ডাঃ পলাশ ৰঞ্জন গগৈ

সংক্ৰামক ৰোগৰ প্ৰতিষেধক ছিটা অৰ্থাৎ ভেকচিনক চিকিৎসা বিজ্ঞানৰ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ সমূহৰ ভিতৰতে অন্যতম বুলি বিবেচনা কৰা হয়। প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰে সংক্ৰামক ৰোগৰ ছবিখন চকুৰ পচাৰতে সম্পূৰ্ণ ৰূপে সলাই পেলাইছিল। পৃথিৱীৰ পৰা স্মল-পক্স অৰ্থাৎ বসন্ত ৰোগৰ নিৰ্মূলৰ কাহিনী আমি সকলোৱে জানো। ঠিক তেনেদৰে প’লিঅ’ নিৰ্মূলকৰণৰ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছোঁ। তদুপৰি ডিপ্‌-থেৰীয়া, টিটেনাছ, হেপাটাইটিছ-বি, ৰেবিজ, হুপিং কাহ, টাইফয়ড, চিকেনপক্স আদি সংক্ৰামক ৰোগৰ মৃত্যুৰ শতকৰা হাৰো উল্লেখনীয় ভাৱে হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। স্মল-পক্সৰ ছিটা আৱিষ্কাৰ হৈছিল ১৭৯৬। ইয়াৰ পাছত বহু সংক্ৰামক ৰোগৰ বিৰুদ্ধে নতুন নতুন ছিটা আৱিষ্কাৰ হ’ল, অত্যাধুনিক পদ্ধতিৰ সহায়ত এই ছিটা সমূহ প্ৰস্তুত কৰা হয় আৰু আপেক্ষিক ভাৱে উন্নতমানৰ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক সংখ্যক ছিটা প্ৰস্তুত কৰা সম্ভৱ হৈ উঠিছে।
প্ৰতিষেধক ছিটা কেঁচুৱাৰ জন্মৰে পৰা দিয়াটো প্ৰয়োজনীয় ঃ
শিশু সকল মাতৃ গৰ্ভত থাকোঁতেই ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কিছু পৰিমাণে মাতৃ-দেহৰ পৰা আহৰণ কৰে। মাতৃদুগ্ধতো ৰোগ প্ৰতিৰোধী ভালেকেইটা উপাদান (শ্বেত ৰক্ত কণিকা, এন্টিবডি) মজুত থাকে। কিন্তু অলপ দিনৰ পাছতেই মাতৃ-দেহৰ পৰা ইতিমধ্যে আহৰণ কৰি থোৱা ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তি ক্ৰমান্বয়ে কমি আহে। সেয়েহে বাহিৰৰ পৰা প্ৰতিষেধক ছিটা প্ৰয়োগ কৰি শৰীৰটোক সুৰক্ষা প্ৰদান কৰিব পৰা নিজস্ব¸ এন্টিবডি উৎপাদনৰ কাম আৰম্ভ কৰাটো জৰুৰী হৈ পৰে। এটি শিশু মাৰাত্মক সংক্ৰামক ৰোগ একোটাৰ সতে মুখামুখি হোৱাৰ বহু আগেয়েই সেই নিৰ্দিষ্ট ৰোগটোৰ প্ৰতিষেধক ছিটা লোৱাটো খুবেই দৰকাৰ। যিহেতু সংক্ৰামক ৰোগসমূহে শিশু সকলকে বিশেষ ভাৱে আক্ৰান্ত কৰে সেয়েহে জন্মৰ ঠিক পাছৰে পৰা কেঁচুৱা অৱস্থাতে মাৰাত্মক সংক্ৰামক ব্যাধি যেনে প’লিঅ’, ডিপ্‌-থেৰীয়া, টিটেনাছ, হেপাটাইটিছ-বি, হুপিং কাহ, টি.বি, ৰ’টা ভাইৰাছ আদিৰ ছিটা দি সংক্ৰামক ৰোগ প্ৰতিৰোধী সুৰক্ষা তন্ত্ৰটো সুস্থিৰ আৰু শক্তিশালী কৰি তোলা হয়।
প্ৰতিষেধক ছিটাই কেনেকৈ কাম কৰে ঃ
সংক্ৰামক ৰোগৰ বীজাণু একোটাহঁত আমাৰ দেহাটোৰ কাৰণে বহিৰাগত অনুপ্ৰৱেশকাৰীৰ নিচিনা। বহিৰাগত অনুপ্ৰৱেশকাৰীৰ অনাকাংক্ষিত আগমণৰ সংকেত পোৱাৰ লগে লগে দেহৰ সুৰক্ষা তন্ত্ৰ সক্ৰিয় হৈ উঠে আৰু সেই বীজাণুটো নিষ্ক্ৰিয় কৰিবলৈ নিৰ্দিষ্ট এন্টিবডি সমূহ উৎপাদনৰ কাম আৰম্ভ কৰে। এন্টিবডি সমূহে চাৰিওফালৰ পৰা আক্ৰমণ কৰি বীজাণুটো ধবংস কৰাৰ ফলত আমিলাহে লাহে ৰোগটোৰ পৰা সকাহ পাওঁ। এবাৰ যেতিয়া আমাৰ শৰীৰটোৱে এবিধ বীজাণুক বহিৰাগত অনুপ্ৰৱেশকাৰী বুলি চিহ্নিত কৰে তেতিয়াহ’লে সেই কথাষাৰ সুৰক্ষা তন্ত্ৰই খুউব ভালকৈ স্মৃতিৰূপে সংৰক্ষণ কৰি ৰাখে। যদি সেই নিৰ্দিষ্ট বীজাণুটো দুৰ্ঘটনাক্ৰমে আকৌ আমাৰ শৰীৰত প্ৰৱেশ কৰে তেন্তে স্মৃতিৰূপে সংৰক্ষিত হৈ থকা সংকেতৰ সহায়ত তাৎক্ষণিকভাৱে সুনিৰ্দিষ্ট এন্টিবডিৰ উৎপাদন হয় আৰু বীজাণুটো থিতাতে নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়। এই সাধাৰণ পৰিঘটনাটোৰ ওপৰত ভিত্তি কৰিয়েই ছিটা সমূহ প্ৰদান কৰা হয়। ছিটা সমূহত পৰীক্ষাগাৰত বিশেষ ভাৱে পৰিশোধন আৰু নিষ্ক্ৰিয় কৰি থোৱা বেক্টেৰিয়া নতুবা ভাইৰাছৰ দৈহিক অংশ একোটা (এন্টিজেন) নাইবা শক্তিহীন কৰি থোৱা বীজাণু একোবিধ মজুত থাকে। এই শক্তিহীন বেক্টেৰিয়া বা ভাইৰাছে নাইবা এন্টিজেনসমূহে আমাৰ দেহত ৰোগ সৃষ্টি কৰিব নোৱাৰে যদিও এন্টিবডি সৃষ্টি কৰিবৰ কাৰণে যাৱতীয় সংকেত দিব পাৰে।
প্ৰতিষেধক ছিটা সমূহ সুৰক্ষিত হয় নে?
প্ৰতিষেধক ছিটা একোটা প্ৰস্তুত কৰা সম্পূৰ্ণ কামটো অতি দীঘলীয়া (৫ ৰ পৰা ১০ বছৰ) আৰু ব্যয়বহুল কাম। প্ৰতিষেধক ছিটা একোটা প্ৰস্তুত কৰাৰ পাছত, মানুহৰ শৰীৰত প্ৰয়োগ কৰাৰ আগেয়ে সুনিৰ্দিষ্ট আৰু কটকটীয়া নিয়মৰ মাজেৰে পৰীক্ষা-নিৰীক্ষাৰ কেইবাটাও ঢাপ পৰ্যায়ক্ৰমে পাৰ হৈ আহিব লগীয়া হয়, অৱশেষত সংশ্লিষ্ট উচ্চ-স্তৰীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই যেতিয়া ভেকচিনটো অত্যন্ত প্ৰয়োজনীয় আৰু সুৰক্ষিত বুলি পতিয়ন যায় তেতিয়াহে মানৱ শৰীৰত প্ৰয়োগ কৰিবলৈ অনুমোদন জনায়। সকলো ভেকচিনৰ ক্ষেত্ৰতে সাধাৰণতে একেখিনি নিয়ম-কানুনেই মানি চলা হয়। অৱশ্যে অভূতপূৰ্ব অতিমাৰী ক’ভিড-১৯ ৰ কথাটো আছিল সুকীয়া। ক’ভিড-১৯ ভেকচিন ৰাইজৰ ওচৰ পাবলৈ মাত্ৰ ১২ মাহৰ প্ৰয়োজন হৈছিল। গোটেই বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ বিৰূদ্ধে ভেকচিন উৎপাদনৰ কামটোত বিশ্বৰ প্ৰায় বোৰ উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰই উবুৰিখাই পৰিছিল। সেই কাৰণেই আপেক্ষিক ভাৱে অতি কম দিনৰ ভিতৰতে কেইবাটাও ফলপ্ৰসূ প্ৰতিষেধক ছিটা ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সক্ষম হৈছিল।
প্ৰতিষেধক ছিটাৰ পাৰ্শ্বক্ৰিয়া আছেনে?
ভেকচিন মুখেৰে খুওৱা ধৰণৰ হ’ব পাৰে (প’লিঅ’, ৰ’টা ভাইৰাছ) নতুবা বেজীৰো (ডিপ্‌-থেৰীয়া, টিটেনাছ) হ’ব পাৰে। বেজীৰ খোঁচ কম কৰিবৰ কাৰণেই কেইবাটাও ৰোগৰ ছিটা একেলগ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। উদাহৰণস্বৰূপে “পেন্টাভেলেন্ট” ভেকচিনত একেলগে পাঁচটা সংক্ৰামক ৰোগ যেনে — ডিপ্‌-থেৰীয়া, হুপিং কাহ, টিটেনাছ, হেপাটাইটিছ-বি, হিম’ফিলাছ ইনফ্‌লুৱেঞ্জি টাইপ-বিৰ এণ্টিজেন একেলগে মিলাই থোৱা আছে। বেজীৰ খোঁচ পৰা ঠাইত নাম মাত্ৰ সহিব পৰা বিধৰ পাতলীয়া বিষ অনুভৱ হ’ব পাৰে বা অকণমান উখহিব পাৰে বা কম মাত্ৰাৰ জ্বৰ উঠিব পাৰে। এই প্ৰতিষেধক ছিটা সমূহৰ গম্ভীৰ পাৰ্শ্বক্ৰিয়া নাই বুলিবই পাৰি। প্ৰতিষেধক ছিটাই দেহাটোক একোটা সংক্ৰামক ব্যাধিৰ বিৰুদ্ধে দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰে। এই উপকাৰী গুণৰ তুলনাত সৰু-সুৰা পাৰ্শ্বক্ৰিয়া সমূহক তেনেই তুচ্ছ বুলি গণ্য কৰা হয়।
প্ৰতিষেধক ছিটা সমূহে শিশুসকলৰ সুৰক্ষা তন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে নেকি?
জন্মৰ পাছৰে পৰা এটি শিশু প্ৰতি দিনে হেজাৰ বিজাৰ বীজাণুৰ সংস্পৰ্শলৈ আহে। প্ৰতিষেধক ছিটাবোৰতো বেক্টেৰিয়া নতুবা ভাইৰাছৰ দেহৰ পৰা পৃথক কৰি লোৱা নিচেই ক্ষুদ্ৰ পৰিমানৰ পৰিশোধিত আৰু নিষ্ক্ৰিয় এণ্টিজেন থাকে। দৰাচলতে ভেকচিনৰ এন্টিজেন সমূহে এণ্টিবডি উৎপাদন কৰিবলৈ সংকেত দিয়াৰ বাহিৰে শৰীৰৰ বিশেষ একো অনিষ্ট সাধন কৰিব নোৱাৰে।
প্ৰতিষেধক ছিটা লোৱাৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা ঃ
? প্ৰতিষেধক ছিটা ল’বলৈ যোৱাৰ দিনা “ইমিউনাইজেশ্বন কাৰ্ড” খন লগত নিবলৈ নাপাহৰিব।
? প্ৰতিষেধক ছিটা লোৱাৰ সময়ত আগৰ বাৰ যদিহে কিবা অসুবিধা বা সমস্যাৰ মুখামুখি হৈছিল তেনেহলে চিকিৎসকক আগতীয়াকৈ অৱগত কৰিব লাগে।
? যদিহে শিশু এটি বহু দিন ধৰি কোনো দীৰ্ঘ-কালীন অসুখত আক্ৰান্ত নতুবা এলাৰ্জি জাতীয় অসুখত ভোগাৰ অভিজ্ঞতা আছে তেনেহলে সেইবিষয়ে চিকিৎসকক জনোৱাটো অত্যন্ত দৰকাৰী।
? প্ৰতিষেধক ছিটা লোৱাৰ পাছত অলপমান বিষ অনুভৱ হ’ব পাৰে নাইবা ৰাতিলৈ অকণমান জ্বৰ উঠিব পাৰে। ইয়াৰ প্ৰতিকাৰ হিচাপে চিকিৎসকৰ পৰা পেৰাচিটামল লৈ যাবলৈ নাপাহৰিব।
? প্ৰতিষেধক ছিটা প্ৰদান কৰাৰ পাছত, প্ৰায় ৩০ মিনিট সময় চিকিৎসালয়তে আৰাম কৰাৰ প্ৰয়োজন। ছিটাৰ পৰা সৃষ্টি হ’ব পৰা তাৎক্ষণিক সমস্যা ধৰা পেলাবৰ কাৰণে এই আধা ঘণ্টীয়া পৰ্যবেক্ষণৰ পৰামৰ্শ দিয়া হয়।
? প্ৰতিষেধক ছিটা দিয়াৰ সময়তে শিশুটিৰ শাৰীৰিক বৃদ্ধি সঠিকভাৱে হৈছে নে নাই, পুষ্টিৰ কাৰণে কি কি দৰকাৰী খাদ্য সামগ্ৰী ব্যৱহাৰ কৰা উচিত- এই বিষয়ে খৰচি মাৰি জানিবলৈ চেষ্টা কৰা ভাল।
? আমি আগতেই লিখিছোঁ যে প্ৰতিষেধক ছিটাৰ গম্ভীৰ পাশ্বক্ৰিয়া প্ৰায় শূণ্য। তথাপি ঘৰলৈ ঘূৰি যোৱাৰ পাছত শিশুটিয়ে তলত উল্লেখ কৰা উপসৰ্গ সমূহৰ এটাও যদি দেখুৱায় তেনে হ’লে শিশু ৰোগ বিশেষজ্ঞৰ সহায় ল’বলৈ নাপাহৰিব।
¨ যদিহে শিশুটিৰ অতিমাত্ৰা জ্বৰ উঠে।
¨ যদিহে শিশুটিয়ে একেলেথাৰিয়ে ৩ ঘণ্টামান সময় কান্দি থাকে।
¨ হঠাতে বিনাকাৰণত ভৰি-হাত চেঁচা পৰি আহে।
¨ আকস্মিকভাৱে শিশুটি সংজ্ঞাহীন হৈ পৰে বা চেতনা লোপ পায়।
¨ হঠাতে শিশুটিৰ হাত-ভৰি ফন্দিয়াই ধৰে।
শিশুটিয়ে এনে আচৰণ কৰিলে ভয়ত বিতত নহ’ব; মাত্ৰ ধৈৰ্য সহকাৰে চিকিৎসালয়লৈ যোৱাটোৱেই উচিত কিয়নো এনে বিৰল আৰু অস্বাভাৱিক সমস্যাৰ নিৰাময়ৰ বিধানো চিকিৎসকৰ হাততে আছে।

(লেখক ঃ শিশু বিশেষজ্ঞ, নাজাৰেথ হাস্পতাল, শ্বিলং)