বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্ৰাণ
এনুৱা বিহুটি ন’হব লাগিলে
নৰ’ব অসমৰ মান।
পৰম শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ। বসন্তৰ পৰশ পাই প্ৰকৃতিয়ে ন-ৰূপ লোৱাৰ এই মধুৰ ক্ষণত সকলোটিলৈ ৰঙালী বিহুৰ ওলগ জনালোঁ। অসমৰ প্ৰাণ, অসমৰ মান এই ৰঙালী বিহুটি অবিহনে সঁচাই অসমীয়া জাতি অতি নিঠৰুৱা। একতাৰ ডোলেৰে বৰ অসমৰ ভেটি গঢ়া জাতীয় উৎসৱৰ এই আনন্দৰ মুহূৰ্ত্তত সকলোলৈকে হিয়াভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ।
প্ৰতিজন অসমীয়াৰ দেহ-মন উতলা কৰা অসমীয়াৰ জাতীয় আবেগ ৰঙালী বিহুটি অসমৰ নানান প্ৰান্তৰ লগতে ঘিলামৰাতো ৰাজহুৱাভাৱে উদ্‌যাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। আজিৰ পৰা প্ৰায় ৬৪ বছৰ পূৰ্বে এক শুভক্ষণত জন্ম হোৱা ঘিলামৰা অঞ্চলৰ আঞ্চলিক বিহুটি কালক্ৰমত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন নামেৰে স্বীকৃত হয়। আহি আহি গৌৰৱোজ্জল ৬৫ সংখ্যক বৰ্ষত ভৰি দিয়া এই সন্মিলনখনিৰ স’তে ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ প্ৰায় দুটা দশকেই হ’ল। বিগতবৰ্ষতো সভাপতিৰ আসনত থাকি এই সন্মিলনখনিত জড়িত আছিলোঁ। এই বৰ্ষতো অভাজনৰ তীব্ৰ আপত্তিস্বতেওপুনৰ্বাৰ সভাপতিৰ দৰে গধুৰ দায়িত্ব ৰাইজৰ প্ৰৱল দাবীত মূৰ পাতি ল’ব লগা হ’ল।
মাঘ বিহুৰ ঠিক দুদিন পাছতে ৰঙালী বিহুৰ প্ৰায় তিনিমাহ পূৰ্বে স্থায়ী সমিতিয়ে অনুষ্ঠিত কৰা ৰাজহুৱা সভাত নতুন স্থায়ী সমিতিৰ লগতে উদ্‌যাপন সমিতিখনো গঠন কৰি দিয়ে। নতুন স্থায়ী সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা পৰৱৰ্তী সভাত কেন্দ্ৰীয় ৰঙালী বিহুখনিৰ বিশেষত্ব হিচাপে হুঁচৰি প্ৰতিযোগিতাখনিক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হয়।
নৱ-নিৰ্বাচিত সম্পাদক ৰাজু গগৈদেৱৰ সবল নেতৃত্বত তেতিয়াৰ পৰাই চেগা-চোৰোকাকৈ বিহু উদ্‌যাপনৰ যো-জা আৰম্ভ হৈছিল যদিও চ’ত মাহ সোমোৱাৰ পাছতহে পূৰ্ণগতিত প্ৰস্তুতি চলে। এই সময়ছোৱাত আমি বিভিন্নজনৰ সৈতে প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহৰ বাবে দাতা বিচাৰি যোগাযোগ অব্যাহত ৰাখিছিলোঁ যদিও দাতা হ’বৰ বাবে ইচ্ছুক বহুগৰাকী সদাশয় ব্যক্তিক সময়ত লগ কৰিব নোৱাৰিলোঁ। তাৰবাবে এই আপাহতে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ।
সমগ্ৰ ঘিলামৰাবাসী, প্ৰবাসী ঘিলামৰীয়াৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলৰ উপৰিও এই অঞ্চলৰ কাৰ্যালয়ত কৰ্মৰত বিভিন্ন পৰ্যায়ৰ বিষয়া তথা ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰা অৰিহণাৰে প্ৰায় দহলাখ টকা বাজেটেৰে বিহু এখন অনুষ্ঠিত কৰাটো একেবাৰে মুখৰ কথা নহয়। যিসকল মহান শুভাকাংক্ষীয়ে সাঁচতীয়া ধনৰ এটা অংশ বিহু সন্মিলনখনিলৈ আগবঢ়াই আমাক সহযোগিতা আগবঢ়ালে সেই সকলো ব্যক্তি তথা অনুষ্ঠানলৈ উদ্‌যাপন সমিতিৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। ধনেৰে নোৱাৰিলেও দেহেৰে, দেহেৰে নোৱাৰিলেও মনেৰে যিসকল ব্যক্তিয়ে ছাঁয়াৰ দৰে আমাৰ লগত সহযোগিতাৰে ঘিলামৰাবাসীৰ চেনেহৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি সফল কৰি তুলিলে সকলোলৈকে শ্ৰদ্ধা নিবেদিছোঁ।
পুঁজি সংগ্ৰহৰ বাবে সমগ্ৰ ঘিলামৰাবাসীৰ ঘৰে-ঘৰে যোৱাটো আমাৰ বাবে সম্ভৱ নহ’ল। কৰ্মব্যস্ত জীৱনৰ মাজতো নিজৰ আজৰি সময়খিনি ব্যৱহাৰ কৰি বিভিন্নজনক বিভিন্ন ধৰণেৰে যোগাযোগ কৰিছিলোঁ। এইক্ষেত্ৰত হৈ যোৱা ভুল-ভ্ৰান্তি নিজৰ অনুষ্ঠান বুলি ক্ষমা কৰি দিবৰ বাবে কৰপুতে প্ৰাৰ্থনা জনালোঁ। সকলোকে বিহুতলীত আসনৰ ব্যৱস্থা কৰি দিয়াটো সম্ভৱ নহয়, সেয়া সকলোৰে অনুমেয়। এয়া ঘিলামৰীয়া ৰাইজৰ অনুষ্ঠান। আমি উদ্যোক্তাহে মাত্ৰ। গতিকে নিজৰ অনুষ্ঠানটিৰ সফলতাত আপোনালোকৰ সহযোগিতা আমাৰ সদায় কাম্য।
বিগত স্থায়ী সমিতিৰ কাৰ্যকালতেই ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিৰ বাবে ব’হাগৰ ৫, ৬ আৰু ৭ তাৰিখে স্থায়ী দিন হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছিল। কিন্তু ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচন ৬ ব’হাগত অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষৰ সন্মিলনখনি ১০, ১১ আৰু ১২ ব’হাগলৈ পিছুৱাব লগা হ’ল। অহা বৰ্ষৰ পৰা পুনৰ ৫, ৬ আৰু ৭ ব’হাগতেই এই সন্মিলনখনি অনুষ্ঠিত হ’ব।
অসম চৰকাৰে বিহু সমিতি সমূহলৈ আগবঢ়োৱা ১,৫০,০০০.০০ (ডেৰ লাখ) টকাৰ আৰ্থিক সাহায্য এই বৰ্ষৰ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ বাবে পোৱাৰ ক্ষেত্ৰত শংকা আহি পৰিছিল। কিন্তু শেষ মুহূৰ্ত্তত চৰকাৰে সকলো শংকা নাইকিয়া কৰি আৰ্থিক সাহায্য প্ৰদান কৰিলে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এই সুযোগতে উদ্‌যাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
বিগত বৰ্ষত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এখন স্থায়ী তোৰণৰ আধাৰশিলা স্থাপন কৰা হৈছিল। দাতা আছিল ঘিলামৰাৰ সু-সন্তান চিনাই গাঁৱৰ বাসিন্দা বৰ্তমান গুৱাহাটীৰ নিবাসী শ্ৰীযুত বিদ্যুৎ শইকীয়া। কিন্তু চাৰিসীমাৰ পকী দেৱাল আৰু বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ ব্যস্তসূচীৰ বাবে নিৰ্মাণ কাৰ্য পলম হোৱাত বিহুৰ পূৰ্বে তোৰণখন সম্পূৰ্ণ হৈ নুঠিল। পিতৃৰ সোঁৱৰণত আগবঢ়োৱা তোৰণখনৰ সন্মানীয় দাতা শ্ৰীযুত বিদ্যুৎ শইকীয়াদেৱলৈও এই আপাহতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
বিহু সন্মিলনখনি সফলতাৰে উদ্‌যাপন কৰাৰ বাবে উদ্‌যাপন সমিতিৰ প্ৰতিজন কৰ্মকতালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। প্ৰতিখন উপ-সমিতিয়ে অত্যন্ত দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য পালন কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিলে। বিহুৱেই আমাৰ প্ৰাণ, বিহুৱেই আমাৰ স্বাভিমান। এটি দল হিচাপে ৰাইজৰ সেৱা আগবঢ়াবলৈ বিহুৱেই আমাক বান্ধিলে একতাৰ ডোলেৰে।
সদৌ শেষত বিভিন্ন সময়ত জ্ঞাতে-অজ্ঞাতে হৈ যোৱা ভুল-ভ্ৰান্তিৰ বাবে ক্ষমা-মাৰ্জনা বিচাৰি উদ্‌যাপন সমিতিৰ তৰফৰ পৰা বিহুপ্ৰেমী ৰাইজলৈ বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বাপতিসাহোন ৰঙালী বিহুটিৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ লগতে ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উত্তৰোত্তৰ কামনাৰে —

শ্ৰী দেৱজিত বৰগোহাঁই
সভাপতি
উদ্‌যাপন সমিতি
৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন