দণ্ডিধৰ গোহাঁহ
দিঘলী বিল বুলিলেই মনত পৰে মোৰ ল’ৰালি কাললৈ। দীঘলী বিলৰ পাৰতেই গৰু চৰাই উমলি চেঙেলীয়া কাল পাৰ কৰি সাংসাৰিক জীৱন অতিবাহিত কৰিছোঁ। এতিয়া আমি আছোঁ কিন্তু দীঘলী বিল নাই। হেৰাই গ’ল, মাথোঁ সপোন হৈ ৰ’ল। বিলৰ পাৰৰ জীৱন গাথা অতীত হৈ বিস্মৃতি হ’ল। বিলত থকা মাছ, মেটেকা, কটালি, ষাৰবন, ইয়াত চৰিবলৈ অহা বিভিন্ন প্ৰজাতিৰ চৰাই নোহোৱা হৈ গ’ল, ক’লৈ গুচি গ’ল।
শৰালি চৰাইৰ কলকলনি, বনৰীয়া হাঁহৰ চিঞৰ বাখৰ, ঢেঁৰা চৰাইৰ ডেউকাৰ ঢপঢপনি, জাক-জাক পানী কাউৰীৰ মাছধৰা হেটাওপৰা, গংগা চিলনীয়ে থপিয়াই মাছ কাঢ়ি নিয়া, চাকৈচকোৱাৰ মৰমসনা শব্দবোৰ নাইকিয়া হৈ গ’ল। দীঘলী বিলৰ চৌপাশৰ গাঁওসমূহৰ পৰা অহা মাছমৰীয়াৰ দলবিলাক, ৰিঙিয়াই ৰিঙিয়াই দূৰৰ মাছমৰীয়াসকললৈ জাননী দিয়া সেই দিনবোৰ নাই; কাৰণ দীঘলী বিল নাই।
“দীঘলী বিলতে পল বাই থাকোঁতে
দেহত পীৰিতিৰ জুই”
পল-জাকৈৰে মাছ মৰাৰ সোৱাদ কোনে বাৰু পাহৰিব! কোনোবা ডেকাই বিলৰ পাৰৰ দলনি পথাৰত ম’হৰ পিঠিত উঠি ৰিং মাৰি বনগীত এফাঁকি গাবলৈ সেই বিল ও নাই দলনিও নাই।
এনে এক ৰসাল তথা বিৰহৰ কাহিনী উল্লেখ নকৰিলে যেন অতীতৰ দীঘলী বিলৰ সোৱাদেই নাথাকিব। বহু বছৰ হল, কথাটো কিন্তু এতিয়াও মোৰ মনত সজীৱ হৈ আছে। ব’হাগ মাহৰ শেষৰ ফালৰ এদিন দুপৰীয়া। দলনি পথাৰত দল-ঘাঁহ বিলাক লহপহকৈ বাঢ়ি আহিছে। বিলৰ সিপাৰৰ দলনিত ম’হ এটাৰ পিঠিত উঠি ৰিংমাৰি বনগীত গোৱাৰ পৰিৱৰ্তে যেন কোনোবা ডেকা এটাই ইনাই-বিনাই কান্দিছে। মই কাণেৰে শুনিছোঁ আৰু দুপৰীয়া প্ৰখৰ ৰ’দত দূৰৰ পৰা দেখিছোঁও। কথাটো কি? মোৰ মনত কৌতূহল উপজি আৰু ৰ’ব নোৱাৰি নাৱেৰে বিলখন পাৰ হৈ ম’হৰ পিঠিৰ মানুহটোৰ ওচৰ পালোগৈ। দেখিলো মোৰ চিনাকি এজন ককাই। (নামটো ক’বলৈ বেয়া পাইছো) মই আচৰিত হৈ সুধিলো “তই ককাই কেলৈ কান্দিছ?” মোৰ মাত শুনি সি ম’হৰ পিঠিৰ পৰা নামি দলঘাঁহৰ ওপৰত মোৰ কাষতে বহিল আৰু বৰ দুখেৰে কলে, মোৰ সব গ’ল, তাই (সি মৰমেৰে ভালপোৱা গৰাকীয়ে) মোক বিদায় দিলে। মনত বৰ দুখ লাগিছে, ঘৰত কান্দিব নোৱাৰি কাৰণে ইয়াতে অলপ কান্দি মনটো পাতলাই লৈছোঁ। মোৰো বৰ দুখ লাগিল।
আজি দীঘলী বিলৰ কথা মনত পেলাওঁতে এই জীয়া কাহিনীটো মনত পৰিল কাৰণে উল্লেখ কৰিলোঁ। এনেকুৱা কিমান যে প্ৰেমৰ কাহিনী বিলৰ দুয়ো পাৰে গঢ়িছিল ভাঙিছিল বিলখনেহে জানিছিল।
বৰ দীঘল বিল কাৰণে বোধহয় তাহানি কালতে মানুহে নাম দিছিল দীঘলী বিল। বিলখনৰ লগত সংযোগ আছিল আৰু দুখন বিল। এখন হ’ল গুড়থালী বিল আৰু আনখন আছিল জেঙেৰা বিল। উত্তৰ দিশত থকা গুড়থালী গাঁৱৰ সমীপৰ পৰাই গুৰঠালি বিল আৰম্ভ হৈছিল। এই বিলখনৰ উত্তৰা-দক্ষিনাকৈ উজনি ছোৱা আছিল। গুড়থালী গাঁওখনক কোনো কোনো লোকে ঢেকীয়া গাঁও বুলিও কৈছিল। এই ঢেকীয়া বা গুড়থালী গাঁওখনৰ দক্ষিণ মূৰেদি কুমতীয়া নদী পশ্চিমলৈ বৈ গৈছিল। এই কুমতীয়া সংলগ্ন হোৱাকৈ গুড়থালী বিলখন আছিল। বিলখনে ক্ৰমে তাকলি পথাৰৰপূৱ দিশেদি আহি আজাৰনি চাপৰিৰ জৰি গুৰিৰ কাষেদি ধনী মৌজাদাৰ খুটিত পৰিছেহি। এইডোখৰতে বিলখন পূৱলৈ ভাজ লয় লেলু ঘাটত লগ হয়। ইয়াৰ পৰা উত্তৰ দিশে কিছু দূৰ হৈ বায়নৰ ঘাট। এই ঘাটটোৰ পৰা কিছু দূৰ উত্তৰ মুখী হৈ আকৌ পূৱ দিশে গতি কৰি বিশাল জেঙেৰা বিলৰ লগ লাগিছিল। জেঙেৰা বিলৰ এই অংশ বহুত বহল আৰু গভীৰ আছিল। ইপাৰ সিপাৰ ৰিং মাৰিহে শুনিবলৈ পাইছিল। বিলখনৰ দক্ষিণ পাৰে এডৰা ডাঙৰ চোমনি আছিল। দুই তিনিখনৰ গাঁৱৰ মানুহে কতীয়া, জেঠুৱা, জাৰুৱা, এহুেৰুৱা আদি মুগা পুহিছিল। চোমনিখনৰ পূৰ্ব মূৰত আছিল খুটৰা ঘাট। বিলখনৰ উত্তৰ পাৰে এডৰা ডাঠ নলনিৰ অটব্য অৰণ্য আছিল। খুটৰা ঘাটৰ পূৱ দিশত নাতি দূৰত লখপো ঘাট। ইয়াৰ পিছতে বিলখনৰ সংযোগ হয় ম’হৰ খুটি জানত। এই জানটোৱে ম’হৰ খুটিৰ পুব মূৰত দক্ষিণ ফালে ভাজ লৈ দীঘলী বিলৰ লগ লাগিছিল। এই খুটিটোত চিনাই গোহাঁই গাঁও আৰু ৰাইদঙ্গীয়া গাৱৰ গোৱালসকলে ম’হ বান্ধিছিল কাৰণে মহৰ খুটি।
দিঘলী বিলৰ এই অংশ অতি গভীৰ আৰু বহল আছিল। ৰাইজে এইচোৱাৰ নাম দিছিল “ডুবি মোৰ”। বিলখন ক্ৰমে দক্ষিণ পশ্চিমমুৱা হৈ হাইমৰা ঘাট আৰু ভলুকা পুখুৰীৰ সংযোগ ঘটিছিল। পূৱলৈ অকনমান ভাজলৈ বিলখনে আকৌ দক্ষিণ দিশে ধাবিত হয়। অলপ গৈয়ে ‘লোকনাথ’ ঘাট আৰু অলপ পিছতে ‘কনাকান্ত’ ঘাট। এই কনাকান্ত ঘাটতে মেলেকী গাৱৰ ৰাইজে নাঁও বান্ধিছিল। ইয়াৰ পিছতে সংযোগ ঘাট ‘বৰুনগুৰি’ ঘাটতে আৰু একেবাৰে দক্ষিণ কোনত বিলখনৰ আটাইতকৈ ডাঙৰ ঘাট ‘মকনা’ ঘাট। এইটো ঘাটত দীঘলী, ম’হমৰা, চৌখাম গাঁৱৰ ৰাইজে নাও সমূহ ৰাখিছিল। ইয়াৰ পিছতে বিলখন আকৌ উত্তৰমুৱা হয় আৰু চোমনি ঘাটত লগ লাগে। চুঙীয়াসকলে এইটো ঘাটৰ পৰা পানী খোৱা, মাছ মাৰিবলৈ নাও ৰখোৱা, গা-পা ধোৱা আদি কাম কৰিছিল। ইয়াৰ পৰা উত্তৰলৈ কিছু দূৰ গৈ পুনৰ আকৌ বিলখন পূৱমুৱা হৈ ‘হিজলগুৰি’ ঘাটত লগ লাগে। হিজলগুৰি ঘাটৰ এই অংশত বিলখন বৰ গভীৰ আৰু জয়াল আছিল। ডাঙৰ শালমাছে মাছমৰীয়াক নাৱৰ পৰা বগৰাই দিছিল। এনেকৈ বিলখন পূৱৰ ‘শগুণমৰা’ দলংলৈকে বিস্তৃত আছিল।
তেতিয়াৰদিনত ৰাইজে আমনি নলগাকৈ বিল সলাই সলাই ভাৰে ভাৰে মাছ মাৰিছিল। দূৰ-দূৰণিৰ গাঁওসমূহৰ পৰাও ভাৰ ভেটি লৈ মাছুৱৈ সকল মাছ মাৰিবলৈ আহিছিল। আজিকালিৰ দৰে তেতিয়া খেৱালি জাল, লাঙিজাল নাছিল। বাঁহৰ ডাঙৰ ডাঙৰ জাং পচাৰে মাছ মাৰিছিল। কোনো কোনো লোকে দুই এডাল লোহাৰ তিনিদলিয়া পচাও ব্যৱহাৰ কৰিছিল। জাকৈ চালনীয়েই সৰহকৈ প্ৰচলন আছিল। বিলৰ পানী যেনেকৈ গভীৰ আৰু উদাৰ আছিল মানুহৰ মনবোৰও তেনেকুৱাই আছিল। মাছলৈ অহাসকলৰ লগৰ কোনোবাই মাছ নেপালে লগৰ বিলাকে তেওঁলোকে মৰা মাছ সমানে ভগাই দিছিল। গাঁৱৰ কোনোবাই ডাঙৰ মাছ মাৰিলে ওচৰ-চুবুৰীয়াক এচকল হলেও দিছিল। কিবা কাৰণত যদি কোনোবা এঘৰ মানুহ মাছলৈ যাব নোৱাৰিলে তেওঁলোকক কিন্তু সুদা ভাত খাবলৈ নিদিছিল। দুচকল হলেও মাছ তেওঁৰ ঘৰলৈ আহিছিল। মাছ মাৰি থাকোতে কাৰোবাৰ পচাত ডাঙৰ মাছ লাগিলে ওচৰতে থকা মাত বোল নথকা জনেও নিজৰ পচাপাত দি মাছ ধৰাত সহায় কৰিছিল। এইদৰে বিলৰ মাজতে মিলাপ্ৰীতিৰে মিতিৰালি হৈছিল।
সময়ৰ গতিয়ে মানুহৰ মন সলনি কৰে, উদাৰতা নাইকিয়া কৰে। ‘শুৱনি আমাৰ দীঘলী বিলখনি’-লৈয়ো সংঘাত নমাই আনিলে মানুহে। এয়া আছিল প্ৰায় ১৯৬৯-৭০ চন মানৰ কথা, আমি শুনিছিলো বিলখন ডাক হৈছে, কোনোবাই বিলখন বেচিছে। পিতাদেউহঁতৰ মুখত কথাবোৰ শুনি বৰ আচৰিত হৈছিলো। ধান বেচি পইচা পায়, খেৰ বেচি পইচা পায়, বিলখননো বেচিব পাৰেনে?
তাৰ পিছতে শুনিবলৈ পালো গাঁওসমূহৰ ৰাইজে মিটিং পাতি এই কাৰ্য্যৰ বিৰোধিতা কৰিছে। বিল ডাক হবলৈ নিদিওঁ বুলি পণ কৰিছে। এই কাৰ্য কৰোঁতা সকলক উধাই-মুধাই গালি পাৰিছে। মনৰ খোকোজা বাঢ়ি হৈ থাকিল কাৰণ সৰু-ডাঙৰ সকলোৰে মুখত কেৱল গালি পৰা শুনিলোঁ।
সতীশ গগৈ আছিল ঢকুৱাখনা হিলৈদাৰী গাঁৱৰ মানুহ। তেখেতে ঘিলামৰাত এখন হাইস্কুল প্ৰতিষ্ঠা কৰিবলৈ আহিছিল আৰু সেইমতে কাম-কাজ আগবাঢ়ি গৈ ঘিলামৰাৰ এচাম আগৰণুুৱা ব্যক্তিৰ লগ লাগি বিদ্যালয় স্থাপন কৰিছিল। এই খিনিলৈকে ঠিকেই আছিল। কিন্তু কি দুৰ্বুদ্ধি তেখেতৰ উপজিল যে ঘিলামৰাৰ এচাম মানুহ লগত লৈ দীঘলী বিলখন বিক্ৰী কৰিলে। ঘিলামৰাৰ ৰাইজ জাঙুৰ খাই উঠিল আৰু প্ৰতিবাদ কৰিবলৈ প্ৰতিখন গাঁৱৰ পৰা ৰাইজ ওলাই আহিল। বিলৰ পাৰত সঘনাই মিটিং বহিবলৈ ধৰিলে। ৰাইজে প্ৰতিবাদ কৰি গৈ থাকিল আনফালে শুকানি লগাই জাল পেলাই বিল কিনোতা সকলে মাছ মাৰি গৈ থাকিল। ৰাইজৰ প্ৰতিবাদ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠিল।
এনেকৈয়ে এটা দিন আহিল। ফাগুন মাহৰ ফৰকাল বতৰৰ দিন। জেঙেৰাৰ বৰডুবিত জাল পেলাব বুলি জানিব পাৰিলোঁ। পুৱাৰ পৰাই লানি নিছিগা মানুহ। সকলো মিলি বিলৰ পাৰৰ বহল পথাৰত সমবেত হ’ল। দুপৰীয়া ১২ মান বজাত ময়ো বিলত কি হৈছেনো জানিবলৈ লগত মোহন কাই, ফটিক কাই আৰু টস্কি কাই বিলৰ পাৰ পালোগৈ। গৈয়ে দেখিলোঁ বিলৰ পাৰ লোকে লোকাৰণ্য। চিঞৰ-বাখৰ, হুলস্থুলীয়া শব্দই বিলৰ পাৰ গমগমাই আছে। পানীত দেখিলোঁ মাইকী মানুহৰ দল এটা আগবাঢ়ি হৈ আছে। আগত দেখিলোঁ এগৰাকী ওখ শকত সাহসী মাইকী মানুহ। পিছত জানিব পাৰিলোঁ তেখেত জালভাৰি গাঁৱৰ কানকটা আইতা। পিছে পিছে শ শ মহিলাই ধৰ্ধৰ্-মাৰ্মাৰ্ কৰি আগবাঢ়ি গৈ ডুবিৰ পানীত ঘেৰি ৰখা জালখন হাতে হাতে তুলি পাৰলৈ টানিবলৈ ধৰিলে। বিপদৰ উমান পাই একগাড়ী বন্দুকধাৰী পুলিচ বিলৰ পাৰত উপস্থিত হলহি। ৰাইজক ছত্ৰ ভংগ দিয়াবৰ বাবে ব্লেঙ্ক ফায়াৰ কৰিলে। ৰাইজে ভয় নকৰিলে। কোনেও লৰ নেমাৰিলে। উভতি পুলিচৰ হাতৰ পৰা বন্দুক কাঢ়ি লবৰ বাবে চোঁচাহে ললে। মই দেখিলো বগা ধুনীয়া ধূতী পঞ্জাৱী পিন্ধা এজন মানুহে এজন পুলিচৰ পৰা বন্দুক কাঢ়িবলৈ থাপমাৰি ধৰি দবৰাদবৰি লাগিছিল। পিছত জানিব পাৰিলো এই ধুনীয়া মানুহজন চৌখামঘাটৰ প্ৰয়াত বগা গগৈ।
কেইজনমান ৰাইজৰ বচা বচা নেতাক পুলিচে আতক কৰি ঢকুৱাখনা থানালৈ লৈ গ’ল। মহিলা আই সকলৰ পৰা কিন্তু জালখন কাঢ়ি লব নোৱাৰিলে। জালখন পিছত জুই লগাই পুৰি পেলালে। আটক কৰি নিয়া ৰাইজৰ নেতা সকলক মোকলাই আনিবলৈ ঘিলামৰাৰ পৰা ৰাইজ গৈ ঢকুৱাখনা থানা ঘেৰাও কৰিছিল।
মোকৰ্দমা আৰম্ভ হ’ল। এই মোকৰ্দমা উচ্চ ন্যায়ালয় পাইছিলগৈ। শেষত ৰাইজ জিকিল, বিল মুকলি হ’ল। ৰাইজৰ হৈ নেতৃত্ব বহন কৰা কেইজনমান মুখিয়াল ব্যক্তি আছিল প্ৰয়াত হৰেন গগৈ, মানিক গোহাঁই, বিহুৱা চেতিয়া, বাহাদুৰ গোহাঁই, বংশী চেতিয়া, বুদ্ধেশ্বৰ পণ্ডিত, মহেন্দ্ৰ গগৈ, সুৰেন গোহাঁই আদি। ইয়াৰ পিছত প্ৰয়াত সতীশ গগৈদেৱে ঘিলামৰা এৰি গুচি যাব লগা হ’ল।
বিল মুকলি হ’ল। ৰাইজেও মুকলি মনেৰে আকৌ এবাৰ মাছ মৰাৰ সুবিধা পালে। সেই সময়ত বাৰিষা কালত বিলৰ .পানীৰ লগত সংযোগ ঘটিছিল জীয়াঢলৰ কুমতীয়া নদীৰ পানী। সেয়েহে বিল দেধাৰ মাছেৰে ওপচি আছিল। দিন বাগৰিল, সময় বাগৰিল প্ৰকৃতিয়েও সলনি হৈ ন ৰূপ ধাৰণ কৰিলে। বাৰিষা কালৰ কুমতীয়া নদীৰ ঘেলপৰি গুড়থালী বিল তৰাং হবলৈ ধৰিলে। পিছৰ দুটা বাৰিষাত গুড়থালী বিল পুতি শেষ কৰি পেলালে।
ইতিমধ্যে সেই তেতিয়াই নিৰ্মাণ হৈ উঠিছিল কুমতীয়া নদীৰ দুয়ো পাৰৰ মঠাউৰি। কুমতীয়া নদীৰ দক্ষিণ পাৰৰ মঠাউৰিটোৱে নদীৰ বুকুত থকা গুড়থালী গাঁওখন ভিতৰলৈ কৰি বান্ধি পেলালে। এই মঠাউৰিটো গুড়থালী গাৱৰ পশ্চিম মূৰত অৰ্ধ নিৰ্মিত অৱস্থাত এৰি দিয়া হল। উন্মুক্ত নদীখন মঠাউৰিৰ ভিতৰত বান্ধি দিয়াৰ বাবে অতিশয় উগ্ৰ হৈ পৰিল। পশ্চিম দিশত থকা ডাঙৰ ডাঙৰ বিল ক্ৰমে “মিৰিহাগি” আৰু “গেৰেকী” বিল দুই বছৰৰ ভিতৰত পুতি পেলালে। আমি ভাবিছিলোঁ কুমতীয়া নদীখন যেতিয়া পশ্চিমলৈ প্ৰবাহিত হৈছে আমাৰ দীঘলী বিল আৰু জেঙেৰা বিলৰ ফালে চকু নিদিব। কিন্তু সেয়া হৈ নুঠিল। তাৰ পিছৰ বছৰতে আহাৰ মাহৰ নেৰানেপেৰা বৰষুণৰ ফলত জীয়াঢলৰ প্ৰবাল টৌৱে কুমতীয়া নদীৰ বুকু ফুলাই তোলে। জেঙেৰা বিল আৰু দীঘলী বিলৰ পোনে পোনে উত্তৰ দিশত থকা পেহিয়াতি গাঁৱৰ সমীপতে নদীৰ বাঢ়নি পানীয়ে মঠাউৰিটো চিঙি পেলালে। ইয়াৰ পিছতে আমাৰ অঞ্চললৈ বিভীষিকা নামি আহে। ৰাইজৰ দুখে কুলাই পাচিয়ে নধৰা অৱস্থা হ’ল। খেতি পথাৰসমূহ বালিয়ে পুতি পেলালে।
পেহিয়াতি গাঁৱৰ দক্ষিণ দিশত এখন বৰ লখিমি বিল আছিল। বিলখন ‘জগৰা’ বিল নামেৰে জনাজাত আছিল। অতি গভীৰ বিলখনত শাল, শ’ল, বৰালি, কুঢ়ি, শিঙি, মাগুৰ, কাৱৈ আদি নানা মাছেৰে ভৰি আছিল। জগৰা ঘাটৰ কাষতে জগৰা ডুবিটো আছিল। পোন্ধৰ, ষোল্ল হাত দীঘল লোহাৰ পচা নহ’লে মাছ মাৰিব নোৱাৰে। চুটি কোৱাৰ পচাবোৰ হাতৰ পৰা এৰি দিলে বিচাৰি নেপায়। সৰহীয়া মানুহ নহ’লে এজন বা দুজনে এই ডুবিত মাছ মাৰিবলৈ নগৈছিল, ভয় কৰিছিল। এনেহেন বিলখন চকুৰ পচাৰতে পুতি পেলালে। বিলখনৰ কথা এতিয়া মনত পৰিলে বুকুখন হমহমাই যায়।
আমি নৱমমান শ্ৰেণীত পঢ়ি থকা দিনৰ কথা। ভাদ-আহিন মাহত আমি স্কুল ছুটীৰ পিছত বিলত বৰশী বাবলৈ যাওঁ। চালনীৰে কটালি আৰু মেটেকা এক চালনি জোকাৰিলে এখিনিমান মিছা মাছ পাওঁ, তাৰে আমি বৰশী টোপ দিওঁ। এদিনাখনৰ কথা, শনিবাৰ আছিল কাৰণে স্কুল সোনকালে ছুটী হ’ল। ঘৰলৈ আহি এগৰাহমান খাই তিনিটা বৰশী দাৰি লৈ বিলৰ পাৰ পালোগৈ। দুখন নাৱত টস্কীকাই আৰু মই চালনিৰে মিছামাছ ধৰি কোবেৰে নাও বাই জগৰা বিল পালোগৈ। নলনি জোপাৰ আঁৰ লৈ বৰশী পেলাবলৈ আৰম্ভ কৰিছোঁহে, কান্ধুুলি মাছে বৰশীৰ পোঙা টানি লৈ যায়। সাউত সাউত কৈ চিপিয়াই চিপিয়াই কান্ধুুলি মাছ তুলিবলৈ ধৰিলোঁ। তিনিটা বৰশী দাৰিৰ এটা পেলাবলৈ সময়েই নহ’ল। সন্ধিয়ালৈ মোৰ নাৱত প্ৰায় চাৰিকুৰি কান্ধুলি উঠিল। মোতকৈও বেছি উঠালে টস্কীকায়ে। মাছ বৰশীৰ পৰা এৰুৱাওঁতে কান্ধুুলিৰ কানেৰে হাতৰ বুঢ়া আঙুলি ফালি চিৰাচিৰ কৰিলে। এতিয়া সেই লক্ষিমী জগৰ বিল নাই, আছে মাথোঁ খেতি পথাৰ, ঠায়ে ঠায়ে বগৰী, কঁহুৱা। কথাবোৰ ভাবিলে মনটো চেৰেং চেৰেং কৰে।
জীয়াঢলৰ কোপদৃষ্টি দীঘলী আৰু জেঙেৰা বিলত নপৰাকৈ নেথাকিল। তাৰ পিছৰ দুই বছৰত ঢলৰ পানীয়ে দুয়োখন বিল গ্ৰাস কৰিলে। খেতি পথাৰবোৰ বালিয়ে পুতি পেলালে। আমাৰ চকুৰ আগতে দীঘলী বিলখন এফালৰ পৰা ঢলে গ্ৰাস কৰি পুতি শেষ কৰিলে। আমি অসহায় ভাৱে হুমুনিয়াহ কাঢ়িলোঁ হাঁয়, দীঘলী বিল তুমি ক’লৈ গ’লা! খৰালি আহিল বিলখন বালিময় হ’ল, মাহে-মাহে ঝাওবন, খাগৰি, কঁহুৱা গজিবলৈ ধৰিলে। গোটেই বিলখন নিজম পৰিল। মাটি মুৰলিৰ মানুহে বিলৰ মাটিবোৰ নিজৰ মাটি বুলি অধিকাৰ কৰিলে। বিলখন নোহোৱা হ’ল, বালিবোৰ পঁচি পঁচি পলস হ’ল।
আমাৰ চেনেহৰ দিঘলী বিল চিৰকাললৈ হেৰাই গ’ল। ইয়াত এখন বিল আছিল, এয়া মাথোঁ স্মৃতিৰ সোঁৱৰণি হ’ল।
(লেখক ঃ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, ঘিলামৰা টাউন হাইস্কুল)