সৌৰভ শইকীয়া

তাকে দেখি বতাহেও উজান ভাটী কৰি থাকিল।
পাত সৰাৰ শব্দ শুনি গোটেই গাঁওখন উঠি আহিল।
কি হ’ল অ’, হ’ল কি তহঁতৰ?
হাবিত কাহে ওলাই নাহে
হাবিত কাহে ওলাই নাহে, আঃ
দেও দি থোৱা দুপৰীয়াটোৰ বুকুত বাগৰি পৰিল গছজোপা।

অকলশৰে কান্দে এজোপা গছ
অশ্ৰুনদীৰ সুদূৰ পাৰত
কুঠাৰে মনে মনে গানত ধাৰ দিছিল। অৰণ্য নিঃশেষ হৈ আহিছিল
তথাপি গছবোৰে কুঠাৰকে ভাল পাইছিল।
কিয়নো কুঠাৰৰ নালটো আছিল কাঠৰ
গছবোৰে কুঠাৰক সেয়ে নিজৰ এজন বুলি ভাবিছিল।
অ’ অ’ পূজাৰী, আদৰি ……… যেন এটি কেঁকনি
শাৰী পাতি পাতি গছবোৰ গামোচা যাঁচিলে পাহৰি
কিন্তু, আকাশৰ তললৈকে ওলমি আছিল পাতবোৰ
থকা সৰকা দাপোণ তাৰ মাজেদি।
কুঠাৰ সেয়ে মোহিল হ’ল। আৰু স্তব্ধ খৰিকটীয়াও
কিয়নো প্ৰথমবাৰৰ কাৰণে একেলগে সিহঁতে
ইমানবোৰ গানৰ গছ দেখিছিল।

ভুল নকৰিব। ভিতৰত আত্মা আছে
গুৰিতে কাট, গুৰিতে কাট
ডাল-পাতৰ মৰ্মৰণি শুনি দল বান্ধি আহিল গাঁওখন
প্ৰতিজনে এজোপা এজোপাকৈ গছ সাৱটি ধৰি
খৰিকটীয়াক গছ কটাত বাধা দি কৈছিল —
কাট। প্ৰথমে আমাক কাট
তাৰ পিছত গছ কাটিব
তাৰ পিছত গছ কাটিব

খৰিকটীয়া কুঠাৰ পোন কৰি
সাজু হ’ল।

(নৱপ্ৰজন্মৰ অন্যতম জনপ্ৰিয় কবি। “শিমলু সাগৰ”, “সৰাপাতৰ ভায়লিন”, “বৰষুণ”, “সৌৰভৰ সোণাৰু ভ্ৰমণ”, “ব্ৰাজুকা সুন্দৰী”, “পগলা পাৰ্বতী” আদি তেখেতৰ উল্লেখযোগ্য কবিতা পুথি।)

Categorized in: