বয়সস্থলোকেহে অংশগ্ৰহণ কৰিছিল। বৰ্তমান ল’ৰা-ডেকা-বুঢ়া মিলি হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। মাজতে দুই-এবছৰ চেমনীয়া হুঁচৰি প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল। হুঁচৰি প্ৰতিযোগিতাৰ বাবে ২৫ৰ পৰা ৩৫ মিনিট সময় প্ৰদান কৰা হয়।
গ্ধ মুকলি বিহু প্ৰতিযোগিতাত ডেকা-গাভৰুসকলে অংশগ্ৰহণ কৰে। বিহু মঞ্চতে মুকলি বিহু অনুষ্ঠিত কৰা হয় যদিও পুৰণিকালৰ পৰম্পৰা অনুসৰি ডেকা-গাভৰুসকলে সুকীয়া সুকীয়াকৈ বৃত্তাকাৰে নাচ আৰু যোৰা নামেৰে মুকলি বিহু প্ৰতিযোগিতাটি আকৰ্ষণীয় কৰি তোলে। মুকলি বিহু প্ৰতিযোগিতাৰ বাবে ২০ৰ পৰা ২৫ মিনিট সময় প্ৰদান কৰা হয়।
গ্ধ মুকলি বিহু প্ৰতিযোগী দলৰ একোজনকৈ পেঁপুৱৈ ক্ৰমিক নম্বৰে পঞ্জীয়ন কৰি এই প্ৰতিযোগিতাৰ পৰা শ্ৰেষ্ঠ পেঁপুৱৈ হিচাপে বিবেচিত কৰা হয়। আনহাতে হুঁচৰি প্ৰতিযোগিতাৰ পৰা শ্ৰেষ্ঠ বিহুৱা আৰু শ্ৰেষ্ঠ ঢুলীয়া আভ্যন্তৰীণ বিচাৰ পদ্ধতিৰে পুৰস্কৃত কৰা হয়। অৱশ্যে কোনো বৰ্ষত এই নিয়মৰ কিছু সাল-সলনি হয়।
গ্ধ কোনো কোনো অঞ্চলত জেং বিহু নামেৰে প্ৰচলিত গছ তলৰ গাভৰু বিহুক এই বিহুখনিত টকা বিহু নামেৰে জনা যায়। টকা বিহুত বৰ্তমান জীয়ৰী আৰু বোৱাৰী উভয় দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগী দলৰ অংশগ্ৰহণৰ আধাৰত টকা বিহু প্ৰতিযোগিতাৰ বাবে ২০ৰ পৰা ২৫ মিনিট সময় প্ৰদান কৰা হয়।
গ্ধ বৰ বিহুৱতী, বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা এই বিহু সন্মিলনখনিত অতি আকৰ্ষণীয় হয়। সৰু বিহুৱতীৰ বয়স ১১ বছৰ তলৰ হ’ব লাগিব। বিহুৱতীৰ বয়স ১১ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰত হ’ব লাগিব। অন্যহাতে বৰবিহুৱতীৰ বয়স ১৫ বছৰৰ ওপৰৰ হ’ব লাগিব। এই তিনিটা প্ৰতিযোগিতাৰ বিহুৱতীসকলে দলগত ভাৱে নাচ প্ৰদৰ্শন কৰিব লগা হ’লে উদ্যাপন সমিতিৰ দ্বাৰা আমন্ত্ৰিত বিহুৱা দলৰ লগত নাচ পৰিৱেশন কৰিব লাগে। আনহাতে একক ভাৱে নাচ পৰিৱেশনত নিজা বাদ্য-বাদকৰ লগত নাচ প্ৰদৰ্শন কৰিব পাৰে। প্ৰতিযোগী পঞ্জীয়নৰ ওপৰত ভিত্তি কৰি দুটা বা তিনিটা পৰ্যায়ত এই প্ৰতিযোগিতা কেইটাৰ ফলাফল নিৰ্দ্ধাৰণ কৰা হয়।
গ্ধ প্ৰতিটো সাংস্কৃতিক প্ৰতিযোগিতাত প্ৰতিযোগীসকলে মাৰ্জিত জাতীয় সাজ-পাৰ, আ-অলংকাৰ পৰিধান কৰাটো বাধ্যতামূলক। বিহুৱতীসকলে বতৰৰ যিকোনো প্ৰাকৃতিক ফুল পৰিধান কৰিব পাৰে।
গ্ধ একক প্ৰতিযোগিতাৰ প্ৰতিযোগীক প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ক্ৰমিক নম্বৰ বা উপ নামেৰে চিনাক্ত কৰা হয়। নিৰপেক্ষ বিচাৰৰ বাবে এই পৰম্পৰা প্ৰচলিত হৈ আহিছে।
গ্ধ পঞ্জীয়নকৃত প্ৰতিযোগীসকলক উপ সমিতিয়ে প্ৰতিযোগিতাৰ দুই-এদিনৰ পূৰ্বে প্ৰতিযোগিতাৰ সম্ভাব্য সময় জ্ঞাত কৰে।
গ্ধ নিৰ্দ্ধাৰিত সময় মতে প্ৰতিযোগিতা অথবা বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰা এই বিহুখনিৰ অন্যতম পৰম্পৰা।
গ্ধ দলীয় অথবা একক প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ বিচাৰ সম্পৰ্কীয় কিবা ওজৰ-আপত্তি থাকিলে উদ্যাপন সমিতিৰ সভাপতি বা সম্পাদকলৈ লিখিত আবেদন কৰিব পাৰে।
গ্ধ প্ৰতিটো প্ৰতিযোগিতা শেষ হোৱাৰ এক ঘণ্টাৰ ভিতৰত উদ্যাপন সমিতিয়ে ফলাফলসমূহ ঘোষণা কৰে।
(চ) প্ৰতিযোগিতাৰ বিচাৰ পদ্ধতি ঃ-
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিৰ বিচাৰ পদ্ধতি কিছু সুকীয়া। কোনো এটা প্ৰতিযোগিতাৰ বিচাৰকৰ বিচাৰ পত্ৰসমূহ তিনিটা ভাগত বিভক্ত কৰা হয়। প্ৰতিটো ভাগত দুজনকৈ বিচাৰকক নিয়োগ কৰা হয়। প্ৰতিজন বিচাৰকক প্ৰতিযোগিতাটোৰ এশ শতাংশ নম্বৰ বিচাৰ কৰিবলৈ দিয়া নহয়। উল্লিখিত তিনিটা অংশৰ যি অংশত বিচাৰক গৰাকী অধিক দক্ষ সেই অনুপাতে বিচাৰ কৰিবলৈ দিয়া হয়।
এই বিহু সন্মিলনখনিত অধিকাংশ স্থানীয় বিচাৰকক আমন্ত্ৰণ কৰা হয়। কোনো কোনো সময়ত ঘিলামৰা অঞ্চলৰ বাহিৰৰ বিচাৰককো আমন্ত্ৰণ জনোৱা হয়। বিচাৰকসকলক ন্যূনতম মাননি দিয়া পৰম্পৰা আছে। বিগত সময়বোৰলৈ লক্ষ্য কৰিলে দেখা যায় ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত স্থানপ্ৰাপ্ত প্ৰতিযোগীয়ে অসমৰ বিভিন্ন বিহু মঞ্চত শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই বিহুখনিৰ বিচাৰ পদ্ধতিৰ সুকীয়া বৈশিষ্ট্যৰ বাবে বিচাৰ কাৰ্য নিখুঁত আৰু নিৰপেক্ষ হয়।
(ছ) পুৰস্কাৰ ঃ-
প্ৰতিযোগিতাসমূহত পূৰ্বে নগদ ধনৰ মাননিৰ পৰিৰ্ৱতে সা-সামগ্ৰী দিয়া ব্যৱস্থা আছিল। বৰ্তমান কিছু কিছু প্ৰতিযোগিতাত বিভিন্ন উপহাৰ সামগ্ৰীৰ লগতে নগদ ধনৰ মাননি প্ৰতিযোগিতা অনুযায়ী প্ৰদান কৰা হয়। নগদ ধনৰ মাননি স্থায়ী সমিতিৰ অসম গ্ৰামীণ বিকাশ বেংক, ঘিলামৰা শাখাৰ একাউণ্টৰ চেকৰ যোগেদি প্ৰদান কৰা হয়।
চলিত বৰ্ষৰ পৰা এই বিহু সন্মিলনখনিৰ হুঁচৰি প্ৰতিযোগিতাটো অধিক প্ৰাধান্য দি সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা সিদ্ধান্ত লোৱা হৈছে। সেই অনুপাতে এই প্ৰতিযোগিতাৰ নগদ ধনৰ মাননি ১,০০,০০০.০০ (এক লাখ) টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰোপৰি হুঁচৰি দলত অংশগ্ৰহণ কৰা প্ৰতিটো দলক এটি ন্যূনতম নগদ ধনৰ মাননি দিয়াৰ নিয়ম প্ৰৰ্ৱতন কৰা হৈছে।
(জ) স্মৃতিগ্ৰন্থ ঃ-
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এখন বাৰ্ষিক মুখপত্ৰ প্ৰকাশ কৰা হয়। ২০০৮ বৰ্ষৰ পৰা ‘বহনা’ নামেৰে এই মুখপত্ৰখনি প্ৰকাশ কৰি অহা হৈছে। স্থানীয় লেখক-লেখিকা, প্ৰবাসী ঘিলামৰীয়া আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিকসকলৰ কৃষ্টি-সংস্কৃতি তথা অন্যান্য বিষয়ৰ লেখাৰে এই গ্ৰন্থখনি উদ্যাপন সমিতিৰ দ্বাৰা প্ৰকাশ কৰা হয়। বিগত দুটা বৰ্ষৰ পৰা ‘বহনা’খনি ISBN সহ প্ৰকাশ কৰি অহা হৈছে। ২০১৮ বৰ্ষত স্মৃতিগ্ৰন্থখনি উৎপল ফুকনৰ উদ্যোগত ই-সংস্কৰণ হিচাপে প্ৰকাশ কৰা হয়।
(ঝ) বিহু পতাকা উত্তোলন ঃ-
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এটি অন্যতম আকৰ্ষণীয় কাৰ্যসূচী হ’ল বিহু পতাকা উত্তোলন। স্থায়ী সমিতিৰ সভাপতি আৰু উদ্যাপন সমিতিৰ সভাপতিয়ে মূল পতাকা উত্তোলন কৰা সমান্তৰালকৈ ঘিলামৰা অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ দ্বাৰা উদ্যাপন বৰ্ষৰ সম সংখ্যক পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলনৰ সময়ত বিহু প্ৰদৰ্শন আৰু গীত-মাতেৰে মনোৰম পৰিৱেশ সৃষ্টি হয়। বিগত কিছু বছৰৰ পৰা পতাকা উত্তোলনৰ সময়ত পুৰুষোত্তম দাসৰ ৰচিত “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে ….” শীৰ্ষক গীতটি পৰিৱেশনৰ পৰম্পৰা সৃষ্টি হৈছে।
(ঞ) অতিথি আপ্যায়ন ঃ-
অতিথিপৰায়ণ ঘিলামৰাবাসীয়ে এই বিহু সন্মিলনখনিত অতিথি আৰু বয়োজ্যেষ্ঠসকলক বিহু জলপানেৰে আপ্যায়ন কৰে। বিহু উদ্যাপনৰ তিনিওদিন দোকানৰ বিস্কুট-মিঠাইৰ সলনি ঘৰতে বনোৱা বিভিন্ন পিঠা-পনা, লাড়ু আদিৰে অতিথি আপ্যায়ন কৰে।
(ট) শোভাযাত্ৰা ঃ-
এই বিহু সন্মিলনখনিৰ অন্যতম আকৰ্ষণীয় এটি কাৰ্যসূচী ‘বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা’। এই কাৰ্যসূচীত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি, অতীতৰ বীৰ গাঁথা, লোক সংস্কৃতি, লোক পৰম্পৰা, ঐতিহাসিক কীৰ্তিচিহ্ন আদি প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানলৈ অসমৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক, বুদ্ধিজীৱী, সাহিত্যিক, অভিনেতা-অভিনেত্ৰীসকলক আমন্ত্ৰণ কৰা হয়। শোভাযাত্ৰা দলত অংশগ্ৰহণ কৰা কৃষ্টি দলৰ মাজত প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
(ঠ) সম্বৰ্ধনা ঃ-
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত আমন্ত্ৰিত অতিথি, সন্মানীয় দাতা, বিশেষ শুভাকাংক্ষীসকলক বিহুৰ ওলগ আৰু সম্বৰ্ধনা জ্ঞাপন কৰা পৰম্পৰা অতি পুৰণি। থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰী ফুলাম গামোচা, বিহুৱান, চেলেং চাদৰ আদি অংগবস্ত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সময় সাপেক্ষে ঘিলামৰা অঞ্চললৈ বিভিন্ন দিশত গৌৰৱ কঢ়িয়াই অনা কৃতিমান সকলকো বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
(ড) স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান ঃ-
এই বিহু সন্মিলনখনিৰ তৃতীয় দিনৰ অন্তিম কাৰ্যসূচী হিচাপে অসমৰ জনপ্ৰিয় সংগীত শিল্পীক গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হয়। আনহাতে মাজে সময়ে প্ৰতিযোগিতাৰ মাজৰ সময়খিনিত স্থানীয় শিল্পীৰ দ্বাৰা গীত-মাত পৰিৱেশন কৰা হয়।
বৰ্তমান সময়ত আমন্ত্ৰিত শিল্পীৰ মাননি ধনৰ পৰিমাণ অত্যধিক হোৱাত উদ্যাপন সমিতিসমূহ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। আনহাতে সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিত শিল্পী আমন্ত্ৰণৰ কাৰ্যসূচী এৰাই চলিব নোৱাৰা পৰিৱেশ এটাই গা কৰি উঠিছে।
উপসংহাৰ ঃ
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিয়ে সগৌৰৱেৰে ৬৫ টা বছৰত ভৰি দিলে। এই বিহুখনি আগুৱাই নিয়াত বহুতৰে ত্যাগ আৰু কষ্ট জড়িত হৈ আছে। বিহু এখন উদ্যাপন কৰিবলৈ বাহ্যিক ভাৱে যিমান সহজ যেন লাগে প্ৰকৃততে সিমান সহজ সাধ্য নহয়। উদ্যাপন সমিতিৰ নিষ্ঠাৱান কৰ্মকৰ্তাইহে ইয়াৰ অন্তৰালৰ মধুৰতা আৰু তিক্ততা সমানে উপভোগ কৰিব পাৰে। তাহানিৰ জন্মক্ষণৰ পৰা আজি এই পৰ্যায়লৈকে বিহুখনিক আগুৱাই নিয়া কৰ্মকৰ্তাসকল প্ৰকৃততে আমাৰ সংস্কৃতিৰ বাহক আৰু ধাৰক। এই বিহুখনিত সময়ৰ অগ্ৰগতিৰ লগে লগে বহু ৰীতি-নীতি সাল-সলনি হৈছে।বোঁৱতী নদীৰ সদৃশ সংস্কৃতিত এনে পৰিৱৰ্তন আৰু পৰিৱৰ্ধন অৱশ্যম্ভাৱী। সেই বুলি আমি পৰিৱৰ্তন-পৰিৱৰ্ধনৰ নামত পৰম্পৰা আৰু ঐতিহ্যক পাহৰিলে নহ’ব। অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰি ৰাখিবলৈ হ’লে অন্যান্য কৃষ্টি-সংস্কৃতিৰ লগতে বিহুকো নজহা-নপমাকৈ ৰাখিব লাগিব।
ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি যুগ যুগ ধৰি আমাৰ উত্তৰ প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ হ’লে সুপৰিকল্পিতভাৱে আমি আগুৱাব লাগিব। এই বৰ্ষত হুঁচৰি প্ৰতিযোগিতাক অন্যতম মান্যতা প্ৰদান কৰি সদৌ অসম ভিত্তিত উদ্যাপন কৰিবলৈ লোৱাটো এক প্ৰশংসনীয় পদক্ষেপ। একমাত্ৰ বুজন পৰিমানৰ নগদ ধনৰ পুৰস্কাৰে এটা প্ৰতিযোগিতাক মান্যতা দিয়াটো নুবুজায়। এই প্ৰতিযোগিতাটো অনন্যভাৱে অনুষ্ঠিত কৰা, প্ৰতিযোগী দলসমূহক বিহু সন্মিলনখনিৰ প্ৰতি আকৃষ্ট কৰা, দলসমূহক আমাৰ অঞ্চলবাসীয়ে আদৰ অভ্যৰ্থনা জনোৱা ইত্যাদি দিশবোৰৰ ওপৰতো গুৰুত্ব দিব লাগিব। এই বিহু সন্মিলনখনিৰ এটা অফিচিয়েল ৱেবছাইট আছে। কিন্তু এই ৱেবছাইটো সময়মতে নৱীকৰণ কৰা আৰু সন্মিলনখনিৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ অন্তৰ্ভূক্ত কৰি ৰখাৰ দায়িত্ব স্থায়ী সমিতিয়ে আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগিব।
এই বিহু সন্মিলনখনি উদ্যাপনৰ বাবে ৰাইজৰ দান-বৰঙণিৰ বাহিৰে অন্য কোনো স্থায়ী পুঁজিৰ উৎস যিহেতু নাই, সেয়েহে আমি বিহুখনিৰ বাবে এটি নিজা পুঁজিৰ উৎস তৈয়াৰ কৰা পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। লগতে বিহুখনিৰ এখন সংবিধান প্ৰস্তুত কৰি চৰকাৰী পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগে। এখনি অতি পুৰণি বিহু সন্মিলন হিচাপে এই বিহুখনিৰ কিছু সংখ্যক স্থায়ী সদস্য ভৰ্তিকৰণৰ ব্যৱস্থাও নিশ্চয় কৰিব পাৰি। যিহেতু পূৰ্বাপৰ এই বিহুখনিয়ে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি বিহু উদ্যাপন কৰি আহিছে। বিহু কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাক সঠিক ভাবে আগবঢ়াই নিবলৈ ঘিলামৰাবাসী হিচাপে আমি সকলোৱে আন্তৰিকতাৰে কেন্দ্ৰীয় বিহু সন্মিলনখনিত জড়িত হ’ব লাগিব। আন্তঃগাঁথনি নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বিহুখনি উদ্যাপনৰ স্থলী ঘিলামৰা কৃষ্টি ভৱন প্ৰাঙ্গন লাহে লাহে সংকোচন হৈছে। অধিক জনপ্ৰিয়তা আৰু জনসমাগমৰ বাবে এদিন হয়তো এই স্থানত বিহুখনি উদ্যাপন কৰিব পৰা পৰিৱেশ নাথাকিব পাৰে। সেয়েহে সময় থাকোতেই আমি বিকল্প চিন্তাও নিশ্চয় কৰিব লাগিব।
আমাৰ এই আলোচনাত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এটি থূলমূল আভাস দিবলৈ যত্ন কৰা হ’ল। পাঠক ৰাইজৰ গঠনমূলক পৰামৰ্শ পালে অনাগত সময়ত লেখাটি সংশোধন বা সংযোজন কৰাৰ থল থাকিব।
(লেখক ঃ সহকাৰী অধ্যাপক, চিলাপথাৰ টাউন মহাবিদ্যালয়, ফোন নং- ৭০০২৪৯০২৩৯।)